জনতা পাৰ্টি

ৰাজনৈতিক দল

জনতা পাৰ্টি (ইংৰাজী: Janata Party) ভাৰতৰ এটা ৰাজনৈতিক দল আছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বলবৎ কৰা ১৯৭৫ৰ পৰা ১৯৭৭লৈ চলা জৰুৰীকালীন অৱস্থাৰ বিৰোধ কৰা ৰাজনৈতিক দলবোৰৰ একত্ৰীকৰণেৰে এই দলটো গঠন কৰা হৈছিল। ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টিয়ে ইন্দিৰা কংগ্ৰেছক পৰাজিত কৰি মোৰাৰজী দেশাইৰ প্ৰধানমন্ত্ৰিত্বত স্বাধীন ভাৰতৰ প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে। [1]

জনতা পাৰ্টি
Janata Party symbol.png
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ২৩ জানুৱাৰী ১৯৭৭; ৪৭ বছৰ আগত (1977-01-23)
ৰাজনৈতিক মতাদৰ্শ Indian nationalism
Populism
Factions:
Gandhian socialism
Social justice
Anti-corruption
দলীয় ৰং          Orange, Green

প্ৰেক্ষাপট

সম্পাদনা কৰক

সমাজবাদী নেতা ৰাজ নাৰায়ণে ১৯৭১ চনত ৰায়বেৰেলি লোকসভা সমষ্টিৰ তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ইন্দিৰা গান্ধীয়ে ১৯৭১ৰ সাধাৰণ নিৰ্বাচনত অসৎ পন্থাৰে জয়লাভ কৰা বুলি গোচৰ তৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ত গান্ধী দোষী সাব্যস্ত হয় আৰু ন্যায়ালয়ে ৰায়বেৰেলিৰ পৰা ৰাজ নাৰায়ণক বিজয়ী হোৱা বুলি ৰায় দিয়ে। লগতে পৰৱৰ্তী ৬ বছৰত গান্ধীয়ে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলি ন্যায়ালয়ে প্ৰতিবন্ধকতা আৰোপ কৰে। অৰ্থনৈতিক অনগ্ৰসৰতা, দুৰ্নীতি আৰু ন্যায়ালয়ৰ দ্বাৰা গান্ধী দোষী সাব্যস্ত হোৱা বিভিন্ন পৰিঘটনাৰ ফলস্বৰূপে কংগ্ৰেছ চৰকাৰখনৰ বিৰূদ্ধে দেশ জুৰি প্ৰবল বিৰোধে গা কৰি উঠিছিল। ক্ষমতাত তিকি থাকিবলৈ, ৰাষ্ট্ৰীয় সুৰক্ষা বিপৰ্যস্ত হোৱাৰ যুক্তি দেখুৱাই গান্ধীয়ে ১৯৭৫ৰ ২৫ জুনৰ দিনা জৰুৰীকালীন অৱস্থাৰ বলবৎ কৰে। লগেলগে প্ৰেছৰ ওপৰত চেঞ্চৰশ্বিপ আৰম্ভ হ’ল, নিৰ্বাচন পিছুৱাই দিয়া হ’ল আৰু ধৰ্মঘট, জনসমাবেশ নিষিদ্ধ কৰা হ’ল। বিৰোধী নেতা, যেনে জীৱতৰাম কৃপালিনী, জয়প্ৰকাশ নাৰায়ণ, চন্দ্ৰ শেখৰ, বিজু পাটনায়ক, অটল বিহাৰী বাজপায়ী, লালকৃষ্ণ আদৱানী, ৰাজ নাৰায়ণ, সত্যেন্দ্ৰ নাৰায়ণ, ৰমানন্দ মিশ্ৰ, মোৰাৰজী দেশাই আৰু অন্যান্য বহুতো ৰাজনৈতিক কৰ্মীক কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল। ১৯৭৭ৰ জানুৱাৰীত হঠাৎ জৰুৰীকালীন অৱস্থা উঠাই লোৱা হ’ল আৰু মাৰ্চ মাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ঘোষণা কৰা হ’ল। কংগ্ৰেছ (ও), ভাৰতীয় জনসংঘ, ভাৰতীয় লোকদল তথা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ (আৰ)-ৰ দলত্যাগী ৰাজনীতিকসকলে জনতা পাৰ্টি গঠন কৰে আৰু বৃহৎ ব্যৱধানত ইন্দিৰা কংগ্ৰেছক পৰাজিত কৰে। ইন্দিৰা গান্ধী আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ সঞ্জয় গান্ধী– দুয়ো নিৰ্বাচনত পৰাজিত হয়। [2]

জনতা নেতৃত্বাধীন নতুন চৰকাৰে জৰুৰীকালীন সময়ৰ বহুতো আদেশ ৰদ কৰে আৰু জৰুৰীকালীন অৱস্থাত চলোৱা উৎপীড়নৰ চৰকাৰী তদন্ত আৰম্ভ কৰে। যদিও কেইবাটাও গুৰুত্বপূৰ্ণ বৈদেশিক নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ চেষ্টা কৰা হৈছিল, নিৰন্তৰ দলীয় সংঘাত আৰু আদৰ্শগত পাৰ্থক্যই জনতা চৰকাৰক ৰাষ্ট্ৰীয় সমস্যাবোৰ কাৰ্যকৰীভাৱে সমাধান কৰিবলৈ অক্ষম কৰি তুলিছিল। ১৯৭৯ চনৰ মাজভাগলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে পদত্যাগ কৰিবলৈ বাধ্য হয়। তেওঁৰ পিছত চৌধুৰী চৰণ সিঙে প্ৰধানমন্ত্ৰী হিচাপে শপত লয় যদিও মিত্ৰজোঁটৰ অংশীদাৰসকলে সমৰ্থন প্ৰত্যাহাৰ কৰাত সংসদীয় সংখ্যাগৰিষ্ঠতা বজাই ৰাখিবলৈ ব্যৰ্থ হয়। জনতা পাৰ্টিৰ অন্তৰ্দলীয় ৰাজনৈতিক যুঁজ-বাগৰ আৰু অকাৰ্যকৰ চৰকাৰৰ জনসাধাৰণ বিৰক্তিৰ উদ্ৰেক ঘটায় আৰু যাৰ বাবে ১৯৮০ৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধী আৰু তেওঁৰ কংগ্ৰেছ (আই) দলৰ পুনৰুত্থান হয়। যদিও মূল জনতা পাৰ্টি খণ্ড-বিখণ্ড হৈ নাইকীয়া হৈ গ’ল, বৰ্তমানৰ বহুতো ৰাজনৈতিক দলৰ মাজেৰে ইয়াৰ উত্তৰাধিকাৰ প্ৰবাহিত হৈ আহিছে। [3] [4]

একত্ৰিত ৰাজনৈতিক দলবোৰ

সম্পাদনা কৰক

নিম্লোক্ত দলবোৰৰ একত্ৰিকৰণৰ মাজেৰে জনতা পাৰ্টি গঠন কৰা হৈছিল।

  • ভাৰতীয় লোক দল
  • স্বতন্ত্ৰ পাৰ্টি
  • ছোচিয়েলিষ্ট পাৰ্টি (ভাৰত)
  • প্ৰজা ছোচিয়েল পাৰ্টি
  • ভাৰতীয় জনসংঘ
  • কংগ্ৰেছ (ও)
  • কংগ্ৰেছ ফৰ ডেমোক্ৰেছী
  • কংগ্ৰেছ (আৰ)-ৰ বিদ্ৰোহী নেতাসকল, যেন চন্দ্ৰ শেখৰ, কৃষণ কান্ত, ৰাম ধন, মোহন ধাৰিয়া, চন্দ্ৰজিৎ যাদৱ, লক্ষ্মী কন্ঠম্মা
  • কংগ্ৰেছ (ইউ)-ৰ নেতা দেৱৰাজ উৰ্চে পিছৰ পৰ্যায়ত জনতা পাৰ্টিত যোগদান কৰে।

লগতে চাওক

সম্পাদনা কৰক

অধিক জানিবলৈ পঢ়ক

সম্পাদনা কৰক
  • Shourie, Arun (1980). Institutions in the Janata phase. Bombay: Popular.

বাহ্যিক শ্ৰেণী

সম্পাদনা কৰক