দেৱৱতী (ইংৰাজী: Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷[1] উল্লেখ আছে যে- তেওঁ দেখাত সাক্ষাৎ লক্ষ্মীদেৱীৰ দৰে আছিল৷[1] তেওঁক ৰাক্ষস ৰজা সুকেশে বিবাহ কৰাইছিল৷[2] তেওঁৰ পতি সুকেশ আছিল ৰাৱণৰ মাকৰ পিতামহ৷[3] যাক ভগৱান শিৱ আৰু পাৰ্বতীয়ে লালন-পালন কৰিছিল৷[3] দেৱৱতী আৰু সুকেশৰ ঔৰসত তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালীৰ জন্ম হয়, যিয়ে গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ তিনিগৰাকী কন্যা যথাক্ৰমে সুমালীয়ে কেতুমতীক, মাল্যবানে সুন্দৰীক আৰু মালীয়ে বসুদাক বিবাহ কৰাইছিল৷[4]

দেৱৱতী
ৰামায়ণৰ চৰিত্ৰ
তথ্য
দাম্পত্যসঙ্গী সুকেশ
সন্তান সুমালী, মাল্যবান, মালী
আত্মীয় বিধুৎকেশ (শহুৰ)
সালকণ্টকটা (শাহু)

তেওঁৰ পুত্ৰ সুমালী আৰু কেতুমতীৰ কন্যা কৈকেষীঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এগৰাকী কন্যা শূৰ্পনখাৰ জন্ম হয়৷[1][3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Mittal, J. P. (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. পৃষ্ঠা. 198. ISBN 978-81-269-0615-4. https://books.google.co.in/books?id=b7gOBW8oDFgC&lpg=PA200&vq=sumali%20ravana&pg=PA199#v=onepage&q&f=false. 
  2. http://ancientvoice.wikidot.com/src-vrm:ram7-5.
  3. 3.0 3.1 3.2 চন্দ্ৰ, ড° দীপক শৰ্মা (২০১৩). দশানন ৰাৱণ. অসম পাবলিচিং কোম্পানী. পৃষ্ঠা. ৪. ISBN 978-81-86384-43-5. 
  4. "Ketumati". Manuscrypts.com. http://www.manuscrypts.com/myth/2011/10/18/ketumati/। আহৰণ কৰা হৈছে: 19 July 2021.