সাঁচ:আজিৰ আপুনি জানেনে-৮
- ...যে জাহ্নু বৰুৱা পৰিচালিত প্ৰথম চলচ্চিত্ৰ অপৰূপাই, হিন্দী ভাষাতো "অপেক্ষা" নামেৰে মুক্তি লাভ কৰিছিল?
- ...যে ভাৰতত পিনক'ড অৰ্থাৎ ডাক সূচকাংক ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল?
- ...যে জ্যোতিপ্ৰসাদৰ নিমাতী কইনা নাটকখন লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ এটি কবিতাৰ আধাৰত ৰচিত?
- ...যে লিমাৰিকত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে?
- ...যে লক্ষ্যধৰ চৌধুৰী ১৯৭৮ চনৰ গোলাপ বৰবৰা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আছিল৷
- ...যে নলিনীবালা দেৱী সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল?
- ...যে উৰন্ত শিখ মিলখা সিং কমন্ৱেল্থ গে'ম্ছত ব্যক্তিগত শাখাত এথ্লেটিক্ছৰ স্বৰ্ণ পদক দখল কৰা তেখেত একমাত্ৰ ভাৰতীয় পুৰুষ?