১৪ জুন
তাৰিখ
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ |
১৪ জুন (ইংৰাজী: 14 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৫তম (অধিবৰ্ষত ১৬৬তম) দিন। বছৰ শেষ হ'বলৈ ২০০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
জন্মসম্পাদনা কৰক
- মহপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী ।
- ১৯৫৯ চনৰ ১৪ জুনত জন্ম গ্ৰহণ কৰিছিল আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ৷ জন্ম স্থান - ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰ ।
- আজিৰ দিনটোতে ১৯০৯ চনত ই এম এছ নাম্বুডিৰিপদৰ কেৰেলাৰ পালঘাটত জন্ম হয় । তেখেতে ১৯৬৭ চনত কেৰেলাত প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰিছিল ৷
মৃত্যুসম্পাদনা কৰক
- অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা ‘‘সুপ্ৰভা দেৱী’’য়ে বৃক্কৰোগত আক্ৰান্ত হৈ ২০১১ বৰ্ষৰ আজিৰ তাৰিখতে মৃত্যু বৰণ কৰে ৷ তেওঁ ‘নয়নমণি’ নামৰ কথাছবিখন পৰিচালনা কৰিছিল ৷
- টেলিভিছন আৱিষ্কাৰক ]]জন লোগি বেয়াৰ্ড]]ৰ মৃত্যু হৈছিল ১৯৪৬ চনৰ আজিৰ দিনটোতে।
- ১৯৬৮ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত কবি, সমালোচক নোবেল বিজয়ী ছালভাটোৰ কোৱাছিমডোৰ মৃত্যু হয়। তেওঁক ইটালীৰ কাব্য-সাহিত্যৰ মুকুট বিহীন সম্ৰাট ৰূপে অভিহত কৰা হয় ।
অনান্যসম্পাদনা কৰক
- চিম্পল গগৈৰ পৰিচালনাৰে, জিতুমণি টেৰণৰ প্ৰযোজনাৰে ‘‘তুমি যদি কোৱা’’নামৰ কথাছবিখন মুক্তি পাইছিল ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে ৷
- ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে বাওঁ মৰ্চাৰ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।
- ৰুছদেশৰ মহাকাশযান ‘‘ভেনেৰা—১০’’ উৎক্ষেপন কৰা হৈছিল ১৯৭৫ চনৰ আজিৰ দিনটোতে ৷
- পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ‘‘ছুপাৰহেমিক্স’’ কাৰ্যক্ষম কৰা হৈছিল ১৯২৬ বৰ্ষৰ আজিৰ দিনটোতে ৷
- ১৯৯১ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হয় ।
- ‘‘থাবো মবেকি’’ দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে ।
- ফুটবল জগতৰ তাৰকা ডেভিদ বেকহামক ইংলেণ্ডৰ ৰাণীৰ ‘‘অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ’’ সন্মান প্ৰদান কৰে ২০০৩ চনৰ আজিৰ দিনটোতে।
- হামিদ কাৰজা আফগানিস্তানৰ ৰাষ্ট্ৰপতি হয় ২০০২ চনৰ আজিৰ দিনটোতে।
দিৱসসম্পাদনা কৰক
- ‘‘মালগাছি’’ৰ স্বাধীনতা দিৱস ৷
- চিচিলিৰ জাতীয় দিৱস ৷
- বিশ্ব ৰক্তদান দিৱস ৷