তুমি মোৰ মাথোঁ মোৰ

অসমীয়া চলচ্চিত্ৰ

তুমি মোৰ মাথোঁ মোৰ হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰজুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু এন. কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি। জুবিন গাৰ্গ আৰু জেৰিফা ৱাহিদে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাই এই চলচ্চিত্ৰখনত ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। [1]‌‌

তুমি মোৰ মাথোঁ মোৰ
পৰিচালক জুবিন গাৰ্গ
ৰচনা জুবিন গাৰ্গ
চিত্ৰনাট্য অমূল্য কাকতি
কাহিনী জুবিন গাৰ্গ
প্ৰযোজক দেৱ বৰকটকী
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী হৰি ৰয়
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
২৫ ফেব্ৰুৱাৰী ২০০০
দৈৰ্ঘ্য
১৬৭ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া
তুমি মোৰ মাথোঁ মোৰ
চলচ্চিত্ৰ সংগীত
মুক্তি ১৯৯৯
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল এন. কে. প্ৰডাকচন
পৰিচালক জুবিন গাৰ্গ
প্ৰযোজক দেৱ বৰকটকী
জুবিন গাৰ্গ কালক্ৰম
হিয়া দিয়া নিয়া
(২০০০)
তুমি মোৰ মাথোঁ মোৰ
(২০০০)
দাগ
(২০০১)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। এটি 'থীম' সংগীতেৰে সৈতে এলবামটিত মুঠ ১০টি গীত আছে। আটাইকেইটি গীতেই এতিয়াও জনপ্ৰিয়।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "পোহৰৰে চাকি"  জুবিন গাৰ্গজুবিন গাৰ্গ, লোনা সোনোৱাল  
2. "কি যে পালোঁ তোমাক বুকুতে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, মালৱিকা বৰা  
3. "এতিয়া হিয়া মোৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
4. "চকু মেলি চাওঁতে"  জুবিন গাৰ্গজুবিন গাৰ্গ  
5. "মায়াৱী এই ৰাতি"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, জংকী বৰঠাকুৰ  
6. "ৰ'দ আজি কেনি পাওঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
7. "কোনে ৰিঙিয়ায়"  জুবিন গাৰ্গজুবিন গাৰ্গ  
8. "গুণ গুণ"   জুবিন গাৰ্গ, লোনা সোনোৱাল  
9. "(থীম) তুমি মোৰ মাথোঁ মোৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
10. "মলয়াৰ দুপাখিত"   জুবিন গাৰ্গ, তৰালী শৰ্মা  
টোকাসমূহ
  • ট্ৰেক ১০ হৈছে এটা বোনাচ ট্ৰেক আৰু ছবিখনত প্ৰদৰ্শিত হোৱা নাছিল কিন্তু হিয়া দিয়া নিয়া চলচ্চিত্ৰৰ পৰা লোৱা হৈছিল।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Tumi Mur Mathu Mur – Full Assamese Movie". Magicalassam.com. 2015-04-03. Archived from the original on 2013-07-11. https://web.archive.org/web/20130711041720/http://https/। আহৰণ কৰা হৈছে: 2019-03-24. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক