শৰৎ চন্দ্ৰ সিংহ

(শৰত চন্দ্ৰ সিংহৰ পৰা পুনঃনিৰ্দেশিত)

শৰৎ চন্দ্ৰ সিংহ (ইংৰাজী: Sarat Chandra Sinha) (১৯১৪-২০০৫) অসমমুখ্যমন্ত্ৰী[1] আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজবাদী) আৰু জাতীয়তাবাদী কংগ্ৰেছ দল (Nationalist Congress Party) ৰ নেতা আছিল।[2] তেওঁৰ সমৰ্থক সকলে তেওঁৰ আপোচবিহীন মূল্যবোধ, গান্ধীবাদী চিন্তাধাৰা, দলিতজনৰ সেৱা, সততা আৰু সৰলতাৰ বাবে সন্মান কৰে[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ এজন লিখকো আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

শৰৎ চন্দ্ৰ সিংহ
Sarat Chandra Sinha
মুখ্যমন্ত্ৰী
কাৰ্যকাল
১৯৭২ – ১৯৭৮
নেতা ভাৰতীয় জাতীয় কংগ্ৰেছ
পূৰ্বসূৰী মহেন্দ্ৰ মোহন চৌধুৰী
উত্তৰসূৰী গোলাপ বৰবৰা
সভাপতি, ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজবাদী) - শৰৎ চন্দ্ৰ সিংহ
কাৰ্যকাল
১৯৮৪ – ১৯৯৯
ব্যক্তিগত তথ্য
জন্ম ০১ জানুৱাৰী, ১৯১৪
চাপৰ
মৃত্যু ২৫ ডিচেম্বৰ, ২০০৫ (৯১ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ, জাতীয়তাবাদী কংগ্ৰেছ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজবাদী), ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজবাদী) - শৰৎ চন্দ্ৰ সিংহ
শিক্ষানুষ্ঠান বানাৰস হিন্দু বিশ্ববিদ্যালয়
পেচা শিক্ষক
সমাজকৰ্মী

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

১৯১৪ চনৰ ১ জানুৱাৰী তাৰিখে ধুবুৰী জিলাচাপৰত শৰৎ চন্দ্ৰ সিংহৰ জন্ম হয়। তেওঁ গাঁৱৰ স্কুলতে প্ৰাথমিক শিক্ষা লাভ কৰে। ধুবুৰীৰে বিলাসীপাৰাত তেওঁ হাইস্কুলত পঢ়িছিল। ইয়াৰ বাবে তেওঁ ঘৰৰ পৰা প্ৰায় ২৫ কিঃ মিঃ খোজকাঢ়ি বা চাইকেল চলাই যাব লগা হৈছিল।[3][4]

তেওঁ কটন কলেজৰ পৰা স্নাতকতা কৰে আৰু তথাক্ৰমে বানাৰস হিন্দু বিশ্ববিদ্যালয়ত আইন পঢ়ি ডিগ্ৰী (এল.এল.বি) লাভ কৰে। তাৰ পাছত তেখেত গুৱাহাটীলৈ ঘুৰি আহে আৰু কিছুদিন ওকালতি কৰে।[4] পশ্চাতক্ৰমে তেওঁ সহকাৰী শিক্ষকৰ পৰা আৰম্ভ কৰি হেড মাষ্টৰলৈকে বিভিন্ন পদত ধুবুৰী জিলাত স্কুলীয়া শিক্ষা প্ৰদানত ব্যস্ত হয়। [3]

১৯৫০ চনৰ প্ৰথমভাগত ভাষাভিত্তিক ৰাজ্যবিভাজনৰ সময়ত নামনি অসমৰ এচামে গোৱালপাৰা জিলাপশ্চিম বংগৰ লগত চামিল কৰাৰ কথা উঠাইছিল যদিও সিংহই ইয়াৰ বিৰোধ কৰে। পাছত গোৱালপাৰা জিলাঅসমৰ ভৌগোলিক সীমাৰ ভিত্তিত অসমৰ অন্তৰ্ভূক্ত কৰা হয়।[5]

ৰাজনৈতিক জীৱন

সম্পাদনা কৰক
 
শৰৎ চন্দ্ৰ সিংহ জীৱনৰ ভিত্তি কৰি লিখা "অন্য এক যাত্ৰা" গ্ৰন্থৰ বেটুপাত

১৯৪৬ চনত শৰৎ চন্দ্ৰ সিংহই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যোগেদি ৰাজনীতিত প্ৰৱেশ কৰে আৰু পূৱ বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা ১৯৪৬-৫২, ১৯৬২-৬৭, ১৯৭২-৭৮ আৰু ১৯৮৫-৯০লৈ মুঠ চাৰিবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হয়। [5] ১৯৭২ চনত তেওঁক কিছুদিনৰ বাবে ইন্দিৰা গান্ধীয়ে অন্তৰ্ৱতীকালীন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে, পাছত তেওঁ পুণৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ আহে আৰু ১৯৭৮ চনলৈকে এই পদত থাকে। তাৰোপৰি তেওঁ বিভিন্ন সময়ত কংগ্ৰেছৰ আন আন পদবী যেনে সাধাৰণ সম্পাদক, উপ-সভাপতি, সভাপতি আদি পদটো অধিষ্ঠিত হয়। ইন্দিৰা গান্ধীয়ে অসমত ঘোষণা কৰা আপাতকালীন অৱস্থাৰ পাছৰ কালত তেওঁ কংগ্ৰেছ (সমাজবাদী) দলত যোগদান কৰে, আৰু ১৯৮৭ চনত ইয়াৰ ৰাষ্ট্ৰীয় সভাপতি হয়। মূখ্যমন্ত্ৰী হৈ থকা কালচোৱাত সিংহই বহুবোৰ প্ৰত্যাহবানৰ সন্মূখীন হ’ব লগা হয় যেনে, মেঘালয় অসমৰ পৰা পৃথক হৈ যোৱাৰ পাছত ৰাজ্যৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা, ৰাজ্যত সৰ্বত্ৰে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে হোৱা ১৯৭২ চনৰ ভাষা আন্দোলন নিয়ন্ত্ৰণ কৰা ইত্যাদি। গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয় আৰু বঙাইগাওঁ তেল শোধানাগাৰ স্থাপনত সিংহৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। [5] তেওঁ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বিশ্বাসী আছিল আৰু ৰাজ্যখনৰ পিছপৰা জাতি-জনজাতিৰ বিকাশৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। ৰাজ্যৰ আৰ্থিক অৱস্থাৰ ঊন্নতিৰ বাবে ৰাজ্যত সমবায় খণ্ডৰ জন্ম দিছিল। যেতিয়া শাৰদ পাৱাৰে কংগ্ৰেছ এৰি জাতীয়তাবাদী কংগ্ৰেছ দল(Nationalist Congress Party) গঠন কৰে সিংহয়ো তেওঁক লগ দিয়ে আৰু মৃত্যু পৰ্যন্ত অসমত সেই দলক নেতৃত্ব দি যায়। [6]

২০০৫ চনৰ ২৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ নিজা বাসভৱনত তেওঁ মৃত্যু হয়। [3][7]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক