১০ ডিচেম্বৰ
তাৰিখ
১০ ডিচেম্বৰ (ইংৰাজী: 10 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৪ তম (অধিবৰ্ষত ৩৪৫ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯০১ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থ বিজ্ঞানী উইলহেম ৰণ্টজেনলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হয়। উল্লেখ্য যে পদাৰ্থৰ-বিজ্ঞানৰ ন’বেল লাভ কৰা তেৱেঁই প্ৰথম।
- ২০০৬ চনৰ এই দিনটোতে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে আন ছজন মহাকাশচাৰীৰ সৈতে মহাকাশলৈ যাত্ৰা কৰিছিল।
জন্মসম্পাদনা কৰক
- ১৮৩৫ চনৰ এই দিনটোতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
- ১৮৯১ চনৰ আজিৰ দিনটোতে নোবেল বিজয়ী ছুইডেনৰ মহিলা কবি আৰু নাট্যকাৰ নেলী ছাখছৰ জন্ম হয়।
- ১৯৩১ চনৰ এই দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ জন্ম হৈছিল।
- ১৮৭৮ চনৰ এই দিনটোতে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯৭৯ চনৰ এই দিনটোতে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত প্ৰাণত্যাগ কৰিছিল খৰ্গেশ্বৰ তালুকদাৰে।
- ১৮৯৬ চনৰ আজিৰ দিনটোতে চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আলফ্ৰেড ন'বেলৰ মৃত্যু হৈছিল। উল্লেখযোগ্য, তেখেতৰ স্মৃতিতেই প্ৰদান কৰা হয় বিখ্যাত ন’বেল বঁটা।
দিৱসসম্পাদনা কৰক
- আজি অসমত শ্বহীদ দিৱস পালন কৰা হয়। অসম আন্দোলনৰ আৰম্ভণি কালতে, ১৯৭৯ চনৰ এই দিনটোতে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল খৰ্গেশ্বৰ তালুকদাৰে।
- আজি মানৱ অধিকাৰ দিৱস।
- আজি শক্তি সংৰক্ষণ দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১০ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |