বাঙালী হিন্দু

(হিন্দু বঙালীৰ পৰা পুনঃনিৰ্দেশিত)

বাঙালী হিন্দু (বঙালী: বাঙ্গালী হিন্দু/বাঙালি হিন্দু) এটি জাতিগত আৰু ধাৰ্মিক গোট যি বৰ্তমানে পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ, ঝাৰখণ্ড আৰু অসমবৰাক উপত্যকাত সংখ্যাগৰিষ্ঠতাত আছে। বাংলাদেশত ই সৰ্ববৃহৎ সংখ্যালঘু গোট। বাঙালীসকলৰ এই গোটে হিন্দু ধৰ্মত বিশ্বাস কৰে। তেওঁলোক দক্ষিণ এছিয়াবংগ অঞ্চলৰ। বাঙালী হিন্দুৰ গড়িষ্ঠসংখ্যকেই বাংলা ভাষা কয়, যি এটি ভাৰতীয় আৰ্য ভাষা। তেওঁলোকৰ গড়িষ্ঠসংখ্যক শাক্ত (যাৰ মাজত সৰ্ববৃহৎ গোট কালিকুল)। গৌড়ীয় বৈষ্ণৱবাদ আৰু বৈষ্ণৱ-সহজীয়া উল্লেখনীয় সংখ্যালঘু গোট।[1] ভাৰতৰ বিভিন্ন ৰাজ্যত উল্লেখনীয় সংখ্যাত বাঙালী হিন্দু আছে।[2][3] ১৮৮১ চনৰ জনগণনাৰ মতে, ১২.৮১% বাঙালী হিন্দু উচ্চ জাতিৰ।[4]

দুৰ্গা পূজা বাঙালী হিন্দুসকলৰ এক মহত্বপূৰ্ণ উৎসৱ

অষ্ট শতিকাত বাংলা ভাষা মাগধী প্ৰাকৃতৰ পৰা পৃথক হ'বলৈ ধৰিলে। মাগধী প্ৰাকৃত আছিল ভাৰতৰ পূৰ্ব অঞ্চলত প্ৰচলিত সংস্কৃতৰ ৰূপান্তৰ।[5] ১১ আৰু ১২ শতিকাৰ সেন বংশৰ শাসনৰ সময়ত বাঙালী সংস্কৃতিয়ে এক সুকীয়া ৰূপ লাভ কৰিলে। পাছলৈ বাঙালী হিন্দুসকলে বংগৰ নৱজাগৰণত অগ্ৰণী ভূমিকা পালন কৰিছিল। বংগ অঞ্চল ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতাৰ আন্দোলনৰো কেন্দ্ৰ আছিল।[6][7] ভাৰতৰ স্বাধীনতাৰ সময়ত বংগক দুভাগত বিভক্ত কৰা হৈছিল, আৰু মুছলিম সংখ্যাগড়িষ্ঠতা থকা অঞ্চলসমূহ পাকিস্তানক দিয়া হৈছিল। প্ৰায় ২৫১৯৫৫৭জন বাঙালী হিন্দু ১৯৪১ চনৰ পৰা ১৯৫১ চনৰ ভিতৰত ভাৰতলৈ আহিল পাকিস্তানৰ পৰা, পশ্চিম বংগ আৰু অন্যান্য ৰাজ্যত বাস কৰিবলৈ। ৫০ আৰু ৬০ৰ দশকতো ঢৌৱে ঢৌৱে প্ৰব্ৰজন ঘটি থাকিল। বিশেষকৈ ১৯৫০ চনত পূব পাকিস্তানত্ত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত ৪.৫ নিযুত হিন্দুৱে ভাৰতলৈ পলায়ন কৰিছিল।[8] তাৰ পাছৰ ১৯৬৪ চনৰ সংঘৰ্ষত ১৩৫০০০ হিন্দুৱে পলায়ন কৰিছিল।[9] ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধত দেখা দিয়া হত্যালীলাতো কেইবানিযুত হিন্দু ভাৰতলৈ পলাই আহিছিল।[10]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Frawley, David (18 October 2018). What Is Hinduism?: A Guide for the Global Mind. Bloomsbury Publishing. পৃষ্ঠা. 26. ISBN 978-93-88038-65-2. 
  2. B.P. Syam Roy (28 September 2015). "Bengal's topsy-turvy population growth". The Statesman. http://www.thestatesman.com/news/opinion/bengal-s-topsy-turvy-population-growth/93152.html. 
  3. Government of India (2012), "Population by religious community: West Bengal", 2011 Census of India খণ্ড 36, http://www.censusindia.gov.in/2011census/C-01/DDW19C-01%20MDDS.XLS .
  4. Seal, Anil (1968). The emergence of Indian nationalism: competition and collaboration in the later nineteenth century.. প্ৰকাশক London: Cambridge U.P. পৃষ্ঠা. 43. ISBN 9780521096522. 
  5. Chakrabarti, Kunal; Chakrabarti, Shubhra (22 August 2013) (en ভাষাত). Historical Dictionary of the Bengalis. Scarecrow Press. পৃষ্ঠা. 351. ISBN 978-0-8108-8024-5. 
  6. "Muslim freedom martyrs of India". Two Circles. 2 October 2009. http://twocircles.net/2009oct01/muslim_freedom_martyrs_india.html। আহৰণ কৰা হৈছে: 26 December 2012. 
  7. "Muslim freedom martyrs of India". Two Circles. 2 October 2009. http://twocircles.net/2009oct01/muslim_freedom_martyrs_india.html। আহৰণ কৰা হৈছে: 26 December 2012. 
  8. Roy, A. (1980). Genocide of Hindus and Buddhists in East Pakistan and (Bangladesh). প্ৰকাশক Delhi: Kranti Prakashan. পৃষ্ঠা. 94. OCLC 13641966. 
  9. Brady, Thomas F. (5 April 1964). "Moslem-Hindu Violence Flares Again". The New York Times (New York). https://www.nytimes.com/1964/04/05/moslemhindu-violence-flares-again.html. 
  10. (en ভাষাত) University of Dhaka: 1971 Dhaka University Massacre, 1971 Killing of Bengali Intellectuals, Academic Divisions of University of Dhaka, Aparajeyo Bangl. General Books. September 2013. ISBN 978-1-230-82794-0. https://books.google.com/books?id=z_u_ngEACAAJ&q=Bengali+1971+massacre.