চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

ৰাজনৈতিক নেতা

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (ইংৰাজী: Chakravarti Rajagopalachari; জন্ম:১৮৭৯ – মৃত্যু:১৯৭২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল। তেওঁ জাতত ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল যদিও ধৰ্মত তেওঁৰ গোড়ামি নাছিল।[উদ্ধৃতিৰ প্ৰয়োজন] সকলো শ্ৰেণীৰ লোককে তেওঁ সমভাৱত চাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট্য আছিল যে, সত্য কথা তেওঁ সদায় লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰিছিল। সমস্যা যিমানেই গভীৰ নহওক, তাৰ সন্মুখীন হ’বপৰা দক্ষতা তেওঁৰ আছিল। তদুপৰি তেওঁ আছিল দূৰদৰ্শী লোক। সেয়ে এনেবোৰ গুণেৰে বিভূষিত আছিল কাৰণে লোকে তেওঁক আধুনিক চাণক্য নাম দিছিল। সৰ্বসাধাৰণে তেওঁক ৰাজাজী বা ৰাজাগোপালাচাৰী বুলিহে সম্বোধন কৰিছিল। ১০৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল, ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল৷[1]

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
C Rajagopalachari 1944.jpg
১৯৪৪ চনত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
ভাৰতৰ ৰাজ্যপাল
কাৰ্যকাল
২১ জুন, ১৯৪৮ – ২৬ জানুৱাৰী, ১৯৫০
ৰাজশাসক জৰ্জ VI
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু
পূৰ্বসূৰী দ্য আৰ্ল মাউণ্টবেটেন (বাৰ্মা)
উত্তৰসূৰী Position abolished
মাদ্ৰাজৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
১০ এপ্ৰিল ১৯৫২ – ১৩ এপ্ৰিল ১৯৫৪
ৰাজ্যপাল শ্ৰী প্ৰকাশা
পূৰ্বসূৰী পি. এছ. কুমাৰাস্বামী ৰাজা
উত্তৰসূৰী কে. কামাৰাজ
গৃহ মন্ত্ৰালয় (ভাৰত)
কাৰ্যকাল
২৬ ডিচেম্বৰ ১৯৫০ – ২৫ অক্টোবৰ ১৯৫১
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু
পূৰ্বসূৰী বল্লভভাই পেটেল
উত্তৰসূৰী কৈলাস নাথ কাটজু
পশ্চিম বংগৰ ৰাজ্যপাল
কাৰ্যকাল
১৫ আগষ্ট ১৯৪৭ – ২১ জুন ১৯৪৮
Premier প্ৰফুল্ল চন্দ্ৰ ঘোষ
বিধান চন্দ্ৰ ৰয়
পূৰ্বসূৰী ফ্ৰেডেৰিক বুৰৌচ
উত্তৰসূৰী কৈলাস নাথ কাটজু
মাদ্ৰাজৰ মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধানমন্ত্ৰী)
কাৰ্যকাল
১৪ জুলাই ১৯৩৭ – ৯ অক্টোবৰ ১৯৩৯
ৰাজ্যপাল দ্য লৰ্ড এৰছকাইন
পূৰ্বসূৰী কুমাৰ ভেংকট ৰেড্ডী নাইডু
উত্তৰসূৰী টাংগুটুৰি প্ৰকাশম
ব্যক্তিগত তথ্য
জন্ম ১০ ডিচেম্বৰ, ১৮৭৮
থৰাপল্লি, ব্ৰিটিছ ৰাজ (বৰ্তমান ভাৰতত)
মৃত্যু ২৫ ডিচেম্বৰ, ১৯৭২ (৯৪ বছৰ)
মাদ্ৰাজ, ভাৰত
ৰাজনৈতিক দল স্বতন্ত্ৰ দল (১৯৫৯–১৯৭২)
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৫৭ ৰ আগত)
ভাৰতৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক কংগ্ৰেছ (১৯৫৭–১৯৫৯)
দাম্পত্যসঙ্গী আলামেলু মাংগাম্মা (১৮৯৭ - ১৯১৬)
শিক্ষানুষ্ঠান কেন্দ্ৰীয় মহাবিদ্যালয়
প্ৰেছিডেন্সী মহাবিদ্যালয়, মাদ্ৰাজ
জীৱিকা উকীল
লিখক
ষ্টেটছমেন

জন্ম আৰু শিক্ষাসম্পাদনা কৰক

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ জন্ম হয় ১৮৭৯ চনত মাদ্ৰাছ প্ৰেছিডেন্সীৰ অন্তৰ্গত তামিলনাডুৰ থোৰাপল্লী গাঁৱত।[2][3][4] পিতাক আছিল মুন্সিফ। ৰাজাজী সৰুৰে পৰা পঢ়াত বৰ চোকা বুদ্ধিৰ আছিল। কিন্তু সৰু কালত হোৱা তেওঁৰ চকুৰ অসুখৰ বাবে, সৰু কালছোৱাত তেওঁক পঢ়া-শুনাত বৰ আমনি দিছিল। কিন্তু তেনে অসুখত ভুগিও তেওঁ পঢ়া-শুনাত সদায় সুনাম আৰ্জিছিল।

তেওঁ মাদ্ৰাজৰ চেণ্ট্ৰল হিন্দু কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু মাদ্ৰাজৰপৰাই তেওঁ আইন পৰীক্ষাতো উত্তীৰ্ণ হৈছিল। আইন পৰীক্ষাত উত্তীৰ্ণ হৈয়ে তেওঁ ওকালতিত মনোযোগ দিছিল। কম দিনৰ ভিতৰতে তেওঁ এজন ভাল উকিল হিচাপে সমাজত জনাজাত হৈছিল।[1]

কৰ্মজীৱনসম্পাদনা কৰক

মহামানৱ মহাত্মা গান্ধীৰ অহিংস অসহযোগৰ আহ্বান দিয়াৰ সময়তে দেশৰ শ শ লোকৰ সৈতে ৰাজাজীয়েও নিজৰ লাভবান ব্যৱসায় এৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। এনেদৰে তেওঁ ১৯২০ চনৰ পৰা ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিটো আন্দোলনতে অংশ গ্ৰহণ কৰি বহুবাৰ কাৰাবৰণ কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ প্ৰস্তাৱৰ সময়ত আন আন নেতাৰ লগত মনোমালিন্য ঘটি তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিছিল। তেওঁ বিভিন্ন ৰাজহুৱা বিষয়-পদত থাকি, দেশলৈ অৰিহণা আগবঢ়াইছিল। তেওঁ জৱাহৰলাল নেহৰু চৰকাৰৰ মন্ত্ৰীসভাতো যোগদান কৰিছিল। কিছুদিনৰ কাৰণে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল। ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল মাদ্ৰাজ (তামিলনাডু)ৰ মুখ্যমন্ত্ৰী।

ভাষা সাহিত্যলৈও তেওঁ যথেষ্ট বৰঙনি আগবঢ়াইছে। সাহিত্য-সাধক ৰাজাজীয়ে ভালেকেইখন ইংৰাজী আৰু তামিল গ্ৰন্থ ৰচনা কৰিছিল। ৰাজাজীৰ ৰামায়ণ আৰু মহাভাৰত সমগ্ৰ ভাৰতৰে আজিও আদৰৰ বস্তু। তেওঁৰ আন দুখন জনপ্ৰিয় গ্ৰন্থ হ’ল-চক্ৰেটিছ আৰু মাৰ্ক্স আৰেলিয়চ।[1]

পুৰস্কাৰ প্ৰাপ্ত বঁটাসম্পাদনা কৰক

গ্ৰন্থ সংকলনসম্পাদনা কৰক

  • চক্ৰেটিছ
  • মাৰ্ক্স আৰেলিয়চ
  • ৰামায়ণ
  • মহাভাৰত

মৃত্যুসম্পাদনা কৰক

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, এই লোহ মানৱগৰাকীয় দেহাৱসান ঘটে ১৯৭২ চনত মাদ্ৰাজ (চেন্নাই) চহৰত।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৭,৮. 
  2. Bakshi, p 1
  3. Famous Indians of the 21st Century. Pustak Mahal. 2007. পৃষ্ঠা. 42. ISBN 81-223-0829-5, ISBN 978-81-223-0829-7. 
  4. Hopley, Antony R. H.. "Chakravarti Rajagopalachari". Oxford Dictionary of National Biography. http://www.oxforddnb.com/view/article/31579. 
  5. "ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭". ভাৰতৰ গৃহ মন্ত্ৰালয়. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১০. 

গ্ৰন্থপঞ্জীসম্পাদনা কৰক

অধিক পঢ়কসম্পাদনা কৰক