বাঘে টাপুৰ ৰাতি (গল্প সংকলন)
বাঘে টাপুৰ ৰাতি হৈছে গল্পকাৰ অপূৰ্ব শৰ্মাৰ এক গল্প সংকলন। ১৯৯৬ চনৰ জুলাই মাহত ষ্টুডেণ্টচ্ ষ্ট'ৰচৰ দ্বাৰা প্ৰকাশিত এই গল্প সংকলনখনত সাতটা গল্প সন্নিৱিষ্ট কৰা হৈছে। বাঘে টাপুৰ ৰাতি হ'ল অপূৰ্ব শৰ্মাৰ তৃতীয়খন গল্প সংকলন। ২০০০ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিৰ ২০২১ চনত বান্ধৱ প্ৰকাশনে নতুন সংস্কৰণ প্ৰকাশ কৰে।
বাঘে টাপুৰ ৰাতি | |
---|---|
গ্ৰন্থখনৰ বান্ধৱ সংস্কৰণৰ বেটুপাত | |
লেখক | অপূৰ্ব শৰ্মা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গল্প-সংকলন |
প্ৰকাশ | ১৯৯৬, প্ৰথম প্ৰকাশ (প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১৪৩ |
পূৰ্বৱৰ্তী | শুভবাৰ্তা |
পৰৱৰ্তী | নাগৰিক |
গল্পকাৰৰ চমু পৰিচয়
সম্পাদনা কৰক১৯৪৩ চনত জন্ম লাভ কৰা অপূৰ্ব শৰ্মা অসমৰ এজন গল্পকাৰ আৰু চলচ্চিত্ৰ সমালোচক। তেখেতৰ বাঘে টাপুৰ ৰাতি, এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম, নাগৰিক, শীতৰ বতাহ আৰু বৰষুণ (অক্টোবৰ, ২০২১) আদি উল্লেখযোগ্য গল্প-সংকলন। "বাঘে টাপুৰ ৰাতি" গ্ৰন্থখনৰ বাবে তেখেতে ২০০০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। এগৰাকী কীৰ্তিমান চলচ্চিত্ৰ সমালোচক হিচাপেও পৰিচিত অপূৰ্ব শৰ্মাই অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ গ্ৰন্থৰ বঁটা লাভ কৰে।
গল্পসমূহ
সম্পাদনা কৰক- হলধৰ
- শইচৰ বতৰ
- অসামাজিক
- হঠাত্, নদীৰ ঢল
- সৎকাৰ
- বাঘে টাপুৰ ৰাতি
- সন্ধিৰামৰ ৰাজনীতি
গল্পৰ বিষয়বস্তু
সম্পাদনা কৰকঅপূৰ্ব শৰ্মাৰ আগৰ গল্প সমূহত নগৰ কেন্দ্ৰিক চেতনা স্পষ্ট হ'লেও বাঘে টাপুৰ ৰাতিত গ্ৰাম্য সৰল-কুটিল জীৱন উদ্ভাসিত হৈছে।[1] লেখকে কাহিনীবোৰক দুটা থূলত ভগাইছে। প্ৰথম থূলত ছটা গল্প আছে য'ত কাহিনীৰ বিষয়বস্তুৰ অন্তৰ্লীন সংগতি, সংক্ৰমণ আৰু বিকাশ দেখা যায়। বেলেগ বেলেগ কাহিনীত সুকীয়া পৰিস্থিতি আৰু বেলেগ বেলেগ চৰিত্ৰৰ প্ৰতিক্ৰিয়াৰ মাজেৰে একেটা থিমৰে পুনৰুৎপাদন ঘটিছে। এই থূলত সন্নিৱিষ্ট কাহিনী সমূহ হ'ল হলধৰ, শইচৰ বতৰ, অসামাজিক, হঠাত্, নদীৰ ঢল, সৎকাৰ আৰু বাঘে টাপুৰ ৰাতি। সপ্তম গল্প সন্ধিৰামৰ ৰাজনীতি অকলেই এটা থূল য'ত এক পাতল, ব্যংগাত্মক ভংগী আৰু এক সৰলীকৃত গঢ় দেখা গৈছে।[2]
আলোচনা আৰু মন্তব্য
সম্পাদনা কৰকসমালোচক প্ৰভাত বৰাই লিখিছে
"'বাঘে টাপুৰ ৰাতি' কাহিনীটোত ব্যৱহৃত আন এটা ‘মেটাফৰ' হ'ল জীৱনৰ শুঢ় ৰহস্যৰ ‘মেটাফ' দক্ষিণ পাৰ। এই অজান্তি মুলুকৰ ৰহস্যময় আহ্বানৰ প্ৰতি সঁহাৰিজনক আত্মসমৰ্পণৰ মাজত জীৱনৰ সংজ্ঞা নিৰূপিত কৰিব বিচৰা এধানহঁতৰ নিচিনা চৰিত্ৰবোৰৰ আৰ্কিটাইপ (archetype) হ'ল বাইবেলৰ জৌব্ (Job) চৰিত্ৰটো। এধানহঁতৰ নাগৰিক প্ৰতিৰূপ অৰূপ-অখিল-জ্যোতিষহঁতকে আৰ্কিটাইপ গ্ৰীক পুৰা-কথাৰ প্ৰমিথ্যুঁজ (Prometheus) নহয়, বাইবেলৰ জৌব্হে সিহঁতৰ আৰ্কিটাইপ। গ্ৰাম্য জীৱনৰ পটভূমিত লেখকৰ শৈশৱৰ পুনৰাৱিষ্কাৰ প্ৰৱণতাই আমাক আধুনিক ইউৰোপীয় সাহিত্য-আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত লাতিন আমেৰিকাৰ লেখকসকলৰ অনুশীলিত 'নেটিভিজম' (nativism)ৰ কথা মনত পেলাই দিয়ে। 'বাঘে টাপুৰ ৰাতি'ৰ কেইটামান কাহিনীত লেখকৰ স্মৃতিপটত উদ্ভাসিত হোৱা শৈশৱৰ জগতখনত কুহকী বাস্তৱবাদ (magic realism)ৰ ছয়াময়া ৰূপ এটাও অনুভূত হয়। তাৎপৰ্যপূৰ্ণভাৱে বৰ্হেছে (Borges) তেওঁৰ গল্পবোৰক ‘ficcion' বুলিহে আখ্যা দিয়াৰ দৰে অপূৰ্ব শৰ্মায়ো 'বাঘে টাপুৰ ৰাতি'ত 'গল্প'ৰ সলনি 'কাহিনী' শব্দটো ব্যৱহাৰ কৰিছে।"[1]
সমালোচক গীতাশ্ৰী তামুলীয়ে লিখিছে
"কাহিনীৰ নিৰ্বাচন আৰু সজ্জাৰ ক্ষেত্ৰত বাঘে টাপুৰ ৰাতিত এটা সচেতন আৰ্হি থকা যেন লাগে। সংকলনখন দেখাত সাতটা সুকীয়া কাহিনীৰ সমষ্টি যদিও গোটেই কিতাপখন সাতটা কাহিনীৰ যোগফলতকৈ কিঞ্চিৎ বেছি। ......যিখন সমাজক কেন্দ্ৰ কৰি লেখকে কাহিনীবোৰ নিৰ্মাণ কৰিছে আৰু সেইবোৰৰ মাজেদি যিখন সমাজৰ পুনৰুজ্জীৱন ঘটাইছে; সেই সমাজত বাস কৰা বগীকেঁৰী, মিস্ত্ৰিয়নী আদি নাৰীসকলেই কাহিনীবোৰৰ উৎস তথা প্ৰেৰণা। কথক আৰু শ্ৰোতাৰ উমৈহতীয়া সঁহাৰিৰ মাজেদিহে পৰম্পৰাগত সমাজৰ কাহিনীকথন এক জীৱন্ত অনুষ্ঠানলৈ ৰূপান্তৰ হয়। বাঘে টাপুৰ ৰাতিৰ লেখকে পাঠকৰ স্বতন্ত্ৰ অস্তিত্বৰ স্বীকৃতি দিছে।"[2]
অভিযোজন
সম্পাদনা কৰকহলধৰ গল্পটিৰ আধাৰত ১৯৯৩ চনত একে নামৰ এখন (চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় যাৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী আৰু অজান বৰুৱাই আৰু ছবিৰ পৰিচালনা কৰিছিল সঞ্জীৱ হাজৰিকাই।
১৯৯২ত অনুষ্ঠিত হোৱা ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হলধৰে শ্ৰেষ্ঠ 'পৰিচালকৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল। বঁটা স্বৰূপে প্ৰযোজকদ্বয় গীতি বৰুৱা আৰু দ্বিজেন হাজৰিকালৈ স্বৰ্ণকমল আৰু নগদ ২৫,০০০টকা আগবঢ়োৱা হৈছিল। একেই পৰিমাণৰ ধন আৰু স্বৰ্ণকমল পৰিচালক সঞ্জীৱ হাজৰিকালৈও আগবঢ়োৱা হৈছিল।[3]