বৰীশেন
বৰীশেন (ইংৰাজী: Shikra, বৈজ্ঞানিক নাম-Accipiter badius) এবিধ সৰু আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' গোটৰ অন্তৰ্ভুক্ত আৰু এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত৷ ইয়াৰ মাতটো তীক্ষ্ণ আৰু দুটা নোট (note) সম্পন্ন৷
বৰীশেন (Shikra) | |
---|---|
Adult male (dussumieri) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Falconiformes |
পৰিয়াল: | Accipitridae |
গণ: | Accipiter |
প্ৰজাতি: | A. badius |
বৈজ্ঞানিক নাম | |
Accipiter badius Gmelin, 1788 | |
Subspecies | |
সমাৰ্থক | |
Astur badius |
বিৱৰণ
সম্পাদনা কৰকবৰীশেনৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ই দীঘলে প্ৰায় ২৬-৩০ ছে:মি:৷ ইয়াৰ ডেউকা চুটি আৰু ঘুৰণীয়া, নেজডাল ঠেক, দীঘল হয়৷ পূৰ্ণবয়স্ক বৰীশেনৰ দেহৰ তল অংশ বগা -তাতে মাখন বৰণৰ পথালি আঁচ আছে৷ দেহৰ ওপৰ অংশ মুগা বৰণীয়া৷ মতা বৰীশেনৰ চকুৰ মণি ৰঙা কিন্তু মাইকী চৰাইৰ মণি হালধীয়া- কমলা বৰণৰহে হয়৷ মাইকী বৰীশেনৰ আকাৰ মতাটোতকৈ কিছু ডাঙৰ হয়৷ উৰন্ত অৱস্থাত তলৰ পৰা মতা বৰীশেনৰ নেজত আঁচবোৰ দেখা পোৱা যায়৷[2]
পোৱালি বৰীশেনৰ দেহৰ বুকু অংশত গাঢ় আঁচ আৰু ফুট থাকে৷ [3]
ইয়াৰ মাতটো 'পিইই-ৱিইই' ধৰণৰ হয়৷ ইয়াৰে প্ৰথম অংশ উচ্চস্বৰৰ আৰু পিছৰ অংশ দীঘলীয়া হয়৷ উৰন্ত অৱস্থাত ইয়াৰ মাতটো চুটি আৰু বেছি তীক্ষ্ণ হয় শুনিবলৈ 'কিইক-কি..কিক' যেন লাগে৷ [4][5]
শ্ৰেণীবিভাজন
সম্পাদনা কৰকবাহ্যিক গঠন তথা মাতৰ ভিত্তিত বৰ্ত্তমানলৈকে বৰীশেনৰ প্ৰায় সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[6] -
- "Accipiter cenchroides (Severtzov) -তুৰ্কীস্তান, আফগানিস্তান আৰু পূব ইৰাণ ত পোৱা যায়৷
- Accipiter dussumieri-হিমালয়ৰ নামনি অংশত দেখা যায়৷
- Accipiter badius-শ্ৰীলংকা
- Accipiter b. poliopsis-বাৰ্মা[7]
- Accipiter obsoletus -নিকোবৰ দ্বীপপূঞ্জ[4][8]
- Accipiter b. sphenurus -ই প্ৰধানকৈ পৰিভ্ৰমণকাৰী
- Accipiterthe b. polyzonoides -এছিয়া[3]
বাসস্থান
সম্পাদনা কৰকবৰীশেন বিভিন্ন পৰিৱেশত বসবাস কৰাৰ বাবে অভিযোজিত৷ ইয়াক প্ৰধানকৈ বনাঞ্চল, খেতি-পথাৰ আৰু নগৰীয়া অঞ্চল সমূহত দেখা পোৱা যায়৷
আচৰণ
সম্পাদনা কৰকবৰীশেনক সাধাৰণতে অকলশৰে বা যোৰ পাতি থকা দেখা যায়৷ প্ৰজনন কালত বৰীশেনে যোৰ পাতি উৰে৷
খাদ্য
সম্পাদনা কৰকবৰীশেনৰ প্ৰধান খাদ্য হ'ল নিগনি জাতীয় প্ৰাণীসমুহ (rodents),[9]), কেৰ্কেটুৱা, সৰু চৰাই, বিভিন্ন সৰীসৃপ, পোক-পতংগ আদি৷ [10])[8]
প্ৰজনন
সম্পাদনা কৰকভাৰতত বৰীশেনে গ্ৰীষ্মকালত মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত প্ৰজনন কৰে৷ বিভিন ঘাঁহেৰে ই বাহ সাজে৷ মতা-মাইকী উভয়ে বাহ সজাত ভাগ লয় [11] কেতিয়াবা কাউৰীৰ দৰে ইয়াকো বিভিন্ন ধাতবীয় তাঁৰ আদি বাহ সজাত ব্যৱহাৰ কৰা দেখা যায়৷ [12] ই এবাৰত ৩-৪ টাকৈ কণী পাৰে৷[13]কণীবোৰত নীলা-মুগা আঁচ থাকে৷ ১৮-২০ দিন উমনিৰ অন্তত কণী ফুটি পোৱালি জাগে৷[8]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Accipiter badius". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003425। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Mees, GF (1981). "The Sparrow-Hawks (Accipiter) of the Andaman Islands.". J. Bombay Nat. Hist. Soc. খণ্ড 77 (3): 371–412.
- ↑ 3.0 3.1 Herremans M and Louette, M (2000). "A partial post-juvenile molt and transitional plumage in the shikra (Accipiter badius) and Grey Frog Hawk (Accipiter soloensis)" (PDF). Journal of Raptor Research খণ্ড 34 (4): 249–261. http://sora.unm.edu/sites/default/files/journals/jrr/v034n04/p00249-p00261.pdf.
- ↑ 4.0 4.1 Rasmussen PC and Anderton, JC (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 97. ISBN 8487334660.
- ↑ Blanford WT (1895). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 3. প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 398–400. http://www.archive.org/stream/birdsindia03oaterich#page/397/mode/1up.
- ↑ Gurney JH. "Notes on a 'Catalogue of the Accipitres in the British Museum,' by R. Bowdler Sharpe (1874)". Ibis: 353–370. http://www.archive.org/stream/ibis53brit#page/359/mode/1up.
- ↑ Gurney JH. "Bulletin of the British Ornithologists Club. No 50 (January 30th, 1898)". Ibis খণ্ড 4 (seventh series): 290–291. http://www.archive.org/stream/ibis47brit#page/290/mode/2up.
- ↑ 8.0 8.1 8.2 Ali S and Ripley, S D (1978). Handbook of the Birds of India and Pakistan. Volume 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 234–239. ISBN 0-19-565506-0.
- ↑ Kankane, PL (1996). "Strange death of a shikra". J. Bombay Nat. Hist. Soc. খণ্ড 26: 140–141.
- ↑ Jha, Samiran (2002). "Attempted feeding by a shikra Accipiter badius family Accipitridae, on buffstriped keelback Amphiesma stolata, family Colubridae". J. Bombay Nat. Hist. Soc. খণ্ড 99 (2): 298.
- ↑ Phillips, WWA (1933). "Some observations on the nesting of a pair of Ceylon Shikra Hawks (Astur badius badius Gmelin)". J. Bombay Nat. Hist. Soc. খণ্ড 36 (2): 509–511.
- ↑ Lowther, EHN (1944). J. Bombay Nat. Hist. Soc. 45. pp. 5–16.
- ↑ Biddulph, CH (1937). "Number of eggs laid by the Indian Shikra [Astur badius dussumieri (Temm. & Lang.)]". J. Bombay Nat. Hist. Soc. খণ্ড 39 (2): 406.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Accipiter badius সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- (Shikra = ) Little Banded Goshawk – Species text in The Atlas of Southern African Birds
- photographs and videos