ৰামধেনু (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১১)

ৰামধেনু ২০১১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত আৰু মুনিন বৰুৱা পৰিচালিত এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰে অভূতপূৰ্ব সঁহাৰি। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে প্ৰস্তুতি পৰাশৰ, যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, উৎপল দাস, নিশিতা গোস্বামী, জয়ন্ত ভাগৱতী ইত্যাদি। উল্লেখযোগ্য যে এই ছবিখনে একেলেথাৰিয়ে গুৱাহাটীৰ এটি চিত্ৰগৃহত পঁচিশ সপ্তাহ পূৰ্ণ কৰে।[1]

ৰামধেনু
'Raamdhenu'
পৰিচালক মুনিন বৰুৱা
চিত্ৰনাট্য মুনিন বৰুৱা
কাহিনী মুনিন বৰুৱা
প্ৰযোজক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেড
অভিনয়ত প্ৰস্তুতি পৰাশৰ
যতীন বৰা
বিষ্ণু খাৰঘৰীয়া
উৎপল দাস
নিশিতা গোস্বামী
তপন দাস
জয়ন্ত দাস
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক যতীন শৰ্মা
প্ৰযোজনা
কোম্পানী
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেড
মুক্তি
৪ ফেব্ৰুৱাৰী, ২০১১
দৈৰ্ঘ্য
১৮০ মিনিটতকৈ অধিক
দেশ ভাৰত
ভাষা অসমীয়া
বাজেট ₹ ৭০ লাখ[1]
সৰ্বমুঠ আয় ২.০৪ কোটি (২,৮৬,০০৮ ডলাৰ)

জীৱনৰ বাটত আগবাঢ়োতে উজুতি খোৱা, অদৃষ্ট, প্ৰেমাস্পদে প্ৰতাৰণা কৰা, বিশ্বাসঘাতকতাৰ মুখামুখি হোৱা নানাৰঙী কেইটামান চৰিত্ৰ গুৱাহাটীৰ এটা ভাড়াঘৰত একেলগে বাস কৰে। এই চৰিত্ৰকেইটাৰ সুখ-দুখ, আনন্দ, বিষাদ, জীৱন দৰ্শনৰ সাতৰঙী গাঁথাই ৰামধেনুৰ কাহিনী।

ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ মুনিন বৰুৱাৰ।

চিত্ৰগ্ৰহণ

সম্পাদনা কৰক

৩৫ মিলিমিটাৰ চিনেমাস্কোপত ৰামধেনুৰ চিত্ৰগ্ৰহণ কৰা হৈছে। চিত্ৰগ্ৰহণৰ দায়িত্বত আছে সুমন দুৱৰা। বোলছবিখনৰ “ৰং দিয়া মৰম” নামৰ গীতটি কেৰালাৰ মনোমোহা অঞ্চলত চিত্ৰগ্ৰহণ কৰা হৈছে।

অভিনয় শিল্পী

সম্পাদনা কৰক
ৰামধেনু
বোলছবি
মুক্তি ২০১১
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল Pride East Entertainments Pvt Ltd
প্ৰযোজক ৰিণিকি ভূঞা শৰ্মা

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল যতীন শৰ্মাই। বলিউড আৰু জলিউডৰ জনপ্ৰিয় শিল্পীয়ে কণ্ঠদান কৰা গীতসমূহ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল, তাৰ ভিতৰত উল্লেখযোগ্য গীতকেইটা হৈছে- "ৰং দিয়া মৰম", "উজাই যা নৈ" আৰু "টুপি টুপি"। জনপ্ৰিয় গায়ক অংগৰাগ মহন্তই এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসমীয়া বোলছবিৰ জগতখনত নেপথ্য গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

গীতৰ তালিকা

সম্পাদনা কৰক
ট্ৰেক নং গীতৰ শীৰ্ষক কণ্ঠ কথা দৈৰ্ঘ্য
টুপি টুপি সুনিধী চৌহান আৰু জুবিন গাৰ্গ ইবছন লাল বৰুৱা ৫:০৬ মিনিট
ৰং দিয়া মৰম জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষাল দিগন্ত ভাৰতী ৫:২৮ মিনিট
তুমি দিয়া দীক্ষু আৰু জুবলী ইবছন লাল বৰুৱা ৫:২৭ মিনিট
উজাই যা নৈ অংগৰাগ মহন্ত ইবছন লাল বৰুৱা ৫:৩০ মিনিট
অস্ত আকাশতে ৰাজজ্যোতি কোঁৱৰ ইবছন লাল বৰুৱা ৪:৫৪ মিনিট
ৰামধেনু অংগৰাগ মহন্ত ইবছন লাল বৰুৱা ৫:৪৩ মিনিট
আহৰি হ'বনে দীক্ষু দিগন্ত ভাৰতী ৪:৫৫ মিনিট
উপচি পৰে ৰূপজ্যোতি আৰু শৰৎ ইবছন লাল বৰুৱা ৫:২৫ মিনিট

২০১১ চনৰ ৪ ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীৰ লগতে অসমৰ ২৪টা বিভিন্ন চিত্ৰগৃহত ৰামধেনু বোলছবিখন মুক্তি পায়।

কলা-কুশলী

সম্পাদনা কৰক
  • সংগীত : যতীন শৰ্মা
  • সহকাৰী পৰিচালক : মানস বৰুৱা
  • শব্দগ্ৰহণ : যতীন শৰ্মা
  • সম্পাদনা : এ শ্ৰীকৰ প্ৰসাদ
  • কষ্টিউম আৰু কলা-নিৰ্দেশক : মঞ্জুলা বৰুৱা

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক