ঘনশ্যাম দৌল
ঘনশ্যাম দৌল বা নাতি গোঁসাই দৌল ১৮ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে নিৰ্মাণ কৰাইছিল। আহোম যুগত নিৰ্মিত টেৰাকোটা শিল্পৰ নিদৰ্শন ঘনশ্যাম দৌলৰ স্থাপত্যত পোৱা যায়। এই দৌল জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত আৰু দেৱীদ’লৰ দক্ষিণফালে অৱস্থিত। আহোম স্বৰ্গদেৱে বংগদেশৰপৰা অনোৱা ঘনশ্যামউদ্দিন নামৰ এজন খনিকৰ আৰু স্থপতিবিদে এই দ’লটো সাজিছিল।[1] ঘনশ্যাম দৌলৰ স্থাপত্যশৈলীত মোগলীয় শৈলীৰ সৈতে আহোম শৈলীৰ মিশ্ৰণ দেখিবলৈ পোৱা যায়। আহোম যুগৰ অন্যান্য মন্দিৰ বা দৌলৰ পৰম্পৰাগত আকৃতি নাই বাবে ইয়াক ঘনশ্যামৰ ঘৰ বুলি কোৱা হয়। আন এক প্ৰবাদ মতে ইয়াৰ নাম আচলতে নাতি গোঁসাইৰ দৌল। পৰ্বতীয়া গোসাঁইৰ জীয়েকৰ ফালৰ নাতিয়েক এজনৰ লগত জড়িত হোৱাৰ বাবে ইয়াৰ নাম নাতি গোঁসাইৰ দৌল বুলি কোৱা হয়।[2]
ঘনশ্যাম দৌল | |
---|---|
নাম | |
অন্য নাম | নাতি গোঁসাই দৌল ঘনশ্যামৰ ঘৰ |
স্থান | |
স্থান | শিৱসাগৰ, অসম |
স্থানাংক | 26°57′01″N 94°37′06″E / 26.9503°N 94.6182°Eস্থানাংক: 26°57′01″N 94°37′06″E / 26.9503°N 94.6182°E |
স্থাপত্য আৰু সংস্কৃতি | |
স্থাপত্য শৈলী | মিশ্ৰিত স্থাপত্যশৈলী |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৮ শতিকাৰ আদিকাল |
প্ৰতিস্থাপক | স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ |
ইতিহাস
সম্পাদনা কৰকআহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে কোচবিহাৰৰপৰা ঘনশ্যামউদ্দিন নামৰ এজন খনিকৰ আৰু স্থপতিবিদ অসমলৈ আনিছিল।[3] অসমলৈ অহাৰ পিছত ঘনশ্যাম হিন্দুধৰ্মত দীক্ষিত হয়। তেওঁ আহোম ৰজাৰ নিৰ্দেশত ৰংপুৰ নগৰ নিৰ্মাণ কৰিছিল।[4] ৰংপুৰ নগৰ নিৰ্মাণ কৰি ঘনশ্যামে ঘৰলৈ উভতি যাবলৈ ওলাওঁতেই তেওঁ যিবোৰ বস্তু নিবলৈ ওলাইছিল তাৰে লোটা এটাৰ তলিত এখন কাকত ধৰা পৰে। এইখন মুছলমান ৰজাৰ হতুৱাই আহোম ৰাজ্য আক্ৰমণ কৰাবলৈ চিত্ৰ আৰু তথ্য সম্বলিত এখন গুপ্ত অভিসন্ধিৰ কাকত আছিল। এই অপৰাধ কৰি ধৰা পৰাত শাস্তিৰূপে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ঘনশ্যামক এই দৌলটোত বন্দী কৰি ৰাখিছিল। কোনো কোনোৰ মতে এই দলটোৰ ঘনশ্যামৰ আবাসহে আছিল। অৱশ্যে ইয়াৰ ভিতৰত পূজাৰ কোনো বিগ্ৰহ নাই। কিছুমান তথ্যৰ মতে স্বৰ্গদেউ প্ৰমত্ত সিংহৰ শাসনকালত ১৭৪৪ খ্ৰীষ্টাব্দত এই দৌল নিৰ্মাণ কৰা হৈছিল।[5]
ঘনশ্যাম দৌলক নাতি গোঁসাইৰ দৌল বুলিও জনা যায়। কোনো কোনো গ্ৰন্থমতে পৰ্বতীয়া গোসাঁই কৃষ্ণৰাম ভট্টাচাৰ্যৰ জীয়েকৰ ফালৰ নাতিয়েক এজনৰ বাবে এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সজোৱাইছিল। সেয়েহে ইয়াৰ নাম নাতি গোঁসাই দৌল হয়। কিন্তু আন কিছুমান গ্ৰন্থ আৰু প্ৰত্নতত্ত্ব বিভাগৰ মতে এইটো ‘ঘনশ্যামৰ ঘৰ’ আছিল।[6][7]
বৰ্ণনা
সম্পাদনা কৰকঘনশ্যাম দৌলৰ মাজত অৱস্থিত মূল গৃহৰ উত্তৰে এটা তোৰণৰ সৈতে পথ আছে। ইয়াৰ কাষতে আন এটা ঘৰত ভোগঘৰ বুলি কোৱা হয়। ইয়াৰ সন্মুখত আৰু এটা সৰু ঘৰ আছে। এই ঘৰকেইটা ইটাৰে সজা। আয়তাকৃতিৰ মূলগৃহৰ বাহিৰৰ দেৱালত পোৰামাটি বা টেৰাকোটাৰ কাৰুকাৰ্য খোদিত আছে।[2]
ঘনশ্যাম দ’লৰ আকাৰ অন্যান্য আহোম যুগৰ দৌল বা মন্দিৰতকৈ সৰু। দৌলৰ ওপৰৰ অংশত আয়তাকাৰ টোপ আছে। বংগদেশৰ গৌড়ীয় মঠৰ লগত এই দ’লটোৰ সাদৃশ্য আছে। ইয়াৰ শিল্পকৰ্মত হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰে প্ৰভাৱ দেখা যায়। এই দৌলৰ দুৱাৰ মোগলীয় শৈলীৰ। দৌলৰ পৰিসৰত দুটা খুঁটা বা স্তম্ভ আছে আৰু চাৰিওফালে গড় আছে। এই স্তম্ভসমূহ মছজিদৰ মিনাৰৰ লগত সাদৃশ্য আছে।[8][9]
ঘনশ্যাম দৌলত পোৰামাটিৰ ভাস্কৰ্ৰ অপুৰ্ব নিদৰ্শন দেখিবলৈ পোৱা যায়। ইয়াৰ প্ৰৱেশদ্বাৰৰ ওপৰত ৰামায়ণৰ আখ্যান খোদিত কৰা আছে। গছৰ ডালত বানৰ সৈন্যবিলাক বগাই ফুৰাৰ দৃশ্য আছে। তাৰ মাজত বালি আৰু সুগ্ৰীৱৰ যুদ্ধ কৰাৰ দৃশ্য প্ৰদৰ্শন কৰা হৈছে। মাজভাগত ৰাৱণক লক্ষ্য কৰি বানৰ সৈন্যবিলাকে নানা অস্ত্ৰ নিক্ষেপ কৰিছে। একাষত এজোপা গছৰ তলত গালত হাত দি বিষণ্ণ মনেৰে সীতা বহি আছে। এই অংশটোত গছৰ মাজে মাজে শিৱলিংগ আৰু শিৱমন্দিৰ থকা ভাস্কৰ্যৰ মাজত এখন উৰি থকা বিজয়ধ্বজা আছে আৰু তাৰ তলত দুটা ভাটৌৰ প্ৰতিকৃতি আছে। দৌলৰ ওপৰৰ আওলাৰ ধেনুভিৰীয়া অংশত বিভিন্ন দেৱ-দেৱী, বিষ্ণুৰ অৱতাৰসমূহ আৰু তেওঁলোকৰ লীলাৰ ভাস্কৰ্য আছে। এই বিভিন্ন মূৰ্তিৰ ভিতৰত শিশুকালৰেপৰা বিভিন্ন অৱস্থাত শ্ৰীকৃষ্ণ, কুৰ্ম অৱতাৰ,বৰাহ, নৰসিংহ ,ৰাধা-কৃষ্ণৰ যুগল মূৰ্তি আদি উল্লেখযোগ্য।[2]
বাঁওফালৰ অংশত হাতত হেংদান লৈ ৰাজকীয় বেশত আহোম বিষয়া আৰু হাতীৰ পিঠিত ৰজাৰ ভাস্কৰ্য আছে। এই অংশত পেনেলত বিষ্ণু আৰু দুৰ্গাৰ ভাস্কৰ্যও আছে। ঘনশ্যাম দৌলৰ পূব আৰু পশ্চিম ফালৰ বেৰত সৰু সৰু কেইবাটাও পোৰামাটিৰ মূৰ্তি আছে। উৰ্ধ্ববাহু হৈ থকা ধ্যানৰত ঋষি, উৰ্ধ্ববাহু হৈ থকা এগৰাকী নাৰী আৰু এই মূৰ্তিকেইটাৰপৰা অলপ আঁতৰত গছৰ তলত এটা বাঘৰ প্ৰতিমূৰ্তি আছে।[2]
পূবফালৰ দেৱালত এগৰাকী নাৰীক অত্যাচাৰ কৰি থকা এটা দৃশ্য খোদিত কৰা হৈছে। এইখন দেৱালত এজন জনজাতীয় লোক আৰু পদ্মাসনত থকা বুদ্ধৰ আকৃতিও খোদিত আছে। লগতে এজোপা গছৰ তলত তিনিটা হাতী থকা এখন ফলক আছে। দৌলৰ একেবাৰে ওপৰৰ অংশত ধেনুভিৰীয়া অংশত অলেখ ভাটৌৰ প্ৰতিকৃতি শাৰী পাতি সজাই থোৱা আছে। ঘনশ্যাম দৌল আৰু জয় দৌলৰ ভাস্কৰ্যবোৰত দেৱ-দেৱীৰ মূৰ্তিবিলাকে সাধাৰণতে সন্মুখলৈ চাই থকা আৰু নৰ-নাৰীৰ মূৰ্তিবিলাকে একাষৰীয়াকৈ চাই থকাৰ ৰূপত নিৰ্মাণ কৰা হৈছে।[2]
অৱস্থান
সম্পাদনা কৰকঘনশ্যাম দৌল শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন হৈছে শিৱসাগৰ টাউন ৰে'ল ষ্টেচন। ই যোৰহাট বিমানবন্দৰৰ পৰা প্ৰায় ৬০ কিঃমিঃ দূৰত্বত অৱস্থিত। শিৱসাগৰ চহৰৰ পৰা ঘনশ্যাম দৌললৈ যাতায়তৰ সু-ব্যৱস্থা আছে।
বৰ্তমান স্থিতি
সম্পাদনা কৰকঘনশ্যামৰ দৌল অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্ন হিচাপে প্ৰত্নতত্ব বিভাগৰ পৰা স্বীকৃতিপ্ৰাপ্ত। ভূমিকম্পৰ বাবে মন্দিৰটো কিছু বেঁকা হৈ পৰিছে। পুৰাতাত্ত্বিক বিভাগে ইয়াৰ মেৰামতি আৰু সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰিছে। ইয়াৰ সন্মুখত এখন উদ্যান নিৰ্মাণ কৰা হৈছে।[3]
তথ্য উৎস
সম্পাদনা কৰক- ↑ (Konwar 2018:44)
- ↑ 2.0 2.1 2.2 2.3 2.4 "শিৱসাগৰৰ ঘনশ্যাম দ'লৰ স্থাপত্য". বিকাশপিডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/শিৱসাগৰৰ-ঘনশ্যাম-দ’লৰ-স্থাপত্য। আহৰণ কৰা হৈছে: 7 May 2023.
- ↑ 3.0 3.1 "গাফিলতিৰ বাবে নষ্ট হ’ব পাৰে শিৱসাগৰৰ কীৰ্তিচিহ্ন". newsnextone.com. https://newsnextone.com/sivsagar-monuments। আহৰণ কৰা হৈছে: 7 May 2023.
- ↑ "Ghanashyam, the artisan from Bengal employed to construct the Ranghar and the Kareng of Rangpur city, was put to death after being caught red handed with a map of the city concealed between two layers of a water pot." (Gogoi 2017:71)
- ↑ "Ghanashyam House | Sivasagar | Government Of Assam, India". sivasagar.assam.gov.in. https://sivasagar.assam.gov.in/tourist-place-detail/330। আহৰণ কৰা হৈছে: 2023-03-02.
- ↑ As Siva Singha was a disciple of Parvotiya Gosain, he took the charge of making ‘Daul’ for Nati Gosain who was supposed to be the grandson of Parbotia Gosain. The date of the construction of this temple is not exactly mentioned early chronicles. (Konwar 2018:45)
- ↑ (Biswas 2011:49)
- ↑ "Ghanashyam's House,Joysagar". Guwahati Circle Archeological Survey of India. http://asiguwahaticircle.gov.in/ghanshyam%20house%20joysagar.html.
- ↑ "Soulful Sivasagar" (en ভাষাত). INDIAN CULTURE. http://indianculture.gov.in/stories/soulful-sivasagar। আহৰণ কৰা হৈছে: 2023-03-02.