ৰামধাৰী সিং দিনকৰ

হিন্দী সাহিত্যৰ লেখক, কবি তথা নিবন্ধকাৰ

ৰামধাৰী সিং দিনকৰ (২৩ চেপ্তেম্বৰ, ১৯০৮ - ২৪ এপ্ৰিল, ১৯৭৪) আছিল হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ। আধুনিক যুগৰ শ্ৰেষ্ঠ 'বীৰ ৰস'ৰ কবি ৰূপে তেওঁ স্থাপিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাতত তেওঁৰ জন্ম হৈছিল। তেখেতে পাটনা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস, দৰ্শনশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞান শিক্ষা আহৰণ কৰিছিল। তেখেতে বঙালী, ইংৰাজী আৰু উৰ্দু ভাষাৰো অধ্যয়ন কৰিছিল।

ৰামধাৰী সিং দিনকৰ
ডাক টিকটত ৰামধাৰী সিং দিনকৰ
ডাক টিকটত ৰামধাৰী সিং দিনকৰ
জন্ম ৰামধাৰী সিং দিনকৰ
২৫ ছেপ্টেম্বৰ, ১৯০৮
সিমৰিয়া, মুংগেৰ, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ বিহাৰ, ভাৰত)
মৃত্যু ২৪ এপ্ৰিল, ১৯৭৪ (৬৫ বছৰ)
পেচা কবি, স্বাধীনতা যুঁজাৰু, ৰাজ্যসভাৰ সদস্য, নিবন্ধকাৰ, সাহিত্য সমালোচক, সাংবাদিক, চেতাৰবাদক,
উল্লেখযোগ্য বঁটা ১৯৫৯: সাহিত্য অকাডেমি বঁটা
১৯৫৯: পদ্মভূষণ
১৯৭২: জ্ঞানপীঠ বঁটা
দাম্পত্যসংগী শ্যামাবতী
সন্তান কেডাৰনাথ সিং, ৰামসেৱক সিং

স্বাক্ষৰ
পিতৃ-মাতৃ মনৰূপ দেৱী (মাতৃ)
ৰবি সিংহ (পিতৃ)

দিনকৰ স্বাধীনতাৰ পূৰ্বে এজন বিদ্ৰোহী কবিৰূপে প্ৰতিষ্ঠিত হৈছিল আৰু স্বাধীনতাৰ পাছত ৰাষ্ট্ৰকবি নামে জনা গৈছিল। তেওঁ আছিল ছায়াবাদোত্তৰ কবিসকলৰ প্ৰথম প্ৰজন্মৰ কবি। তেওঁৰ কবিতাত এফালে বিদ্ৰোহ, আক্ৰোশ আৰু ক্ৰান্তিৰ প্ৰভাৱ আৰু আনফালে কোমল প্ৰেমময় অনুভূতিৰ অভিব্যক্তি পৰিলক্ষিত হয়। এই দুই প্ৰবৃত্তিৰ চৰম উত্কৰ্ষ তেখেতৰ কুৰুক্ষেত্ৰ আৰু উৰ্বষী নামৰ কাব্যত পোৱা যায়।

তেখেতৰ কাব্যৰচনা উৰ্বষীয়ে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰে আৰু কুৰুক্ষেত্ৰ নামৰ কাব্যখনে বিশ্বৰ ১০০টা সৰ্বশ্ৰেষ্ঠ কাব্যৰ ভিতৰত ৭৪ স্থান লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

জীৱন পৰিচয়সম্পাদনা কৰক

দিনকৰৰ জন্ম ১৯০৮ চনৰ ২৩ চেপ্তেম্বৰত বিহাৰৰ অন্তৰ্গত মুংগেৰৰ সিমৰিয়া নামে ঠাইত হৈছিল। পাটনা বিশ্ববিদ্যালয়ৰ পৰা বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ এখন বিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৩৪ চনৰ পৰা ১৯৪৭ চনলৈ বিহাৰ চৰকাৰৰ সেৱাত উপ-পঞ্জীয়ক আৰু প্ৰচাৰ বিভাগৰ উপনিৰ্দেশক পদত কাম কৰিছিল। ১৯৫০ চনৰ পৰা ১৯৫২ চনলৈ মুজফ্ফৰ কলেজত হিন্দী বিভাগৰ প্ৰধান অধ্যক্ষ আছিল, ভাগলপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ পদত কাম কৰিছিল আৰু তাৰ পাছত ভাৰত চৰকাৰহিন্দী উপদেষ্টা হৈছিল।

মুখ্য কৃতিত্বসমূহসম্পাদনা কৰক

ৰামধাৰী সিং দিনকৰে সামাজিক আৰু আৰ্থিক সাম্যতা আৰু শোষণৰ বিৰুদ্ধে কবিতা ৰচনা কৰিছিল। তেখেত আছিল এজন প্ৰসিদ্ধ প্ৰগতিবাদী আৰু মানৱতাবাদী কবি যিয়ে ঐতিহাসিক চৰিত্ৰসমূহ আৰু ঘটনাবোৰক ওজস্বী আৰু প্ৰখৰ শব্দৰে প্ৰকাশ কৰিছিল। তেখেতৰ মহান ৰচনাবোৰৰ ভিতৰত ৰশ্মিৰথী আৰু পৰশুৰাম কী প্ৰতিক্ষা উল্লেখযোগ্য। উৰ্বষীৰ বাহিৰেও দিনকৰৰ বেছিভাগ ৰচনাই 'বীৰ ৰস'ৰে ওতপ্ৰোত। ভূষণৰ পাছতেই তেখেতক বীৰ ৰসৰ সৰ্বশ্ৰেষ্ঠ কবি হিচাপে গণ্য কৰা হয়।

সন্মানসম্পাদনা কৰক

কুৰুক্ষেত্ৰৰ বাবে তেখেতেকাশী নগৰী প্ৰচাৰণী সভা, উত্তৰ প্ৰদেশ চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা সন্মান লাভ কৰে। সংস্কৃতি কে চাৰ অধ্যায়ৰ বাবে তেখেতে ১৯৫৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডা ৰাজেন্দ্ৰ প্ৰসাদে তেখেতক ১৯৫৯ চনত পদ্মবিভূষণেৰে সন্মানিত কৰে। ভাগলপুৰ বিশ্ববিদ্যালয়ৰ তেতিয়াৰ কুলাধিপতি আৰু বিহাৰৰ ৰাজ্যপাল জাকিৰ হুচেইনে তেখেতক ডক্টৰেট উপাধিৰে সন্মানিত কৰে। ১৯৬৮ চনত ৰাজস্থান বিদ্যাপীঠে তেখেতক "সাহিত্য-চূড়ীমণি"ৰে সন্মানিত কৰিছিল। ১৯৭২ চনত কাব্যৰচনা উৰ্বষীৰ বাবে তেখেতক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। ১৯৫২ চনত তেওঁ ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হৈছিল আৰু একেৰাহে তিনিবাৰকৈ ৰাজ্যসভাৰ সদস্য আছিল।

মৰণোত্তৰ সন্মানসম্পাদনা কৰক

১৯৮৭ চনৰ ৩০ চেপ্তেম্বৰত তেখেতৰ ত্ৰয়োদশ মৃত্যুতিথিত তেতিয়াৰ ৰাষ্ট্ৰপতি জৈল সিংহই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছিল। ১৯৯৯ চনত ভাৰত চৰকাৰে তেখেতৰ স্মৃতিত ডাক টিকটৰ সূচনা কৰিছিল। কেন্দ্ৰীয় তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰী প্ৰিয়ৰঞ্জন দাস মুঞ্চীয়ে তেখেতৰ জন্মশতাব্দীত ৰামধাৰী সিং দিনকৰ-ব্যক্তিত্ব আৰু কৃতিত্ব পুৰস্কাৰৰ সূচনা কৰে।

তথ্যসূত্ৰসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক