মগহী ভাষা
মগহী (𑂧𑂏𑂯𑂲) বা মগধী (𑂧𑂏𑂡𑂲) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত ব্যৱহাৰ কৰা হয়।[8][9] নেপালৰ তেৰাঈ অঞ্চলতো মহগী কোৱা হয়।[10] অসমীয়া, বাঙালী আৰু ওড়িয়াৰ দৰে অন্য পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ দৰেই, এই ভাষাৰ জনকো মাগধী প্ৰাকৃত, যাৰ নামৰ পৰাই এই ভাষাৰ নামো আহিছে।[11]
Magahi | |
---|---|
Magadhi | |
| |
Magahi written in Kaithi script[1] | |
থলুৱা অঞ্চল | India |
অঞ্চল | Magadh (southern Bihar, northern Jharkhand, and northwestern West Bengal)[2][3][4] |
জাতীয়তা | Magahi |
স্থানীয় ভাষিক |
12.6 million (2011 census)[5][6] (additional speakers counted under Hindi) |
ভাষা পৰিয়াল |
|
পূৰ্বসূৰী |
Magadhi Prakrit
|
উপভাষা | *Southern Magahi
|
লিখন প্ৰণালী | Devanagari Kaithi (formerly) |
আধিকাৰিক স্থিতি | |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
ভাষা সংকেত | |
ISO 639-2 | mag |
ISO 639-3 | mag |
Magahi speaking regions |
মগহী ভাষাৰ বিস্তৃত আৰু পুৰণি লোকগাথা আৰু সাধুকথাৰ পৰম্পৰা আছে। এই ভাষা বিহাৰৰ ৯খন জিলা (গয়া, পটনা, জেহানাবাদ, ঔৰংগাবাদ, নলন্দা, শ্বেইখপুৰা, নৱডা, লখীশৰাই আৰু অৰৱল), ঝাৰখণ্ডৰ ৮খন জিলা (হাজাৰিবাঘ, পলমু, ছত্ৰ, কোদৰমা, জমতাৰা, বোকাৰো, ধনবাদ আৰু গিৰিদিহ) আৰু পশ্চিমবংগৰ মালদা জিলাত ঘাইকৈ কোৱা হয়।[12] এই ভাষা ভাষী লোকৰ সংখ্যা প্ৰায় ২০৭০০০০০, খোৰ্থা উপভাষা কোৱা ৮০ লাখ লোকক অন্তৰ্ভুক্ত কৰি।
মগহী মাগধী প্ৰাকৃতৰ পৰা অহা, যি প্ৰাচীন মগধ মহাজনপদত ব্যৱহাৰ কৰা হৈছিল। এই ৰাজ্য আছিল পূৰ্বী ভাৰতত গংগা নদীৰ দক্ষিণে আৰু সোণ নদীৰ পূব দিশে।
১ কোটি ২৬ লাখ মগহী ভাষী লোক থকা স্বত্ত্বেও এই ভাষাক ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰা হোৱা নাই। বিহাৰত, হিন্দীহে আনুষ্ঠানিক আৰু শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, মগহী নহয়।[13] ১৯৬১ চনৰ পৰা ভাৰতৰ জনগণনাত মগহীক হিন্দীৰ উপভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হৈ আহিছে।[14]
ইতিহাস
সম্পাদনা কৰকমগহী ভাষাৰ উৎস মাগধী প্ৰাকৃত, যি অসমীয়া, বাঙালী আৰু ওড়িয়াৰ দৰে অন্য পূৰ্বী ভাৰতীয়-আৰ্য ভাষাৰো উৎস। বৰ্তমানৰ বিহাৰ ৰাজ্যত প্ৰাচীন মগধ ৰাজ্য আছিল, য'ত মাগধী প্ৰাকৃত কোৱা হৈছিল। মাগধী শব্দৰ পৰাই মগহী শব্দও আহিছে, আৰু বহুতো শিক্ষিত মগহী ভাষী লোকে মগধী নামহে পচন্দ কৰে।[15]
প্ৰায় দ্বাদশ শতিকাত অপভ্ৰংশই নিজৰ শেষ ৰূপ পাইছিল। প্ৰায়বোৰ আধুনিক ভাৰতীয়-আৰ্য ভাষাই তাৰ পাছতেই স্বকীয় ৰূপ লাভ কৰিছিল। মগহীৰ স্বকীয় ৰূপ সৰহপ আৰু কৌহপৰ দোহাকোষত দেখা যায়।
মগধ প্ৰশাসনৰ ৰূপান্তৰৰ কালত মগধী ভাষাৰ ক্ষতি হৈছিল।[16] পৰম্পৰাগতভাৱে ভ্ৰাম্যমান গাঁথা গায়কে দীঘল কাব্য পাঠ কৰি ফুৰিছিল। তেওঁলোকৰ সৈতেও মগহধী শব্দ জড়িত হৈ পৰিল। মগধী লিখিবলৈ দেৱনাগৰী, অসমীয়া-বাঙালী আৰু ওড়িয়া লিপিৰ ব্যৱহাৰ কৰা হয় পূৰ্বতে কৈথী লিপিও ব্যৱহাৰ কৰা হৈছিল। মগহীত থকা উচ্চাৰণ মৈথিলীতকৈ ঠেক।[17] ঐতিহাসিকভাৱে মগহী ভাষাত কোনো বিখ্যাত লিখিত সাহিত্য পোৱা নাযায়, কেৱল কিছু মৌখিক লোকগীতহে পোৱা যায়।
প্ৰথমে উৰ্দু আৰু তাৰ পাছত ১৮৮১ চনৰ পৰা হিন্দী সেই প্ৰান্তৰ আনুষ্ঠানিক ভাষা হৈ পৰিল। ভাৰতৰ স্বাধীনতাৰ পাছত ১৯৫০ চনত হিন্দী ভাষাক বিহাৰৰ একমাত্ৰ আনুষ্ঠানিক ভাষাৰ স্থান দিয়া হ'ল, আৰু মগহীৰ দৰে বিহাৰৰ নিজৰ ভাষাসমূহক আওকাণ কৰা হ'ল।[18]
মগহী ভাষী লোক
সম্পাদনা কৰকমগহীৰ কেইবাটাও উপভাষা আছে। ই প্ৰাচীন মগধ ৰাজ্যৰ কেন্দ্ৰীয় অঞ্চলকেইটাত ঘাইকৈ ব্যৱহাৰ কৰা হয়: পটনা, নলন্দা, গয়া, জেহানাবাদ, অৰৱল, ঔৰংগাবাদ, লখীশৰাই শ্বেইখপুৰা আৰু নৱডা। এই অঞ্চলৰ উত্তৰ দিশে মৈথিলী কোৱা হয় আৰু পশ্চিমে ভোজপুৰী। উত্তৰ-পূব দিশে অংগিকা ভাষা ঘাইকৈ ব্যৱহাৰ কৰা হয়। খোৰ্থা উপভাষা ঝাৰখণ্ডৰ ছোটা নাগপুৰ অঞ্চলৰ বোকাৰো, ছত্ৰ, ধনবাদ, গিৰিদিহ, হাজাৰিবাঘ, কোদৰমা আৰু ৰামগঢ়ত কোৱা হয়।[19] পশ্চিম বংগৰ মালদা জিলাতো মগহী ভাষা কোৱা হয়।[20][21] ২০১১ চনৰ লোকপিয়ল অনুসৰি, প্ৰায় ২০.৭ নিযুত মগহী ভাষী আছিল।
টোকা
সম্পাদনা কৰক- ↑ additional official language of Jharkhand
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Grierson, George Abraham. Linguistic Survey Of India, Volume 5.2. পৃষ্ঠা. 10.
- ↑ Grierson, G.A. (1927). "Magahi or Magadhi". Internet Archive. https://archive.org/details/rosettaproject_mag_detail-1/mode/2up.
- ↑ "Magahi". Omniglot. https://www.omniglot.com/writing/magahi.htm.
- ↑ Atreya, Lata. "Magahi and Magadh: Language and the People". Global Journal of Interdisciplinary Social Sciences. https://www.longdom.org/articles/magahi-and-magadh-language-and-people.pdf.
- ↑ "Magahi". ethnologue. https://www.ethnologue.com/language/mag.
- ↑ "Scheduled Languages in descending order of speaker's strength - 2011". Registrar General and Census Commissioner of India. 29 June 2018. http://www.censusindia.gov.in/2011Census/Language-2011/Statement-1.pdf.
- ↑ "झारखंड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा" (hi ভাষাত). Prabhat Khabar. 21 March 2018. https://www.prabhatkhabar.com/news/ranchi/jharkhand-raghubar-das-cabinet-decision-maithili-bhojpuri-angika-magahi-second-language/1135878.html। আহৰণ কৰা হৈছে: 17 November 2018.
- ↑ Prasad, Saryoo (2008). Magahī Phonology: A Descriptive Study. পৃষ্ঠা. 6. ISBN 9788180695254. https://books.google.com/books?id=p3N81Di9EN8C&q=magahi+people&pg=PA6। আহৰণ কৰা হৈছে: 4 November 2018.
- ↑ Brass, Paul R. (2005). Language, Religion and Politics in North India. পৃষ্ঠা. 93. ISBN 9780595343942. https://books.google.com/books?id=SylBHS8IJAUC&q=magahi+people&pg=PA91। আহৰণ কৰা হৈছে: 4 November 2018.
- ↑ Eberhard, David M., ed (2021). Magahi (Twenty-fourth সম্পাদনা). প্ৰকাশক Dallas, Texas: SIL International. https://www.ethnologue.com/language/mag। আহৰণ কৰা হৈছে: 29 April 2021.
- ↑ "How a Bihari lost his mother tongue to Hindi". 22 September 2017. http://www.livemint.com/Leisure/Nl73WC1JA8d6KVybBycNlM/How-a-Bihari-lost-his-mother-tongue-to-Hindi.html.
- ↑ Frawley, William (May 2003) (en ভাষাত). International Encyclopedia of Linguistics: 4-Volume Set. Oxford University Press, USA. ISBN 9780195139778. https://books.google.com/books?id=sl_dDVctycgC&q=angika+in+west+bengal&pg=PA481। আহৰণ কৰা হৈছে: 8 November 2018.
- ↑ "History of Indian Languages". Diehardindian.com. Archived from the original on 26 February 2012. https://web.archive.org/web/20120226234832/http://www.diehardindian.com/demogrph/moredemo/histlang.htm। আহৰণ কৰা হৈছে: 29 February 2012.
- ↑ . 2001. https://books.google.com/books?id=tcfJY7kANo8C&q=awadhi+and+magahi+languages&pg=PA5.
- ↑ Jain Dhanesh, Cardona George, The Indo-Aryan Languages, pp449
- ↑ Maitra Asim, Magahi Culture, Cosmo Publications, New Delhi (1983), pp. 64
- ↑ "Maithili and Magahi". Archived from the original on 23 July 2012. https://web.archive.org/web/20120723144641/http://bihar.ws/info/Bihari-Languages/Maithili-and-Magahi.html। আহৰণ কৰা হৈছে: 10 January 2020.
- ↑ Brass Paul R., The Politics of India Since Independence, Cambridge University Press, pp. 183
- ↑ Verma, Sheela (2003).
- ↑ Prasad, Saryoo (2008). Magahī Phonology: A Descriptive Study. পৃষ্ঠা. 6. ISBN 9788180695254. https://books.google.com/books?id=p3N81Di9EN8C&q=magahi+people&pg=PA6। আহৰণ কৰা হৈছে: 4 November 2018.Prasad, Saryoo (2008).
- ↑ Brass, Paul R. (2005). Language, Religion and Politics in North India. পৃষ্ঠা. 93. ISBN 9780595343942. https://books.google.com/books?id=SylBHS8IJAUC&q=magahi+people&pg=PA91। আহৰণ কৰা হৈছে: 4 November 2018.Brass, Paul R. (2005).
অধিক পঢ়া
সম্পাদনা কৰক
- Munishwar Jha - "Magadhi And Its Formation," Calcutta Sanskrit College Research Series, 1967, 256 pp
- Saryu Prasad - "A Descriptive Study of Magahi Phonology", PhD thesis submitted to Patna University.
- A.C. Sinha (1966) - "Phonology and Morphology of a Magahi Dialect", PhD awarded by the University of Poona.(now Pune)
- G.A. Grierson Essays on Bihari Declension and Conjugation, Journal of the Asiatic Society of Bengal, vol. iii, pp. 119–159
- Hoernle, A.F. Rudolf & Grierson, G.A. A Comparative Dictionary of the Bihari Language
- Prasad, Swarnlata (1959) Juncture and Aitch in Magahi, Indian Linguistics, Turner Jubilee Volume, 1959 pp. 118–124.
- Sweta Sinha (2014) - "The Prosody of Stress and Rhythm in Magahi", PhD thesis submitted to Jawaharlal Nehru University, New Delhi.
- Sweta Sinha (2018)- "Magahi Prosody", Bahri Publications: New Delhi. আই.এচ.বি.এন. 978-93-83469-14-7.