অসমীয়া ৱিকিপিডিয়া প্ৰকল্পত আপুনি যোগদান কৰাৰ বাবে আমি আনন্দিত হৈছোঁ। ওপৰত আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান লিংক দিয়া হৈছে। সেইকেইটাত এবাৰ চকু ফুৰাব। আপুনি সৃষ্টি কৰা ফুটবল, হকী আদি প্ৰবন্ধকেইটা অনুগ্ৰহ কৰি ইং ৱিকিপিডিয়া বা আন উৎস চাই বিস্তাৰ কৰক। এশাৰী-দুশাৰীৰ পৃষ্ঠা ৱিকিপিডিয়াত বেয়া দেখি; হয়তো সিবোৰ আঁতৰাই দিয়া হ'ব। ইয়াত প্ৰশ্ন সুধিবলৈ অসুবিধা পালে ওপৰত লিংক দিয়া ফে'চবুক গোটটোলৈ গৈও সুধিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 05:21, 16 জানুৱাৰী 2013 (UTC)

ক্ৰিকেট প্ৰৱন্ধটো সম্পাদনা কৰক

আপুনি আৰম্ভ কৰা ক্ৰিকেট নামৰ প্ৰৱন্ধটো মই ৱিকি যোগ্য হোৱাকৈ লিখিছোঁ। এটা বা দুটা শাৰীৰ প্ৰৱন্ধ ৱিকিপিডিয়াত গ্ৰহণযোগ্য নহয়। চুটি প্ৰৱন্ধ একোটায়ো বিষয়টোৰ মোটামুটী ধাৰণা এটা দিব পাৰিব লাগে, তেতিয়াহে প্ৰৱন্ধটো ৱিকিৰ যোগ্য বুলি ধৰি লোৱা হয়। ক্ৰিকেট প্ৰৱন্ধটৌ লিখিবৰ বাৰে মই ইংৰাজীখনৰ cricket শীৰ্ষক প্ৰৱন্ধটোৰ প্ৰথম অংশটো অনুবাদ কৰিছো। ইংৰাজী ৱিকিপিডিয়াৰ একেবাৰে আৰম্ভণিৰ অংশই সমগ্ৰ বিষয়টোৰে অতি চমু আভাষ এটা দিয়ে। দীঘল প্ৰৱন্ধ লিখিবলৈ অসুবিধা থাকিলে এইখিনি কৰি থ'ব পাৰি। তেতিয়া প্ৰৱন্ধটো উপযোগী হয়।উদ্দীপতালুকদাৰ (talk) 14:42, 18 জানুৱাৰী 2013 (UTC)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বিষ্ণু খাৰঘৰীয়া আৰু প্ৰাঞ্জল শইকীয়া- এই প্ৰবন্ধ দুটাত আপুনি তথ্য সমূহ এইটো ব্লগৰ পৰা সংগ্ৰহ কৰিছে। কিন্তু ৱিকিপিডিয়াত প্ৰবন্ধৰ তথ্য সমূহ কোনো ব্লগৰ পৰা লোৱা নহয়। সেয়েহে অনুগ্ৰহ কৰি তথ্য সমূহ অন্য কোনো ৱেবছাইটৰ পৰা সংগ্ৰহ কৰে যেন। Ani ttbr (talk) 16:54, 19 জানুৱাৰী 2013 (UTC)

আপুনি মনিৰাম দেৱান আৰু পিয়লী ফুকন বুলি দুটা নতুনকৈ প্ৰবন্ধ সৃষ্টি কৰিছিল। এই দুটা প্ৰবন্ধ ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত আছিলেই। হয়তু আপুনি বানানৰ বাবে পৃষ্ঠা দুটা নতুনকৈ সৃষ্টি কৰিছিল। এনেকুৱা হ'লে #REDIRECT কৰি দিব। নতুন পৃষ্ঠা সৃষ্টি নকৰিলেও হ'ব। উদাহৰণ স্বৰূপে মনিৰাম দেৱান পৃষ্ঠাটো চাই ল'ব পাৰে। Ani ttbr (talk) 09:59, 20 জানুৱাৰী 2013 (UTC)

বিশেষ পদক সম্পাদনা কৰক

  বিশেষ পদক
অসমীয়া ৱিকিপিডিয়াত কেইবাটাও নতুন প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰিবৰ বাবে আপোনাৰ যি আগ্ৰহ সেয়া শলাবলগীয়া। সেয়ে অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা কৃতজ্ঞতা সহকাৰে আপোনাক এই পদকটো আগবঢ়ালোঁ। এনেদৰেই ভৱিষ্যতেও আপুনি অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ।
ইয়াৰ লগতে ৱিকিপিডিয়া:অনুবাদ পৃষ্ঠাত থকা প্ৰবন্ধকেইটা অনুবাদ কৰিবলৈ সহায় কৰিব বুলি আশা ৰাখিলোঁ। অনিমেষ বৰা (বাৰ্তা) 16:07, 20 জানুৱাৰী 2013 (UTC)

স্থানান্তৰ সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। কিন্তু আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধকেইটাই ৱিকিপিডিয়াৰ নীতি-নিয়ম মানি চলা নাই। এশাৰী-দুশাৰীৰ প্ৰবন্ধ ৱিকিপিডিয়াৰ বাবে গ্ৰহণযোগ্য নহয়। এই বিষয়ে আগতেও আপোনাক বাৰ্তা দিয়া হৈছে। ম‍ই 'পল্টন বজাৰ', 'গণেশগুৰি' আদি প্ৰবন্ধকেইটা আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ (Move) কৰাৰ প্ৰস্তাৱ দিলোঁ। তেতিয়া প্ৰবন্ধটোৰ শিৰোনামা এনেকুৱা হ'ব: "সদস্য :Ankan Deka/পল্টন বজাৰ"। আপুনি সমল গোটাই প্ৰবন্ধকেইটা বিস্তাৰ কৰা পিছত পুনৰ আগৰ শিৰোনামালৈ কৰি দিব পাৰিব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 15:56, 21 জানুৱাৰী 2013 (UTC)

আপুনি প্ৰবন্ধকেইটাৰ বিশেষ উন্নতি নকৰাকৈয়ে স্থানান্তৰৰ টেগ্‌সমূহ আঁতৰাই দিয়া পৰিলক্ষিত হ'ল। অনুগ্ৰহ কৰি আন সম্পাদকৰ কামৰ প্ৰতি "ভাল ভাৱ ৰাখক"। এমাহ পিছত অলপ বহলাই নিলিখিলে প্ৰবন্ধকেইটা টেগ্‌ নকৰাকৈ আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 19:26, 21 জানুৱাৰী 2013 (UTC)

তথ্যসূত্ৰ সম্পাদনা কৰক

আপুনি শেহতীয়াকৈ বহুকেইটা প্ৰবন্ধ সৃষ্টি কৰা দেখা গৈছে। এইটো ভাল কথা। পিছে আপুনি প্ৰবন্ধসমূহৰ তথ্যসমূহ বিশ্বাসযোগ্য উত্সৰ পৰা সংগ্ৰহ কৰা নাই। ব্যক্তিগত ব্লগ বা ফেচবুক পৃষ্ঠাৰ তথ্য ৱিকিপিডিয়াৰ বাবে গ্ৰহণযোগ্য নহয়। এই সংক্ৰান্তত অন্য ৱিকিপিডিয়ানে সকিয়াই দিয়াৰ পাছতো আপুনি অবিশ্বাসযোগ্য উত্সৰ পৰা তথ্য সংগ্ৰহ কৰি আছে। আশা কৰো, এনে নকৰিব। বাবুল বৈশ্য 16:28, 23 জানুৱাৰী 2013 (UTC)

অংকন ডেকা ডাঙৰীয়া, আপোনাক ইমানবোৰ সদস্যই বাৰ্তা দি আছে, অথচ আপুনি কোনোধৰণৰ গুৰুত্ব দিয়া নাই আৰু উত্তৰো দিয়া নাই। এনে আচৰণে ভুল বুজাবুজিৰ সৃষ্টি কৰিব। প্ৰবন্ধ লিখিবলৈ শিকিলে যেতিয়া সংখ্যাৰ লগতে প্ৰবন্ধৰ গুণাগুণতো মনোযোগ দিয়ক। আশাকৰোঁ এই পৃষ্ঠাখন আপুনি পঢ়ি চাব: ৱিকিপিডিয়া:সৰল সহায়িকা

— গীতাৰ্থ বৰদলৈ (talk) 19:01, 23 জানুৱাৰী 2013 (UTC)

সকলোকে ধন্যবাদ জনাইছো। ইমানবোৰ বাৰ্তা মোক প্ৰেৰণ কৰা হৈছিল অথচ মই দেখাই নাছিলো। দূঃখিত। আচলতে মোৰ সময় বৰ কম। এই অলপ সময়ত মই ৱিকিপিডিয়াত বেছি লিখিব সময় দিব পৰা নাই। গতিকে বেয়া নাপাব। ওপৰৰ দিয়া সকলো বাৰ্তাৰ বাবে সকলোকে ধন্যবাদ দিলো। (অংকন ডেকা)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Ankan Deka,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.