শোণিত কুঁৱৰী
শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট। এইখন জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত প্ৰথম পূৰ্ণাংগ নাট। ১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে। তেজপুৰৰ বাণ থিয়েটাৰত সৰ্বপ্ৰথম মঞ্চস্থ হোৱা এই নাটখনিত প্ৰথম বাৰৰ বাবে অসমীয়া লোকগীতৰ সুৰেৰে গীত-মাত আৰু লোকনৃত্যৰ আধাৰত নৃত্য পৰিৱেশন কৰা হৈছিল। এই নাটকখন শোণিতপুৰৰ বাণৰজাৰ জীয়ৰী ঊষা আৰু দ্বাৰকাৰ অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ ওপৰত ৰচিত।
শোণিত কুঁৱৰী | |
---|---|
ঊষা-অনিৰুদ্ধৰ বিবাহ | |
লিখক | জ্যোতিপ্ৰসাদ আগৰৱালা |
চৰিত্ৰসমূহ |
|
মূল ভাষা | অসমীয়া |
চিত্ৰ গ্ৰহনৰ সময় আৰু স্থান | শোণিতপুৰ |
পটভূমি
সম্পাদনা কৰকজ্যোতিপ্ৰসাদ আগৰৱালাই ১৯১৭ চনত মাত্ৰ চৈধ্য বছৰ বয়সত শোনিত কুঁৱৰী নাটখন লিখিছিল।[1] সেই সময়ত পৌৰাণিক আৰু বুৰঞ্জীমূলক নাট অসমৰ দৰ্শক-পাঠকসকলৰ মাজত অতি জনপ্ৰিয় আছিল। জ্যোতিপ্ৰসাদেও অসমৰ এক অতি পৌৰাণিক আখ্যানৰ আধাৰত তেওঁৰ প্ৰথম নাটখনি ৰচনা কৰে। কিন্তু পুৰণি আখ্যানসমূহৰ দৰে ইয়াত নাট্যকাৰৰ ঘাই উদ্দেশ্য হৰি হৰৰ যুদ্ধ বা কৃষ্ণৰ মাহাত্ম্য দেখুওৱাটো নহয়। বৰঞ্চ শোণিতকুঁৱৰী হৈছে ঊষা-অনিৰুদ্ধৰ প্ৰেম কাহিনীত ৰোমাণ্টিকতাৰ বোল সনা এক আধুনিক ৰোমাণ্টিক নাট। চিত্ৰলেখাক ইয়াত এগৰাকী ৰহস্যময় নাৰী হিচাপে দেখুওৱাৰ সলনি এগৰাকী চিত্ৰকুশলী মানৱ কন্যা হিচাপেহে দেখুওৱা হৈছে। তদুপৰি বিশদ মঞ্চ নিৰ্দেশনা, নাটকীয় সাজ-সজ্জাৰ বৰ্ণনা, আধুনিক নাটকৰ উপযোগীকৈ প্ৰাচীন অসমীয়া সংগীতৰ ব্যৱহাৰ, ভাৰতীয় মঞ্চত নিষিদ্ধ বুলি বিবেচিত চুম্বনৰ দৃশ্যৰ সূচনা আদি কাৰণত এই নাটকখনক এক অভিলেখী পদক্ষেপ বুলি ক'ব পাৰি।[2]
চৰিত্ৰসমূহ
সম্পাদনা কৰকশোণিত কুঁৱৰী নাটৰ চৰিত্ৰসমূহ হ'ল-
|
|
|
|
বাণ
সম্পাদনা কৰকবাণ ৰজাৰ চৰিত্ৰটি নাটকখনৰ মেৰুদণ্ড বুলিব পাৰি। বাণৰ সদৃশ বীৰ কামনা আৰু ঊষাৰ সদৃশ পতি কামনা, এই দুই কথাৰ সংঘাতেই হ'ল নাটকৰ মূল আখ্যান। উপযুক্ত প্ৰতিদ্বন্দ্বীৰ বাণৰ দম্ভ আৰু অভিমানেই বাণৰ চৰিত্ৰৰ বিশেষত্ব। বাণৰ নিচিনা অপৰাজেয় বীৰে তেওঁৰ পুত্ৰী ঊষাৰ বাবে উপযুক্ত বীৰ-যোদ্ধা বৰ বিচাৰি নাপাই পূৰ্নযৌৱনা ঊষাক সমাজ-সংসাৰৰ পৰা আঁতৰাই অগ্নিগড়ত সুমুৱাই থোৱাটো স্বাভাৱিক কথা। বাণ জাতত দানৱ আছিল যদিও তেওঁৰ হৃদয়ৰ বিতৰত লুকাই থকা মনুষ্যত্বৰ ওপৰত সত্য আৰু সুন্দৰৰ প্ৰভাৱ আছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত ঊষা-অনিৰুদ্ধক অলিংগনাৱদ্ধ দেখি তেওঁ কৈ উঠিছিল "কি সুন্দৰ!" কিন্তু পিছমুহূৰ্ততে অনিৰুদ্ধৰ হীনতা দেখি ক্ৰোধান্ধ হৈ অনিৰুদ্ধক নাগপাশেৰে বান্ধি ক্ৰোধ চৰিতাৰ্থ কৰে। আৰু অযোগ্য, অবীৰৰ সংগ লোৱা বাবে ঊষাৰ প্ৰতিও তেওঁ অভিমান কৰে।
অনিৰুদ্ধ
সম্পাদনা কৰকনাট্যকাৰৰ কল্পনাত অনিৰুদ্ধ চৰিত্ৰটিৰ হৃদয় যৌৱনৰ মায়া পৰশত প্ৰেমময় হৈ পৰিছে। যৌৱন বসন্তই অনিৰুদ্ধৰ শৰীৰ আৰু প্ৰানক অতুল সৌন্দৰ্যৰ অধিকাৰী কৰি তুলিছে। অনিৰুদ্ধই এক বস্তুৰ আকাংখ্যা কৰিছে যদিও তাৰ ৰূপ কি, মূৰ্তি কি সেই বিষয়ে সন্দিহান। সেই আকাংক্ষিতৰ অনুসৰণত মত্ত হৈ শেষত তাক হাতত পোৱা অনিৰুদ্ধৰ সাফল্য এক অনুপম সাহিত্য সম্পদ।
চিত্ৰলেখা
সম্পাদনা কৰকচিত্ৰলেখা এনে এক সুন্দৰী যাৰ মানৱীয হিয়া সুন্দৰৰ সংগীতৰ সাধনত চিৰ ব্যাকুল। চিত্ৰলেখাই মায়াজাল তৰি অনিৰুদ্ধক নিমিষতে বাস্তৱৰ পৰা কল্পনা দিব্য উপবনত উপনীত কৰে। চিত্ৰলেখাই ঊষা-অনিৰুদ্ধৰ যোগেদি অগ্নিগড়ৰ অভিমান ভেদ কৰে।
ঊষা
সম্পাদনা কৰকৰূপৰ মোহৰ পৰা চিৰন্তন দাম্পত্য প্ৰেমলৈ পৰিৱৰ্তনেই ঊষাৰ চৰিত্ৰৰ বিশেষত্ব।
শ্ৰীকৃষ্ণ
সম্পাদনা কৰকনাট্যকাৰে ইয়াত মোহন বংশী লোৱা কৃষ্ণক দেখুওৱা নাই বৰঞ্চ অনিৰুদ্ধৰ পিতামহ, ৰাষ্ট্ৰনীতিবিশাৰদ, কুটনীতিজ্ঞ ভগৱান শ্ৰীকৃষ্ণকহে দেখুৱাইছে।
ৰচনা-শৈলী
সম্পাদনা কৰকঊষা-অনিৰুদ্ধৰ প্ৰেম কাহিনী পুৰণি অসমীয়া সাহিত্যত গীতৰ আকাৰত পীতাম্বৰ কবিৰ ঊষা পৰিণয় আৰু কাব্যৰ আকাৰত চন্দ্ৰভাৰতীৰ কুমাৰ হৰণ পুথিত পোৱা যায়। পৌৰাণিক আখ্যানত বাণৰ বৰ্দ্ধিত বলদৰ্পই উপাস্য দেৱতা শংকৰকেই প্ৰতিযোদ্ধা ৰূপে কামনা কৰে। শংকৰেও প্ৰতিযোদ্ধা পাব বুলি বৰ দিয়ে কিন্তু এই যোদ্ধা যে ঊষাৰ পতি-কামনাৰ সফলতা স্বৰূপে আহে সিয়ে আখ্যানটোক প্ৰহেলিকাময় কৰে। কিন্তু শোণিত কুঁৱৰী নাটত সেই সংঘাতৰ পৰিৱৰ্তে ঊষা-অনিৰুদ্ধৰ প্ৰেম-কাহিনীতহে নাট্যকাৰে অধিক মনোনিবেশ কৰিছে। শোণিত কুঁৱৰী নাটকৰ এক বৈশিষ্ট্য হ'ল কাব্যধৰ্মিতা। কল্পনাৰ সুদূৰ প্ৰসাৰতা, প্ৰেমানুভূতিৰ কোমলতা, আৱেগমধুৰ ভাষাৰ লালিত্যৰে শোণিত কুঁৱৰী নাটৰ কাব্যিক আবেদনেৰে হৃদয় পৰশা। কাব্যিক আবেদনৰ দিশত শোণিত কুঁৱৰী নাটক পাশ্চাত্য কাব্য নাটকৰ সমপৰ্যায়ৰ হ’লেও পাশ্চাত্য কাব্য নাটকৰ প্ৰভাৱৰ পৰা ই মুক্ত।[3]
হৰিবংশত চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰোঁতে তামসীবিদ্যাৰ সহায় লয় আৰু ভাগৱতৰ মতে চিত্ৰলেখাই নাৰদৰ পৰা হৰলুকি মায়া শিকি এই মায়াৰ দ্বাৰাই অনিৰুদ্ধক হৰণ কৰে। জ্যোতিপ্ৰসাদে এই অলৌকিকতা পৰিহাৰ কৰি চিত্ৰলেখাক চিত্ৰবিক্ৰেতা বালকৰ ছদ্মবেশেৰে দ্বাৰকালৈ প্ৰেৰণ কৰিছে আৰু চিত্ৰলেখাই ঊষাৰ অপূৰ্ব চিত্ৰপটেৰে অনিৰুদ্ধৰ মন চঞ্চল কৰি, নৃত্য-গীতেৰে সন্মোহিত কৰি তেওঁক ঊষাৰ অগ্নিগড়ত গোপনে প্ৰৱেশ কৰাইছে আৰু ঊষা-অনিৰুদ্ধৰ গান্ধৰ্ব বিবাহ সম্পন্ন কৰাইছে। এইদৰে সমগ্ৰ দৃশ্যটো মঞ্চ উপযোগী হৈ উঠিছে। তদুপৰি শোণিত কুঁৱৰী নাটকত চৰিত্ৰৰ বৈশিষ্ট্য মন কৰিবলগীয়া। চৰিত্ৰবোৰে পুৰাণৰ অতিলৌকিক আৱেষ্টনীৰ পৰা ওলাই আহি সাধাৰণ মানুহৰ লগত মিলি গৈছে। নাটকৰ কাহিনীত বাধাৰ সৃষ্টি নোহোৱাকৈ নাটখনত ভগৱতী, ৰতি, মদন, স্বপ্নদেৱী আদি চৰিত্ৰবোৰক পুৰাণৰ অলৌকিকতাৰ বেষ্টনীৰ পৰা মুক্ত কৰি বাস্তৱসন্মত ৰূপে সজাই তোলা হৈছে। এয়া জ্যোতিপ্ৰসাদৰ মৌলিকতাৰ উৎকৃষ্ট নিদৰ্শন।[3]
গীত
সম্পাদনা কৰকজ্যোতিপ্ৰসাদৰ নাটবোৰৰ ভিতৰত শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰুপালীম নাটকেইখনত সন্নিবিষ্ট গীতৰ সংখ্যা অধিক আৰু প্ৰায়বোৰ গীতেই জনপ্ৰিয়। কিন্তু জ্যোতিপ্ৰসাদে এই গীতবোৰ সংশ্লিষ্ট নাটবোৰৰ বক্তব্যৰ তাগিদাত সংযোজন কৰিছে। প্ৰতিটো গীতৰ পৰিবেশনৰ বাবে ৰচনা কৰা হৈছে কিছুমান বিশেষ পটভূমি। দৰাচলতে জ্যোতিপ্ৰসাদে ল'ৰাকালিতে পদ্মধৰ চলিহাৰ পৰা অসমীয়া গীতৰ বিষয়ে অনুপ্ৰেৰণা পাইছিল। সেই সময়ত অসমীয়া সমাজত হিন্দুঃস্থানী সংগীতৰ প্ৰভাৱ বেছিকৈ পৰিছিল আৰু অসমীয়া চহৰীয়া সমাজত বৰগীত, বনগীত, বিহুগীত আদিৰ আদৰ কমকৈ হোৱা দেখা গৈছিল॥ কিন্তু শোণিত কুঁৱৰীৰ গীত আৰু সুৰে অসমীয়া সংগীত জগতলৈ এক নতুন যুগ আনে আৰু শিক্ষিত সমাজত বিহুগীত, আই নাম, দেহ-বিচাৰৰ গীত, টোকাৰী গীত, বনগীত আদিৰ বহুল প্ৰচলন হ'বলৈ ধৰে।[1] তেজপুৰৰ বাণ থিয়েটাৰত শোণিত কুঁৱৰী মঞ্চস্থ হোৱাৰ আগে আগে জ্যোতিপ্ৰসাদে আন অনুবাদ নাটক সমূহত অভিনয় কৰিছিল আৰু কলিকতাত সেই নাটকবোৰৰ অভিনয় চাই সুৰ সংগ্ৰহ কৰি আনিছিল। কিন্তু জাতীয় আবেগৰ সোঁতত তেওঁ গানসমূহত নিজে সুৰ দিয়াৰ কথা চিন্তা কৰে আৰু হিন্দুঃস্থানী সংগীতৰ সুৰৰ বাহিৰে অন্য সুৰৰ সন্ধান কৰে। এদিন শোণিত কুঁৱৰীৰ আখৰা কৰি উভতিবৰ সময়ত পিতৃ পৰমানন্দ আগৰৱালাই মাউথ অৰ্গেনত কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে পদটি শুনা পাই আৰু তেওঁৰ মনত নতুন গানসমূহত অসমীয়া গানৰ সুৰ দিয়াৰ কথা মনলৈ আহে। প্ৰথম তেওঁ গছে গছে পাতি দিলে গীতটি অসমীয়া নামৰ সুৰত গালে আৰু আন আন গীতসমূহো আইনাম, বিহুগীত আদিৰ সুৰত সকলোকে গাবলৈ দিয়ে। কিন্তু সকলোৱে তেওঁৰ গান শুনি ঠাট্টা-মস্কৰা কৰাত তেওঁ নতুন সুৰত গান নাগালে শোণিত কুঁৱৰী নাটকখন কাকো কৰিবলৈ নিদিয়ে বুলি অভিমান কৰে। পিছত অৱশ্যে প্ৰফুল্লচন্দ্ৰ বৰুৱাই গীতবোৰৰ প্ৰশ্ংসা কৰাত সেই সুৰে সকলোৰে মন আকৰ্ষণ কৰে। তাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অসম সাহিত্য সভাৰ সপ্তদশ বাৰ্ষিক ৰ্অধিৱেশন বহাত প্ৰফুল্লচন্দ্ৰ বৰুৱাই গছে গছে পাতি দিলে আৰু ৰূপহ কোঁৱৰৰ চুমা পৰশতে গান দুটা গাবলৈ ঠিক কৰে। প্ৰথমাৱস্থাত তেওঁ অপমানিত হ'ব বুলি লাজ কৰে যদিও পিছত সকলোৱে তেওঁৰ গীত আৰু সুৰৰ ভূয়সী প্ৰশংসা কৰে।[1]
নৃত্য
সম্পাদনা কৰকশোণিত কুঁৱৰী নাটখনৰ নৃত্যৰ মাজেৰে জ্যোতিপ্ৰসাদে অসমৰ বিহুনাচ আৰু কামৰূপী নাচক মঞ্চত তুলিবলৈ চেষ্টা কৰে। চিত্ৰলেখাৰ পদুমকলি নাচটি অসমীয়া বিহুনাচ আৰু ভাওনাৰ ভংগীৰ সমাৱেশ কৰি দেখুওৱা হৈছিল। কোনো কোনোৱে ইয়াক হনুমান নাচ বুলি সমালোচনা কৰিছিল। কিন্তু পিছলৈ শিক্ষিত সমাজে অসমীয়া লোকনৃত্যৰ মোল বুজা হয় আৰু ইয়াৰ প্ৰশংসা কৰে।
সমালোচনা
সম্পাদনা কৰকবাণীকান্ত কাকতিয়ে নাটখনৰ দৃশ্যসমূহৰ ক্ৰম সজ্জাত ত্ৰুটী হোৱা বুলি কৈছে। তেওঁৰ মতে ইয়াৰ ফলত নাটকখনৰ শেষৰছোৱা নিস্তেজ হৈ পৰিছে। তেওঁ আৰু কৈছে যে পিতৃৰ যোদ্ধাৰ কামনা আৰু দুহিতাৰ বৰৰ কামনা- এই দুইটা ভাৱ সমানে সজীৱ হৈ থকা নাই। শংকৰৰ বৰ লোৱাৰ পিছত ঊষা-অনিৰুদ্ধৰ প্ৰেম লীলাৰ শেহলৈকে বাণক আৰু দেখা নাযায়। ইয়ে দৰ্শকক আমনি দিয়ে। কিছুমান নাম অতি কবিত্বপূৰ্ণ। কোনো কোনো ক্ষেত্ৰত কিছুমান নিৰৰ্থক কথাৰ অৱতাৰনা কৰা হৈছে যিয়ে ঘটনাক্ৰমৰ চলনত বাধা দিছে। শোণিত কুঁৱৰী নাটখন নাট্যকাৰে চেমনীয়া অৱস্থাত লিখা হ'লেও ই গতানুগতিক আখ্যানমূলক নাট অথবা কবিতাতকৈ সুকীয়া বুলি কোৱা হৈছে।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 জ্যোতিপ্ৰসাদ আগৰৱালা (২০০৪). [জ্যোতিপ্ৰসাদৰ নাটক দ্বিতীয় তাঙৰণৰ পাতনি]. অসম প্ৰকাশন পৰিষদ. জ্যোতিপ্ৰসাদৰ নাটক.
- ↑ উমেশ চন্দ্ৰ বৰুৱা (২০০৪). জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪০১.
- ↑ 3.0 3.1 লক্ষেশ্বৰ হাজৰিকা (January 14, 2013). "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ‘শোণিত কুঁৱৰী’ নাটৰ এটি চমু বিশ্লেষণ". সহায়ক গ্ৰন্থঃ- জ্যোতি মনীষা – ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱা. xahitya.org. http://www.xahitya.org/2013/01/14/%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%95%E0%A7%8B%E0%A6%81%E0%A7%B1%E0%A7%B0-%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%A4%E0%A6%BF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%A6-%E0%A6%86%E0%A6%97/। আহৰণ কৰা হৈছে: 13 April 2020.[সংযোগবিহীন উৎস]
- ↑ ড॰ পোণা মহন্ত (২০০৪). "জ্যোতিপ্ৰসাদৰ নাটক সমাজ-সচেতনতা". জ্যোতিপ্ৰসাদৰ নাটক. অসম প্ৰকাশন পৰিষদ.
ৱিকিউৎসত শোণিত কুঁৱৰী বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |