বাণ ৰঙ্গমঞ্চ

(বাণ থিয়েটাৰৰ পৰা পুনঃনিৰ্দেশিত)


বাণ ৰঙ্গমঞ্চ হৈছে অসমশোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ। এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈছিল। কেইজনমান উল্লেখযোগ্য ব্যক্তি হ’ল সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা প্ৰমুখ্যে অনেক মহান শিল্পীয়ে এই মঞ্চতেই সাংস্কৃতিক সাধনা কৰিছিল। [1]

বাণ ৰঙ্গমঞ্চ
Baan Theatre

পুৰণি বাণ ৰঙ্গ মঞ্চ
প্ৰতিষ্ঠা ১৯০৬
অৱস্থিতি তেজপুৰ, অসম
প্ৰকাৰ সাংস্কৃতিক ক্ষেত্ৰ
তেজপুৰৰ নতুন বাণ ৰঙ্গ মঞ্চৰ প্ৰৱেশদ্বাৰ।
 
তেজপুৰৰ নতুন বাণ ৰঙ্গ মঞ্চৰ পিছফাল

ঊনবিংশ শতিকাত কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰৰ উদ্যোগত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয় আৰু এই সভাৰ প্ৰচেষ্টাত ১৮৮৯ চনত কলিকতাৰ পৰাই জোনাকী (আলোচনী) প্ৰকাশিত হয়। লম্বোদৰ বৰা এই সভাৰ সৈতে জড়িত আছিল। পৰৱৰ্তী লম্বোদৰ বৰা তেজপুৰলৈ আহি স্থায়াভাৱে থিতাপি লয়। ১৮৯০ চনৰ ১৩ নৱেম্বৰ দেওবাৰে লম্বোদৰ বৰাৰ ঘৰত এখন সভা পতা হৈছিল। এই সভাৰ নাম ৰখা হৈছিল অসমীয়া ভাষাৰ আলোচনা সভা। এই সভাৰ সৈতে জড়িত ব্যক্তিসকল আছিল লম্বোদৰ বৰা, পণ্ডিত জয়দেৱ শৰ্মা, কালিনাথ হাজৰিকা, বংশীধৰ বৰুৱা, ঘনকান্ত চলিহাৰ দৰে ব্যক্তি। এই সভাই জন্মৰ পিছতেই কেইবাটাও ডাঙৰ কাম কৰিবলৈ চেষ্টা কৰিছিল। তাৰ ভিতৰত এটা পুথিভঁৰাল আৰু টাউন হল স্থাপন, হেমকোষ অভিধানৰ কাৰণে আগতীয়াকৈ ধন-সংগ্ৰহ, গ্ৰন্থপ্ৰকাশত সহায়, ছপা আৰু হাতেলিখা পুথিৰ তালিকা প্ৰনয়ণ, পুৰণি পুথিৰ সংৰক্ষণ, নামঘৰ নিৰ্মাণ আদি। [2] অসমীয়া ভাষাৰ আলোচনা সভাৰ দ্বিতীয় বছৰৰ প্ৰথম অধিৱেশনৰ পিছত লম্বোদৰ বৰা ১৮৯২ চনৰ ১২ এপ্ৰিলত হাইজা ৰোগত আক্ৰান্ত হৈ মৃত্যুৱৰণ কৰে।[3]

অসমীয়া আৰু বঙালীসকলে লগ লাগি বৰ্তমানৰ বঙালী ৰঙ্গমঞ্চ থকা ঠাইত পূৰ্বে ৰাজহুৱা দুৰ্গাপূজা পাতিছিল। দুৰ্গা পূজাত বঙলা যাত্ৰা অভিনয়ৰ, বাই নাচ, খেমটা নাচ আদি পৰিৱেশন কৰা হৈছিল। তেজপুৰৰ বঙালী লোকসকলৰ প্ৰচেষ্টাত তেজপুৰত প্ৰথম অবৈতনিক নাট্য-সমাজ গঠিত হয়। অসমীয়া আৰু বঙালী উভয় ৰাইজৰ দান-বৰঙণিৰে ১৯০১ চনত এখন ৰঙ্গমঞ্চ সজা হয় আৰু ইয়াৰ নাম অবৈতনিক নাট্যসমাজ ৰখা হয়। প্ৰথমে ইয়াত বঙলা নাট সীতাৰ বনবাস মঞ্চস্থ কৰা হৈছিল। অসমীয়াসকলৰ পক্ষৰ পৰাও এদিনৰ কাৰণে ভ্ৰমৰঙ্গ নাটৰ অভিনয় কৰা হৈছিল। ১৯০২ চনত ৰজা হৰিশ্চন্দ্ৰ নাট অভিনীত হৈছিল। [4] ১৯০৬ চনত আয়োজিত দুৰ্গাপূজাত অবৈতনিক নাট্যসমাজৰ পৰা অসমীয়া লোকক মাথোঁন পাছ দি অভিনয় চাবলৈ নিমন্ত্ৰণ কৰা হৈছিল। এই নিমন্ত্ৰিত লোকসকলেও গৈ বহিবলৈ যথাযোগ্য আসন নোপোৱা ঘটনাক কেন্দ্ৰ কৰি অসমীয়া আৰু বঙালীসকলৰ মাজত মনোমালিন্যৰ সূত্ৰপাত হয়। পিছদিনাই অসমীয়া লোকসকলে লগ লাগি আলোচনা কৰি এটা সুকীয়া নামঘৰ সাজিবলৈ প্ৰস্তাল গ্ৰহণ কৰে আৰু তাৰ ফল স্বৰূপেই প্ৰায় চাৰে তিনি হেজাৰ টকা খৰচ কৰি এটা নামঘৰ সজা হয়। কিন্তু এই নামঘৰৰ কোনো নামকৰণ হোৱা নাছিল যদিও এই নামঘৰক অসমীয়া ৰাইজে থিয়েটাৰ ঘৰ বুলি কৈছিল। পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সভাপতিত্বত ১৯০৮ চনৰ ৭ অক্টোবৰ তাৰিখে অসমীয়া থিয়েটাৰৰ প্ৰথম অধিৱেশন বহে আৰু ইয়াৰ প্ৰধান আলোচ্য বিষয় আছিল থিয়েটাৰ ঘৰৰ নামকৰণ। এই সভাতে এই ৰঙ্গমঞ্চৰ নাম ভৈৰবী থিয়েটাৰ ৰাখিবলৈ স্থিৰ কৰা হয় আৰু পদ্মনাথ গোহাঞি বৰুৱাক সম্পাদক পতা হয়। বেণুধৰ ৰাজখোৱা ডাঙৰীয়াৰ নাটঘৰৰ অভিজ্ঞতা নামৰ প্ৰবন্ধৰ পৰা জনা যায় যে তেজপুৰত অভিনয় হোৱা প্ৰথম নাটখনি আছিল সাবিত্ৰী-সত্যবান[5] ১৯০৮ চনৰ ১৭ অক্টোবৰ তাৰিখে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সভাপতিত্বত দ্বিতীয়খন সভা বহিছিল। সেই সভাত ভৈৰবী থিয়েটাৰৰ সলনি নাম ৰখা হয় বাণ থিয়েটাৰবাণ থিয়েটাৰৰ আৰম্ভণিতে ১৯০৬ চনত কৰ্ণ বধ অভিনয় হয়। ১৯০৭ চনত পদ্মনাথ গোহাঞি বৰুৱা এই থিয়েটাৰৰ সম্পাদক নিযুক্ত হয়। ইয়াৰ পিছত বাণ থিয়েটাৰত ৰজা হৰিশ্চন্দ্ৰ নাট অভিনীত হৈছিল। সেই অভিনয়ত ৰাধাকান্ত দাসে হৰিশ্চন্দ্ৰৰ আৰু পদ্মনাথ গোহাঞি বৰুৱাবিশ্বামিত্ৰৰ ভাও লৈছিল। ১৯০৭ চনত পদ্মনাথ গোহাঞি বৰুৱানাট্যমঞ্চৰ নামৰ লগত সম্বন্ধ থকা বাণ ৰজা নাট ৰচনা কৰে আৰু মঞ্চত্ব হয়। [6]

আঁৰিয়া কাপোৰৰ লগতে পেট্ৰোমাস্ক লেমৰ ব্যৱহাৰ কৰা হৈছিল। দৃশ্যপটৰ বাবে কাগজত নানা দৃশ্যপট আঁকি ব্যৱহাৰ কৰা হৈছিল। [7]

বিভিন্ন অভিনয়

সম্পাদনা কৰক

১৯০৮ চনত বিখ্যাত হেমপ্ৰভা নাটক অভিনয় কৰা হয়। সেই সময়ত বলীন্দ্ৰ বৰুৱা, গুণীন্দ্ৰ শৰ্মা আদি আগশাৰীৰ অভিনেতা আছিল। ভ্ৰমৰঙ্গ আৰু মহৰী বাণ ৰঙ্গমঞ্চত অভিনীত হোৱা প্ৰথম ধেমেলীয়া অভিনয়। মহৰী নাটৰ অভিনয়ত ভাও লৈছিল ডাক্তৰ কামিনীকান্ত দাস (ভেকোলা), পদ্মনাথ গোহাঞি বৰুৱা (ফক্স চাহাব) আৰু মাকৰী মেমৰ ভূমিকাত ওলাইছিল উমা সিংহ। ১৯০৯ চনত চন্দ্ৰনাথ শৰ্ম্মাকুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ বঙলাৰ পৰা অসমীয়া অনুবাদিত নাটখন অভিনয় কৰা হয়। এই নাটৰ বিভিন্ন অভিনয় ভাও লৈছিল অসমৰ অন্যতম শ্ৰেষ্ঠ ভাৱৰীয়া বোধনাথ পটঙ্গীয়া, ডাক্তৰ কামিনীকান্ত দাস আদিয়ে। ১৯০৯ চনতে চন্দ্ৰনাথ শৰ্ম্মা আৰু শ্ৰীবসন্তকুমাৰ বৰুৱাই বঙলাৰ পৰা অনূদিত ছাজাহান নাটৰ অভিনয় হয়। সেই অভিনয়ত চন্দ্ৰনাথ শৰ্ম্মা (ছাজাহান), বোধনাথ পটঙ্গীয়া (ঔৰংজেৱ), ডাঃ কামিনীকান্ত দাস (দাৰা), সুবেন দাস (চুজা), গুণাৰাম শৰ্ম্মা (মোৰাদ), ভৱানন্দ শৰ্ম্মা (জাহানাৰা) চৰিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰিও মেৱাৰ পতন, ৰাণা প্ৰতাপ আদি অনূদিত নাটকৰো সেই সময়তে অভিনয় হৈছিল। [8]

নতুন বাণ থিয়েটাৰ

সম্পাদনা কৰক

১৯৮৬ চনতে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহ সভাই বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ আঁচনি গ্ৰহন কৰে৷ বাণ থিয়েটাৰৰ পূৰ্বৰ স্থান কালিবাৰীৰ পৰা ইয়াক স্থানান্তৰ কৰা হয় তেজপুৰৰ বৰ্তমানৰ স্থান গণেশ মিল চাৰিআলিৰ বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূবত ৷ এই স্থানত বাণ থিয়েটাৰ স্থানান্তৰ কৰাৰ পাছত ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ লগতে বিভিন্ন জনৰ সহযোগতে আটকধুনীয়া প্ৰেক্ষাগৃহ, মঞ্চ, অতিথি কোঠা, পুথিভঁৰাল, প্ৰস্ৰাৱাগাৰ, শৌচাগাৰ, দুমহলা সাজসজ্জাৰ ঘৰ জনসাধাৰণৰ নিৰ্মাণ কৰা হয়৷ ভূপেন হাজৰিকাই ২০০৩ চনৰ ১৭ ফেব্ৰুৱাৰীত পুনৰ নিৰ্মিত বাণ থিয়েটাৰৰ শুভ উদ্বোধন কৰে ৷[9]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. গণ অধিকাৰ, দেওবৰীয়া বিশেষ, গুৱাহাটী প্ৰকাশন, দেওবাৰ, ১৯ ফেব্ৰুৱাৰী, ২০১২, লেখক: হেমন্ত কুমাৰ নাথ, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, এক অৱলোকন।
  2. Manchalekha,Ed.1st:Hazarika,Atul Chandra,Page:432
  3. নৱজ্যোতি দেৱ চৌধুৰী (ছেপ্টেম্বৰ, ২০০৯). ঐতিহাসিক তেজপুৰ. পৃষ্ঠা. ৫৬-৫৭
  4. Manchalekha,Ed.1st:Hazarika,Atul Chandra,Page:433
  5. Manchalekha,Ed.1st:Hazarika,Atul Chandra,Page:434
  6. Manchalekha,Ed.1st:Hazarika,Atul Chandra,Page:435
  7. Manchalekha,Ed.1st:Hazarika,Atul Chandra,Page:435
  8. Manchalekha,Ed.1st:Hazarika,Atul Chandra,Page:435
  9. নেওগ, সুব্ৰত জ্যোতি(সম্পা): অসমৰ নাট্য পৰম্পৰা ১৯৭০ চনৰ পৰা ২০২০ চনলৈকে (প্ৰথম খণ্ড), পৃষ্ঠাঃ১১৭