সুশান্ত সিং ৰাজপুত

ভাৰতীয় অভিনেতা, নৃত্যশিল্পী আৰু উদ্যমী

সুশান্ত সিং ৰাজপুত (ইংৰাজী: Sushant Singh Rajput; ২১ জানুৱাৰী ১৯৮৬ – ১৪ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা, নৃত্যশিল্পী, টেলিভিছন ব্যক্তিত্ব,[4] উদ্যমী,[5] আৰু এগৰাকী জন হিতৈষী।[6][7][8] তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ পোন প্ৰথমে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ধাৰাবাহিক 'কিচ দেশ মে হে মেৰা দিল'ত (২০০৮) অভিনয়ৰ সুযোগ লাভ কৰিছিল। তাৰপিছত তেওঁক জী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক 'পৱিত্ৰ ৰিস্তা' (২০০৯-১১) ৰ মুখ্য চৰিত্ৰ 'মানৱ'ৰ ৰূপত দেখা গৈছিল।

সুশান্ত সিং ৰাজপুত

২০১৬ চনত সুশান্ত সিং ৰাজপুত
জন্ম ২১ জানুৱাৰী, ১৯৮৬[1]
পাটনা, বিহাৰ, ভাৰত[2]
মৃত্যু ১৪ জুন, ২০২০ (৩৪ বছৰ)[3]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যুৰ কাৰণ আত্মহত্যা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিং
পেচা
  • অভিনেতা
  • নৃত্যশিল্পী
  • জন হিতৈষী
সক্ৰিয় হৈ থকা সময় ২০০৮–২০২০

২০১৩ চনত 'কাই প' চে'ৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ 'শুদ্ধ দেশী ৰোমাঞ্চ' (২০১৩) আৰু 'ডিটেক্টটিভ ব্যোমকেশ বক্সি' (২০১৫) ছবিত অভিনয় কৰে। ২০১৪ চনত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি 'পিকে'ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত ছবি 'এম এছ ধোনি:দা আনটল্ড ষ্টৰী'ত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল।[9][10] তাৰপিছত তেওঁ বাণিজ্যিক ভাবে সফল ছবি 'কেডাৰনাথ' (২০১৮) আৰু 'চিছ'ৰে'ত (২০১৯) অভিনয় কৰে।[11][12][13]

ভাৰত চৰকাৰনীতি আয়োগে সুশান্ত সিং ৰাজপুতৰ সৈতে মহিলা উদ্যমীতা মঞ্চৰ প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হৈছিল।[14][15] অভিনয়ৰ বাহিৰে তেওঁ ইনচেই ভেন্সাৰৰ সৈতে জড়িত আছিল।[16] ইয়াৰ লগতে তেওঁ ছাত্ৰসকলক সহায়ৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী চলোৱা 'সুশান্ত'ফৰ'এডুকেচন' নামৰ শিক্ষামূলক অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত আছিল।[17][18]

২০২০ চনৰ ১৪ জুন তাৰিখে মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰী লৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৮৬ চনৰ ২১ জানুৱাৰী তাৰিখে বিহাৰৰ ৰাজধানী পাটনাত সুশান্ত সিং ৰাজপুতৰ জন্ম হৈছিল।[2] তেওঁলোকৰ পিতৃপুৰুষৰ বাসস্থান বিহাৰৰ পূৰ্ণিয়া জিলাত অৱস্থিত।[19][20] তেওঁৰ এগৰাকী ভগ্নী মিতু সিং এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ।[21][2] ২০০২ চনত তেওঁৰ মাতৃৰ মৃত্যু হৈছিল।[22] ইয়াৰ ফলত তেওঁ মানসিকভাৱে ভাঙি পৰে আৰু একে বছৰে তেওঁলোক পাটনাৰ পৰা দিল্লীলৈ গুচি আহে।[2]

তেওঁ পাটনাৰ চেইণ্ট কাৰণেছ হাইস্কুল আৰু দিল্লীৰ কুলাচি হংসৰাজ মডেল স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[23] ২০০৩ চনত দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাত তেওঁ সপ্তম স্থান দখল কৰিছিল।[24] তাৰপিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে।[2] তেওঁ ৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডতো পদক অৰ্জন কৰিছিল।[25] ইয়াৰ লগতে তেওঁ ভাৰতীয় খনি বিদ্যালয়কে আদি কৰি ১১টা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।[2] কিন্তু থিয়েটাৰ আৰু নৃত্যৰ প্ৰতি ৰাপ থকা সুশান্ত সিং ৰাজপুতে পঢ়াৰ বাবে সময় উলিয়াবলৈ নোৱাৰি কেইবাটাও বিষয়ত বেকলগ লগাৰ পিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিং এৰি দিয়ে।[24] তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ পিছত চূড়ান্ত বৰ্ষত পঢ়া এৰি অভিনয়ৰ ফালে গতি কৰে।[2]

কৰ্মজীৱন সম্পাদনা কৰক

প্ৰাৰম্ভিক সময় সম্পাদনা কৰক

সুশান্ত সিং ৰাজপুতে দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত পঢ়ি থাকোঁতে শ্বামক দাভাৰৰ নৃত্যশ্ৰেণীত যোগদান কৰিছিল।[26] পৰিচালক বেৰী জনৰ নাটকৰ শ্ৰেণীত দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু অভিনয় শ্ৰেণীতো যোগদান কৰে।[27] যোগদানৰ কেইমাহমানৰ পিছতেই তেওঁ শ্বামক দাভাৰৰ মুখ্য নৃত্যদলত স্থান লাভ কৰে। ২০০৫ চনত তেওঁ ৫১তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত বেকগ্ৰাউণ্ড নৃত্যশিল্পী হিচাপে চয়নিত হয়। ২০০৬ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত তেওঁলোকৰ দলে সাংস্কৃতিক কাৰ্যসূচীত পৰিবেশন কৰিছিল। এইসময়ত তেওঁ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণকৈ বাদ দি নৃত্য আৰু অভিনয়ত মনোনিবেশ কৰে।[24]

তেওঁ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ সুযোগৰ আশাত মুম্বাইলৈ আহে আৰু নাদিৰা বব্বৰৰ থিয়েটাৰ দল 'একজোঁটে'ত যোগদান কৰে। তেওঁ প্ৰায় আঢ়ৈ বছৰ কাল একজোঁটে' থিয়েটাৰ গোষ্ঠীৰ লগত জড়িত আছিল।[26] এই সময়ত তেওঁ নেছলে কোম্পানীৰ মাঞ্চ চকলেটৰ বিজ্ঞাপনত কাম কৰাৰ সুযোগ লাভ কৰিছিল।

টেলিভিছন (২০০৮–১২) সম্পাদনা কৰক

২০০৮ চনত বালাজী টেলিফিল্মছৰ এটা দলে 'একজোঁটে'ৰ নাটকত সুশান্ত সিং ৰাজপুতৰ অভিনয় প্ৰতিভাৰ উমান পায়। তেওঁলোকে সুশান্তক ষ্টাৰ প্লাছত প্ৰচাৰিত 'কিচ দেশ মে হে মেৰা দিল' ধাৰাবাহিকৰ প্ৰীত জুনেজাৰ চৰিত্ৰৰ বাবে অডিছন দিবলৈ নিমন্ত্ৰণ জনায়। ২০০৯ চনত তেওঁ জী টিভিত প্ৰচাৰিত 'পৱিত্ৰ ৰিস্তা'ৰ মুখ্য চৰিত্ৰ মানৱ দেশমুখৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে। এই ধাৰাবাহিকখন কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰে আৰু ৰাজপুতে টেলিভিছনৰ শ্ৰেষ্ঠ আৰু জনপ্ৰিয় অভিনেতাৰ তিনিটা মুখ্য বঁটা লাভ কৰে। ২০১০ চনত তেওঁ নৃত্য অনুষ্ঠান 'জৰা নাচ কে দিখা'ৰ দ্বিতীয় সংস্কৰণত যোগদান কৰে।[28] ২০১০ চনৰ ডিচেম্বৰ মাহত তেওঁ অন্য এক নৃত্য অনুষ্ঠান 'ঝলক দিখ লা যা'ৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰে।[29] ২০১১ চনত তেওঁ বিদেশত চলচ্চিত্ৰ নিৰ্মাণৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে 'পৱিত্ৰ ৰিস্তা' এৰি দিয়ে।

চলচ্চিত্ৰ (২০১৩ – ২০২০) সম্পাদনা কৰক

 
২০১৩ চনত 'কাই প' ছে' ছবিৰ প্ৰমোচনত বাওঁফালৰ পৰা সোঁফালে: সুশান্ত সিং ৰাজপুত, ৰাজকুমাৰ ৰাও, অভিষেক কাপুৰ, অমিত সাধ

সুশান্ত সিং ৰাজপুতে চেতন ভগতৰ উপন্যাস 'দা থ্ৰি মিচটেকচ্ অফ মাই লাইফ'ৰ আধাৰত নিৰ্মিত অভিষেক কাপুৰৰ ছবি 'কাই প' ছে'ত ৰাজকুমাৰ ৰাও আৰু অমিত সাধৰ লগত অভিনয়ৰ সুযোগ লাভ কৰে। ছবিখনে দৰ্শকৰ যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।[30][31] এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল।

 
২০১৩ চনত বাণী কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ সৈতে সুশান্ত সিং ৰাজপুত

তাৰপিছত তেওঁক অভিনেত্ৰী বাণী কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ সৈতে মনিষ শৰ্মাৰ 'শুদ্ধ দেশী ৰোমাঞ্চ'ত দেখা গৈছিল।[32][33] তাৰপিছত তেওঁ ২০১৪ চনৰ জনপ্ৰিয় ছবি ৰাজকুমাৰ হিৰাণীৰ 'পিকে'ত সহযোগী চৰিত্ৰত অভিনয় কৰে। ইয়াত তেওঁ আমিৰ খান আৰু অনুষ্কা শৰ্মাৰ সৈতে অভিনয় কৰিছিল। মুক্তি লাভৰ পিছত ছবিখনে সৰ্বসময়ৰ সৰ্বোচ্চ আয়ৰ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ছবি হিচাপে পৰিগণিত হয়।[34][35]

২০১৫ চনত দিবাকৰ বেনাৰ্জীৰ 'ডিটেক্টটিভ ব্যোমকেশ বক্সি'ত তেওঁ বঙালী লেখক শৰদিন্দু বন্দ্যোপাধ্যায়ে সৃষ্টি কৰা কাল্পনিক চৰিত্ৰ ব্যোমকেশ বক্সিৰ চৰিত্ৰ ৰূপায়ণ কৰে।[36][37][38]

২০১৬ চনত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত নীৰজ পাণ্ডেৰ জীৱনীমূলক ক্ৰীড়া ছবি 'এম এছ ধোনি:দা আনটল্ড ষ্টৰী'ত ধোনিৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ছবিখনে ২০১৬ চনৰ সৰ্বোচ্চ আয়ৰ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ছবি হিচাপে পৰিগণিত হয়।[9][10] এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল।[39]

 
২০১৭ চনত কীৰ্তি চেনন আৰু সুশান্ত সিং ৰাজপুত

২০১৭ চনত তেওঁ অভিনেত্ৰী কীৰ্তি চেননৰ বিপৰীতে দীনেশ ভিজনৰ 'ৰাবতা'ত দেখা গৈছিল।[40][41] ২০১৮ চনত তেওঁ চাৰা আলি খানৰ বিপৰীতে 'কেডাৰনাথ' ছবিত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ অভিষেক চৌবেৰ 'চনচিড়িয়া'ত ভূমি পেদনেকৰৰ লগত অভিনয় কৰে।[42][43] একেবছৰে তেওঁ শ্ৰদ্ধা কাপুৰৰ বিপৰীতে নিতেশ তিৱাৰীৰ 'চিছ'ৰে'ত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

সুশান্ত সিং ৰাজপুতে তেওঁৰ 'পৱিত্ৰ ৰিস্তা'ৰ সহ অভিনেত্ৰী অংকিতা লখণ্ডেৰ সৈতে সম্পৰ্কত আছিল। তেওঁলোকৰ ছয়বছৰীয়া সম্পৰ্ক ২০১৬ চনত যৱনীকা পৰে।[44][45]

মৃত্যু সম্পাদনা কৰক

২০২০ চনৰ ১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুতৰ মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰীলৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।[46] প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়। তেওঁ কেইবামাহ জুৰি হতাশগ্ৰস্ততাত ভুগি আছিল।[47] মুম্বাই আৰক্ষী বিষয়া বিনয় চৌবেৰ মতে তেওঁৰ কোঠাৰ পৰা মেডিকেল প্ৰেছকিপচন উদ্ধাৰ কৰা হৈছে।[48]

ফিল্ম'গ্ৰাফী সম্পাদনা কৰক

চলচ্চিত্ৰ সম্পাদনা কৰক

চন নাম চৰিত্ৰ পৰিচালক টোকা
২০১৩ 'কাই প' ছে' ঈশান ভট্ট অভিষেক কাপুৰ
'শুদ্ধ দেশী ৰোমাঞ্চ' ৰঘু ৰাম মনিষ শৰ্মা
২০১৪ 'পিকে' চৰফৰাজ ইউচুফ ৰাজকুমাৰ হিৰাণী
২০১৫ 'ডিটেক্টটিভ ব্যোমকেশ বক্সি' ব্যোমকেশ বক্সি দিবাকৰ বেনাৰ্জী
২০১৬ 'এমএছ ধোনি: দা আনটল্ড ষ্টৰী' মহেন্দ্ৰ সিং ধোনি নীৰজ পাণ্ডে
২০১৭ 'ৰাবতা' জিলান/শিৱ কক্কৰ দীনেশ ভিজান
২০১৮ 'ৱেলকাম টু নিউয়ৰ্ক' তেওঁ নিজে চক্ৰি টলেটি অতিথি শিল্পী
'কেডাৰনাথ' মনচুৰ খান অভিষেক কাপুৰ
২০১৯ 'চনচিড়িয়া' Lakhan "Lakhna" Singh অভিষেক চৌবে
'চিছ'ৰে' অনিৰুদ্ধ "অন্নী" পাঠক নিতেশ তিৱাৰী [49]
'ড্ৰাইভ' সমৰ তৰুণ মনসুখানি [50]
২০২০ 'দিল বেচাৰা' মেনী মুকেশ চাবৰা মুক্তিৰ অপেক্ষাত[51]

দূৰদৰ্শন সম্পাদনা কৰক

চন নাম চৰিত্ৰ নোট
২০০৮-২০০৯ 'কিচ দেশ মে হে মেৰা দিল' প্ৰীত জুনেজা
২০০৯-২০১১ 'পৱিত্ৰ ৰিস্তা' মানৱ দেশমুখ
২০১০ 'জৰা নাচ কে দিখা-২' প্ৰতিযোগী "মস্ত কলণ্ডৰ বয়জ" দল
২০১০–২০১১ 'ঝলক দিখলা যা-৪' প্ৰতিযোগী ৰানাৰ আপ

মিউজিক ভিডিঅ' সম্পাদনা কৰক

চন গীত সহযোগী শিল্পী কণ্ঠশিল্পী সংগীত পৰিচালক উৎস
২০১৭ "পাচ আও" কীৰ্তি চেনন প্ৰকৃতি কক্কৰ, আৰমান মালিক আমাল মালিক [52]

বঁটা আৰু মনোনয়ন সম্পাদনা কৰক

চন বঁটা শিতান কাম ফলাফল
২০০৯ ইণ্ডিয়ান টেলি এৱাৰ্ড শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতা 'পৱিত্ৰ ৰিস্তা' মনোনীত[53]
২০১০ ইণ্ডিয়ান টেলি একাডেমী এৱাৰ্ড শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতা বিজয়ী[54]
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট এৱাৰ্ড শ্ৰেষ্ঠ টেলিভিছন অভিনেতা বিজয়ী[54]
জী গোল্ড এৱাৰ্ড মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা বিজয়ী[54]
২০১১ মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা বিজয়ী[55][56]
কলাকাৰ বঁটা প্ৰিয় অভিনেতা বিজয়ী
২০১৪ প্ৰদিউচাৰছ গোল্ড এৱাৰ্ড শ্ৰেষ্ঠ নৱাগত অভিনেতা 'কাই প' ছে' বিজয়ী
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা মনোনীত[57]
স্ক্ৰীন এৱাৰ্ড শ্ৰেষ্ঠ নৱাগত অভিনেতা বিজয়ী[58]
জী চিনে এৱাৰ্ড শ্ৰেষ্ঠ নৱাগত অভিনেতা মনোনীত[59]
ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ নৱাগত অভিনেতা মনোনীত
ইণ্টাৰনেচনেল ফিল্ম একাডেমী বঁটা মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা মনোনীত[60]
২০১৭ স্ক্ৰীন বঁটা সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা 'এম এছ ধোনি: দা আনটল্ড ষ্টৰী' বিজয়ী
ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেতা মনোনীত
জী চিনে এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা মনোনীত[61]
ষ্টাৰডাষ্ট এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা মনোনীত[62]
ইণ্টাৰনেচনেল ইণ্ডিয়ান ফিল্ম একাডেমী বঁটা শ্ৰেষ্ঠ অভিনেতা মনোনীত[63]
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণ শ্ৰেষ্ঠ অভিনেতা বিজয়ী[64]

তথ্য উৎস সম্পাদনা কৰক

  1. Shruti Shiksha (21 January 2018). "'Happy Birthday, Sushant Singh Rajput. Keep That Childlike Smile Always Alive,' Tweets Kriti Sanon". NDTV. https://www.ndtv.com/entertainment/happy-birthday-sushant-singh-rajput-keep-that-childlike-smile-always-alive-tweets-kriti-sanon-1802788। আহৰণ কৰা হৈছে: 6 December 2018. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Gupta, Priya (20 January 2013). "Madhuri wanted to learn dance from me: Sushant". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Madhuri-wanted-to-learn-dance-from-me-Sushant/articleshow/18086314.cms। আহৰণ কৰা হৈছে: 7 July 2016. 
  3. "Sushant Singh Rajput commits suicide at Mumbai home". India Today. 2020-06-14. https://www.indiatoday.in/movies/celebrities/story/sushant-singh-rajput-commits-suicide-at-mumbai-home-1688886-2020-06-14। আহৰণ কৰা হৈছে: 2020-06-14. 
  4. "All you need to know about Shuddh Desi Romance star Sushant Singh Rajput- Entertainment News, Firstpost". Firstpost. 4 September 2013. https://www.firstpost.com/entertainment/all-you-need-to-know-about-shuddh-desi-romance-star-sushant-singh-rajput-1084077.html। আহৰণ কৰা হৈছে: 23 December 2019. 
  5. "Kedarnath actor Sushant Singh Rajput turns entrepreneur with Innsaei" (en-US ভাষাত). The Indian Express. 18 May 2018. https://indianexpress.com/article/entertainment/bollywood/sushant-singh-rajput-entrepreneurial-debut-innsaei-5182139/. 
  6. "Sushant Singh Rajput donates Rs 1 crore as aid for Kerala on behalf of a fan. Read details" (en ভাষাত). Hindustan Times. 22 August 2018. https://www.hindustantimes.com/bollywood/sushant-singh-rajput-donates-rs-1-crore-as-aid-for-kerala-on-behalf-of-a-fan-read-details/story-Ob90iQ8ttXj7GBLrBLuckI.html. 
  7. "After Donating 1 Crore to Kerala, Sushant Singh Rajput Gives Rs 1.25 Crore for Nagaland Relief Fund". News18. https://www.news18.com/news/movies/after-donating-1-crore-to-kerala-sushant-singh-rajput-gives-rs-1-25-crore-for-nagaland-relief-fund-1869593.html. 
  8. "Sushant Singh Rajput visits blind school in Ranchi, embraces kid after his singing act—Watch" (en ভাষাত). Zee News. 22 August 2018. http://zeenews.india.com/people/sushant-singh-rajput-visits-blind-school-in-ranchi-embraces-kid-after-his-singing-act-watch-2135111.html. 
  9. 9.0 9.1 "Not Trying To Glorify MS Dhoni: Sushant Singh Rajput Opens Up About His Upcoming Film". CNN-News18. 18 September 2016. http://www.news18.com/news/movies/we-are-not-trying-to-glorify-ms-dhoni-sushant-singh-rajput-opens-up-about-his-upcoming-film-1293191.html। আহৰণ কৰা হৈছে: 4 October 2016. 
  10. 10.0 10.1 Express Web Desk (3 October 2016). "MS Dhoni The Untold Story box office collection day 10: Sushant Singh Rajput-starrer mints Rs 66 cr". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/ms-dhoni-the-untold-story-box-office-collection-day-4-sushant-singh-rajput-starrer-mints-rs-66-cr-3063170/। আহৰণ কৰা হৈছে: 4 October 2016. 
  11. "Chhichhore box office collection: Sushant-Shraddha film crosses Rs 150 crore" (en-US ভাষাত). The Indian Express. 7 October 2019. https://indianexpress.com/article/entertainment/bollywood/box-office-collection/chhichhore-sushant-singh-rajput-shraddha-kapoor-crosses-150-crore-6057503/। আহৰণ কৰা হৈছে: 23 December 2019. 
  12. "Chhichhore achieves another milestone, Sushant Singh Rajput film crosses Rs 150 crore". India Today. 7 October 2019. https://www.indiatoday.in/movies/bollywood/story/chhichhore-achieves-another-milestone-sushant-singh-rajput-film-crosses-rs-150-crore-1606889-2019-10-07। আহৰণ কৰা হৈছে: 23 December 2019. 
  13. "Sushant's ‘Chhichhore’ Hits Rs 150 Cr at the Box Office in a Month" (en ভাষাত). The Quint. 7 October 2019. https://www.thequint.com/entertainment/bollywood/chhichhore-box-office-collection-week-5। আহৰণ কৰা হৈছে: 23 December 2019. 
  14. "NITI Aayog signs on Sushant Singh Rajput to promote the Women Entrepreneurship Platform (WEP)". pib.nic.in. http://pib.nic.in/newsite/PrintRelease.aspx?relid=179538। আহৰণ কৰা হৈছে: 13 August 2018. 
  15. ANI (26 May 2018). "NITI Aayog signs Sushant Singh Rajput to promote Women Entrepreneurship Platform". Business Standard India. https://www.business-standard.com/article/news-ani/niti-aayog-signs-sushant-singh-rajput-to-promote-women-entrepreneurship-platform-118052600037_1.html. 
  16. "Actor Sushant Singh Rajput launches Innsaei Ventures" (en-US ভাষাত). Moneycontrol. https://www.moneycontrol.com/news/business/startup/actor-sushant-singh-rajput-launches-innsaei-ventures-2571285.html। আহৰণ কৰা হৈছে: 14 September 2018. 
  17. "Sushant Singh Rajput gives wings to young astronaut's dreams". Mumbai Mirror. https://mumbaimirror.indiatimes.com/entertainment/bollywood/sushant-singh-rajput-gives-wings-to-young-astronauts-dreams/articleshow/61731846.cms. 
  18. "Sushant gives wings to two young astronaut's dreams | Entertainment – Times of India Videos". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/videos/entertainment/hindi/sushant-gives-wings-to-two-young-astronauts-dreams/videoshow/61745091.cms। আহৰণ কৰা হৈছে: 14 September 2018. 
  19. "My Bihar, my Chhath". www.telegraphindia.com. https://www.telegraphindia.com/states/bihar/my-bihar-my-chhath/cid/238222। আহৰণ কৰা হৈছে: 23 December 2019. 
  20. "Sushant Visits Hometown After 17 Years To Fulfill His Late Mother's Wish, Gets A Warm Welcome" (en ভাষাত). indiatimes.com. 14 May 2019. https://www.indiatimes.com/entertainment/celebs/sushant-singh-rajput-visits-hometown-after-17-years-to-fulfill-his-late-mother-s-wish-gets-a-warm-welcome-367229.html। আহৰণ কৰা হৈছে: 15 October 2019. 
  21. Subhash K Jha (26 February 2013). "Sushant's Singh Rajput sister inspires him". DNA. http://www.dnaindia.com/entertainment/report_sushant-s-singh-rajput-sister-inspires-him_1804529/। আহৰণ কৰা হৈছে: 7 July 2016. 
  22. "I am proud of all my mistakes: Sushant Singh Rajput". 21 January 2016. http://www.hindustantimes.com/bollywood/i-am-proud-of-all-my-mistakes-sushant-singh-rajput/story-4rQ8biMLkNa3Bow4foZRwN.html। আহৰণ কৰা হৈছে: 14 October 2017. 
  23. "I am a selfish actor: Sushant Singh Rajput". 18 September 2016. https://indianexpress.com/article/entertainment/bollywood/i-am-a-selfish-actor-sushant-singh-rajput-3036452/। আহৰণ কৰা হৈছে: 23 December 2019. 
  24. 24.0 24.1 24.2 "Did you know that Sushant Singh Rajput scored an All India Rank of 7 in DCE engineering exams in 2003?". The Times of India. 23 January 2019. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/did-you-know/did-you-know-that-sushant-singh-rajput-scored-an-all-india-rank-of-7-in-dce-engineering-exams-in-2003/articleshow/67655280.cms। আহৰণ কৰা হৈছে: 4 September 2019. 
  25. Kaur, Aastha (18 August 2017). "Converting dreams into reality". https://www.thehindu.com/entertainment/movies/converting-dreams-into-reality/article19510461.ece। আহৰণ কৰা হৈছে: 23 December 2019. 
  26. 26.0 26.1 "Madhuri wanted to learn dance from me: Sushant - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Madhuri-wanted-to-learn-dance-from-me-Sushant/articleshow/18086314.cms। আহৰণ কৰা হৈছে: 23 December 2019. 
  27. Anuradha Choudhary (14 June 2013). ""I want to be on the cover of Filmfare" – Sushant Singh Rajput". Filmfare.com. http://www.filmfare.com/interviews/i-want-to-be-on-the-cover-of-filmfare-sushant-singh-rajput-3428.html। আহৰণ কৰা হৈছে: 7 July 2016. 
  28. Bollywood Hungama. "Mother's Day Special On 'Zara Nachke Dikha' – Abhishek Awasthi – Latest Celebrity Videos – Bollywood Hungama". Bollywood Hungama. http://www.bollywoodhungama.com/celebritymicro/videos/id/37601/type/view/videoid/1213307. 
  29. Gaurav Malani (9 March 2011). "Chang wins Jhalak Dikhhla Jaa 4". The Times of India. Archived from the original on 29 October 2013. https://web.archive.org/web/20131029201301/http://articles.timesofindia.indiatimes.com/2011-03-09/tv/28667826_1_grand-finale-prize-money-dance। আহৰণ কৰা হৈছে: 25 August 2012. 
  30. Taran Adarsh (27 February 2013). "Hit Che!". http://www.bollywoodhungama.com/trade/businesstalk/id/573/date/2013-02-27. 
  31. "Rajeev Masand's Kai Po Che review" Archived 2019-05-27 at the Wayback Machine. Retrieved 22 February 2013
  32. Bollywood Hungama (6 September 2013). "Shuddh Desi Romance". bollywoodhungama.com. http://www.bollywoodhungama.com/moviemicro/criticreview/id/576457. 
  33. "Review: Shuddh Desi Romance has NO dull moments". Rediff. 6 September 2013. http://www.rediff.com/movies/review/review-shuddh-desi-romance-has-no-dull-moments/20130906.htm. 
  34. "Sushant Singh confirmed for Hirani's PK". Retrieved 16 October 2012
  35. ians. "New friendship brimeth? Anushka Sharma and Sushant Singh Rajput shoot for 'Peekay'". CNN-IBN. Archived from the original on 26 August 2014. https://web.archive.org/web/20140826121221/http://ibnlive.in.com/photogallery/13794.html। আহৰণ কৰা হৈছে: 22 April 2014. 
  36. "BBD Bag back to 1943 for Byomkesh shoot". The Times of India. 10 April 2014. http://timesofindia.indiatimes.com/city/kolkata/BBD-Bag-back-to-1943-for-Byomkesh-shoot/articleshow/29789055.cms। আহৰণ কৰা হৈছে: 19 October 2014. 
  37. Deepanjana Pal (6 April 2015). "Detective Byomkesh Bakshy review: Stylish, beautiful and yet Dibakar's most underwhelming film so far". Firstpost. http://www.firstpost.com/bollywood/detective-byomkesh-bakshy-review-stylish-beautiful-and-yet-dibakars-most-underwhelming-film-so-far-2184271.html। আহৰণ কৰা হৈছে: 31 May 2015. 
  38. Shubha Shetty Saha (3 April 2015). "'Detective Byomkesh Bakshy! ' – Movie Review". Mid Day. http://www.mid-day.com/articles/detective-byomkesh-bakshy---movie-review/16111153। আহৰণ কৰা হৈছে: 31 May 2015. 
  39. "62nd Jio Filmfare Awards 2017 Nominations". 10 January 2017. http://www.filmfare.com/news/nominations-for-the-62nd-jio-filmfare-awards-17987.html. 
  40. "Kriti Sanon & Sushant Singh Rajput Starrer Raabta's Release Date Announced". koimoi. http://www.koimoi.com/bollywood-news/kriti-sanon-sushant-singh-rajput-starrer-raabtas-release-date-announced/। আহৰণ কৰা হৈছে: 12 March 2016. 
  41. "Sushant Singh Rajput-Kriti Sanon's 'Raabta' to hit theaters next year". The Times of India. http://m.timesofindia.com/entertainment/hindi/bollywood/news/Sushant-Singh-Rajput-Kriti-Sanon's-Raabta-to-hit-theaters-next-year/articleshow/51369654.cms। আহৰণ কৰা হৈছে: 12 March 2016. [সংযোগবিহীন উৎস]
  42. "Sushant Singh Rajput, Bhumi Pednekar's Sonchiriya pushed to 1 March, will now clash with Lukka Chuppi". Firstpost. 22 January 2019. https://www.firstpost.com/entertainment/sushant-singh-rajput-bhumi-pednekars-sonchiriya-pushed-to-1-march-will-now-clash-with-lukka-chuppi-5940801.html. 
  43. Taran Adarsh [@taran_adarsh] (22 January 2019). "#SonChiriya gets a new release date: 1 March 2019.. Stars Sushant Singh Rajput, Bhumi Pednekar, Manoj Bajpayee, Ranvir Shorey and Ashutosh Rana... Directed by Abhishek Chaubey... Produced by Ronnie Screwvala. t.co/iabUjMsNTm". https://twitter.com/taran_adarsh/status/1087632501806292992?s=19. 
  44. "Is this why Sushant Singh Rajput and Ankita Lokhande reportedly broke up? - Sushant Singh Rajput and Ankita Lokhande's relationship". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/bollywood-celebs-who-should-tie-the-knot/Is-this-why-Sushant-Singh-Rajput-and-Ankita-Lokhande-reportedly-broke-up/photostory/52108456.cms#। আহৰণ কৰা হৈছে: 25 March 2020. 
  45. "Ankita Lokhande on ex-boyfriend Sushant Singh Rajput: He has always been good to me" (en ভাষাত). India Today. 17 January 2019. https://www.indiatoday.in/movies/gossip/story/ankita-lokhande-on-ex-boyfriend-sushant-singh-rajput-he-has-always-been-good-to-me-1432727-2019-01-17। আহৰণ কৰা হৈছে: 25 March 2020. 
  46. Taneja, Parina (2020-06-14). "BREAKING: Sushant Singh Rajput commits suicide in his Bandra home" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/entertainment/celebrities/breaking-news-actor-sushant-singh-rajput-commits-suicide-626102। আহৰণ কৰা হৈছে: 2020-06-14. 
  47. "Sushant Singh Rajput commits suicide at Mumbai home". India Today. 2020-06-14. https://www.indiatoday.in/movies/celebrities/story/sushant-singh-rajput-commits-suicide-at-mumbai-home-1688886-2020-06-14। আহৰণ কৰা হৈছে: 2020-06-14. 
  48. "Sushant Singh Rajput Bollywood Actor commits suicide at 34" (en-US ভাষাত). EMEA Tribune. 2020-06-14. Archived from the original on 2020-06-14. https://web.archive.org/web/20200614223538/https://emeatribune.uk/sushant-singh-rajput-bollywood-actor-commits-suicide-at-34//। আহৰণ কৰা হৈছে: 2020-06-14. 
  49. "'Chhichhore' co-stars Sushant and Shraddha Kapoor plan to meet their friends on the special screening of their film". Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/chhichhore-co-stars-sushant-singh-rajput-and-shraddha-kapoor-plan-to-meet-their-friends-on-the-special-screening-of-their-film/articleshow/70906563.cms. 
  50. {{cite web|url=https://www.outlookindia.com/newsscroll/amp/drive-to-release-on-november-1-on-netflix/1632833 }
  51. "Sushant Singh Rajput, Sanjana Sanghi starrer Fault in Our Stars remake titled as Kizie Aur Manny". Bollywood Hungama. http://www.bollywoodhungama.com/news/bollywood/sushant-singh-rajput-sanjana-singhi-starrer-fault-stars-remake-titled-kizie-aur-manny/. 
  52. T-Series (8 July 2017). "Paas Aao Song – Sushant Singh Rajput Kriti Sanon – Amaal Mallik Armaan Malik Prakriti Kakar". https://www.youtube.com/watch?v=6cFcFX-Q4ik। আহৰণ কৰা হৈছে: 24 March 2018. 
  53. "Nominees of The 9th Indian Telly Awards". Archived from the original on 15 January 2016. https://web.archive.org/web/20160115061924/http://tellyawards.indiantelevision.com/y2k9/nomination/nominee_list.htm। আহৰণ কৰা হৈছে: 23 December 2019. 
  54. 54.0 54.1 54.2 "Sushant Singh Rajput's Biography". koimoi. http://www.koimoi.com/actor/sushant-singh-rajput/। আহৰণ কৰা হৈছে: 28 April 2014. 
  55. "Fourth Boroplus Gold Awards 2011". gomolo.com. Archived from the original on 11 September 2018. https://web.archive.org/web/20180911083719/http://www.gomolo.com/336764/photos-4th-boroplus-gold-awards-2011। আহৰণ কৰা হৈছে: 14 October 2017. 
  56. "indiantelevisionawards". indiantelevisionawards. Archived from the original on 8 April 2019. https://web.archive.org/web/20190408092834/https://indiantelevisionawards.webs.com/boroplus-gold-awards। আহৰণ কৰা হৈছে: 14 October 2017. 
  57. Bollywood Hungama. "Nominations for 9th Renault Star Guild Awards – Latest Celebrity Features – Bollywood Hungama". bollywoodhungama.com. http://www.bollywoodhungama.com/celebrities/features/type/view/id/6028. 
  58. "Screen Awards 2015, Latest News on Screen Awards 2015, Photo Gallery The Indian Express". The Indian Express. Archived from the original on 13 March 2014. https://web.archive.org/web/20140313230740/http://screenawards.indianexpress.com/. 
  59. "Zee Cine Awards 2014: Complete list of nominations". Zee News. http://zeenews.india.com/entertainment/zee-cine-awards-2014/zee-cine-awards-2014-complete-list-of-nominations_150384.html. 
  60. "Nominations for IIFA Awards 2014". Bollywood Hungama. 20 February 2014. http://www.bollywoodhungama.com/movies/features/type/view/id/6193। আহৰণ কৰা হৈছে: 21 February 2014. 
  61. Hungama, Bollywood (2 March 2017). "Nominations for Zee Cine Awards 2017 – Bollywood Hungama" (en-US ভাষাত). Bollywood Hungama. http://www.bollywoodhungama.com/news/features/nominations-zee-cine-awards-2017/. 
  62. Hungama, Bollywood (19 December 2016). "Nominations for Stardust Awards 2016 – Bollywood Hungama" (en-US ভাষাত). Bollywood Hungama. http://www.bollywoodhungama.com/news/features/nominations-stardust-awards-2016/. 
  63. "18th IIFA Awards 2017: List of Nominations". NDTV.com. http://www.ndtv.com/india-news/18th-iifa-awards-2017-list-of-nominations-1723760. 
  64. "IFFM Awards 2017: Lipstick Under My Burkha, Dangal, Baahubali 2 win big (in pics)" (en-US ভাষাত). http://www.indiatvnews.com/entertainment/bollywood-iffm-awards-2017-lipstick-under-my-burkha-dangal-baahubali-2-win-big-in-pics-396076. 

বাহ্যিক সংযোগ সম্পাদনা কৰক