২০০৬ৰ অসম বিধানসভা নিৰ্বাচন

২০০৬ৰ অসম বিধানসভা নিৰ্বাচন দ্বাদশ বিধানসভা গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত দুটা পৰ্যায়ত ভোটগ্ৰহণ হয়; ৬৫টা বিধানসভা সমষ্টিৰ বাবে ৩ এপ্ৰিলত আৰু ৬১টা বিধানসভা সমষ্টিৰ বাবে ১০ এপ্ৰিলত। ৫৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক সংখ্যক আসন লাভ কৰে। কিন্তু চৰকাৰ গঠন কৰিবলৈ এই সংখ্যা পৰ্যাপ্ত নোহোৱাত কংগ্ৰেছে তৰুণ গগৈৰ মুখ্যমন্ত্ৰিত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ সমৰ্থনত চৰকাৰ গঠন কৰে। বিধানসভাত বি.পি.এফ.ৰ ১২জন বিধায়ক আছিল।[1] অৱশ্যে নবগঠিত বি.পি.এফ. দল নিৰ্বাচনৰ সময়লৈকে নিৰ্বাচন আয়োগৰ পঞ্জীভূক্ত নোহোৱাত তেওঁলোকে নিৰ্দলীয় সদস্য ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২৪খন আসনেৰে অসম গণ পৰিষদ দ্বিতীয় স্থানত থাকে।[2][3]

অসম বিধানসভা নিৰ্বাচন, ২০০৬
ভাৰত
২০০১ ←
→ ২০১১

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৭৫.৭৭%
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা তৰুণ গগৈ বৃন্দাবন গোস্বামী
দল কংগ্ৰেছ অগপ
নেতাৰ আসন তিতাবৰ তেজপুৰ

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

তৰুণ গগৈ
কংগ্ৰেছ

প্ৰেক্ষাপট সম্পাদনা কৰক

ইতিমধ্যে কংগ্ৰেছ চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ দেখা গৈছিল। তৰুণ গগৈৰ নেতৃত্বৰ বিৰুদ্ধে দলৰ ভিতৰতে ভাবুকিৰ সৃষ্টি হয়। কংগ্ৰেছে এইটো নিৰ্বাচনত সৰ্বাধিক আসন পায় যদিও চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱা নাছিল। বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ৩৯.৭৫ শতাংশ ভোটেৰে ৭১খন আসন লাভ কৰাৰ বিপৰীতে এইটো নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ৫৩খন, ভোটৰ শতাংশ ৩১.০৮।

২০০৫ চনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্ট (BPF) নামেৰে আঞ্চলিক দল এটা গঠিত হয়। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত বিপিএফৰ ১২জন সদস্যই গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, তামুলপুৰ, বৰমা, চাপাগুৰি, পানেৰী, কলাইগাঁও, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে জিকি আহে আৰু এই সকল বিধায়কৰ সমৰ্থনত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।[1][3]

২০০৬ৰ নিৰ্বাচনৰ পূৰ্বৰ সময়চোৱাত অসম গণ পৰিষদ দলৰ মাজতো বিস্তৰ উত্থান-পতন দেখা যায়। বৃন্দাবন গোস্বামীয়ে অগপৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। অসম গণ পৰিষদৰ প্ৰথম স্থানৰ নেতা তথা দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দলৰ পৰা নিলম্বন কৰা হয়। মহন্তই অগপৰ পৰা আঁতৰি গৈ অসম গণ পৰিষদ (প্ৰগতিশীল) নামেৰে নতুন দল এটা গঠন কৰে আৰু বিধানসভাৰ নিৰ্বাচনত ৯৩জন প্ৰাৰ্থী থিয় কৰায়। কিন্তু বৰহমপুৰ সমষ্টিৰ পৰা মহন্ত নিজে জিকি অহাৰ বাদে অগপ প্ৰগতিশীলৰ আন এজনো সদস্যক তেওঁ জিকাই আনিব নোৱাৰিলে।[4]

অংশগ্ৰহণকাৰী ৰাজনৈতিক দল[2] সম্পাদনা কৰক

ক্ৰমিক নং দলৰ নাম দলৰ স্থিতি প্ৰতিদ্বন্দ্বিতা কৰা আসন লাভ কৰা আসন লাভ কৰা ভোটৰ শতাংশ প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় দল ১২৫ ১০
ভাৰতৰ কমিউনিষ্ট পাৰ্টি ৰাষ্ট্ৰীয় দল
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ৰাষ্ট্ৰীয় দল
ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাষ্ট্ৰীয় দল ১২০ ৫৩
ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি ৰাষ্ট্ৰীয় দল ৪৫
অসম গণ পৰিষদ ৰাজ্যিক দল ১০০ ২৮
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) (লিবাৰেচন) ৰাজ্যিক দল ১৪
জনতা দল (চেকুলাৰ) ৰাজ্যিক দল
জনতা দল (সংযুক্ত) ৰাজ্যিক দল ১২
১০ লোক জনশক্তি পাৰ্টি ৰাজ্যিক দল ১৫
১১ মুছলিম লীগ কেৰালা ষ্টেট কমিটি ৰাজ্যিক দল
১২ ৰাষ্ট্ৰীয় জনতা দল ৰাজ্যিক দল
১৩ ৰিভ’লুশ্যনাৰী ছচিয়েলিষ্ট পাৰ্টি ৰাজ্যিক দল
১৪ সমাজবাদী পাৰ্টি ৰাজ্যিক দল
১৫ অসম গণ পৰিষদ (প্ৰগতিশীল) পঞ্জীভূক্ত (অস্বীকৃত) দল ৯৩
১৬ সৰ্বভাৰতীয় সংখ্যালঘূ মৰ্চা পঞ্জীভূক্ত (অস্বীকৃত) দল
১৭ স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি পঞ্জীভূক্ত (অস্বীকৃত) দল
১৮ অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা পঞ্জীভূক্ত (অস্বীকৃত) দল ৬৯ ১০
১৯ হিন্দুস্থান সুৰক্ষা পাৰ্টি পঞ্জীভূক্ত (অস্বীকৃত) দল
২০ লোক সন্মিলন পঞ্জীভূক্ত (অস্বীকৃত) দল
২১ লোক শক্তি পঞ্জীভূক্ত (অস্বীকৃত) দল
২২ NBNP পঞ্জীভূক্ত (অস্বীকৃত) দল
২৩ নেচনেল লোকতান্ত্ৰিক পাৰ্টি পঞ্জীভূক্ত (অস্বীকৃত) দল
২৪ নৱ ভাৰত নিৰ্মাণ পাৰ্টি পঞ্জীভূক্ত (অস্বীকৃত) দল
২৫ ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (ৰসিত ভাটী) পঞ্জীভূক্ত (অস্বীকৃত) দল
২৬ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া পঞ্জীভূক্ত (অস্বীকৃত) দল
২৭ সমতা পাৰ্টি পঞ্জীভূক্ত (অস্বীকৃত) দল
২৮ তৃণমূল গণ পৰিষদ পঞ্জীভূক্ত (অস্বীকৃত) দল
২৯ সংযুক্ত সংখ্যালঘূ মৰ্চা, অসম পঞ্জীভূক্ত (অস্বীকৃত) দল
৩০ ইউনাইটেড ৰিজাৰ্ভেচন মুভমেণ্ট কাউঞ্চিল অফ আছাম (URMCA) পঞ্জীভূক্ত (অস্বীকৃত) দল
৩১ নিৰ্দলীয় ৩১৬ ২২

বিজয়ী প্ৰাৰ্থীসকল[2] সম্পাদনা কৰক

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল প্ৰাপ্ত ভোটৰ সংখ্যা দ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
শম্ভূ সিং মাল্লা ভাৰতীয় জনতা পাৰ্টি
পাঠৰকান্দি কাৰ্তিক সেন সিনহা ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ উত্তৰ মিচন ৰঞ্জন দাস ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ দক্ষিণ চিদ্দিক আহমেদ নিৰ্দলীয়
বদৰপুৰ আনোৱাৰ হক অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
হাইলাকান্দি চালিমুদ্দিন বৰভূ়ঞা অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
কাটলিচেৰা গৌতম ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰ ৰাহুল ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
শিলচৰ বিথিকা দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ সোণাই কুতুব আহমেদ মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
পৰিমল শুক্লবৈদ্য ভাৰতীয় জনতা পাৰ্টি
১২ উদৰবন্দ অজিত সিং ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ লক্ষীপুৰ দীনেশ প্ৰসাদ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ বৰখলা ৰুমি নাথ ভাৰতীয় জনতা পাৰ্টি
১৫ কাটিগড়া আটাউৰ ৰহমান মাজাৰভূঞা অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
১৬ হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দ চন্দ্ৰ লাংথাছা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত সিং ইংতি স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৮ হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
খেৰসিং ইংতি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯ ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বিদ্যাসিং ইংলেং ভাৰতীয় জাতীয় কংগ্ৰেছ
২০ বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মনসিং ৰংপি ভাৰতীয় জাতীয় কংগ্ৰেছ
২১ মানকাচৰ মতিউৰ ৰহমান মণ্ডল নিৰ্দলীয়
২২ শালমাৰা দক্ষিণ বদৰুদ্দিন আজমল অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২৩ ধুবৰী ৰচিদুল হক অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২৪ গৌৰীপুৰ মহিবুল হক নিৰ্দলীয়
২৫ গোলোকগঞ্জ আবু তাহেৰ বেপাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
২৬ বিলাসীপাৰা পশ্চিম হাফিজ বছিৰ আহমেদ অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২৭ বিলাসীপাৰা পূব প্ৰশান্ত কুমাৰ বৰুৱা অসম গণ পৰিষদ
২৮ গোসাইগাঁও মজেন্দ্ৰ নাৰ্জাৰী নিৰ্দলীয়
২৯ কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
পৰমেশ্বৰ ব্ৰহ্ম নিৰ্দলীয়
৩০ কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ব্ৰহ্ম নিৰ্দলীয়
৩১ চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চন্দন ব্ৰহ্ম নিৰ্দলীয়
৩২ বঙাইগাঁও ফণীভূষণ ৰয় অসম গণ পৰিষদ
৩৩ বিজনী কমল সিং নাৰ্জাৰী নিৰ্দলীয়
৩৪ অভয়াপুৰী উত্তৰ আব্দুল হাই নাগৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৫ অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰবিন বাণিক্য অসম গণ পৰিষদ
৩৬ দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দেবেন দৈমাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭ গোৱালপাৰা পূব দুলাল চন্দ্ৰ ঘোষ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি
৩৮ গোৱালপাৰা পশ্চিম আব্দুৰ ৰচিদ মণ্ডল ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯ জলেশ্বৰ আফজালুৰ ৰহমান লোক সন্মিলন
৪০ সৰভোগ উদ্ধৱ বৰ্মন ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪১ ভবানীপুৰ মনোৰঞ্জন দাস অসম গণ পৰিষদ
৪২ পাটাচাৰকুচি মলয়া বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩ বৰপেটা গুণীন্দ্ৰ নাথ দাস অসম গণ পৰিষদ
৪৪ জনীয়া আব্দুল খালেক ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫ বাঘবৰ দিলদাৰ ৰেজ্জা ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ সৰুক্ষেত্ৰী তাৰাপ্ৰসাদ দাস নিৰ্দলীয়
৪৭ চেঙা লিয়াকত আলি খান অসম গণ পৰিষদ
৪৮ বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
জ্যোতি প্ৰসাদ দাস অসম গণ পৰিষদ
৪৯ ছয়গাঁও কমলা কলিতা অসম গণ পৰিষদ
৫০ পলাশবাৰী প্ৰণৱ কলিতা নিৰ্দলীয়
৫১ জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫২ দিশপুৰ অকণ বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩ গুৱাহাটী পূব ৰবীন বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪ গুৱাহাটী পশ্চিম ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসম গণ পৰিষদ
৫৫ হাজো নুৰুল হুছেইন অসম গণ পৰিষদ
৫৬ কমলপুৰ উত্তৰা কলিতা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭ ৰঙিয়া অনন্ত ডেকা ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৫৮ তামুলপুৰ চন্দন বসুমতাৰী নিৰ্দলীয়
৫৯ নলবাৰী অলকা শৰ্মা অসম গণ পৰিষদ
৬০ বৰক্ষেত্ৰী ভূমিধৰ বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ ধৰ্মপুৰ চন্দ্ৰমোহন পাটোৱাৰী অসম গণ পৰিষদ
৬২ বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
মনেশ্বৰ ব্ৰহ্ম নিৰ্দলীয়
৬৩ চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
থানেশ্বৰ বসুমতাৰী নিৰ্দলীয়
৬৪ পানেৰী কমলী বসুমতাৰী নিৰ্দলীয়
৬৫ কলাইগাঁও মহেশ্বৰ বড়ো নিৰ্দলীয়
৬৬ ছিপাঝাৰ বিনন্দ কুমাৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭ মঙ্গলদৈ হিৰেন দাস অসম গণ পৰিষদ
৬৮ দলগাঁও ইলিয়াচ আলি নিৰ্দলীয়
৬৯ ওদালগুৰি ৰিহন দৈমাৰী নিৰ্দলীয়
৭০ মাজবাট কৰেন্দ্ৰ বসুমতাৰী নিৰ্দলীয়
৭১ ঢেকিয়াজুলি যোছেফ তপ্প অসম গণ পৰিষদ
৭২ বৰচলা টংক বাহাদুৰ ৰায় ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩ তেজপুৰ বৃন্দাবন গোস্বামী অসম গণ পৰিষদ
৭৪ ৰাঙাপাৰা অভিজিত হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
৭৫ চটিয়া পদ্ম হাজৰিকা অসম গণ পৰিষদ
৭৬ বিশ্বনাথ নুৰজামাল সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭ বিহালী ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টি
৭৮ গহপুৰ ৰিপুন বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯ জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বিবেকানন্দ দালাই ভাৰতীয় জাতীয় কংগ্ৰেছ
৮০ মৰিগাঁও জোনজোনালী বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮১ লাহৰিঘাট নজৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ ৰহা
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গুণেশ্বৰ দাস অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৮৩ ধিং মোবাৰক আলি পাঠান অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৮৪ বটদ্ৰবা গৌতম বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ ৰূপহীহাট আব্দুল আজিজ অসম গণ পৰিষদ
৮৬ নগাঁও গিৰিন্দ্ৰ কুমাৰ বৰুৱা অসম গণ পৰিষদ
৮৭ বঢ়মপুৰ প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদ (প্ৰগতিশীল)
৮৮ চামগুৰি ৰকিবুল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯ কলিয়াবৰ কেশৱ মহন্ত অসম গণ পৰিষদ
৯০ যমুনামুখ বদৰুদ্দিন আজমল অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৯১ হোজাই আদিত্য লাংথাছা অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা
৯২ লামডিং সুশীল দত্ত ভাৰতীয় জনতা পাৰ্টি
৯৩ বোকাখাট জিতেন গগৈ নিৰ্দলীয়
৯৪ সৰুপথাৰ বিনোদ গোৱালা অসম গণ পৰিষদ
৯৫ গোলাঘাট অজন্তা নেওগ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬ খুমটাই প্ৰবীন গগৈ অসম গণ পৰিষদ
৯৭ দেৰগাঁও
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
সুশীলা হাজৰিকা অসম গণ পৰিষদ
৯৮ যোৰহাট ৰাণা গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৯ মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰাজীৱ লোচন পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ
১০০ তিতাবৰ তৰুণ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০১ মৰিয়নি ৰূপজ্যোতি কুৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০২ টিয়ক মেম্বৰ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩ আমগুৰি প্ৰদীপ হাজৰিকা অসম গণ পৰিষদ
১০৪ নাজিৰা দ্ৰুপদ বৰগোহাঁই ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৫ মাহমৰা শৰৎ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬ সোণাৰি শৰৎ বৰকটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭ থাওৰা কুশল দুৱৰী নিৰ্দলীয়
১০৮ শিৱসাগৰ প্ৰণৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯ বিহপুৰীয়া ভূপেন কুমাৰ বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
১১০ নাওবৈচা সঞ্জয় ৰাজ চুব্বা নিৰ্দলীয়
১১১ লক্ষীমপুৰ ঘন বুঢ়াগোহাঁই ভাৰতীয় জাতীয় কংগ্ৰেছ
১১২ ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভৰত চন্দ্ৰ নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সুমিত্ৰা পাটিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৪ জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভূপেন পেগু নিৰ্দলীয়
১১৫ মৰাণ জীৱনতাৰা ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৬ ডিব্ৰুগড় প্ৰশান্ত ফুকন ভাৰতীয় জনতা পাৰ্টি
১১৭ লাহোৱাল পৃথ্বী মাঝি ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮ দুলিয়াজান ৰামেশ্বৰ তেলী ভাৰতীয় জনতা পাৰ্টি
১১৯ টিংখং অনুপ ফুকন অসম গণ পৰিষদ
১২০ নাহৰকটীয়া প্ৰণতি ফুকন ভাৰতীয় জাতীয় কংগ্ৰেছ
১২১ চাবুৱা ৰাজু চাহু ভাৰতীয় জাতীয় কংগ্ৰেছ
১২২ তিনিচুকীয়া ৰাজেন্দ্ৰ প্ৰসাদ সিং ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ ডিগবৈ ৰামেশ্বৰ ধানোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ মাৰ্ঘেৰিটা প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ ডুমডুমা দূৰ্গা ভূমিজ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬ শদিয়া বলিন চেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য সংগ্ৰহ সম্পাদনা কৰক