কাঞ্চনজংঘা (চলচ্চিত্ৰ)
জুবিন গাৰ্গ পৰিচালিত ২০১৯ চনৰ অসমীয়া চলচ্চিত্ৰ
কাঞ্চনজংঘা হ'ল ২০১৯ চনত মুক্তি পোৱা আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত নিৰ্মাণ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।[1]
কাঞ্চনজংঘা | |
---|---|
![]() | |
পৰিচালক | জুবিন গাৰ্গ |
ৰচনা | জুবিন গাৰ্গ |
কাহিনী | জুবিন গাৰ্গ |
প্ৰযোজক | জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ |
অভিনয়ত |
|
সংগীত পৰিচালক | জুবিন গাৰ্গ |
পৰিবেশক | আই ক্ৰিয়েছন প্ৰডাকচন |
মুক্তি |
৬ ছেপ্টেম্বৰ ২০১৯ |
দৈৰ্ঘ্য |
১০০ মিনিট |
দেশ | ![]() |
ভাষা | অসমীয়া |
বাজেট | ₹১.৫ কোটি (২,১০,৩০০ ডলাৰ) |
সৰ্বমুঠ আয় | ₹৫.১২ কোটি (০.৭২ মিলিয়ন ডলাৰ) |
অভিনয়তসম্পাদনা কৰক
- অনিৰ্বাণ ভট্টাচাৰ্যৰ চৰিত্ৰত জুবিন গাৰ্গ
- পাঞ্চনাৰ চৰিত্ৰত পিংকী শৰ্মা
- পবিত্ৰৰ চৰিত্ৰত পবিত্ৰ ৰাভা
- শশাংকৰ চৰিত্ৰত শশাংক সমীৰ
- অনিৰ্বাণৰ মাতৃৰ চৰিত্ৰত ৰুণু দেৱী
- অনিৰ্বাণৰ ভগ্নীৰ চৰিত্ৰত জেৰিনা বৰুৱা
- প্ৰয়াসৰ চৰিত্ৰত প্ৰয়াস শৰ্মা তামুলী
- ত্ৰিদীপ লাহন
- ধৃতিমান ফুকন
- অসম লোকসেৱা আয়োগৰ বিষয়াৰ চৰিত্ৰত অতনু ভূঞা
সংগীতসম্পাদনা কৰক
কাঞ্চনজংঘা | |
---|---|
বোলছবি | |
মুক্তি | ২০ জুন, ২০১৯ |
শৈলী/ধৰণ | বোলছবি সংগীত |
দৈৰ্ঘ্য | ৩৫:৩৯ |
লেবেল | Times Music |
প্ৰযোজক | জুবিন গাৰ্গ |
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়ে। এলবামটিত মুঠ ৬টা গীত সন্নিবিষ্ট আছে। "কাঞ্চনজংঘা" শীৰ্ষক গানটোৰ কিছু অংশ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কাঞ্চনজংঘা কবিতাটোৰ আবৃত্তি আৰু কিছু অংশ গান হিচাপে সুৰ দিয়া হৈছে। মুক্তিৰ পাছৰে পৰা গোটেইকেইটা গানেই দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "ধূলিকণা" | শশাংক সমীৰ | জুবিন গাৰ্গ, জুবলী বৰুৱা, পাঞ্চনা ৰাভা | ৬:২৬ | ||||||
2. | "প্ৰীতি ভৰা" | শশাংক সমীৰ | জুবিন গাৰ্গ, গায়ত্ৰী হাজৰিকা | ৪:৫৩ | ||||||
3. | "ৰিক্ত সিক্ত" | পুনম নাথ | জুবিন গাৰ্গ, ৰাহুল গৌতম শৰ্মা, গৌৰাঙ্গ ৰাগ | ২:৪৫ | ||||||
4. | "পাঞ্চনা" | পৰম্পৰাগত, শশাংক সমীৰ (আধুনিক অংশ) | পাঞ্চনা ৰাভা, জুবিন গাৰ্গ | ৫:৫৩ | ||||||
5. | "কাঞ্চনজংঘা" | জ্যোতিপ্ৰসাদ আগৰৱালা | জুবিন গাৰ্গ, ৰাহুল গৌতম শৰ্মা, ঔম এচ ৱাৰেণ্যম | ১০:৪৮ | ||||||
6. | "প্ৰীতি ভৰা -২" | শশাংক সমীৰ | জুবিন গাৰ্গ, মানসী | ৪:৫১ | ||||||
মুঠ দৈৰ্ঘ্য: |
৩৫:৩৯ |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Kanchanjangha New Assamese Movie by Zubeen Garg". boxofficeassam.com. http://www.boxofficeassam.com/kanchanjangha-by-zubeen-garg/। আহৰণ কৰা হৈছে: 2019-08-24.