নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য

নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য

সম্পাদনা কৰক

নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্যনাথ গোস্বামী । মুঠ বাৰটা অধ্যায়ত বিভক্ত বৃহৎ কলেবৰৰ গ্ৰন্থখনে অসমীয়া সাহিত্যত সততে নোপোৱা এক বিষয় নন্দনতত্ত্বৰ বিষয়ে পুংশানুপুংশকৈ আলোচনা কৰিছে।

গ্ৰন্থখনৰ অধ্যায়সমূহ এনেধৰণৰ:-

প্ৰথম অধ্যায়: প্রাচীন গ্রীক আৰু ৰোমান নন্দনতাত্বিক লেখকৰ আদর্শ, প্লেটো, এৰিষ্টটল, হোৰেছ, লংগিনায়, নব্য-প্লেটোনিক দৃষ্টিভংগী, প্লটিনাছ

দ্বিতীয় অধ্যায়: মধ্যযুগ আৰু ষোড়শ, সপ্তদশ আৰু অষ্টাদশ শতাব্দীত নন্দনতাত্ত্বিক ভাবাদর্শ, ছাৰ ফিলিপ্ ছিদানি, ৰেণে ডেকার্ট, বেন জনছন, দ্ৰাইদেন, জন লক, এদিছন, আর্ল অব্ ছেপাটিংটিছবাৰী, এডমাণ্ড বার্ক

তৃতীয় অধ্যায়: সপ্তদশ, অষ্টাদশ আৰু উনবিংশ শতিকাৰ জাৰ্মান লেখকসকল লাইৱনিজ, বম্গার্টেন, ইমানুৱেল কান্ট, শ্বিলাৰ, শ্বেলিং, হেগেল, শ্বোপেন-হোৱাৰ, জন ফ্রেদাৰিক হার্বাট

চতুর্থ অধ্যায়: ইংলণ্ড, ফ্রান্স, জার্মেনী, আমেৰিকা আৰু ৰুচ দেশৰ নন্দনতাত্ত্বিক লেখকসকল- ওৱার্ডছওৱার্থ, কোলেৰিজ, পি. বি. শ্বেলী, মেথু আর্নোল্ড, জন ৰাস্কিন, হিপোলাইট্ টেইন, মার্কছ্ আৰু এংগেলছ, এডগাৰ এলান পো, ওৱাল্টাৰ পেটাৰ, কলাকৈবল্যবাদ, টলস্টয়, ফ্রেডাবিক নীট্ছে

পঞ্চম অধ্যায়: বিংশ শতিকাৰ প্ৰথমার্ধৰ নন্দনতাত্ত্বিক লেখকসকল বেনেদেটো ক্রোচে, এ. চি. ব্রেড্লি, ছিগমাণ্ড ফ্রয়দ, কার্ল গুষ্টভ ইয়ুঙ, আ. এ. ৰিছার্ডছ, উইলিয়াম এম্পছন, হেনৰী বাৰ্গছ, জন দিউবী, টি. এছ. ইলিয়ট

ষষ্ঠ অধ্যায়: মধ্য-বিংশ শতিকাৰ চিন্তানায়কসকল- জ্যা পল ছাট্টে, এলবার্ট কেমু, থিয়োদৰ মেয়াৰ গ্রীন, লুই আর্নল্ড ৰীড

সপ্তম অধ্যায়: প্রাচ্য নন্দনতাত্ত্বিক আলোচনা- ভৰত আৰু তেওঁৰ টীকাকাৰসকল, ভট্টলোল্লট, শ্রীশংকুক, ভট্টনায়ক, অভিনব গুপ্ত

অষ্টম অধ্যায়: কাব্যবিচাৰৰ তত্ত্ব, অলংকাৰবাদ, গুণৰীতিবাদ

নবম অধ্যায়: ৰসতত্ত্ব, ৰসসংখ্যা, ৰসাভাস আৰু ভাবাভাস, ৰসবিৰোধ

দশম অধ্যায়: ধ্বনি, ধ্বনি আৰু অনুমান

একাদশ অধ্যায়: বক্রোক্তি, ঔচিত্য-তত্ত্ব

দ্বাদশ অধ্যায়: প্রাচ্য-পাশ্চাত্য চিন্তানায়কসকলৰ কেইটামান প্রত্যয়ৰ সাদৃশ্য-বৈসাদৃশ্যৰ চমু আলোচনা, কল্পনা আৰু প্ৰেৰণা, কথাবস্তু আৰু ৰূপ, নন্দনতাত্ত্বিক অভিজ্ঞতা, আর্ট আৰু অনুভূতি।

গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৪২৩। দামঃ ৪৫০ টকা। প্ৰকাশক বাণী প্ৰকাশন।