দশানন ৰাৱণ (গ্ৰন্থ)

অসমীয়া গ্ৰন্থ

দশানন ৰাৱণ (ইংৰাজী: Dashanan Ravan) বঙালী ভাষাৰ পৰা অনূদিত এখন অসমীয়া উপন্যাস। উপন্যাসখন ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত। বঙালী সাহিত্যিক ড° দীপক চন্দ্ৰ ৰচিত একে নামৰ উপন্যাসখন অসমীয়া ভাষালৈ গোৱিন্দ প্ৰসাদ ভূঞাই অনুবাদ কৰি ২০১৩ চনত প্ৰথম “অসম পাবলিচিং কোম্পানী”ৰ দ্বাৰা প্ৰকাশ কৰে।[1]

দশানন ৰাৱণ  
Thumb
দশানন ৰাৱণৰ বেটুপাত
লেখক ড° দীপক চন্দ্ৰ
শিৰোনাম দশানন ৰাৱণ
অনুবাদক গোৱিন্দ প্ৰসাদ ভূঞা
প্ৰচ্ছদ শিল্পী সঞ্জীৱ বৰা
ভাষা অসমীয়া
প্ৰকাশক অসম পাবলিচিং কোম্পানী
পৃষ্ঠা সংখ্যা ১৭৪
আই.এচ.বি.এন. 978-81-86384-43-5

চমু বিৱৰণ সম্পাদনা কৰক

ত্ৰিকূট পৰ্বতৰ সুউচ্চ শিখৰত বিশ্বকৰ্মাই নিৰ্মাণ কৰা মণিময় প্ৰসাদৰ পৰা আৰম্ভ কৰি ৰাৱণৰ মাক কৈকেষীয়ে ৰাৱণক তেওঁৰ বংশ পূৰ্বপুৰুষৰ কথা কয়। দাইবা নৰগোষ্ঠীৰ সাম্ৰাজ্য; কৈকেষীৰ পিতামহ সুকেশশিৱ পাৰ্বতীয়ে পালন কৰা; সুমালী, মালী আৰু মাল্যবানয়ে দেৱতাসকলৰ লগত কৰা যুদ্ধৰ কথা; ৰাৱণে কুবেৰৰ পৰা লংকা জয় কৰা আদি কাহিনী উপন্যাসখনত লেখকে বৰ্ণনা কৰিছে।

তথ্যসূত্ৰ সম্পাদনা কৰক