দীপিকা চিখলিয়া

ভাৰতীয় অভিনেত্ৰী

দীপিকা চিখলিয়া টোপীৱালা (ইংৰাজী: Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত[1] আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।

দীপিকা চিখলিয়া টোপীৱালা
Member of parliament, Lok Sabha
কাৰ্যকাল
১৯৯১ – ১৯৯৬
পূৰ্বসূৰী Prakash Brahmbhatt
উত্তৰসূৰী Satyajitsinh Gaekwad
সমষ্টি বৰোডা
ব্যক্তিগত তথ্য
জন্ম
দীপ্তি চিখলিয়া

২৯ এপ্ৰিল, ১৯৬৫ (৫৮ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী হেমন্ত টোপীৱালা
পেচা
  • অভিনেত্ৰী
  • ৰাজনীতি

তেওঁৰ প্ৰথম চলচ্চিত্ৰ ৰাজ কাপুৰৰ সৈতে “সুন মেৰী লেলা” (১৯৮৩) আৰু ৰাজেশ খান্নাৰ সৈতে কৰা তিনিখন চলচ্চিত্ৰ ক্ৰমে- ৰুপায় দস কৰোৰ, ঘৰ কা চিৰাগ আৰু খুডাই ৰ বাবে তেওঁক জনা যায়।[2] তেওঁ মাম্মোট্টীৰ সৈতে মালয়ালম ছবি "ইথিলে ইনিয়ুম ভাৰু (১৯৮৬) -ত অভিনয় কৰিছিল, লগতে তেওঁৰ কন্নড় হিট চলচ্চিত্ৰ আছিল শংকৰ নাগৰ সৈতে হসা জীৱন (১৯৯০) আৰু অমবাসীশ ৰ সৈতে ইন্দ্ৰজিৎ (১৯৮৯)। তেওঁ প্ৰভুৰ সৈতে তামিল হিট ছবি “নংগল” (১৯৯২) আৰু বঙালী হিট ছবি আশা অ’ ভালোবাসাপ্ৰসেনজীত চেটাৰ্জীৰ সৈতে অভিনয় কৰিছিল। তেওঁ গুজৰাটী চুপাৰষ্টাৰ নৰেশ কানোদিয়াৰ সৈতে “জোড়ে ৰহেজো ৰাজ” আৰু “লাজু লখন”ৰ দৰে গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

চিখলিয়াই মুম্বাইৰ উপনগৰ পালী হিল অঞ্চলৰ বান্দ্ৰাত ডাঙৰ-দীঘল হৈছিল।

তেওঁ Shingar Bindi আৰু Toes cosmetics -ৰ মালিক[3] হেমন্ত টোপীৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[4] তেওঁৰ সন্তান দুগৰাকীৰ নাম হৈছে- নিধি আৰু জুহি টোপীৱালা।[5]

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ ভাষা চৰিত্ৰ টোকা
১৯৮৩ সুন মেৰী লেলা (Sun Meri Laila) হিন্দী
১৯৮৫ পাত্থাৰ (Paththar) হিন্দী
১৯৮৬ চেখ (Cheekh) হিন্দী
১৯৮৬ ভগৱান দাদা হিন্দী শান্তি
১৯৮৬ ঘৰ সংসাৰ হিন্দী
১৯৮৬ ইথিলে ইনিয়ুম ভাৰু মালয়ালম প্ৰিয়া
১৯৮৭ ৰাত কে আন্ধেৰে মে (Raat Ke Andhere Mein) হিন্দী চেক্সী ৰচী
১৯৮৭ চাজানৱা বৈৰি ভৈলে হামাৰ (Sajanwa Bairi Bhaile Hamar) ভোজপুৰী
১৯৮৯ ইন্দ্ৰজিৎ কন্নড় ঊষা
১৯৮৯ ঘৰ কা চিৰাগ হিন্দী আশা
১৯৮৯ আশা অ’ ভালোবাসা বঙালী ৰূপা
১৯৮৯ য়ামাপাচাম (Yamapasam) তেলেগু
১৯৯০ হসা জীৱন কন্নড় শংকৰ নাগৰ পত্নী সীতা
১৯৯০ পেৰিয়া ইদাথু পিল্লাই তামিল
১৯৯১ কাল চক্ৰ (Kaala Chakra) কন্নড়
১৯৯১ ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰ তেলেগু
১৯৯১ ৰুপায় দস কৰোৰ হিন্দী ৰবীৰ চেক্ৰেটাৰী/হস্তিানপুৰৰ ৰাণী
১৯৯২ নাঙাল তামিল
১৯৯৪ মায়োৰ প্ৰভাকৰ (Mayor Prabhakar) কন্নড়
১৯৯৪ খুডাই হিন্দী পদ্মিনী ৰাজ আনন্দ
১৯৮৯ জোড়ে ৰহেজো ৰাজ (Jode Rahejo Raj) গুজৰাটী
১৯৯২ লাজু লখন (Laju Lakhan) গুজৰাটী
২০১৮ গালিব হিন্দী
২০১৮ নটসম্ৰাট (Natsamrat) গুজৰাট
২০১৯ বালা হিন্দী সুশীলা মিশ্ৰা (পৰীৰ মাক)

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক