ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)

ৰাজনৈতিক দল
(কংগ্ৰেছ (ও)ৰ পৰা পুনঃনিৰ্দেশিত)

ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) (ইংৰাজী: Indian National Congress (Organisation) বা Congress (O)) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধীকংগ্ৰেছৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।[1]

ইতিহাস সম্পাদনা কৰক

১৯৬৯ৰ ১২ নবেম্বৰত দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হয় আৰু ফলস্বৰূপে ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দী দল এটা গঠন কৰাত কংগ্ৰেছ দলটো দুই ভাগত বিভক্ত হৈ যায়। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৭০৫জন সদস্যৰ ৪৪৬জনেই গান্ধীৰ দলত যোগ দিয়ে।[2] ইন্দিৰাপন্থী বিভাজিত অংশটোক কংগ্ৰেছ (আৰ) নামেৰ পৰিচিত হ'ল; য'ত ইংৰাজী 'R' আখৰটোৱে 'Requisition' বুজাইছিল। আনহাতে কংগ্ৰেছৰ মূল অংশটো পৰিচিত হ’ল, ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) বা চমুকৈ কংগ্ৰেছ (ও) নামেৰে। এসময়ত ধেমেলীয়াকৈ মূল কংগ্ৰেছ গোটটোক ‘চিণ্ডিকেট’ (Syndicate) আৰ ইন্দিৰাপন্থী গোটটোক ‘ইণ্ডিকেট’ (Indicate) বুলি উল্লেখ কৰা হৈছিল। প্ৰথমে কে কামৰাজ আৰু পিছলৈ মোৰাৰজী দেশায়ে কংগ্ৰেছ (ও)-ৰ নেতৃত্ব দিয়ে।[1]

কংগ্ৰেছ (ও)-ই ভোলা পাচৱান শাস্ত্ৰীৰ নেতৃত্বত বিহাৰত, বীৰেন্দ্ৰ পাতিলৰ নেতৃত্বত কৰ্ণাটকত হিতেন্দ্ৰ কে. দেশাইৰ নেতৃত্বত গুজৰাটত চৰকাৰ গঠন কৰে। জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯৭৫ৰ পৰা ১৯৭৬লৈ গুজৰাটৰ বাবুভাই জে পেটেলৰ জনতা মৰ্চা চৰকাৰৰো অন্যতম অংশীদাৰ আছিল কংগ্ৰেছ (ও)। ১৯৭১ৰ সাধাৰণ নিৰ্বাচনত ১০% ভোট শ্বেয়াৰিঙেৰে লোকসভাৰ ১৬খন আসনত কংগ্ৰেছ (ও) বিজয়ী হোৱাৰ বিপৰীতে ইন্দিৰাপন্থী কংগ্ৰেছে ৪৪% ভোটেৰে ৩৫২খন আসনত বিজয় সাব্যস্ত কৰে।[3] নিৰ্বাচন হৈ যোৱাৰ পিছত নিৰ্বাচন আয়োগে ইন্দিৰাপন্থী কংগ্ৰেছক মূল কংগ্ৰেছ দল বুলি স্বীকৃতি দিয়ে।[1]

১৯৭৭ৰ মাৰ্চত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ও)-ই জনতা মৰ্চাৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হয়। পিছে এইটো নিৰ্বাচনত দলটোৱে ভাল ফল দেখুৱাব নোৱাৰিলে। পূৰ্বৱৰ্তী নিৰ্বাচনত লাভ কৰা ১৬খন আসনৰ বিপৰীতে এই নিৰ্বাচনত কংগ্ৰেছ (ও)-ই মাথো ৩খনহে আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।[4] নিৰ্বাচনৰ পিছত এই একেটা বছৰতে ভাৰতীয় লোকদল, ভাৰতীয় জনসংঘ, ছোচিয়েলিষ্ট পাৰ্টি, স্বতন্ত্ৰ পাৰ্টি তথা অন্য সৰু সৰু ৰাজনৈতিক দলবোৰৰ সৈতে অৰ্গেনাইজেন কংগ্ৰেছেও আনুষ্ঠানিকভাবে নবগঠিত জনতা পাৰ্টিত চামিল হৈ যায়।[5][6]

নেতা সম্পাদনা কৰক

  • কে কামৰাজ
  • মোৰাৰজী দেশাই
  • এচ. নিজলিংগাপ্পা
  • চি.এম. পুনাছা
  • নীলম সঞ্জীৱ ৰেড্ডী
  • অতুল্য ঘোষ
  • এচ.কে. পাটিল
  • হিতেন্দ্ৰ কে. দেশাই
  • সত্যেন্দ্ৰ নাৰায়ণ সিনহা
  • চন্দ্ৰ ভানু গুপ্তা
  • বীৰেন্দ্ৰ পাটিল
  • অশোক মেহতা
  • ত্ৰিভূৱন নাৰায়ণ সিং
  • ৰাম সুভাগ সিং
  • বি.ডি. শৰ্মা

লগতে চাওক সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Pradhanmantri - Episode 9: Split in Congress - Indira Gandhi and Morarji Desai. ABP News. 
  2. Chandra, Bipan & others (2002). India after Independence 1947-2000. New Delhi:Penguin Books. পৃষ্ঠা. 236. ISBN ISBN. 
  3. "STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1971". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  4. "STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1977". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  5. Official Excerpts from Speech of Veteran Journalist. Emergency: Top Oppositional political leaders arrested. Website. http://www.countercurrents.org/cip200610.htm। আহৰণ কৰা হৈছে: 31 August 2015. 
  6. Singh, Kuldip (1995-04-11). "OBITUARY: Morarji Desai". https://www.independent.co.uk/news/people/obituary-morarji-desai-1615165.html। আহৰণ কৰা হৈছে: 2009-06-27.