সোণাই-ৰূপাই অভয়াৰণ্য
সোণাই-ৰূপাই অভয়াৰণ্য (ইংৰাজী: Sonai Rupai Wildlife Sanctuary ) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ ই এক উল্লেখযোগ্য বাসস্থান।[1] জৈৱবৈচিত্ৰ্যৰ লগতে এই অভয়াৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম।
সোণাই-ৰূপাই অভয়াৰণ্য | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অসমত সোণাই-ৰূপাই অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | তেজপুৰ |
স্থানাংক | 26°53′39″N 92°20′45″E / 26.89417°N 92.34583°Eস্থানাংক: 26°53′39″N 92°20′45″E / 26.89417°N 92.34583°E |
মাটিকালি | ২২০ বৰ্গ কিলোমিটাৰ |
প্ৰতিস্থা | ১৯৯৮ |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
ইতিহাস
সম্পাদনা কৰক১৯৯৮ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়।
ভৌগিলিক বিৱৰণ
সম্পাদনা কৰকসোণাই-ৰূপাই অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২০ বৰ্গ কিলোমিটাৰ।[2][3] ই হিমালয়ৰ পাদদেশত অৱস্থিত। তেজপুৰ আৰু গুৱাহাটীৰ পৰা এই অভয়াৰণ্যৰ দূৰত্ব ক্ৰমান্বয়ে ৫২ কিঃমিঃ আৰু ১৯৩ কিঃমিঃ। এই অভয়াৰণ্যৰ ১১০ বৰ্গ কিঃমিঃক নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ছেটেেলাইট ক’ৰ হিচাপে স্বীকৃতি দিয়া হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
জৈৱবৈচিত্ৰ্য
সম্পাদনা কৰক- স্তন্যপায়ী প্ৰাণী:
অসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, সুগৰী পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, ছাগলী পহু, বনৰীয়া মেকুৰী, হাতী[4]
- চৰাই-চিৰিকটি:
আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া হাইঠা, উকাহ, কণামুছৰি, বিহুৱতী চৰাই, বুলবুলি, বৰীশেন, ভদৰকলি, ভীমৰাজ, মাছোৰোকা, দেওহাঁহ ইত্যাদি।
- সৰীসৃপ:
পাইথন, Russell's Viper আদি।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-05-16. https://web.archive.org/web/20130516063445/http://assamforest.in/NP_Sanctuaries/wls_sonaiRupai.php। আহৰণ কৰা হৈছে: 2013-08-19.
- ↑ enajori.com. "Sonai Rupai Wildlife Sanctuary". enajori.com. Archived from the original on 2013-07-03. https://web.archive.org/web/20130703061816/http://enajori.com/wildlife/sanctuaries/sonai-rupai-wildlife-sanctuary/। আহৰণ কৰা হৈছে: 2013-06-02.
- ↑ "Sonai Rupai Wildlife Sanctuary in Assam". Assamspider.com. 2011-10-31. http://www.assamspider.com/resources/3980-Sonai-Rupai-Wildlife-Sanctuary-Assam.aspx। আহৰণ কৰা হৈছে: 2013-06-02.
- ↑ Wahid Saleh. "Indiawijzer". Indiawijzer.nl. http://www.indiawijzer.nl/index.htm?deeplink=/tourism_travelling_to_india/northeasternindia/assam/wildlife_sanctuaries/sonai_rupai_national_park.htm। আহৰণ কৰা হৈছে: 2013-06-02.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Sonai Rupai Wildlife Sanctuary সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sonai Rupai Wildlife Sanctuary at assaminfo.com.
- Sonai Rupai Wildlife Sanctuary at Tour Travel World.com]