১৪ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
১৪ অক্টোবৰ (ইংৰাজী: 14 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৭তম (অধিবৰ্ষত ২৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৮টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৮০ - শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হয়।
- ১৯৯৮ - ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয়।
- ২০০১ - আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিণতিত নাইজেৰিয়াত হোৱা গোষ্ঠীগত সংঘৰ্ষত প্ৰায় দুশ লোকৰ মৃত্যু হয়, অসংখ্য মছজিদ, গীৰ্জা ধ্বংস হয়।
জন্ম
সম্পাদনা কৰক- ১৮৬৪ - লক্ষ্মীনাথ বেজবৰুৱা, আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
- ১৯১৪ - লক্ষ্যধৰ চৌধুৰী, অসমীয়া অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ।
- ১৯২৪ - বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক।
- ১৯২৯ - শোভা ব্ৰহ্ম, ভাস্কৰ্য শিল্পী।
- ১৯৫০ - বিভূৰঞ্জন চৌধুৰী, অসমীয়া কণ্ঠশিল্পী তথা সংগীত পৰিচালক।
- ১৯৭২ - জয়া আখতাৰ, ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
- ১৯৮১ - গৌতম গম্ভীৰ, ভাৰতীয় ক্ৰিকেটাৰ। ২০০৩ চনৰ পৰা এদিনীয়া আৰু ২০০৪ চনৰ পৰা টেষ্ট ক্ৰিকেটৰ ভাৰতীয় দলৰ সদস্য।
মৃত্যু
সম্পাদনা কৰক- ১২৪০ - ৰেজিয়া চুলতানা, ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক।
- ১৯৩৩ - ভগৱতী প্ৰসাদ বৰুৱা, যাদুৰাম ডেকা বৰুৱাৰ নাতি আৰু পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জেষ্ঠ ভাতৃ।
- ২০০৯ - চনিৰা বেল্লিয়াপ্পা মুথাম্মা, ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া।
দিৱস
সম্পাদনা কৰক- মাতৃ দিৱস (বেলাৰুছ)।
- বিশ্ব মান দিৱস
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৪ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |