প্ৰাগ চিনে বঁটা ২০১৪
প্ৰাগ চিনে বঁটা, ২০১৪ (ইংৰাজী: Prag Cine Awards) মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে।[1][2][3] অভিনেতা কপিল বৰা আৰু জেৰিফা ৱাহিদ দুয়োয়ে এই অনিষ্ঠানৰ আঁত ধৰে।[4] নাট্যকাৰ অৰুণ শৰ্মা, কানাড়া চলচ্চিত্ৰ পৰিচালক নাগাথাহাল্লি চন্দ্ৰশেখৰ (ইংৰাজী: Nagathihalli Chandrashekhar) আৰু বলিউডৰ অভিনেত্ৰী মহিমা চৌধুৰীয়ে অনুষ্ঠানটো উদ্বোধন কৰে।[5]
প্ৰাগ চিনে বঁটা ২০১৪ | |
---|---|
দিনাংক | ২২ মাৰ্চ, ২০১৪ |
স্থান | এন জি ভি ইণ্ডোৰ ষ্টেডিয়াম, বেংগালুৰু |
আঁত ধৰোঁতা | কপিল বৰা জেৰিফা ৱাহিদ |
আয়োজক | প্ৰাগ চেনেল Assam Society of Bangalore |
মূল তথ্য | |
শ্ৰেষ্ঠ চলচ্চিত্ৰ | অজেয় |
শ্ৰেষ্ঠ পৰিচালক | যদুমণি দত্ত পানী |
শ্ৰেষ্ঠ অভিনেতা | আদিল হুছেইন ৰাগ - দ্য ৰিদম অৱ লাভ |
শ্ৰেষ্ঠা অভিনেত্ৰী | জয়া শীল শৃংখল |
সৰ্বাধিক বিজয় | চিঞৰ (৬) |
সৰ্বাধিক মনোনয়ন | ৰাগ - দ্য ৰিদম অৱ লাভ (১২) |
অসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। ৰাগ - দ্য ৰিদম অৱ লাভত কৰা অভিনয়ৰ বাবে আদিল হুছেইনক শ্ৰেষ্ঠ অভিনেতা আৰু শৃংখলত কৰা অভিনয়ৰ বাবে জয়া শীলক শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। জাহ্নু বৰুৱাৰ অজেয় বোলছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।[3]
মনোনয়ন আৰু বঁটা
সম্পাদনা কৰক২০০৪ চনৰ ৩ মাৰ্চৰ দিনা প্ৰাগ চিনে বঁটা ২০১৪ৰ মনোনয়ন লাভ কৰা চলচ্চিত্ৰ সমূহৰ নাম ঘোষণা কৰা হৈছিল। এই অনুষ্ঠানত অসমত নিৰ্মাণ হোৱা অসমীয়া ভাষাৰ লগতে আন ভাষাৰ চলচ্চিত্ৰৰ মুঠ ২৩ টা বিভাগত বঁটা প্ৰদান কৰা হয়। ৰজনী বসুমতাৰীৰ ৰাগ বোলছবিখনে মুঠ ১২ টা শাখাত, জাহ্নু বৰুৱাৰ অজেয় আৰু কংকন ৰাজখোৱাৰ চিঞৰ বোলছবিখনে ১১ টা শাখাত মনোনয়ন লাভ কৰিছিল।[6][7][8]
বঁটা
সম্পাদনা কৰকবঁটা লাভ কৰা সকলৰ নাম প্ৰথমতে আৰু ডাঙৰ আখৰেৰে লিখা হৈছে।[3]
শ্ৰেষ্ঠ চলচ্চিত্ৰ | শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক |
---|---|
| |
শ্ৰেষ্ঠ অভিনেতা | শ্ৰেষ্ঠ অভিনেত্ৰী |
|
|
শ্ৰেষ্ঠ সহঃ অভিনেতা | শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী |
|
|
শ্ৰেষ্ঠ সংগীত | শ্ৰেষ্ঠ গীতিকাৰ |
|
|
শ্ৰেষ্ঠ নেপথ্য গায়ক | শ্ৰেষ্ঠ নেপথ্য গায়িকা |
|
|
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী | শ্ৰেষ্ঠ সম্পাদক |
|
|
শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ | শ্ৰেষ্ঠ নৃত্য নিৰ্দেশক |
|
|
শ্ৰেষ্ঠ শব্দযন্ত্ৰী | শ্ৰেষ্ঠ কলা নিৰ্দেশক |
|
|
শ্ৰেষ্ঠ মেক-আপ শিল্পী | শ্ৰেষ্ঠ সাজ-সজ্জা |
|
|
শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ | শ্ৰেষ্ঠ চলচ্চিত্ৰ (অন্য ভাষা) |
|
|
জীৱনজোৰা কৃতিত্ব বঁটা
সম্পাদনা কৰকঅসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়।[3]
অন্যান্য বঁটা
সম্পাদনা কৰক- চিনেমাৰ বিষয়ে শ্ৰেষ্ঠ লেখা: ফাৰহানা আহমেদ
- বিচাৰকৰ বিশেষ উল্লেখ: কেনী বসুমতাৰী – লোকেল কুংফু
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "City to host Prag Cine Awards". The Hindu (Bangalore). 22 January 2014. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/city-to-host-prag-cine-awards/article5603991.ece। আহৰণ কৰা হৈছে: 26 March 2014.
- ↑ "Prag Cine Awards 2014: Talents from Assamese Cinema to be Felicitated; Big Names from Bollywood Expected to Attend". International Business Times. 18 March 2014. Archived from the original on 26 March 2014. https://web.archive.org/web/20140326141202/http://ca.ibtimes.com/articles/543846/20140318/prag-cine-awards-2014-assame-cinema-bollywood.htm। আহৰণ কৰা হৈছে: 24 March 2014.
- ↑ 3.0 3.1 3.2 3.3 "Prag Cine Awards presented". The Assam Tribune (Guwahati). 24 March 2014. Archived from the original on 26 March 2014. https://web.archive.org/web/20140326133948/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar2414%2Fcity05। আহৰণ কৰা হৈছে: 24 March 2014.
- ↑ "Prag Cine Awards presentation at Bengaluru". The Assam Tribune (Guwahati). 18 March 2014. Archived from the original on 26 March 2014. https://web.archive.org/web/20140326133247/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1814/city06। আহৰণ কৰা হৈছে: 24 March 2014.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-03-24. https://web.archive.org/web/20140324095457/http://www.assamportal.com/prag-cine-awards-2014-list-winners/। আহৰণ কৰা হৈছে: 2014-03-26.
- ↑ "Nominations for Prag Cine Award". The Assam Tribune (Guwahati). 4 March 2014. Archived from the original on 15 March 2014. https://web.archive.org/web/20140315231108/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0414%2Fcity05। আহৰণ কৰা হৈছে: 24 March 2014.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-03-06. https://web.archive.org/web/20140306023134/http://www.assamportal.com/prag-cine-award-2014-nominations। আহৰণ কৰা হৈছে: 2014-03-25.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-03-20. https://web.archive.org/web/20140320175318/http://creativica.in/index.php/component/k2/69/nominations-of-prag-cine-award-2014। আহৰণ কৰা হৈছে: 2014-03-25.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Prag Cine Award 2014 and its Nominations Archived 2014-03-06 at the Wayback Machine, Assam Online Portal, Published on 3 March 2014
- Nominations of Prag Cine Award 2014 Archived 2014-03-20 at the Wayback Machine, www.creativica.in, Published on 1st March 2014