সুৰসা
সুৰসা' (সংস্কৃত: सुरसा) বা সিৰস এগৰাকী হিন্দু দেৱী। তেওঁক নাগমাতা অৰ্থাৎ সৰ্প বা নাগসকলৰ মাতৃ বুলি বৰ্ণনা কৰা হয়।[1] হিন্দু মহাকাব্য ৰামায়ণতেই সুৰসাৰ সবাতোকৈ জনপ্ৰিয় আখ্যানৰ বিৱৰণ পোৱা যায়। এই আখ্যান অনুসৰি দেৱতাসকলে তেওঁক সীতাৰ সন্ধানত লংকা অভিমুখী হনুমানৰ বল আৰু বুদ্ধিৰ পৰীক্ষা লোৱাৰ দায়িত্ব অৰ্পণ কৰে।
সুৰসা | |
---|---|
নাগমাতা | |
সুৰসাৰ মুখগহ্বৰত প্ৰৱেশ কৰা অৱস্থাত হনুমান ৱাট ফ্ৰা কেৱ, বেংকক, থাইলেণ্ড | |
পিতৃ-মাতৃ | দক্ষ (পিতৃ) |
হিন্দু পাঠ্য | ৰামায়ণ |
জন্ম আৰু সন্তানসমূহ
সম্পাদনা কৰকমহাকাব্য ৰামায়ণত সুৰসাক দক্ষৰ বাৰগৰাকী কন্যাৰ ভিতৰত এগৰাকী বুলি কোৱা হৈছে। মহাকাব্যখনৰ বৰ্ণনা অনুসৰি ঋষি কাশ্যপৰ সৈতে সুৰসা বিবাহপাশত আৱদ্ধ হয়। তেওঁ নাগসকলৰ (এক শ্ৰেণীৰ সৰ্প) জন্ম দিয়াৰ বিপৰীতে কাশ্যপৰ আনগৰাকী পত্নী তথা সুৰসাৰ ভগ্নী কদ্ৰুৱে আন এক শ্ৰেণীৰ সাপ উৰাগসকলৰ জন্ম দিয়ে।[1] বাসুকী, তক্ষক, ঐৰাৱত আৰু তেওঁৰ অন্যান্য পুত্ৰসকলে ভোগৱতীত বসবাস কৰা বুলি বৰ্ণনা কৰা হৈছে।[2]
মহাভাৰতৰ বৰ্ণনা অনুসৰি তেওঁ কাশ্যপৰ আন এগৰাকী পত্নী ক্ৰোধবসাৰ ক্ৰোধৰ পৰা জন্ম হয়। সুৰসাৰ তিনিগৰাকী কন্যাৰ নাম যথাক্ৰমে অনলা, ৰুহা আৰু বিৰোধা। সৰ্পসমূহ সুৰসাৰ কন্যাকেইগৰাকীৰ বংশধৰ। সেয়ে তেওঁক নাগসকলৰ মাতৃ বুলি কোৱা হয়। আনহাতে সৰ্পৰ আন এক জাতি পান্নাগসকল কদ্ৰুৰ বংশোদ্ভৱ।[1][2]
মৎস্য পুৰাণ আৰু বিষ্ণু পুৰাণত সুৰসাক কাশ্যপৰ তেৰ গৰাকী পত্নী আৰু দক্ষৰ কন্যাসকলৰ এগৰাকী বুলি উল্লেখ কৰিছে। বিষ্ণু পুৰাণৰ মতে তেওঁ বহু-ফণাযুক্ত এহাজাৰ উৰণীয়া সৰ্পৰ জন্ম দিয়ে। আনহাতে কদ্ৰুৱেও এহেজাৰ সাপৰ জন্ম দিয়ে। মৎস্য পুৰাণৰ মতে তেওঁ গৰুৰ বাহিৰে সকলো চতুষ্পদীৰ মাতৃ। ইয়াৰ বিপৰীতে সৰ্পসমূহক কদ্ৰুৰ সন্তান বুলি বৰ্ণনা কৰা হৈছে। ভাগৱত পুৰাণত তেওঁক ৰাক্ষসৰ মাতৃ হিচাপে চিত্ৰিত কৰা হৈছে। বায়ু পুৰাণ আৰু পদ্ম পুৰাণৰ তালিকাত তেওঁক কাশ্যপৰ পত্নী বুলি উল্লেখ কৰা নাই। ইয়াৰ বিপৰীতে অনায়ুষ বা দানায়ুষে সৰ্পৰ মাতৃৰ স্থান লৈছে।[3][4][5]
দেৱী ভাগৱত পুৰাণত ৰোহিণীক সুৰসাৰ অৱতাৰ বুলি উল্লেখ কৰা হৈছে। তেওঁৰ পুত্ৰ বলৰাম আছিল সুৰসাৰ পুত্ৰ শেষনাগৰ অৱতাৰ।[1]
মৎস্য পুৰাণৰ আখ্যান অনুসৰি ত্ৰিপুৰান্তক ৰূপত শিৱই তিনিখন ৰাক্ষস নগৰীলৈ যাত্ৰা কৰোঁতে বিভিন্ন দেৱতাই তেওঁক সহায় আগবঢ়ায়। সুৰসা আৰু অন্যান্য দেৱীসকল তেওঁৰ ধনুৰ শৰ আৰু বৰ্শা হৈ পৰে। যেতিয়া ৰাক্ষস অন্ধকাৰ ৰক্তৰ টোপালৰ পৰা বহুতো ৰাক্ষসৰ জন্ম হয়, সুৰসা আৰু অন্যান্য মাতৃকা দেৱীসকলে সেই ৰক্ত পান কৰি অন্ধকাক বধ কৰিবলৈ শিৱক সহায় কৰে।[3]
হনুমানৰ সৈতে মুখামুখি
সম্পাদনা কৰকৰামায়ণৰ সুন্দৰা কাণ্ডত বৰ্ণিত হনুমান আৰু সুৰসাৰ মুখামুখি হোৱাৰ ঘটনাটোৱেই সুৰসাৰ সৈতে জড়িত আটাইতকৈ জনপ্ৰিয় আখ্যান। ৰাৱণে হৰণ কৰি নিয়া অযোধ্যাৰ ৰাজকুমাৰ, দশৰথনন্দন ৰামৰ সহধৰ্মিণী জনকনন্দিনী সীতাৰ সন্ধানত হনুমানে সমুদ্ৰৰ ওপৰেৰে লংকালৈ (বৰ্তমানৰ শ্ৰীলংকা) উৰা মাৰে। দাক্ষিণাত্যৰ ভূমিৰ (বৰ্তমানৰ ভাৰত) পৰা প্ৰস্থান কৰা হনুমানৰ যাত্ৰাপথত তেওঁৰ বিশ্ৰামৰ বাবে মৈনাক পৰ্বতে মূৰ দাঙি থিয় দিয়ে। কিন্তু হনুমানে ইয়াক বাধা হিচাপে বিবেচনা কৰি থমকি নৰৈ আগুৱাই যায়। দেৱতা, গন্ধৰ্ব আৰু ঋষিসকলে নাগমাতা সুৰসাক আহ্বান কৰি হনুমানৰ পৰীক্ষা ল'বলৈ এক বিকট দৰ্শনা ৰূপ ধাৰণ কৰিবলৈ অনুৰোধ জনায়। হনুমানৰ পৰীক্ষাৰ বাবে সুৰসাৰ আহ্বান আৰু পৰীক্ষাৰ ভিত্তিৰ কথা ৰামায়ণৰ বিভিন্ন সংস্কৰণত পৃথকভাৱে পোৱা যায়। ৰামচৰিতমানসৰ মতে হনুমানৰ মহানতা প্ৰমাণ কৰিবলৈ আৰু তেওঁক অৰ্পণ কৰা গুৰুদায়িত্বৰ বাবে তেওঁ আদৰ্শগতভাৱে উপযুক্ত বুলি প্ৰতিষ্ঠা কৰাৰ বাবে এই পৰীক্ষা কৰা হৈছিল। আনহাতে আধ্যাত্ম ৰামায়ণৰ মতে দেৱতাসকলে হনুমানৰ অসীম শক্তিক বিশ্বাস নকৰে। অৱশ্যে দুয়োখন শাস্ত্ৰই এই কথা কয় যে হনুমানৰ বল আৰু বুদ্ধি পৰীক্ষা কৰিবলৈ দেৱতাসকলে এই ঘটনাৰ সূত্ৰপাত ঘটায়। মূল ৰামায়ণত হনুমানৰ বল আৰু বীৰত্বৰ পৰীক্ষা লোৱাৰ কথা কোৱা হৈছে যদিও ইয়াৰ কোনো কাৰণ উল্লেখ কৰা নাই। অন্যান্য শাস্ত্ৰসমূহে এই দুয়ো মতৰে মধ্যমত অৱস্থান কৰে আৰু কয় যে যদিও দেৱতাসকলে হনুমানৰ সামৰ্থ্যৰ বিষয়ে মুঠেও সন্দেহ নকৰে তথাপি তেওঁলোকে এই বিশ্বাসক সুদৃঢ় কৰিবলৈ বিচাৰে বা তেওঁক আসন্ন বিপদৰ বিষয়ে সতৰ্ক কৰি দিবলৈ বিচাৰে।[6]
সুৰসাই এই প্ৰস্তাৱত সন্মতি দিয়ে আৰু সমুদ্ৰপথত হনুমানৰ বাট ভেটি ধৰে। এহাল জোঙা ফাঁক থকা থুঁতৰিযুক্ত মুখমণ্ডলৰ লগতে পৰ্বতাকাৰ সুৰসাৰ চকুহাল আছিল হালধীয়া।[7] তেওঁ হনুমানক নিজৰ আহাৰ বুলি দাবী কৰে আৰু তেওঁক ভক্ষণ কৰিবলৈ চেষ্টা কৰে। হনুমানে সীতাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ লংকা গমণৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু তেওঁক বাট এৰি দিবলৈ অনুৰোধ কৰে, আৰু সম, দান, ভেদ, দণ্ড দৰ্শন অনুসৰি সম অৰ্থাৎ মৃদু অনুৰোধ আৰু দান অৰ্থাৎ আন্তৰিকতাৰে সুৰসাৰ মুখত প্ৰৱেশ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেতিয়া সুৰসাই হনুমানক কয় যে সুৰসাই লাভ কৰা বৰদান অনুসৰি হনুমান কেৱল তেওঁৰ মুখৰ মাজেৰেহে পাৰ হ'ব পাৰে। হনুমানে তেওঁক খাবলৈ আহল-বহলকৈ মুখ মেলিবলৈ প্ৰত্যাহ্বান জনায় (ভেদ অৰ্থাৎ ভাবুকি) আৰু তেওঁ নিজৰ আয়তন বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। সুৰসায়ো নিজৰ কোৱাৰি ডাঙৰকৈ মেলে যাতে তেওঁ হনুমানক ভক্ষণ কৰিব পাৰে। হনুমানৰ এই কাৰ্যক দণ্ড অৰ্থাৎ শাস্তি বুলি ব্যাখ্যা কৰা হয়। অৱশেষত যেতিয়া সুৰসাই শত যোজন ডাঙৰকৈ মুখ মেলে তেতিয়া হনুমানে ক্ষণিকতে বুঢ়া আঙুলিটোৰ সমান আকাৰ ধাৰণ কৰে আৰু জপোৱাৰ আগতেই তেওঁৰ মুখত এবাৰ প্ৰৱেশ কৰি বাহিৰ ওলাই আহে। কোনো কোনো সংস্কৰণৰ মতে হনুমানে সুৰসাৰ মুখত প্ৰৱেশ কৰে আৰু তেওঁৰ কাণৰ মাজেৰে সৰকি যায়।[1][6] এনেদৰে হনুমানে সুৰসাৰ প্ৰতিজ্ঞাৰ (বৰদান) প্ৰতি সন্মান জনোৱাৰ লগতে নিজৰ জীৱন ৰক্ষা কৰে। লগতে তেওঁ সুৰসাক অভিবাদন জনায় আৰু দাক্ষায়নী বা দক্ষৰ দুহিতা সম্বোধনেৰে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।
হনুমানৰ চাতুৰ্য আৰু সাহসৰ দ্বাৰা প্ৰভাৱিত হৈ সুৰসাই নিজৰ প্ৰকৃত ৰূপত আত্মপ্ৰকাশ কৰে আৰু হনুমানক আশীৰ্বাদ দিয়ে। আন এক সংস্কৰণৰ মতে, তেওঁ নিজৰ উদ্দেশ্যৰ কথা হনুমানৰ আগত বেকত কৰি হনুমানৰ বুদ্ধি আৰু শক্তিৰ প্ৰশংসা কৰে। [1][6][8][9] হনুমানে লংকাৰ পৰা উভতি অহাৰ পিছত ৰামৰ কাষত সুৰসাৰ সন্মুখীন হোৱা ঘটনাকে আদি কৰি তেওঁৰ দুঃসাহসিক অভিযানৰ কথা স্মৰণ কৰে।[10]
লংকা নগৰীৰ যাত্ৰাপথত হনুমানৰ সৈতে মুখামুখি হোৱা তিনিগৰাকী নাৰীৰ ভিতৰত সুৰসা অন্যতম। আন দুগৰাকী হৈছে লংকাৰ ৰক্ষক দুই দেৱী (ৰাক্ষসী) সিংহিকা আৰু লঙ্কিনী। ইয়াৰে ভিতৰত সুৰসাই আকাশক প্ৰতিনিধিত্ব কৰা বিপৰীতে সিংহিকা আৰু লঙ্কিনীয়ে যথাক্ৰমে জল আৰু ভূমিক প্ৰতিনিধিত্ব কৰে। এই আখ্যানৰ আন এটা ব্যাখ্যা অনুসৰি তিনিওগৰাকী নাৰীয়ে ত্ৰিগুণৰ সৈতে জড়িত মায়া অৰ্থাৎ ভ্ৰমক প্ৰতিনিধিত্ব কৰে। সুৰসাক সাত্ত্বিক মায়াৰ ৰূপক হিচাপে উপস্থাপন কৰা হৈছে যি মায়াৰ আটাইতকৈ বিশুদ্ধ ৰূপ। এই মায়াক বশ কৰাৰ প্ৰয়োজন যদিও ইয়াক সন্মান কৰাটোও সমানেই প্ৰয়োজনীয়।[11]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 767. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft."
- ↑ 2.0 2.1 Hopkins, Edward Washburn (1915). Epic mythology. Strassburg K.J. Trübner. পৃষ্ঠা. 20, 28, 200. ISBN 0-8426-0560-6. https://archive.org/stream/epicmythology00hopkuoft#page/n147/mode/2up/search/Kubera.
- ↑ 3.0 3.1 Baman Das Basu. The Sacred books of the Hindus. Published by Cosmo Publications for Genesis Pub.. পৃষ্ঠা. 9, 52, 137, 155. ISBN 978-81-307-0533-0.
- ↑
- Horace Hayman Wilson (1840). "CHAP. XV". The Vishnu Purana. পৃষ্ঠা. 110. http://www.sacred-texts.com/hin/vp/vp050.htm#fn_296.
- CHAP. XXI p. 147
- ↑ Aadhar, Anand. "Bhagavata Purana: Canto 6: Chapter 6: The Progeny of the Daughters of Daksha". http://www.srimadbhagavatam.org/canto6/chapter6.html.
- ↑ 6.0 6.1 6.2 Catherine Ludvik (1 January 1994). Hanumān in the Rāmāyaṇa of Vālmīki and the Rāmacaritamānasa of Tulasī Dāsa. Motilal Banarsidass. পৃষ্ঠা. 72–75. ISBN 978-81-208-1122-5. https://archive.org/details/hanumaninrama00ludv/page/72.
- ↑ Goldman p. 42,
- ↑ James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 671. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch.
- ↑ Goldman pp. 111–2
- ↑ Goldman pp. 267
- ↑ Philip Lutgendorf Professor of Hindi and Modern Indian Studies University of Iowa (13 December 2006). Hanuman's Tale : The Messages of a Divine Monkey: The Messages of a Divine Monkey. Oxford University Press. পৃষ্ঠা. 195–6. ISBN 978-0-19-804220-4.