সলিল চৌধুৰী

বঙালী সংগীত পৰিচালক, সুৰকাৰ, কবি, গীতিকাৰ আৰু গল্প-লেখক

সলিল চৌধুৰী এজন ভাৰতীয় সঙ্গীত পৰিচালক। তেওঁ মূলতঃ বঙালী, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত আদিকে ধৰি অন্যান্য আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনা কৰিছিল। ইয়াৰ বাদেও তেওঁ এজন কবি আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতৰ গুনগ্ৰাহীসকলৰ ওচৰত তেওঁ সলিলদা নামেৰে পৰিচিত আছিল।

সলিল চৌধুৰী
সলিল চৌধুৰী
সলিল চৌধুৰী
প্ৰাথমিক তথ্য
জন্মৰ নাম সলিল চৌধুৰী
জন্ম ১৯ নৱেম্বৰ, ১৯২২[1]
মূল চিংড়িপোতা, চব্বিশ পৰগনা জিলা, বাংলা প্ৰেছিডেন্সি (বৰ্তমান ভাৰতপশ্চিমবঙ্গত অৱস্থিত)[1]
মৃত্যু ৫ ছেপ্টেম্বৰ, ১৯৯৫ (৭২ বছৰ)
পেচা সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ আৰু গল্পকাৰ

তেখেতৰ সঙ্গীত প্ৰতিভা মূলত ভাৰতীয় চলচ্চিত্ৰ শিল্পত ব্যাপকভাবে স্বীকৃত।[1] তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ যেনে বাঁহী, পিয়ানো, এছৰাজ ইত্যাদি বজাবলৈ জানিছিল। তেওঁৰ মৌলিক কবিতাবোৰৰ বাবে তেখেত ব্যাপকভাৱে নন্দিত আৰু প্ৰশংসিত।[1]

জন্মসম্পাদনা কৰক

সলিল চৌধুৰী এটা হিন্দু ধৰ্মাৱলম্বী কায়স্থ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেখেত শৈশৱৰ বেছি ভাগ সময় অসমৰ চাহ বাগানত কটাইছিল। সেই চাহ বাগানত তেওঁৰ দেউতাক এজন চিকিৎসক হিচাপে নিয়োজিত আছিল।[1]

কৰ্মজীৱনসম্পাদনা কৰক

প্ৰাৰম্ভিক প্ৰভাৱসম্পাদনা কৰক

অসমৰ চাহ বাগানত তেখেতৰ শৈশৱকাল পাৰ হৈছিল।[1] সৰুৰে পৰাই তেখেতে দেউতাকে সংগ্ৰহ কৰা পাশ্চাত্যৰ উচ্চাঙ্গ সঙ্গীত শুনিছিল[1]। তেওঁৰ পিতৃ চাহ বাগানৰ কুলি আৰু অনান্য কৰ্মচাৰীসকলৰ লগত মঞ্চ নাটকৰ বাবে সুখ্যাতি লাভ কৰিছিল।[2] তেওঁ কলকাতাত অৱস্থিত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ বঙ্গবাসী কলেজৰ[2] পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তেনে সময়তেই তেওঁ সঙ্গীত কলাত পৰিপক্কতা লাভ কৰে আৰু সমসামায়িক ভাৱে ৰাজনীতিৰ লগতো জড়িত হৈ পৰে।

১৯৪৪ চনত স্নাতক পাঠ্যক্ৰম গ্ৰহণৰ বাবে কলকাতালৈ আহে, তেতিয়া ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক দল ভাৰতীয় গণনাট্য সংঘ বা আইপিটিএ’ ত (Indian Peoples Theater Association) [1] যোগদান কৰে। এই সময়ত তেওঁ গান লিখা[1] আৰু সেই গানবোৰৰ বাবে সুৰ দিয়া[1] আৰম্ভ কৰে। ভাৰতীয় গণনাট্য সংঘৰ সাংস্কৃতিক দলটোৱে বিভিন্ন চহৰ আৰু গাঁও ভ্ৰমন কৰি, এই গানসমূহক সাধাৰণ মানুহৰ কাষলৈ লৈ আনে যিবোৰে কিছুদিন পাছত ব্যাপক জনপ্ৰিয়তা লাভ কৰে।[1]

গাঁয়েৰ বধু ৰ দৰে গান তেতিয়াৰ বঙালী সঙ্গীতত এটা নতুন ধাৰা তৈয়াৰ কৰিছিল, যিবোৰ সলিল চৌধুৰীয়ে মাত্ৰ ২০ বছৰ বয়সতে সুৰ কৰিছিল।[1] পশ্চিমবঙ্গত তেতিয়া প্ৰায় প্ৰত্যেক প্ৰতিষ্ঠিত শিল্পীয়েই এইবোৰ গান গাইছিল। ইয়াৰ মাজত হেমন্ত মুখোপাধ্যায়, শ্যামল মিত্ৰ, মানবেন্দ্ৰ মুখোপাধ্যায়, প্ৰতিমা বন্দ্যোপাধ্যায় আদিৰ নাম উল্লেখযোগ্য।

পৰিয়ালসম্পাদনা কৰক

সলিল চৌধুৰীয়ে সবিতা চৌধুৰীক বিয়া কৰাইছিল। তেওঁৰ দুই কন্যা আৰু এজন পুত্ৰ সন্তান আছে।

চলচ্চিত্ৰৰ জগতলৈ অৱদানসম্পাদনা কৰক

১৯৪৯ চনত তেওঁৰ প্ৰথম বঙালী চলচ্চিত্ৰ "পৰিবৰ্তন" মুক্তি পায়। তেওঁ ৪১খন বঙালী চলচ্চিত্ৰত সংগীত পৰিচালনা কৰে। তেখেতৰ অন্তিম চলচ্চিত্ৰ আছিল "মহাভাৰতী" আৰু এইখন ১৯৯৪ চনত মুক্তি লাভ কৰিছিল।

১৯৫৩[1] চনত বিমল ৰায় পৰিচালিত “দো বিঘা জমীন” চলচ্চিত্ৰত সঙ্গীত পৰিচালক হিচাপে সলিল চৌধুৰীৰ হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটে। সলিল চৌধুৰীৰ চুটি গল্প "ৰিক্সাৱালা"ৰ[1] ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰখন তৈয়াৰ কৰা হৈছিল। এই চলচ্চিত্ৰখনে তেওঁৰ কৰ্মজীৱনকে নতুন মাত্ৰা যোগ কৰে কিয়নো এইখনে প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ সেৱা চলচ্চিত্ৰ বঁটা আৰু কান চলচ্চিত্ৰ উৎসৱত আন্তৰ্জাতিক বঁটা লাভ কৰে।

বঙালী আৰু হিন্দী চলচ্চিত্ৰত ২০ বছৰ কাম কৰাৰ পাছত সলিল চৌধুৰীয়ে ১৯৬৪ চনত “চিম্মিন” চলচ্চিত্ৰৰ যোগেদি মালয়ালম চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে[1]। সলিল চৌধুৰী মালয়ালাম ভাষাৰ গানসমূহে বেছ জনপ্ৰিয়তা লাভ কৰিছিল।

তেওঁ প্ৰায় ৭৫খনৰ অধিক হিন্দী চলচ্চিত্ৰ, ৪০ খনৰ অধিক বঙালী চলচ্চিত্ৰ, প্ৰায় ২৬খন মালয়ালম চলচ্চিত্ৰ লগতে কিছুসংখ্যক মাৰাঠী, তামিল, তেলেগু, কান্নাডা, গুজৰাটি, ওড়িয়া আৰু অসমীয়া চলচ্চিত্ৰত সঙ্গীত পৰিচালনা কৰে।

অসমীয়া চলচ্চিত্ৰ জগতত অৱদানসম্পাদনা কৰক

অসমীয়া চলচ্চিত্ৰ ৰ ক্ষেত্ৰটো সলিল চৌধুৰীৰ নাম উল্লেখনীয়, সেই সময়ত তেওঁ কেইটামান অসমীয়া সংগীত সৃষ্টি কৰিছিল। তেখেতে সুৰ দিয়া কেইটামান অসমীয়া গীত আছিল:-

  1. মন পছোৱা বা (কথা: ফনী তালুকদাৰ),
  2. অ’ কপৌপাহি (কথা: ফনী তালুকদাৰ),
  3. ফাগুন তোমাক জনালো নিমন্ত্ৰন (কথা: অনুৰাধা দাস),
  4. অ’ ফাগুনৰে উতলা বা (কথা: অনুৰাধা দাস) ইত্যাদি।

উপৰোক্ত গীতসমূহৰ কেইবাটাও গীতত তেখেতৰ পত্নী তথা গায়িকা সবিতা চৌধুৰীয়ে কণ্ঠদান কৰিছিল। সলিল চৌধুৰীয়ে সংগীত পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন “অপৰাজেয়” আছিল।


বঁটা আৰু সন্মানসম্পাদনা কৰক

মৃত্যুসম্পাদনা কৰক

১৯৯৫ চনৰ ৫ ছেপ্তেম্বৰত ভাৰতৰ কলকাতাত তেখেতৰ মৃত্যু হয়৷

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক