গান্ধী মণ্ডপ (ইংৰাজী: Gandhi Mandap) অসমগুৱাহাটীৰ শৰণীয়া পাহাৰৰ শিখৰত অৱস্থিত মহাত্মা গান্ধীৰ স্মৃতিত নিৰ্মিত এখন সংগ্ৰহালয়।[1] ১৯৪৬ চনত গান্ধীজীয়ে শৰণীয়া পাহাৰত পদাৰ্পণ কৰিছিল। ১৯৭০ চনৰ ২ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গান্ধী মণ্ডপৰ উদ্বোধন কৰিছিল। এই স্থানত ভাৰতৰ তৃতীয় সৰ্বোচ্চ ৩১৯ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন কৰা হৈছে। অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগে এই সংগ্ৰালয়ৰ চোৱা-চিতা কৰে।[1]

গান্ধী মণ্ডপ

গান্ধী মণ্ডপত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি
প্ৰতিষ্ঠা ২ অক্টোবৰ ১৯৭০
অৱস্থিতি শৰণীয়া পাহাৰ, উলুবাৰী, গুৱাহাটী, অসম
স্থানাংক 26°10′39″N 91°46′05″E / 26.1776°N 91.7680°E / 26.1776; 91.7680
প্ৰকাৰ সংগ্ৰহালয়

ইতিহাস সম্পাদনা কৰক

১৯২১ চনৰ ২৮ জুলাইত তাৰিখে বোম্বেত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত ভাগ ল'বলৈ যাওঁতে, অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা আৰু চন্দ্ৰ নাথ শৰ্মাই গান্ধীজীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলোৱাৰ বাবে নিমন্ত্ৰণ কৰে। সেই সময়টোত যদিও গান্ধীজী অন্ধ্ৰ প্ৰদেশ ভ্ৰমণতহে যোৱা কথা আছিল, তথাপি অসমৰ প্ৰতিনিধিসকলৰ পৰা, অসমৰ বৰ্ণ নিৰ্বিশেষে প্ৰত্যেক ঘৰতে তাঁত শিল্পৰ পৰম্পৰা থকা বুলি জানি অসম ভ্ৰমণৰ প্ৰতি অতি আগ্ৰহী হয় আৰু অন্ধ্ৰ ভ্ৰমণ সাময়িকভাৱে সলনি কৰি অসম ভ্ৰমণৰ বাবে ওলায়।[2]

১৯২১ চনৰ ১৮ আগষ্টত গান্ধীয়ে গোলোকগঞ্জত উপস্থিত হোৱাৰ পিছত গুৱাহাটীলৈ আহে। ৰয় আছিল গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ। গুৱাহাটীৰ তৰুণৰাম ফুকনৰ বাসগৃহত থাকি তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আৰু শ্ৰীহট্ট ভ্ৰমণ কৰি স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰাণিত কৰে।   ১৯২৬ চনত পাণ্ডু কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীয়ে অংশ গ্ৰহণ কৰিছিল।  ১৯৪৬ চনৰ ৯ জানুৱাৰীত গান্ধীজীয়ে শুৱালকুছি ভ্ৰমণ কৰিছিল। ১৯৪৬ চনত গান্ধীজীয়ে শৰণীয়া পাহাৰত পদাৰ্পণ কৰিছিল।[2]

জীৱনকালত গান্ধীজীয়ে ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত মুঠ চাৰিবাৰ অসম ভ্ৰমণ কৰিছিল।[2] ১৯৪৬ চনত গান্ধীয়ে শেষৰ বাৰৰ বাবে অসমলৈ আহোঁতে শৰণীয়া পাহাৰৰ ড° হৰেকৃষ্ণ দাসৰ ঘৰত নৈশযাপন কৰিছিল। গান্ধীয়ে এই স্থানত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতি এটা শাখা উদ্বোধন কৰিছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীয়ে আগবঢ়োৱা অৱদান আৰু তেওঁৰ অসম ভ্ৰমণৰ স্মৃতি সংৰক্ষিত কৰাৰ উদ্দেশ্যে অসমত এখন স্মৃতিসৌধ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে গান্ধীজী মৃত্যুৰ পিছত শৰণীয়া পাহাৰত তেওঁৰ স্মৃতি সৌধ নিৰ্মাণৰ পৰিকল্পনা কৰা হয়।[3] ১৯৫৬ চনৰ ২০ অক্টোবৰত ভাৰতৰ তদানীন্তন উপৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণে গান্ধী মণ্ডপৰ আধাৰশিলা স্থাপন কৰিছিল।[3] ৰাজস্থান পাৱাপুৰী আৰু উত্তৰ প্ৰদেশৰ হস্তীনাপুৰৰ জৈন মন্দিৰৰ স্থাপত্যৰ পৰা অনুপ্ৰাণিত হৈ ইয়াক নিৰ্মাণ কৰা হৈছে। স্থাপত্যবিদ গণেশ চন্দ্ৰ গোড়ায়ে গান্ধী মণ্ডপৰ আৰ্হি প্ৰস্তুত কৰিছিল।[3]

১৯৭০ চনৰ ২ অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ ১০১তম জন্মজয়ন্তী উপলক্ষে সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গান্ধী মণ্ডপ উদ্বোধন কৰিছিল।[3]

বিৱৰণ সম্পাদনা কৰক

গান্ধী মণ্ডপ গুৱাহাটী চহৰৰ মাজ-মজিয়াৰ উলুবাৰী অঞ্চলৰ শৰণীয়া পাহাৰৰ শিখৰত অৱস্থিত। ইয়াত পুথিভঁৰাল, সংগ্ৰাহালয়, গান্ধীৰ জীৱন আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ দৃশ্য চিত্ৰিত কৰা আছে।[3]

 
শৰণীয়া পাহাৰৰ সৈতে গান্ধী মণ্ডপত অৱস্থিত জাতীয় পতাকা

২০১৮ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধীজীৰ ১৫০তম জন্মজয়ন্তীৰ দিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গান্ধী মণ্ডপত দেশৰ তৃতীয় সৰ্বোচ্চ জাতীয় পতাকা উত্তোলন কৰে। ৩১৯.৫ ফুট বা ৯৭.৪ মিটাৰ খুঁটাৰ উচ্চতাত উত্তোলন কৰা এই পতাকাখন ভাৰতৰ ভিতৰতে আটৰী সীমান্ত আৰু বেলাগাৱী (দুয়োটা ৩৬০ ফুট), পিম্পৰী চিঞ্চৱাদ ভক্তি শক্তি চক, পুনে (৩৫১ ফুট)ত থকা পতাকাসমূহৰ পিছতে তৃতীয়খন সৰ্বোচ্চ পতাক। যদি চহৰৰ গড় উচ্চতাৰ কথা বিবেচনা কৰে তেন্তে গান্ধী মণ্ডপৰ পতাকাখন ভাৰতৰ এতিয়ালৈকে সৰ্বোচ্চ পতাকা। পতাকাখনৰ সামগ্ৰিক ওজন ৪০০ কিলোগ্ৰাম আৰু ইয়াৰ আকাৰ ১২০×৮০ ফুট। একে অনুষ্ঠানতে গুৱাহাটী জিলা প্ৰশাসন আৰু স্মাৰ্ট চিটী লিমিটেডৰ উদ্যোগত গান্ধী মণ্ডপত গান্ধী উদ্যান এখন উদ্যান মুকলি কৰা হয়। স্মাৰ্ট চিটীৰ তত্ত্বাৱধানত নতুনকৈ নিৰ্মাণ কৰা হৈছে এই উদ্যানখন নিৰ্মাণত ২ কোটি ৫৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।[4]

২০২২ চনত গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে মেৰামতিৰ কাম কৰা হয়। বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সংগ্ৰাহালয়লৈ প্ৰৱেশৰ বিশেষ সুবিধা, শীত-তাপ নিয়ন্ত্ৰিত কোঠা আৰু লিফ্টৰ ব্যৱস্থাৰ লগতে ইয়াত লাইট এণ্ড চাউণ্ড শ্ব'ৰ ব্যৱস্থাও কৰা হৈছে।[5] ২০২২ চনৰ ২ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে অসমৰ প্ৰথম হোলোগ্ৰাফিক প্ৰজেকশন শ্ব' 'পূৰ্ব প্ৰৱাহ' মুকলি কৰে।[6]

প্ৰতিবছৰে ২ অক্টোবৰ তাৰিখে গান্ধী মণ্ডপত গান্ধী জয়ন্তী পালন কৰা হয়।

অৱস্থান সম্পাদনা কৰক

গান্ধী মণ্ডপ গুৱাহাটীৰ উলুবাৰী অঞ্চলত অৱস্থিত শৰণীয়া পাহাৰৰ শিখৰত অৱস্থিত। গুৱাহাটী ৰেল ষ্টেচন গান্ধী মণ্ডপৰ পৰা ৪ কিঃমিঃ নিলগত অৱস্থিত। ই নিকটৱৰ্তী বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২৫ কিঃমিঃ দূৰত্বত অৱস্থিত। গুৱাহাটীৰ মাজ-মজিয়াত অৱস্থিত হোৱাৰ বাবে গান্ধী মণ্ডপলৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 বিভাগ, গুৱাহাটী উন্নয়ন. "Refurbishment of Gandhi Mandap". gscl.assam.gov.in. https://gscl.assam.gov.in/portlet-innerpage/refurbishment-of-gandhi-mandap। আহৰণ কৰা হৈছে: ১১ অক্টোবৰ ২০২৩. 
  2. 2.0 2.1 2.2 ডেকা, পুলিন. "মহত্মা গান্ধী আৰু অসম". assam.awazthevoice.in. https://www.assam.awazthevoice.in/opinion-news/mahatma-gandhi-and-assam-4420.html। আহৰণ কৰা হৈছে: ১১ অক্টোবৰ ২০২৩. 
  3. 3.0 3.1 3.2 3.3 3.4 গান্ধী মণ্ডপৰ ইতিহাস (ভিডিঅ'). YouTube. 2 October 2023. Retrieved 11 October 2023. 
  4. Singh, Bikash. "Country's tallest national flagfrom the average city elevation installed in Guwahati". https://m.economictimes.com/news/politics-and-nation/countrys-tallest-national-flag-from-the-average-city-elevation-installed-in-guwahati/articleshow/66043494.cms. 
  5. etv, bharat. "Repairing of Gandhi Mandap: কোটি টকা ব্যয়েৰে মেৰামতি কৰা হৈছে গান্ধী মবদপ". https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/refurbishment-of-gandhi-mandap-by-assam-govt-under-smart-city-project/assam20220731194343903903257. 
  6. বেগম, শেহনাজ. "আজি গান্ধী জয়ন্তী; মহানগৰীৰ গান্ধী মণ্ডপত উদ্বোধন অসমৰ প্ৰথম হোলোগ্ৰাফিক প্ৰজেকশন শ্ব' 'পূৰ্ব প্ৰৱাহ'". https://assam.news18.com/news/assam/gandhi-jayanti-celebration-assam-first-holographic-show-cm-post-expresses-gratitude-gandhi-mandap-has-been-deced-up-with-lights-and-sounds-255847.html.