চনু সুদ

ভাৰতীয় অভিনেতা
(চনু ছুডৰ পৰা পুনঃনিৰ্দেশিত)

চনু সুদ (ইংৰাজী: Sonu Sood; হিন্দী: सोनू सूद; বঙালী: সোনু সুদ; জন্ম: ৩০ জুলাই ১৯৭৩) এগৰাকী ভাৰতীয় মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ হিন্দী, তেলেগু, কন্নড় আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে৷

চনু সুদ

কালাৰ্চ ইণ্ডিয়ান টেলী এৱাৰ্ড (Colors Indian Telly Awards) -ত চনু সুদ, ২০১৬
জন্ম ৩০ জুলাই, ১৯৭৩ (৫০ বছৰ)[1]
মোগা, পাঞ্জাৱ, ভাৰত[2]
শিক্ষা যশৱন্তৰাৱ চৱান অভিযান্ত্ৰিক মহাবিদ্যালয়, নাগপুৰ (B.E.)
পেচা
সক্ৰিয় হৈ থকা সময় ১৯৯৯–বৰ্তমান
দাম্পত্যসঙ্গী সোণালী সুদ (বি. ১৯৯৬)
সন্তান

২০০৯ চনত তেওঁ তেলেগু ব্লকবাষ্টাৰ ছবি অৰুন্ধতীত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ বাবে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু শ্ৰেষ্ঠ সহ অভিনেতাৰ (তেলেগু) ফিল্মফেয়াৰ বঁটা লাভ কৰে।[3] ২০১০ চনত তেওঁ বলীউডৰ ডাবাং চলচ্চিত্ৰত নেতিবাচক চৰিত্ৰত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অপ্সৰা বঁটা আৰু নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ পাৰদৰ্শিতা দেখুওৱাৰ বাবে আইফা বঁটা (IIFA Award) লাভ কৰে।[4] ২০১২ চনত তেওঁ জুলায়ী চলচ্চিত্ৰত কৰা নেতিবাচক চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ (তেলেগু) চিমা বঁটা লাভ কৰে।[5] তেওঁ যুৱ (২০০৪), আথাদু (২০০৫), আশিক বনায়া আপনে (২০০৫), অশোক (২০০৬), জোধা আকবৰ (২০০৮), অৰুন্ধতী (২০০৯), দুকুদু (২০১১), শ্বুটআউট এট ৱাডালা (২০১৩), হেপ্পী নিউ ইয়াৰ (২০১৫), কুংফু যোগা (২০১৭) আৰু চিম্বা (২০১৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত।[6][7] তেওঁ এপ’লো টায়াৰ আৰু এয়াৰটেলৰ বিজ্ঞাপনতো অভিনয় কৰিছিল।[8][9]

২০১৬ চনৰ জুলাই মাহত তেওঁ প্ৰডাকচন হাউচ শক্তি সাগৰ প্ৰডাকচন স্থাপন কৰে, যাক পিছলৈ তেওঁৰ পিতৃৰ নামেৰে শক্তি সাগৰ সুদ নামকৰণ কৰা হয়। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত তেওঁ কৰা মানৱীয় কৰ্মৰ বাবে তেওঁক সংযুক্ত ৰাষ্ট্ৰ বিকাশ কাৰ্যসূচী (চমুকৈ ইউএনডিপি) -য়ে “এছডিজি বিশেষ মানৱীয় কাৰ্য বঁটা” (SDG Special Humanitarian Action Award) -ৰ বাবে বাছনি কৰিছিল।[10][11][12]

শিক্ষা সম্পাদনা কৰক

চনু সুদে মোগাৰ চিক্ৰেড হাৰ্ট স্কুল (Sacred Heart School) [13] আৰু নাগপুৰ স্থাপিত যশৱন্তৰাৱ চৱান অভিযান্ত্ৰিক মহাবিদ্যালয় (YCCE) -ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল৷[14]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৯৯ চনত চনু সুদে ছবি জগতত তামিল চলচ্চিত্ৰ কাল্লাঝাগাৰ আৰু নেঞ্জিনিলেৰ যোগেদি পৰিচয় লাভ কৰে৷ তাৰ পিছত তেওঁক ২০০০ চনত তেলেগু চলচ্চিত্ৰ হেণ্ডচ আপ!ত এগৰাকী বিৰোধী হিচাপে দেখা যায়৷ ২০০১ চনত তেওঁ মাজুনু চলচ্চিত্ৰত উপস্থিত হয়। তাৰ পিছত তেওঁ ২০০২ চনত হিন্দী চলচ্চিত্ৰ শ্বহীদ-ই-আজম নামৰ চলচ্চিত্ৰত ভগৎ সিংৰ চৰিত্ৰত অভিনয় কৰি হিন্দী চলচ্চিত্ৰ জগতত খোজ দিয়ে। ছুডে ২০০৪ চনত মণি ৰত্নমযুৱঅভিষেক বচ্চনৰ ভাতৃৰ চৰিত্ৰত অভিনয় কৰি আৰু ২০০৫ চনত আশিক বনায়া আপনেৰ যোগেদি স্বীকৃতি লাভ কৰে।[9]

২০০৫ চনত টোলীউডৰ চুপাৰ নামৰ চলচ্চিত্ৰখন মুক্তিৰ লগতে তেওঁ তেওঁৰ কামৰ বাবে অধিক স্বীকৃতি লাভ কৰিছিল।[15] এই চলচ্চিত্ৰখনত তেওঁৰ সহ-অভিনেতা নাগাৰ্জুন এগৰাকী উচ্চ-প্ৰযুক্তিৰ চোৰ হয়। তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰখন আছিল আথাদু। ২০০৬ চনত অশোকত তেওঁ পুনৰ এগৰাকী বিৰোধীৰ চৰিত্ৰত অভিনয় কৰে।

২০০৯ চনত তেওঁ অৰুন্ধতীত পশুপতিৰ চৰিত্ৰত অভিনয় কৰে। টোলীউডত অৰুন্ধতীৰ মুক্তিৰ পিছত তেওঁ আশুতোষ গোৱাৰিকাৰৰ দ্বাৰা পৰিচালিত ভাৰতীয় ইপিক ফিল্ম যোধা আকবৰতত ৰাজকুমাৰ সুজামালৰ চৰিত্ৰত অভিনয় কৰে। ২০০৯ চনত তেওঁ ৰবি তেজাৰ বিপৰীতে অঞ্জানীয়ুলুত গেংষ্টাৰ বাডাৰ চৰিত্ৰত অভিনয় কৰে। ২০০৯ চনৰ শেষাৰ্ধত তেওঁ আন এখন তেলেগু চলচ্চিত্ৰ এক নিৰঞ্জনত অভিনয় কৰে, য’ত তেওঁক পুনৰ এগৰাকী বিৰোধীৰ চৰিত্ৰত দেখা যায়৷ ২০১০ চনত তেওঁ অভিনৱ কাশ্যপ পৰিচালিত ডাবাংত ছলমান খানৰ সৈতে মুখ্য বিৰোধীৰ চৰিত্ৰত অভিনয় কৰে।[16] তেওঁৰ কন্নড় আত্মপ্ৰকাশ ছবি সুদীপ, বিষ্ণুবৰ্ধন (২০১১) চলচ্চিত্ৰত তেওঁৰ প্ৰদৰ্শনৰ ইতিবাচক পৰ্যালোচনা লাভ কৰে।[17] ৰাজ্যিক নিৰ্বাচন আয়োগে তেওঁক "পাঞ্জাৱৰ ৰাজ্যিক আইকন" ("The state icon of Punjab") হিচাপে নিযুক্ত কৰিছিল।[18]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

চন শিৰোনাম চৰিত্ৰ ভাষা টোকা
১৯৯৯ কাল্লাঝাগাৰ মৌম্যা নাৰায়ণন (Priest) তামিল
নেঞ্জিনিলে গেংষ্টাৰ তামিল
২০০০ হেণ্ডচ আপ! টোগলক তেলেগু
সন্ধিথা বেলই সন্দিপ তামিল
২০০১ মাজুনু হীনাৰ ভাতৃ তামিল
২০০২ শ্বহীদ-ই-আজম ভগৎ সিং হিন্দী
জিন্দাগী খুবসুৰাত হে মুৰাড হিন্দী
ৰাজা ভৱানী তামিল
২০০৩ আম্মায়িলু আব্বায়িলু ৰাকেশ তেলেগু
কবিলপাট্টী বীৰলক্ষ্মী ৰাজীৱ মাথুৰ তামিল
কাহা হো তুম (Kahan Ho Tum) কাৰণ হিন্দী
২০০৪ নেতাজী সুবাস চন্দ্ৰ বসু:দ্য ফোৰগোটেন হিৰো চাহ নাৱাজ খান হিন্দী
মিশ্যন মুম্বাই (Mission Mumbai) কেপ্টেইন ৰাজীৱ সিং হিন্দী
যুৱ গোপাল সিং হিন্দী
২০০৫ শীশা ৰাজ হিন্দী
চন্দ্ৰমুখী ঔমায়াণ তামিল
চুপাৰ চনু তেলেগু
আথাডু মাল্লী তেলেগু
আশিক বনায়া আপনে কাৰণ অবেৰোই হিন্দী
শিচকীয়া (Siskiyaan) ড° বিশ্বাস হিন্দী
দিভৰ্চ:নট বিটউইন হাচবেণ্ড এণ্ড ৱাইফ সিদ্ধাৰ্থ যোশী হিন্দী
২০০৬ অশোক কে কে তেলেগু
ৰকি মেৰা (Rockin' Meera) প্ৰাইঞ্চ ইংৰাজী
২০০৮ জোধা আকবৰ প্ৰাইঞ্চ সুজামাল হিন্দী মনোনীত, ফিল্মফেয়াৰ বেষ্ট চাপৰ্টিং এক্টোৰ এৱাৰ্ড
মিষ্টাৰ মেধাৱী সিদ্ধাৰ্থ তেলেগু
সিং ইজ কিং লখন 'লাকী' সিং (Lakhan 'Lucky' Singh) হিন্দী
এক বিবাহ এইসা ভী প্ৰেম আজমেৰা হিন্দী
২০০৯ অৰুন্ধতী পশুপতি তেলেগু নন্দী এৱাৰ্ড ফৰ বেষ্ট ভিলেইন
ফিল্মফেয়াৰ বেষ্ট চাপৰ্টিং এক্টোৰ এৱাৰ্ড (তেলেগু)
ধুন্‌তে ৰেহ জাৱগে আৰিয়ান হিন্দী
অঞ্জানীয়ুলু বাডা তেলেগু
বাংগাৰু বাবু ৰাজেন্দ্ৰ তেলেগু
এক নিৰঞ্জন জনী ভাাই তেলেগু
চিটী অৱ লাইফ বসু/পেটাৰ পেটাৰ ইংৰাজী
২০১০ ডাবাং চেড্ডী সিং হিন্দী নেতিবাচক চৰিত্ৰত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অপ্সৰা বঁটা
নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ পাৰদৰ্শিতা দেখুওৱাৰ বাবে আইফা বঁটা
২০১১ শক্তি মুকটাৰ তেলেগু
থীনমাৰ সূধীৰ তেলেগু
ব্বুদ্দাহ... হোগা তেৰা বাপ এচিপি কাৰণ মালহত্ৰা হিন্দী
কান্দীৰেগা ভৱানী তেলেগু
দুকুডু নায়ক তেলেগু নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা
বিষ্ণুবৰ্ধন আদিশেষ কন্নড় মনোনীত, চিমা এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল - কন্নড় (SIIMA Award for Best Actor in a Negative Role - Kannada)
Nominated, চণ্ডালউড ষ্টাৰ এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল (Sandalwood Star Award for Best Actor in a Negative Role)
মনোনীত, বেঙ্গালোৰ টাইমচ ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল মেল (Bangalore Times Film Award for Best Actor in a Negative Role Male)
অচথে বক্সাৰ ডানেইল তামিল
২০১২ মেক্সিমাম ইন্সপেক্টৰ প্ৰতাপ পণ্ডিত হিন্দী
উউ কোডাথাৰা? উলিক্কি পডাথাৰৰা? ফনীন্দ্ৰ ভূপতি তেলেগু
জুলাই বিট্টু তেলেগু মনোনীত, চিমা এৱাৰ্ড ফৰ বেষ্ট এক্ট’ৰ ইন এ নিগেটিভ ৰোল (তেলেগু)
মাধা গাজা ৰাজা অজ্ঞাত তামিল মুক্তি পোৱা নাই
২০১৩ শ্বুটআউট এট বাডালা দিলৱাৰ ইমটিয়াজ হাকচাৰ হিন্দী
ৰাম্যা বস্তাভাইয়া ৰঘুবীৰ হিন্দী
ভাই জেমচ তেলেগু
আৰ... ৰাজকুমাৰ শিৱৰাজ গুৰজাৰ হিন্দী
২০১৪ ইণ্টাৰটেইনমেণ্ট অৰ্জুন হিন্দী
আগাডু দামোদৰ তেলেগু
হেপ্পী নিউ ইয়াৰ জগমোহন প্ৰকাশ (জগ) হিন্দী
২০১৬ চাগাচাম বিট্টু তামিল
জিয়াংযাং (Xuanzang) হৰ্ষ মান্য চীনা
ইস্ক পজিটিভ নিজে উৰ্দু পাকিস্থানী চলচ্চিত্ৰ
কেমিঅ’ এপিয়াৰেঞ্চ
দেৱী ৰাজ খান্না তামিল
অভিনেত্ৰী তেলেগু
টুটাক টুটাক টুটিয়া হিন্দী প্ৰযোজকো
২০১৭ কুং ফু যোগা ৰানডাল্ল মান্য চীনা
হিন্দী
ইংৰাজী
২০১৮ পল্টন মেজৰ বিশেন সিং হিন্দী
চিম্বা ধুৰ্ব ৰানডে হিন্দী
২০১৯ কুৰুক্ষেত্ৰ অৰ্জুন কন্নড়
দেৱী ২ ৰাজ খান্না তামিল কেমিঅ’ এপিয়াৰেঞ্চ
অভিনেত্ৰী ২ তেলেগু
সীতা বাসাবাৰাজু তেলেগু [19][20]
২০২১ আল্লুড্ডু আধুৰ্চ গাজা তেলেগু
আচাৰ্য তেলেগু ফিল্মিং[21]
পৃথিৱীৰাজ ঘোষণা হ’ব হিন্দী ফিল্মিং
থামিলাৰাচান ঘোষণা হ’ব তামিল ফিল্মিং

ডাবিং কেৰিয়াৰ সম্পাদনা কৰক

চলচ্চিত্ৰৰ শিৰোনাম অভিনেতা চিত্ৰ ডাব ভাষা মূল ভাষা মূল মুক্তি বৰ্ষ টোকা
দ্য লিজেণ্ড অৱ হাৰকিউলিচ হাৰকিউলিচকেল্লান লুটজ হাৰকিউলিচ/আলকাইডচ হিন্দী ইংৰাজী ২০১৪

ব্যক্তিগত জীৱন সম্পাদনা কৰক

চনু সুদৰ জন্ম ১৯৭৩ চনৰ ৩০ জুলাইত পঞ্জাৱৰ মোগাত হৈছিল৷ তেওঁৰ বিবাহ ১৯৯৬ চনত তেওঁ তেলেগু মহিলা সোণালীৰ সৈতে হয়৷[22] তেওঁৰ সন্তান দুগৰাকীৰ নাম হৈছে- অয়ন আৰু ইশান্ত৷[23]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sharma, Aastha (30 July 2015). "Sonu Sood: Moga to Mumbai non-stop". Hindustan Times. http://www.hindustantimes.com/chandigarh/sonu-sood-moga-to-mumbai-non-stop/story-C4LZ5u3JvBhGyEfwg0FsiI.html. 
  2. Goyal, Divya (8 February 2016). "Sonu Sood's father passes away, actor says he is 'shattered'". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/sonu-soods-father-passes-away-actor-says-he-is-shattered/. 
  3. Joshi, Tushar (October 26, 2009). "Sonu Sood Wins Nandi Award For Arundhati". Mid Day. https://www.mid-day.com/articles/sonu-sood-wins-nandi-award-for-arundhati/61431. 
  4. Krishna, Rege, Bal, Manisha (June 26, 2011). "Dabangg Wins Big at IIFA Awards". The Newswire. https://www.outlookindia.com/newswire/story/idabanggi-wins-big-at-iifa-awards/725934. 
  5. Barma, Nnimi (February 23, 2018). "Latest Movies of Sonu Sood: 5 Latest Bollywood Movies of Sonu Sood". Medium. https://medium.com/@nnimibarma/latest-movies-of-sonu-sood-5-latest-bollywood-movies-of-sonu-sood-4ea4cfbf26c4. 
  6. Devi (29 January 2009). "TELUGU CINEMASS: Sonu Sood's, Another Hit Arundhati". Telugucinemass.blogspot.com. http://telugucinemass.blogspot.com/2009/01/sonu-soods-another-hit-arundhati.html। আহৰণ কৰা হৈছে: 20 September 2011. 
  7. Udasi, Harshikaa (22 April 2013). "Snippets: Finally a nod". The Hindu. https://www.thehindu.com/features/cinema/snippets-finally-a-nod/article4643787.ece. 
  8. "Sonu Sood turns producer with Lucky Unlucky". The Hindu. 1 November 2011. https://www.thehindu.com/todays-paper/tp-national/sonu-sood-turns-producer-with-lucky-unlucky/article2587236.ece. 
  9. 9.0 9.1 "Top 100 Handsome Indian Men - Sonu Sood". Webindia123.com. http://www.webindia123.com/personality/men/sonu_sood/sonu.htm। আহৰণ কৰা হৈছে: 20 September 2011. 
  10. "Sonu Sood's UNDP award makes his personal brand even taller". ET Brand Equity.com. 29 Sep 2020. https://brandequity.economictimes.indiatimes.com/news/marketing/opinion-sonu-soods-undp-award-makes-his-personal-brand-even-taller/78376281. 
  11. "Sonu Sood joins the likes of Angelina Jolie, Leonardo Decaprio as he receives UN award". 29 Sep 2020. https://www.wionews.com/entertainment/bollywood/news-sonu-sood-joins-the-likes-of-angelina-jolie-leonardo-dicaprio-as-he-receives-un-award-331095. 
  12. "Sonu Sood receives SDG special humanitarian action award by UNDP". 29 Sep 2020. https://www.business-standard.com/article/current-affairs/sonu-sood-receives-sdg-special-humanitarian-action-award-by-undp-120092900680_1.html. 
  13. Service, Tribune News. "Actor Sonu Sood’s father dies" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/archive/features/actor-sonu-sood%E2%80%99s-father-dies-193874. 
  14. News, Nagpur. "Interview with Sonu Sood". www.nagpurtoday.in. https://www.nagpurtoday.in/interview-with-sonu-sood/09251857. 
  15. "Super - Telugu film - Nagarjuna, Ayesha Takia, Sonu Sood". Idlebrain.com. 7 May 2005. http://www.idlebrain.com/news/functions/pressmeet-super.html। আহৰণ কৰা হৈছে: 20 September 2011. 
  16. "Sonu's on a high". starboxoffice.com. http://www.starboxoffice.com/sbogallery.aspx?aid=3028&bid=2012/March/reviews_20120309_8। আহৰণ কৰা হৈছে: 12 September 2010. 
  17. "Kannada Review: 'Only Vishnuvardhana' is racy". CNN-News18IBNLive.in.com. 11 December 2011. Archived from the original on 9 January 2012. https://web.archive.org/web/20120109150253/http://ibnlive.in.com/news/kannada-review-only-vishnuvardhana-is-racy/210902-62-129.html। আহৰণ কৰা হৈছে: 12 July 2021. 
  18. "Sonu Sood Appointed As State Icon Of Punjab By Election Commission". NDTV.com. https://www.ndtv.com/india-news/sonu-sood-appointed-as-state-icon-of-punjab-by-election-commission-2326027। আহৰণ কৰা হৈছে: 2020-11-17. 
  19. Vijayakumar, Sindhu (6 April 2019). "Tamil cinema is my first love: Sonu Sood". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/tamil-cinema-is-my-first-love-sonu-sood/articleshow/68739361.cms. 
  20. Iyengar, Anusha (3 April 2019). "Kajal Aggarwal shares a 'chilling' shot from her upcoming Telugu film, Sita [PHOTO"]. Times Now. https://www.timesnownews.com/entertainment/south-gossip/article/kajal-aggarwal-shares-a-chilling-shot-from-her-upcoming-telugu-film-sita-photo/393552. 
  21. "Sonu Sood on shooting with Chiranjeevi: He refused to hit me on screen, saying people will curse him". 20 December 2020. https://indianexpress.com/article/entertainment/bollywood/sonu-sood-on-getting-films-with-lead-roles-chiranjeevi-acharya-film-7111430/। আহৰণ কৰা হৈছে: 24 December 2020. 
  22. "Interview with Sonu Sood - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Interview-with-Sonu-Sood/articleshow/20728369.cms। আহৰণ কৰা হৈছে: 2020-10-27. "And, I don't know if many people know this, but I'm married to a Telugu girl." 
  23. Garoo, Rohit (2016-11-15). "Sonu Sood Marriage: The First Love Is Forever For This Actor" (en-US ভাষাত). The Bridal Box. https://www.thebridalbox.com/articles/sonu-sood-marriage_0057676/। আহৰণ কৰা হৈছে: 2020-05-15. 

বাহ্যিক সংযোগ সম্পাদনা কৰক