ৰত্না দত্ত
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ৰত্না দত্ত (১৯৬৩-২০১৯) (ইংৰাজী: Ratna Dutta) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু নাট্যকৰ্মী। তেখেতে টিংখাং মহাবিদ্যালয়তে সৰ্বপ্ৰথম প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ পাছত চাবুৱা ডি.ডি.আৰ মহাবিদ্যালয়ত কিছুদিন আৰু তাৰ পাছত ডিব্ৰুগড় মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰবক্তা (অসমীয়া বিভাগ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেখেত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নাট্যকৰ্মীও আছিল।
ৰত্না দত্ত | |
---|---|
জন্ম | ২২ অক্টোবৰ, ১৯৬৩ উদয়পুৰ, ডিব্ৰুগড় |
মৃত্যু | ১৯ জুন, ২০১৯ (৫৫ বছৰ) |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ১৯৮৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ |
বিষয় | উপন্যাস সাহিত্য, নাট্যকৰ্মী,সংগীত |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকৰত্না দত্তৰ জন্ম হয় ডিব্ৰুগড় জিলাৰ উদয়পুৰত, ২২ অক্টোবৰ, ১৯৬৩ চনত। তেখেতৰ দেউতাকৰ নাম শিৱশংকৰ দত্ত আৰু মাকৰ নাম মিনতি দত্ত।
শিক্ষা আৰু কৰ্মজীৱন
সম্পাদনা কৰকতেখেতে ১৯৮৩ চনত মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৮৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। টিংখাং মহাবিদ্যালয়তে সৰ্বপ্ৰথম প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে আৰু তাৰ পাছত চাবুৱা ডি.ডি.আৰ মহাবিদ্যালয়ত কিছুদিন আৰু শেষত ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ত প্ৰবক্তা (অসমীয়া বিভাগ) হিচাপে কাৰ্যনিৰ্বাহ কৰে।
বঁটা আৰু সন্মান
সম্পাদনা কৰকঅতীক সাংস্কৃতিক গোষ্ঠী, ডিব্ৰুগড়; আকাশবাণী ডিব্ৰুগড়ত নাট্যশিল্পী হিচাপে স্বীকৃতি লাভ কৰে।[2] আৰু অসম লেখিকা সংস্থাৰ সদস্যা হিচাপে তেওঁ কাম কৰিছিল।
সাহিত্য চৰ্চা
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰক- মধুৰতম সময় (সপোনজ্যোতি ঠাকুৰৰ ৰেডিঅ’ নাটকৰ আধাৰত ৰচনা কৰা)[3]
- দ্বিতীয়া (তেজীমলাৰ মাহীমাকৰ নিষ্ঠুৰতাৰ লোমহৰ্ষক কাহিনীৰ আধাৰত ৰচনা কৰা উপন্যাস)[4]
- ৰূপালী পৃথিৱী (ভাৰতৰ বোলছবিৰ আধাৰত লিখা)[5]
- কাৰেঙৰ লিগিৰী (জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ আধাৰত ৰচনা কৰা)[6]
উপন্যাসিকা
সম্পাদনা কৰক- আনন্দৰ সন্ধানত বাসৱী
- গুলঞ্চী ফুলৰ মায়া
সমালোচনামূলক পুথি
সম্পাদনা কৰক- বিষয় কবিতা (কবিতা বিষয়ক সমালোচনা)[7]
- প্ৰসঙ্গ নাৰী (নাৰী বিষয়ক ৰচনা)[8]
- ডাইনী প্ৰসঙ্গ (যুটীয়াভাৱে)
- মৃত্যুঞ্জয় এটি বিশ্লেষণ [9]
- নাৰীবাদঃ তত্ত্বকথা আৰু সাহিত্য প্ৰসংগ(নাৰীবাদ সম্পৰ্কীয় তত্ত্ব আৰু সাহিত্য আলোচনাৰ সংকলন)[10]
- প্ৰেমৰ সপোন আৰু ৰ'দে পোৰা মানুহ (মৃত্যুৰ পিছত প্ৰকাশিত প্ৰবন্ধ সংকলন,সম্পাদিত)[11]
কবিতাপুথি
সম্পাদনা কৰক- ৰূপালী ৰাতি (কুসুম গগৈৰ সৈতে যুটীয়াভাৱে)[12]
- নীলাঞ্জনা (ৰীতা কোঁৱৰৰ সৈতে যুুটীয়াভাৱে)[13]
- ৰঞ্জনৰ মধুৰতম সময় (কবিতা পুথি)[14]
নাটক
সম্পাদনা কৰক- ৰাজবধূ আৰু অন্যান্য (ৰত্না দত্ত আৰু স্বপ্না দত্ত ডেকাৰ নাটকৰ যুটীয়া সংকলন)[15]
অনুবাদ
সম্পাদনা কৰক- মৃগনয়নী(হিন্দীৰ পৰা অনূদিত উপন্যাস, মূল লেখকঃ বৃন্দাবনলাল বাৰ্মা)[16]
ৰত্না দত্ত সম্পৰ্কীয় গ্ৰন্থ
সম্পাদনা কৰক- শব্দৰ বৰণীয়া ছাঁ(সম্পাদিত)[17]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2019-06-19. https://web.archive.org/web/20190619165037/https://www.asomiyapratidin.in/ratna-dutta-is-no-more/। আহৰণ কৰা হৈছে: 2019-06-19.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2019-11-02. https://web.archive.org/web/20191102203911/http://www.enajori.com/?p=619। আহৰণ কৰা হৈছে: 2019-06-19.
- ↑ ৰত্না দত্ত (২০০০). মধুৰতম সময়. অভীক প্ৰকাশন.
- ↑ ৰত্না দত্ত (২০১৭,দ্বিতীয় প্ৰকাশ). দ্বিতীয়া. কৌস্তুভ প্ৰকাশন.
- ↑ ৰত্না দত্ত (২০০৮). ৰূপালী পৃথিৱী. কৌস্তুভ প্ৰকাশন.
- ↑ ৰত্না দত্ত (২০১৬). কাৰেঙৰ লিগিৰী. অভীক প্ৰকাশন.
- ↑ ৰত্না দত্ত (২০০৫). বিষয় কবিতা. অভীক প্ৰকাশন.
- ↑ ৰত্না দত্ত (২০০৮). প্ৰসঙ্গ নাৰী. অভীক প্ৰকাশন.
- ↑ ৰত্না দত্ত (২০১২). মৃত্যুঞ্জয় এটি বিশ্লেষণ. অসমীয়া অনলাইন প্ৰকাশন,গুৱাহাটী.
- ↑ ৰত্না দত্ত (২০১৩). নাৰীবাদঃ তত্ত্বকথা আৰু সাহিত্য. অসমীয়া অনলাইন ডট কম.
- ↑ ৰত্না দত্ত (২০২০). প্ৰেমৰ সপোন আৰু ৰ’দে পোৰা মানুহ. অভীক আৰু জে.জি বুকচ.
- ↑ ৰত্না দত্ত আৰু কুসুম গগৈ (২০০৫). ৰূপালী ৰাতি. অভীক প্ৰকাশন.
- ↑ ৰত্না দত্ত আৰু ৰীতা কোঁৱৰ (২০০৬). নীলাঞ্জনা. অভীক প্ৰকাশন.
- ↑ ৰত্না দত্ত (২০০৭). ৰঞ্জনৰ মধুৰতম সময়. অভীক প্ৰকাশন.
- ↑ ৰত্না দত্ত&স্বপ্না দত্ত ডেকা (২০২০). ৰাজবধূ আৰু অন্যান্য. অভীক আৰু পথাৰ.
- ↑ মূলঃ বৃন্দাবনলাল বাৰ্মা,অনুঃ ৰত্না দত্ত (২০১৭). মৃগনয়নী. অসমীয়া প্ৰকাশঃ কৌস্তুভ প্ৰকাশন.
- ↑ শব্দৰ বৰণীয়া ছাঁ. অভীক প্ৰকাশন. ২০১৯.