বাঁহ-গোসাঁই উৎসৱ অসমৰ এটা জনজাতীয় জনগোষ্ঠী শৰণীয়া কছাৰী লোকসকলৰ এক কৃষিমূলক লোক-উৎসৱ।

অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকলে এই উৎসৱ বাৰ্ষিকভাৱে অনুষ্ঠিত কৰি আহিছে।

বাঁহ-গোসাঁই উৎসৱ ব'হাগ মাহত আয়োজন কৰা হয়। শৰণীয়া কছাৰীসকলৰ জীৱনধাৰা কৃষিকৰ্ম আৰু লোকশিল্পকলাৰ সৈতে জড়িত। কছাৰীমূলীয় এই জনগোষ্ঠীটোৱে জনজাতীয় ধৰ্মীয় পৰম্পৰা এৰি প্ৰথমে বৈদিক বামুণীয়া পৰম্পৰা আৰু পোন্ধৰ-ষোল শতিকাত শংকৰী ধৰ্মীয় পৰম্পৰা গ্ৰহণ কৰি শৰণীয়া পৰিচিতি লাভ কৰাৰ পাছতো তেওঁলোকৰ লোকজীৱনৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা অব্যাহত থাকিল। মূলতঃ বড়ো, কোচ, ৰাভা, মদাহি আদি জনগোষ্ঠীৰ জীৱনধাৰাৰ সৈতে সম্পৰ্কিত শৰণীয়া কছাৰীসকলে যি সাংস্কৃতিক পৰম্পৰা পালন কৰে তাত কৃষি আৰু ঘৰুৱা শিল্পকৰ্মৰ সৈতে বাঁহে গুৰুত্ব লাভ কৰি আহিছে। সেয়ে শৰণীয়া কছাৰী বিহুৰ বিভিন্ন পৰম্পৰা আৰু পৰিবেশন পদ্ধতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ উপৰিও বাঁহক মুখ্যস্থান দি ধৰ্মীয় পৰম্পৰাভিত্তিক বাঁহ-গোসাঁই উৎসৱ পালন কৰি আহিছে।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰঙালী বিহুৰ পৰম্পৰা আৰু বাঁহ-গোসাঁই উৎসৱ, ইছমাইল হোছেইন, (প্ৰান্তিক-৩২শ বছৰ ১০ম সংখ্যা ১৬-৩০ এপ্ৰিল/২০১৩)