এইটো পৃষ্ঠাতে শৰাইঘাটৰ যুদ্ধ বুলি এটা মূল শিতান ৰাখি থোৱা ভাল হ'ব যেন পাওঁ।

সম্পাদনা সম্পাদনা কৰক

এই প্ৰৱন্ধটোৰ কথাখিনি কোনে আঁতৰাই দিছে ? এনে কৰিলে অনুগ্ৰহ কৰি "আলোচনা"ত কাৰণ উল্লেখ কৰক |

অনুবাদ সম্পাদনা কৰক

উৎস তথ্য় সহ ইংৰাজীৰ পৰা ইতিমধ্য়ে অনুবাদ কৰা হৈছে। পৰৱৰ্তি অনুবাদ পিছত কৰা হব। ধন্য়বাদ। --Namdang123 (talk) 17:35, 8 March 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

টাই শব্দ সম্পাদনা কৰক

প্ৰবন্ধটোৰ পৰা অপ্ৰয়োজনীয় টাই শব্দবোৰ আঁতৰ কৰা হল যাতে সৰ্বসাধাৰণ লোকে প্ৰবন্ধটো পঢ়ি বুজিব পাৰে। ৱিকিপিডিয়া কোনো গবেষণা পত্ৰিকা নহয় যে কেৱল গবেষকসকলেহে পঢ়িব। ৱিকি সকলোৱে পঢ়িব পৰাকৈ সৰল হোৱা উচিত। ~ দিব্য দত্ত (বাৰ্তা) 19:18, 15 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

সমৰ্থন জনালোঁ। --চন্দন চিৰিং ফুকন ✉️ 00:10, 16 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
সমৰ্থন জনালোঁ। --Nayan j Nath (বাৰ্তা) 04:03, 16 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
ৱিকিপিডিয়াৰ ভাষা কেবল সৰলেই নহয়, লগতে নামবাচক শব্দবোৰৰ ক্ষেত্ৰতো বহুলভাবে প্ৰচলিত ৰূপটো অনুসৰণ কৰা উচিত। বাবুল বৈশ্য (বাৰ্তা) 04:16, 16 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
নামবাচক শব্দসমূহ আঁতৰাব নালাগে। নামবাচক শব্দ সমুহ বুজাৰ বাবে দিয়া নহয়। সেই শব্দসমূহক বেকা কৰি লিখি দিলে কাৰো বুজাত অসুবিধা নহয়। নামবাচক শব্দসমুহ সৰলীকৃত কৰিবলৈ গলে লাচিত বৰফুকনৰ নামো সপ্তম সন্তান সেনাপতি কৰিব লাগিব আৰু তেওঁৰ পুত্ৰ-পৰিয়ালৰ নামো আঁতৰাব লাগিব। ইংৰাজী ৱিকিপিডিয়াতো অইন ভাষাৰ নামবাচক শব্দসমুহ হেলনীয়া কৰি লিখা হয়। উদাহৰণ: Shen (Chinese religion) KZ 07:09, 16 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
লাচিত এটা অসমীয়া শব্দ। তাৰ মূল “লা-চিত” হ’ব পাৰে, কিন্তু তেঁওৰ নাম লাচিত আছিল, গতিকে ৱিকিত লাচিত ব্যৱহাৰ কৰা উচিত। কোনো এঠাইত এবাৰ ব্ৰেকেটৰ ভিতৰত (লা-চিত) বুলি লিখিব পাৰি, কিন্তু বাৰে বাৰে লা-চিত, লা-চিত লিখি থকাৰ কোনো যুক্তি নাই। সেইদৰে বৰফুকন (ফুকনলুং) এবাৰ লিখিব পাৰি, বাৰে বাৰে সকলো ঠাইতে ফুকনলুং, চাও, নাং, আদি লিখি থকাৰ প্ৰয়োজন নাই। দিব্য দত্ত (বাৰ্তা) 14:48, 16 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

লাচিত বৰফুকনৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা সম্পাদনা কৰক

লাচিত বৰফুকনৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা। তেওঁ লান ফিমা বংশৰ আছিল। লাচিত বৰফুকনৰ ভাতৃসকল হ'ল লালুকসোলা বৰফুকন, ভাৰধৰা বৰফুকন, মৰঙ্গী বৰবৰুৱা, লাও আৰু দতুকাৰীয়া আৰু দুই ভগ্নীৰ নাম অহল্যা গাভৰু আৰু পাখৰী গাভৰু। RexAnupam (বাৰ্তা) 14:50, 12 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

@RexAnupam বুৰঞ্জীত বহু কেইজন লাচিতৰ বিষয়ে লিখা আছে। এই উৎস অনুসৰি মোমাই তামূলীৰ পুতেক লাচিত আৰু লাচিত বৰফুকন দুইজন বেলেগ। দ্বিমত থাকিলেও WP:AGE MATTERS অনুসৰী আমি উৎস হিচাপে টাই আহোম উন্নয়ণ পৰিষদৰ দ্বাৰা যোগুটোৱা এই তথ্যক প্ৰাধান্য দিছোঁ যিহেতু তেঁওলোকে কেইবাখনো পুৰণি বুৰঞ্জীৰ ওপৰত অধ্যয়ন কৰি এই তথ্য প্ৰকাশ কৰিছিল। KHI-LAN-TZI 15:56, 12 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

লাচিত নামৰ কেইবাজনো ব্যক্তি থকাটো সত্য, কিন্তু শৰাইঘাটৰ যুদ্ধৰ সেনাপতি লাচিত বৰফুকন প্ৰকৃততে মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিল। চেং কালুকৰ পুত্ৰ লাচিত শৰাইঘাটৰ ৰণতকৈ প্ৰায় দুই শতিকাৰ পূৰ্বৰ ব্যক্তি আছিল। সম্পাদনা কৰক

মোমাই তামুলী বৰবৰুৱা আৰু চেং কালুক দুজন পৃথক ব্যক্তি। উক্ত কাৰণতেই চেং কালুকৰ পুত্ৰ লাচিত আৰু মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন দুয়ো পৃথক। চেং কালুক নামৰ ব্যক্তিজনৰ লাচিত নামৰ পুত্ৰজন মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনতকৈ প্ৰায় দুই শতিকাৰ পূৰ্বৰ ব্যক্তি। সেই গতিকেই মাইচেও, মবাওলা, লাপেত আদিসকল চেং কালুকৰ পুত্ৰহে হয়। তেওঁলোক মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ নহয়।

মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰসকল হৈছে লাচিত বৰফুকন, লালুকসোলা বৰফুকন, ভাৰধৰা বৰফুকন, মৰঙ্গী বৰবৰুৱা, লাও ডেকা আৰু দতুকাৰীয়া। লাচিত বৰফুকনৰ দুগৰাকী ভগ্নী আছিল অহল্যা গাভৰু আৰু পাখৰী গাভৰু।

লাচিত বৰফুকনৰ মাতৃৰ নাম কুন্তী মৰাণ নহয়। কাৰণ কুন্তী মৰাণ চেং কালুকৰ পুত্ৰ লাচিতৰহে আছিল।

লগতে ইয়াত উল্লেখ কৰি ৰখা লাচিত বৰফুকনৰ পত্নী আৰু সন্তানৰ নামকেইটা শুদ্ধ হোৱা নাই।


উৎসঃ সাঁচিপতীয়া ৰাজবুৰঞ্জী(সম্পাদনা- ড° জ্ঞানানন্দ দেওধাই ফুকন), আসাম বুৰঞ্জী(সম্পাদনা- ৰায় বাহাদুৰ গোলাপ চন্দ্ৰ বৰুৱা), পুৰণি অসম বুৰঞ্জী(সম্পাদনা- পণ্ডিত হেমচন্দ্ৰ গোস্বামী), কামৰূপৰ বুৰঞ্জী(সম্পাদনা- ড° সূৰ্যকুমাৰ ভূঞা), সাতসৰী অসম বুৰঞ্জী(সম্পাদনা- ড° সূৰ্যকুমাৰ ভূঞা) আৰু ইয়াৰ লগতে অন্যান্য বুৰঞ্জীটো শৰাইঘাটৰ যুদ্ধৰ সেনাপতি লাচিত বৰফুকন লান ফিমা পৰিয়ালৰ মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ হোৱাৰ কথা উল্লেখ আছে।


চেং কালুকৰ পুত্ৰ লাচিত বহু পূৰ্বৰ ব্যক্তি (উৎসঃ মহুঙ বংশাৱলী)। উক্ত সময়ত বৰবৰুৱা আৰু বৰফুকনৰ পদবীৰ সৃষ্টি হোৱাই নাছিল।

RexAnupam (বাৰ্তা) 11:42, 13 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

@RexAnupam
আপোনাৰ বাবে উত্তৰ সমুহ:--
উত্তৰ:- লাচিত (মোমাই তামুলী) ১৬০২ চনত জীৱিত আছিল গতিকে লাচিত (চেং কালুক) কেনেকৈ দুই শতিকাৰ পূৰ্বৰ ব্যক্তি হব পাৰে? লাচিত (চেং কালুক) ১৬২২ চনৰ ২৪ নবেম্বৰত জন্ম হৈছিল যিটো লাচিত বৰফুকনৰ জন্মদিন সেয়ে জন্মদিন অনুসৰি লাচিত বৰফুকন = লাচিত (চেং কালুক) (চকৰীফেটি পুৰণি বুৰঞ্জী পৃষ্ঠা ৩২)
উত্তৰ:- ম'হুঙ বংশাৱলী ডিজিটেল ৰূপত এই লিংকত আছে। এই লিংকটো বোধকৰোঁ আপুনি ভালকৈ চোৱা নাই! ইয়াতে আপোনাৰ সকলো উত্তৰ দিয়া আছেই।
উত্তৰ-- এই বুৰঞ্জী সমূহৰ শুদ্ধ অনুবাদৰ উৎস সমূহ এই লিংকত আছে। টাই ভাষা শুদ্ধকৈ পঢ়িব নজনা বাবে বহুতো বুৰঞ্জীবিদে ভুলকৈ লিখি থৈ গৈছে। কোনোবাই লাচিত (১৫৫২ শতিকা)ক লাচিত বৰফুকন সজাই চুতীয়া জনগোষ্ঠীৰ বুলি লিখিছে কোনোৱে আকৌ মোমাই তামুলীৰ পুত্ৰ যি লাচিত বৰফুকনৰ জন্মৰ ২০ বছৰ আগটো জীৱিত আছিল তেওঁকে বৰফুকন সজাইছে। টাই অধ্যয়ণ (Tai studies) academic field সেয়ে WP:OLDSOURCES মানি চলি নতুন উৎস সমুহ মানি চলিবলৈ আহবান জনালোঁ। আপোনাৰ প্ৰতিটো যুক্তিৰে উত্তৰ দিয়া হৈছে। KHI-LAN-TZI 15:24, 13 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
ত্তাঈ ভাষাৰ যি সাঁচিপতীয়া "ৰাজবুৰঞ্জী " তাৰ শুদ্ধ অনুবাদ ইতিমধ্যে পূৰ্বাঞ্চল টাই সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছে। য'ত শৰাইঘাটৰ ৰণৰ আহোম সেনাপতি লাচিত বৰফুকন লান ফিমা ফু কে লুং মোমাই তামুলীৰ পুত্ৰ বুলি উল্লেখ আছে। ঠিক একেদৰেই ৰায়চাহাব গোলাপ চন্দ্ৰ বৰবৰুৱাই ১৯৩০ চনত প্ৰকাশ কৰা আসাম বুৰঞ্জীতো উল্লেখ আছে। সেইদৰে চুপুঙমুঙ চক্ৰধ্বজ সিংহই বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ আগতে তেওঁলোকৰ পূৰ্বপুৰুষ ফিমা(তামৰাৰ ভায়েক)ক কিয় চুডাংফাৰ সময়ত লুক খা খুন লৈ অবনমিত কৰিছিল তাৰ বিচাৰ কৰি পুনৰ পুৰ্বৰ স্থানলৈ নিয়াৰ কথা লিপিবদ্ধ আছে। লগতে চুকাফাৰ বুৰঞ্জীৰ প্ৰথম ফলি(দ্ৰষ্টব্য- আহোমৰ দিন, হিতেশ্বৰ বৰবৰুৱা)ত উল্লেখ আছে যে এই লানফিমা সকলৰ পূৰ্বপুৰুষ লুক ফিমা আৰু লান টাই লুঙ চাওলুং চ্যুকাফাৰ সৈতে একেলগে মুং মাওৰ পৰা আহিছিল চ্যুকাফাৰ কুন খা ত ধৰি।
সেইদৰে বুঢ়াগোহাঁই বংশাৱলীত লাচিত বৰফুকনৰ মাতৃ যে বুঢ়াগোহাঁই ফৈদৰ জীয়ৰী সেই কথা উল্লেখআছে।
আপুনি লিংকত দিয়া মহুঙ বংশাৱলীত স্পষ্ট হয় যে চেঙকালুকে ক্ৰমে চুতীয়া ৰজাৰ জীয়েক আৰু মৰাণ ৰজাৰ ভায়েকৰ জীয়েকক বিয়া পাতিছিল। কিন্তু প্ৰকৃততে মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনৰ জন্মৰ প্ৰায় ১০০ বছৰৰ পূৰ্বেই চুহুংমুঙ দিহিঙ্গীয়া ৰজাৰ দিনতেই চুতীয়া ৰাজ্যৰ সমাপ্তি ঘটিছিল। লগতে আতন বুঢ়াগোহাঁই আছিল মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনৰ প্ৰায় সমবয়সীয়া। তেনে ক্ষেত্ৰত আতন বুঢ়াগোহাঁইৰ জীয়েকক লাচিত বৰফুকনে বিয়া কৰোৱা কথাটো আচহুৱা লাগে। গতিকে অন্য কোনো লাচিত নামৰ ব্যক্তিয়ে আতন বুঢ়াগোহাঁইৰ জীয়েকক বিয়া কৰাইছিল বুলি ধৰি ললেও তেও মহুং ফৈদৰ লাচিত নহৈ পিছৰ সময়ৰ অন্য ব্যক্তি হোৱাৰ সম্ভাৱনা অধিক। ঠিক একেদৰেই ইয়াত লাঙি গদাপাণি লাচিত বৰফুকনৰ সহপাঠী হিচাপে দেখুওৱা হৈছে, যিটো কথা কোনো এটা দৃষ্টিৰ ফালৰপৰাই সত্য নহয়। কিয়নো গদাপাণি কোঁৱৰ প্ৰকৃত লাচিত বৰফুকনতকৈ প্ৰায় ২০ বছৰ কণিষ্ঠ ব্যক্তি।
গতিকে এটা সুদুত্তৰ আশা কৰিলোঁ। নহ'লে এনে কিছুমান কথাই আহোম বুৰঞ্জীক আখ্যানৰ পৰ্যায়লৈ লৈ যাব আৰু শৰাইঘাটৰ ৰণৰ আহোম সেনাপতি লাচিত বৰফুকন বাস্তৱ চৰিত্ৰ হোৱাৰ পৰিবৰ্তে কিংবদন্তী হৈ পৰিবলৈ বেছি সময় নালাগিব। RexAnupam (বাৰ্তা) 17:32, 13 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@RexAnupam উৎস হিছাপে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৰাজ বুৰঞ্জীৰ পৃষ্ঠা নং আৰু অসমীয়া তথা টাই-আহোমৰ শাৰীটো লিখি দিয়ক। GCboruah ৰ বুৰঞ্জী অবশ্যে অনলাইন উপলব্ধ সেয়ে পৃষ্ঠাটো দিয়ক মই টাই-আহোম আৰু ইংৰাজীৰ অংশ পঢ়ি চাও। মনত ৰাখিব যিকোনো বুৰঞ্জীত স্পষ্টকৈ উল্লেখ কৰা উচিত যে সেইজন লাচিত বৰফুকন আছিল। মোৰ উৎস চকৰী ফেঁটী পুৰণি বুৰঞ্জী আৰু লাই লিট বুৰঞ্জীৰ ওপৰত নিৰ্ভৰ কৰিছে যত লিখা আছে লাচিত ( মোমাই তামুলী) ১৬০২ত জীৱিত আছিল যি বৰফুকনৰ জন্মৰ বহু আগৰ। আৰু ছেঙ-লুঙ-মুঙ অঞ্চলত ১৬২২চনত,ভাদ মাহৰ পৱিত্ৰ পূৰ্ণিমাত লাচিত (চেং কালুক)ৰ জন্ম হৈছিল। ৰাজ বুৰঞ্জী আৰু GC boruah বুৰঞ্জী মতে লাচিত ( মোমাই তামুলী)ৰ জন্ম বা সময়কাল কেতিয়া আছিল? এই সকলোবোৰ স্পষ্ট হোৱা উচিত। আহোম বুৰঞ্জীক আখ্যানৰ পৰ্যায়লৈ মই লৈ নাযাও। বুৰঞ্জী ভালকৈ পঢ়িব জানিলে সকলো স্পষ্ট হয় যায়। এটা সময়ত আহোম সোণৰ জখলাৰে স্বৰ্গৰ পৰা নামি অহা আৰু লেংডনইন্দ্ৰ দেৱতা বনাই ভিন্ন আখ্যান চলি আছিল। কিন্তু আজি আমি টাই আহোম ভাষাত লিখা বুৰঞ্জী পঢ়িলে স্পষ্টকৈ বুজি পাও তাত মু'ঙ মাও আৰু মুং ৰি মুং ৰাম আদিৰ পৰা প্ৰবজনৰ কথা লিখা আছে যি স্পষ্টকৈ এতিয়াও চীনৰ টাই বসতি পূৰ্ণ অঞ্চল। গতিকে বুৰঞ্জী কেতিয়াও আখ্যান নাছিল আৰু আখ্যান নহয়। KHI-LAN-TZI 06:29, 15 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@RexAnupam GC Boruahৰ টাই-আহোম আৰু ইংৰাজী অংশ পালোঁ। আপুনি পাৰিলে পূৰ্বাঞ্চল সাহিত্য সভাৰ তথ্য দিয়ক। KHI-LAN-TZI 12:24, 16 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ জনালোঁ। আপুনি যি লিংক বা তথ্যৰ উৎস দাঙি ধৰিছে তাত আচলতে ১৬০২ চনৰ পৰিবৰ্তে ১৬০২ শক অৰ্থাৎ ১৬৭৯ চনৰ কথাহে কোৱা হৈছে। কিন্তু তাত মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ কেইজনৰ নামহে উল্লেখ কৰিছে। জীৱিত অথবা মৃত সন্দৰ্ভত মন্তব্য কৰা নাই। RexAnupam (বাৰ্তা) 07:51, 19 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@RexAnupam পূৰ্বৰ উৎসসমুহ আতঁৰাই নিদিব। WP:DUE অনুসৰী আমি কিবা এটা সিদ্ধান্তত উপনীত হলেও পাঠকে সকলো উৎস অভিগম কৰিব লাগে। KHI-LAN-TZI 13:13, 19 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@RexAnupam লগতে অসমীয়া আৰু ইংৰাজী বৰ্ষৰ ব্যৱস্থা সম্পৰ্কে মোৰ ভুল হিচাপটো জনোৱাৰ বাবে ধন্যবাদ। মই টাই-আহোম লিপিৰ অংশটো দি দিছোঁ উৎস হিচাপে। যদি আপুনি টাই-আহোম লিপি জানে আৰু কিবা ভুল দেখে reply দিব। GCBoruah ত তেনেদৰেই দেখিছোঁ। KHI-LAN-TZI 13:16, 19 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
অন্য এজন ব্যক্তিয়ে যুগুত কৰা তথ্য ইয়াত দিছোঁ। এই মূহুৰ্তত আহোম লিপিৰ তথ্য দিবলৈ সক্ষম হোৱা নাই। পৰবৰ্তী সময়ত সেয়া কপি কৰি তুলি দিবলৈ চেষ্টা কৰিম।
আহোম ভাষাত লিখা ৰাজ বুৰঞ্জীৰ Folio ১০০-B ত মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন বিষয় বাব দিয়াৰ কথা উল্লেখ আছে এনেধৰণে-
"চাও ফা ক' মা চে হুঙ লে চাঙ হাউ চাত কুন ফু ছন বন ৰূ লে লুক ফু কে লুঙ টী লা চিত ফু কন লুঙ। টী তুন ৰুঙ দাম/নাম হা উ হেউ তুন ছৌক টাঙ নৌ টাঙ মৌঙ।"
(আহম বুৰঞ্জী, পৃষ্ঠা ২০৯, সম্পাদনা- চাও জ্ঞানানন্দ ফুকন)
(স্বৰ্গদেউ গড়গাঁও(চে হুং)লৈ আহি তেখেতৰ মানুহবোৰক প্ৰয়োজনীয় পৰামৰ্শ দিয়ে আৰু বৰবৰুৱাৰ পুত্ৰ লাচিত ফুকনক বৰফুকন পাতিলে।)
উক্ত ৰাজ বুৰঞ্জীৰে Folio- ৯৯-A ত আছে এইবুলি,
"লাক নী পী হান চাম দৌন চিত চাম চাও ফা চাঙ চৌ ফু কন লান ফি মা লা চিত লুক ফুকে লুঙ। হাউ পাই খুত ৰিঙ টা তুন ৰুঙ দাম লে পান ক' লুক পু টা ক' লঙ খুত বিঙ কা চাম উ দূ মা ৰিঙ জাউ।"
(আহম বুৰঞ্জী, পৃষ্ঠা ২০৬, সম্পাদনা- চাও জ্ঞানানন্দ ফুকন)
(সেই বছৰেই দৌন চিত মাহত স্বৰ্গদেৱে লান ফিমা বংশৰ বৰবৰুৱাৰ পুত্ৰ লাচিত ফুকনক কলিয়াবৰলৈ গৈ দূৰ্গ এটা বনাবলৈ ক'লে। তেওঁ তালৈ গৈ পোতা কলঙৰ উদুমাৰিঙত এটা দূৰ্গ বনালে।)
ইয়াৰপৰা বুজা যায় যে লাচিত বৰফুকনৰ পিতৃ এজন বৰবৰুৱা আছিল আৰু তেওঁ লান ফিমা বংশৰ লোক আছিল। লগতে এই কথাও স্পষ্ট হৈ পৰে যে তেতিয়ালৈকে হোৱা পাঁচজন বৰবৰুৱাৰ ভিতৰত লান ফিমা বংশৰ একমাত্ৰ বৰবৰুৱাজন আছিল মোমাই তামুলী বৰবৰুৱা।
কিয়নো এই পুথিতেই উল্লেখ আছে,
"লুক মা দিঙ কে চাও নাঙ নঙ ম' মাই তা মু লী লান ফি মা খাউ প লুক ছঙ কান জাউ।"
(লান ফিমা বংশৰ মোমাই তামুলী আৰু তেওঁৰ দুজন পুত্ৰ স্বৰ্গদেউৰ লগত গৈছিল।)
এতিয়া এই লান ফিমা নো কোন সেয়া যদি বিচাৰ কৰি চোৱা যায় তেনেহ'লে চৌকাফাৰ বুৰঞ্জীৰ Folio- ১ ত উল্লেখ আছে এইবুলি,
"লান তাই মৌঙ লুক ফি মা ৰৌন নাই চাম চাও ফা লুক ছঙ জিঙ চাম বা না চাও মাক মূ ফা চিঙ ফৌও টাও।"
(চৌকাফাৰ বুৰঞ্জী, ফলিঅ'- ১, দ্ৰষ্টব্য-আহোমৰ দিন, হিতেশ্বৰ বৰবৰুৱা)
অৰ্থ, লান তাই লুঙ আৰু লুক ফিমাৰ পৰিয়াল দুটা আৰু সাতটা দুৱৰাৰ পৰিয়াল আহিছিল।
অৰ্থাৎ অন্য লোকসকলৰ লগতে লুক ফিমা নামৰ ব্যক্তিজনৰ পুত্ৰ-পৰিয়ালো চৌকাফাৰ লগতে পাটকাই পাৰ হৈ এই ঠাইলৈ অহাৰ কথা জানিব পাৰি।
এই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনৰ লগতে যে টেপেৰা নামৰ ঠাইত মোগল সেনাপতি ৰাম সিংহৰ যুদ্ধ হৈছিল সেই কথা ৰাজবুৰঞ্জীৰ Folio- ১০৫-A ত উল্লেখ আছে এনেকৈ,
"ফু কন লুঙ লুক ফু কে লুঙৰ নাম মৌঙ দাউ খুন ৰাম হিঙ হিত টে পে ৰা টাই চাম ৰাও চাঙ টাক পাই কা কয়।"
(আহম বুৰঞ্জী, পৃষ্ঠা- ২১৮, সম্পাদনা- চাও জ্ঞানানন্দ ফুকন)
(সহায় লোৱা হৈছে।) RexAnupam (বাৰ্তা) 18:05, 19 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@RexAnupam আপুনি দিয়া ৰাজ বুৰঞ্জীৰ Folio ১০০-B ৰ টাই আহোম লিপিত পূৰ্বে মই দিছোঁ ইতিমধ্যে; 𑜋𑜰𑜫𑜇𑜡 𑜀𑜦𑜡 𑜉𑜠 𑜋𑜦𑜧 𑜑𑜤𑜂𑜫 𑜎𑜦 𑜋𑜂𑜫 𑜑𑜧 𑜋𑜄𑜫 𑜋𑜥 𑜏𑜨𑜃𑜫 𑜏𑜂𑜫 𑜈𑜨𑜃𑜫 𑜍𑜥𑜎𑜦 𑜎𑜤𑜀𑜫 𑜇𑜥𑜀𑜦𑜧 𑜎𑜤𑜂𑜫 𑜄𑜣 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 ইয়াটো আপুনি দিয়া খিনিয়ে লিখা আছে। বাকী বুৰঞ্জীসমূহ দিয়াৰ বাবে ধন্যবাদ। KHI-LAN-TZI 04:04, 20 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

Lock সম্পাদনা কৰক

@দিব্য দত্ত আপুনি পৃষ্ঠাটো আনলক কৰিব পাৰিবনে যিহেতু কোনো VANDALISM বা তিনিটা ৰিভাৰ্ট পৰ্যবেক্ষণ কৰা হোৱা নাই আৰু সকলোৱে সম্প্ৰীতিৰ সৈতে আলোচনা পৃষ্ঠা ব্যৱহাৰ কৰিছে। KHI-LAN-TZI 08:58, 16 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

"লাচিত বৰফুকন" পৃষ্ঠালৈ উভতি যাওক।