মাতৃভাষা

জন্মৰ পৰা কোৱা ভাষা

মাতৃভাষা বা প্ৰথম ভাষা (ইংৰাজী: First language; Mother tongue বা Mother language) হৈছে সমাজৰ ল’ৰা-ছোৱালীয়ে শিশু অৱস্থাতে পিতৃ-মাতৃৰ মুখৰ পৰা আহৰণ কৰা ভাষা।[1] কিছুমান দেশত, স্থানীয় ভাষা বা মাতৃভাষা শব্দটোৱে নিজৰ প্ৰথম ভাষাৰ সলনি নিজৰ জাতিগোষ্ঠীৰ ভাষা বা উপভাষাক বুজায়।[2]

শিশুৰ প্ৰথম ভাষাটোৱে ব্যক্তিত্ব, সামাজিক আৰু সাংস্কৃতিক পৰিচায়ক।[3] প্ৰথম ভাষাৰ আন এটা প্ৰভাৱ হ’ল এই যে, ই অভিনয় আৰু কথন আয়ত্ব কৰাত সফল সামাজিক আৰ্হিৰ প্ৰতিফলন ঘটায়।[স্পষ্টীকৰণৰ প্ৰয়োজন][4] গৱেষণাৰ পৰা দেখা গৈছে যে, এগৰাকী অনা-স্থানীয় ভাষী শিশু কোনো এটা ভাষা প্ৰায় দুবছৰত সাৱলীলতা গঢ়ি তুলিব পাৰে যদিও সেই শিশুটিয়ে তেওঁলোকৰ স্থানীয় ভাষী সমকক্ষসকলৰ সৈতে একে কৰ্মৰত স্তৰ পাবলৈ পাঁচৰ পৰা সাত বছৰ সময়ৰ প্ৰয়োজন হয়।[5]

১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই ২১ ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে নিৰ্ধাৰণ কৰে।

অৰ্থ সম্পাদনা কৰক

অসমত এটা বৃহৎ সম্প্ৰদায়ৰ লোকে অসমীয়া ভাষাক মাতৃভাষা ৰূপে ব্যৱহাৰ কৰে।[1] অসমৰ বড়ো, কছাৰী, ৰাভা, তিৱা, মিছিং আদি ভাষাও সেই সেই জনজাতীয় লোকৰ মাতৃভাষা।[1]

ভাষাবিদ ড° ৰমেশ পাঠকেভাষা-বিজ্ঞানৰ ভূমিকা”ত মাতৃভাষাৰ সম্বন্ধে লিখিছে যে,[6]

মাক-দেউতাকৰ ভাষাটোকে স্বাভাৱিকতে শিশুৱে শিকে। এই ক্ষেত্ৰত মাকৰ ভূমিকা সৰ্বাধিক বাবে মাতৃভাষা নাম দিয়া হৈছে। আচলতে মাতৃভাষা মানে সেইটো ভাষা, যি ভাষাৰে এজন মানুহে চিন্তা কৰে, সপোন দেখে আৰু নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ আটাইতকৈ সহজ পায়।[6]

আৰু উদাহৰণ দি কৈছে যে,

আধুনিক ভাষা-বিজ্ঞানী কিছুমানে ‘মাতৃভাষা’ শব্দটোৰ ক্ষেত্ৰত আপত্তি তুলিছে। কিয়নো, আগৰ কালত যোগাযোগৰ অসুবিধাৰ কাৰণেই হওক বা সামাজিক ধ্যান-ধাৰণাৰ বাবেই হওক সাধাৰণতে একে ভাষা সম্প্ৰদায়ৰ মাজত বিয়া-বাৰু হৈছিল আৰু সেইবাবেই মাতৃভাষা শব্দটো তেতিয়া খাপ খাইছিল। আধুনিক যুগত যাতায়াতৰ তাগিদাত দেশ-বিদেশত থাকিব লগা হৈছে— বিদেশী ছোৱালী বিয়া কৰাইছে।


ধৰি লোৱা হ’ল— লণ্ডনত বাস কৰা অসমীয়া এজনে জাৰ্মান ছোৱালী বিয়া কৰালে। দুয়ো দুয়োৰে ভাষা বুজি নোপোৱা বাবে ইংৰাজীৰে কাম-কাজ চলায়। তেওঁলোকৰ সন্তানটোৱেও ইংৰাজীকে শিকিলে। শিশুটোৰ ভাষাক মাতৃভাষা বোলা যুক্তিসঙ্গত হ’বনে? এনেধৰণৰ খেলিমেলি আঁতৰাবৰ বাবে বহুতে মাতৃভাষাৰ সলনি প্ৰথম ভাষা (first language) শব্দটো অধিক অৰ্থৱহ হ’ব বুলি ভাবে।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (Nov, 2000). অসমীয়া ব্যাকৰণ প্ৰৱেশ. বীণা লাইব্ৰেৰী. পৃষ্ঠা. 28. 
  2. Davies, Alan (2003). The Native Speaker: Myth and Reality. Multilingual Matters. ISBN 1-85359-622-1. https://books.google.com/books?id=JeTwQB5doD4C। আহৰণ কৰা হৈছে: 20 June 2015. [পৃষ্ঠা নং প্ৰয়োজন]
  3. "Terri Hirst: The Importance of Maintaining a Childs First Language". bisnet.or.id. Archived from the original on 12 March 2016. https://web.archive.org/web/20160312012655/http://bisnet.or.id/vle/mod/resource/view.php?id=1663। আহৰণ কৰা হৈছে: 13 July 2010. 
  4. Boroditsky, Lera (2001). "Does language shape thought?: Mandarin and English speakers' conceptions of time". Cognitive Psychology খণ্ড 43 (1): 1–22. doi:10.1006/cogp.2001.0748. PMID 11487292. http://www-psych.stanford.edu/~lera/papers/mandarin.pdf। আহৰণ কৰা হৈছে: 2013-09-17. 
  5. "IRIS | Page 5: Language Acquisition". iris.peabody.vanderbilt.edu. https://iris.peabody.vanderbilt.edu/module/clde/cresource/q2/p05/। আহৰণ কৰা হৈছে: 2022-09-20. 
  6. 6.0 6.1 6.2 পাঠক, ড॰ ৰমেশ (January, 2016). ভাষা-বিজ্ঞানৰ ভূমিকা. অশোক বুক ষ্টল. পৃষ্ঠা. 27.