লাচিত দিৱস
লাচিত দিৱস(বান লা-চিত)(ইংৰাজী: Lachit Day) হৈছে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটোত সমগ্ৰ অসমতে লাচিত ফুকনলুঙৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত পালন কৰা এক দিৱস। অসমত এই দিনটোত চৰকাৰি ভাৱে বন্ধৰ দিন হিচাপে পালন কৰা হয়।[1]। ২০২২ চনৰ লাচিত দিৱস অসম চৰকাৰৰ হস্তক্ষেপত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী হিচাপে বিশাল আয়োজনেৰে অসম তথা দিল্লীত উদযাপন কৰা হৈছিল।[2]
লাচিত দিৱস বান লা-চিত Lachit Day | |
---|---|
![]() লাচিত মৈদামত বৰফুকন জনাক শ্ৰদ্ধা জনোৱা মূহুৰ্ত | |
সম্পূৰ্ণ নাম | লাচিত দিৱস |
পালন কৰে | অসম তথা ভাৰতৰ লোকে |
প্ৰকাৰ | সাংস্কৃতিক |
তাৰিখ | ২৪ নৱেম্বৰ |
সম্পৰ্কিত | অসম দিৱস, |
পৰৱৰ্তী তাৰিখ | প্ৰতিবছৰে একেটা দিন |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
ইতিহাসসম্পাদনা কৰক
বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই উজনি অসমৰ কোনো-কোনো স্থানীয় লোকে ২৪ নৱেম্বৰৰ দিনটো মূলতঃ ঔপনিৱেশিক চৰকাৰৰ প্ৰব্ৰজন সমৰ্থক নীতিৰ প্ৰতিবাদত লাচিত দিৱস হিচাপে স্মৰণ কৰিবলৈ আৰম্ভ কৰে।[3][lower-alpha 1] ১৯৪৭ চনত, সূৰ্য কুমাৰ ভূঞাই লাচিত বৰফুকন এণ্ড হিজ টাইমছ গ্ৰন্থত মোগল সাম্ৰাজ্যৰ সৈতে আহোম সংঘাতৰ বুৰঞ্জী ৰাষ্ট্ৰবাদী দৃষ্টিকোণৰ পৰা লিখিছিল। বিংশ শতিকাৰ শেষৰ ফালে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা) — যিটো বিচ্ছিন্নতাবাদী সংগঠনে স্বাধীন আৰু সাৰ্বভৌম অসম গঠনৰ বাবে চেষ্টা কৰিছিল — বৰফুকনৰ চিত্ৰকল্পক উপ-জাতীয়তাবাদী অপপ্ৰচাৰৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল।[3][lower-alpha 2]
ৰাজ্যপাল শ্ৰীনিবাস কুমাৰ সিনহাৰ অধীনত প্ৰথমবাৰৰ বাবে অসম চৰকাৰে বৰফুকনৰ স্মৃতি যিকোনো প্ৰশংসনীয় পৰিসৰত সংগঠিত কৰিছিল।[3][lower-alpha 3] সিনহাই ১৯৯৮ চনত গৌহাটী বিশ্ববিদ্যালয়ত বাৰ্ষিক "লাচিত বৰফুকন সোঁৱৰণী বক্তৃতা" আৰম্ভ কৰিছিল আৰু নেচনেল ডিফেন্স একাডেমীৰ পৰা শ্ৰেষ্ঠ পাছ আউট কেডেটক লাচিতৰ নামেৰে এটা পদক প্ৰদান কৰিব পৰা যাব বুলি মন্ত্ৰালয়ত ঘোষণা কৰিছিল। 5][6] সময়ৰ লগে লগে বৰফুকনক ভাৰতীয় সামৰিক নায়ক হিচাপে হিন্দু জাতীয়তাবাদী ব্যাকৰণৰ ভিতৰত নিজৰ কৰি লোৱা হ’ল; ২০০৪ চনত জয়ীতা শৰ্মাই লিখিছিল যে বৰফুকনক প্ৰাধান্য দিবলৈ সৰ্বাধিক চেষ্টা আলফাৰ বিপৰীতে অসম চৰকাৰেহে চেষ্টা কৰিছিল।[3][4]
৪০০ সংখ্যক জন্মজয়ন্তীসম্পাদনা কৰক
২০২২ চনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন হৈ যায়। অসমৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহত চৰকাৰি নিৰ্দেশনাত লাচিত দিৱস উপলক্ষে ১৯ নৱেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচী যেনে ৰচনা, চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা, নাটক, শোভাযাত্ৰা, বৃক্ষ ৰোপণ আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি লাচিত দিৱস উদযাপন কৰা হয়। দেশৰ ৰাজধানী নতুন দিল্লীতো ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী তিনিদিনীয়াকৈ উদযাপন হয়।[2] লাচিত দিৱস উপলক্ষে অসম চৰকাৰে লাচিত বৰফুকনৰ নামত এটা ৱেবছাইট আৰু এটা এপ মুকলি কৰে। লগতে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰী সকলক এই ৱেবছাইটত লাচিত বিষয়ক লিখনি দাখিল কৰিবলৈয়ো নিৰ্দেশ দিয়ে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহোম সেনাপতি জনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে ২০২২ চনত চলি থকা উদযাপনৰ অংশ হিচাপে কণ্ঠশিল্পী জুবিন গাৰ্গৰ দ্বাৰা ৰচিত এটা বিষয় গীত মুকলি কৰে। ‘মহাবীৰ’ লাচিতৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই গীতটোৱে জনসাধাৰণৰ মাজত “জাতীয়তাবাদ” বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। উক্ত বৰ্ষৰ আৰম্ভণিতে তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীত উদযাপনৰ শুভাৰম্ভণি কৰি যুদ্ধ স্মৃতিসৌধ আৰু নায়ক জনৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিছিল।[2]
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে অসম চৰকাৰে অসমৰ সকলো লোককে মহাবীৰ গৰাকীৰ বিষয়ে ৰচনা লিখাৰ বাবে আহ্বান জনাইছিল। অসম চৰকাৰৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনায় প্ৰায় ৪২ লাখৰো অধিক লোকে ৰচনা লিখি অনলাইন যোগে আপলোড কৰিছিল।লাচিত বৰফুকনৰ বিষয়ে লিখা সেই ৰচনাই Guinness World Records ত স্থান লাভ কৰিবলৈ সক্ষম হয়।Guinness World Records ৰ "Largest online Photo album of handwritten notes"ৰ শিতানত লাচিত বৰফুকনৰ এই ৰচনাই স্বীকৃতি লাভ কৰে।
টোকাসম্পাদনা কৰক
- ↑ The event celebrated Barpukhan as the last hero of soveireign Assam who had succesfully resisted foreign invaders.
- ↑ Suresh Phukan's Moidamor Pora Moi Lachite Koiso (trans. This is Lachit speaking from my burial tomb) had Barphukan as the narrator; he admonished Assam's political class for betraying the interests of the native people by facilitating migration and commended the separatist cause. The text exerted significant influence on ULFA cadres and sympathizers.
- ↑ Prior, the Government of Assam's first and only attempt at institutionalizing Barphukan's memory was the naming of the Saraighat Bridge in 1962.
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ http://www.hvk.org/articles/0801/92.html
- ↑ 2.0 2.1 2.2 "The heroism of Lachit Borphukan, legendary Ahom general and proud symbol of Assamese self-identity". The Indian express. https://indianexpress.com/article/explained/explained-culture/lachit-borphukan-ahom-general-assamese-identity-8285843/। আহৰণ কৰা হৈছে: 26 November 2022.
- ↑ 3.0 3.1 3.2 3.3 Baruah, Sanjib (2020) (en ভাষাত). In the Name of the Nation: India and Its Northeast. Stanford University Press.
- ↑ Sharma, Jayeeta (2004). "Heroes for our Times: Assam’s Lachit, India’s Missile Man". In Zavos, John (en ভাষাত). The Politics of Cultural Mobilization in India. প্ৰকাশক Delhi: Oxford University Press. ISBN 9780195668018.