ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী (১ জানুৱাৰী ১৯৫০ – ১১ আগষ্ট ২০২০) এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ।[1] তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল।[2] তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ অধ্যাপক আছিল। ২০২০ চনৰ ১১ আগষ্ট তাৰিখে ইন্দোৰৰ অৰবিন্দ হস্পিটেলত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।[3] মৃত্যুৰ আগদিনা তেওঁৰ দেহত কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ অৱস্থিতি ধৰা পৰিছিল।[4]

ৰাহত ইন্দোৰী
জন্ম ৰাহত কুৰেশ্বি
০১ জানুৱাৰী, ১৯৫০
ইন্দোৰ, মধ্য ভাৰত, ভাৰত অধিৰাজ্য (বৰ্তমান মধ্য প্ৰদেশ, ভাৰত)
মৃত্যু ১১ আগষ্ট, ২০২০ (৭০ বছৰ)
ইন্দোৰ, মধ্য প্ৰদেশ, ভাৰত
পেচা
  • গীতিকাৰ
  • কবি
  • শ্বায়েৰ
শিক্ষা এম.এ., পি.এইছ.ডি. (উৰ্দু সাহিত্য)
মাতৃশিক্ষায়তন ইছলামীয়া কাৰিমিয়া কলেজ, ইন্দোৰ
বৰ্কতুল্লাহ বিশ্ববিদ্যালয়, ভূপাল
ধৰণ গজল, নজম, গীত
দাম্পত্যসংগী সীমা ৰাহত
অঞ্জুম ৰেহবাৰ (বি. ১৯৮৮; বিবি. ১৯৯৩)
সন্তান

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৫০ চনৰ ১ জানুৱাৰী তাৰিখে ভাৰত অধিৰাজ্যৰ অন্তৰ্গত মধ্য ভাৰতৰ ইন্দোৰত ৰাহত কুৰেশ্বিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰফতুল্লাহ কুৰেশ্বি আৰু মাতৃ মকবুল উন নিছা বেগম। তেওঁৰ পিতৃ কাপোৰৰ কাৰখানাৰ কৰ্মচাৰী আছিল। ৰাহত তেওঁলোকৰ চতুৰ্থ সন্তান আছিল।

ৰাহতে ইন্দোৰতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ইন্দোৰৰ নুতন স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৭৩ চনত ইন্দোৰৰে ইছলামীয়া কাৰিমিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।[5] তাৰপিছত তেওঁ ১৯৭৫ চনত ভূপালৰ বৰ্কতুল্লাহ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[6] ১৯৮৫ চনত তেওঁ উৰ্দু সাহিত্যত মুশ্বায়েৰা বিষয়ত গৱেষণা কৰি মধ্য প্ৰদেশৰ ভূজ বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰিছিল।[7]

মুশ্বায়েৰা পৰিবেশন সম্পাদনা কৰক

 
ৰাহত ইন্দোৰী চাহাব

ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী হিচাপে বিখ্যাত। তেওঁ প্ৰায় ৪০-৪৫ বছৰ ধৰি কবি সন্মিলন সমূহত মুশ্বায়েৰা পৰিবেশন কৰি আহিছে। তদুপৰি তেওঁৰ শ্বায়েৰী আৰু কবিতা আবৃত্তি কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন ঠাইত নিমন্ত্ৰিত হৈছে। ভাৰতৰ বিভিন্ন অঞ্চলত পৰিবেশন কৰাৰ লগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, সংযুক্ত আৰৱ আমিৰাত, কানাডা, মৰিচাছ, কুৱেইট, চিংগাপুৰ, কাটাৰ, বাহৰেইন, ওমান, পাকিস্তান, নেপাল, বাংলাদেশত কেইবাবাৰো মুশ্বায়েৰা পৰিবেশন কৰিছে।[8][9]

জনপ্ৰিয় মাধ্যমত সম্পাদনা কৰক

২০১৭ চনৰ ১ জুলাই তাৰিখে চনী টিভিৰ জনপ্ৰিয় হাস্যব্যংগ অনুষ্ঠান 'দা কপিল শৰ্মা শ্ব'ৰ প্ৰথম সংস্কৰণলৈ কুমাৰ বিশ্বাস আৰু শ্ববীনাজীৰ সৈতে ৰাহত ইন্দোৰী প্ৰথমবাৰৰ বাবে আৰু ২০১৯ চনৰ ২১ জুলাইত দ্বিতীয়বাৰ অশোক চন্দ্ৰধাৰৰ সৈতে দ্বিতীয় সংস্কৰণত নিমন্ত্ৰিত হৈছিল।[10][11] ইয়াৰ লগতে তেওঁ সব টিভিৰ অনুষ্ঠান 'ৱাহ! ৱাহ! ক্যা বাত হে'লৈয়ো নিমন্ত্ৰিত হৈছিল।

২০২০ চনৰ ভেলেণ্টাইন সপ্তাহত তেওঁৰ কবিতা 'বুলাটি হে মগৰ জানে কা নেহী'[12][13] টিকটক, ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত ভাইৰেল হৈছিল।[14] মানুহে কবিতাটোৰ এই শাৰীদুটি মিম হিচাপে ব্যৱহাৰ কৰিছিল।[15]

মৃত্যু সম্পাদনা কৰক

২০২০ চনৰ ১০ আগষ্ট তাৰিখে ৰাহত ইন্দোৰীৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে আৰু তেওঁক মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত অৰবিন্দ হস্পিটেলত ভৰ্তি কৰোৱা হয়।[16] পিছদিনা অৰ্থাৎ ১১ আগষ্ট তাৰিখে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।[17][18]

বঁটা আৰু সন্মান সম্পাদনা কৰক

ৰাহত ইন্দোৰীয়ে বহুতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ইয়াৰে উল্লেখযোগ্য সমূহ হ'ল:

  • ফাৰঘ ই উৰ্দু আডাৱ বঁটা, কুৱেইট
  • শ্বায়েৰ ই মেহফিল বঁটা, অঞ্জুমান ফাৰঘ ই উৰ্দু আডাৱ, কুৱেইট
  • মহম্মদ আলী তাজ বঁটা, মধ্য প্ৰদেশ উৰ্দু একাডেমী, ভূপাল
  • মৌলানা মহম্মদ আলী জহৰ বঁটা, জামিয়া অল্ড বয়জ এছচিয়েছন, নতুন দিল্লী
  • আদিব ইণ্টাৰনেচেনেল বঁটা, সাহিৰ সংস্কৃতিক একাডেমী, লুধিয়ানা
  • হক বানৰছী বঁটা, অঞ্জুমান নাৱা ই হক, বনাৰছ
  • সাহিত্য সৰস্বত, হিন্দী সাহিত্য সন্মিলন, প্ৰয়াগ
  • ইন্দিৰা গান্ধী বঁটা, ৰাষ্ট্ৰীয় ফেডাৰেচন, হালদ্বাণী
  • প্ৰদেশ ৰত্ন, হিন্দী সাহিত্য পৰিষদ, ভূপাল
  • ৰাষ্ট্ৰীয়
  • উত্তৰ প্ৰদেশ হিন্দী উৰ্দু সাহিত্য বঁটা, উত্তৰ প্ৰদেশ চৰকাৰ
  • ৰাজীৱ গান্ধী সাহিত্য বঁটা, ভূপাল
  • সদ্ভাৱনা বঁটা, বাজম ই গাংগু জামান, উজ্জেইন
  • আফাক হাইদৰ বঁটা, শ্বামীন মেনন মেমৰীয়েল ফাউণ্ডেচন, ভাৰণাই
  • ফানি অ শ্বাকিল বঁটা, ড° উৰ্মিলেশ জন চেতনা সমিতি, বাডাউন
  • নিশ্বৰ ৱাহিদী বঁটা, ৰাষ্ট্ৰীয় গ্ৰন্থমেলা ন্যাস, কানপুৰ
  • নেতাজী সুভাষ অলংকৰণ, সুভাষ মঞ্চ, ইন্দোৰ
  • ড° জাকিৰ হুছেইন বঁটা, নতুন দিল্লী
  • নিশ্বান এ এইজাজ, ড° শ্বাকিল ৱেলফেয়াৰ এডুকেচনেল ছোচাইটি, বেৰেলী
  • কৈফি আজমী বঁটা, ভাৰতীয় ৰাষ্ট্ৰীয় একতা পৰিষদ
  • উৰ্দু বঁটা
  • ইছৰত বঁটা
  • কবীৰ সন্মান, ভাডিজ হিন্দী শিক্ষা সমিতি, জম্মু কাশ্মীৰ
  • জগজিৎ সিং বঁটা, নিৰ্মলা দেৱী ফাউণ্ডেচন
  • মিৰ্জা গালিব বঁটা

প্ৰকাশিত গ্ৰন্থৰাজি সম্পাদনা কৰক

গ্ৰন্থ উৎস
ৰুত [19]
দো কদৰ অৰ চহি [20]
মেৰে বাদ [21]
ধুপ বহুত হে [22]
চান্দ পাগল হে [23]
মৌজুদ [24]
নাৰাজ [25]

গীতৰ তালিকা সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. "MP's Bollywood connection grows behind the camera". India Today. 12 September 2008. http://indiatoday.intoday.in/site/Story/15218/LATEST%20HEADLINES/MP%27s+Bollywood+connection+grows+behind+the+camera.html. 
  2. Joshi, Sopan (20 May 2019). "Urdu poetry's shape-shifter". India Today. https://www.indiatoday.in/magazine/leisure/story/20190520-urdu-poetry-s-shape-shifter-1520684-2019-05-10। আহৰণ কৰা হৈছে: 24 July 2019. 
  3. Tiwari, Tarun (11 August 2020). "Indore: Legendary poet Rahat Indori dies of COVID-19". Free Press Journal India. https://www.freepressjournal.in/indore/indore-legendary-poet-rahat-indori-dies-of-covid-19। আহৰণ কৰা হৈছে: 11 August 2020. 
  4. "Noted Urdu Poet Rahat Indori Tests Positive for Covid-19, Admitted to Hospital". News18. 11 August 2011. https://www.news18.com/news/india/noted-urdu-poet-rahat-indori-tests-positive-for-covid-19-admitted-to-hospital-2775901.html। আহৰণ কৰা হৈছে: 11 August 2020. 
  5. "I. K. College - About Us". Archived from the original on 12 October 2010. https://web.archive.org/web/20101012080445/http://www.ikcollegeindore.org/aboutus.html। আহৰণ কৰা হৈছে: 3 October 2010. 
  6. Barkatullah University Bhopal Archived 6 October 2006 at the Wayback Machine
  7. "14 Exceptional Shayris By Rahat Indori That Are Full Of Wisdom" (en-US ভাষাত). 30 July 2016. http://www.gabdig.com/14-exceptional-shayris-by-rahat-indori/। আহৰণ কৰা হৈছে: 31 July 2016. 
  8. "Top Urdu poets are arriving in Dubai for a poetic evening on April 25". https://gulfnews.com/uae/top-urdu-poets-are-arriving-in-dubai-for-a-poetic-evening-on-april-25-1.63526028. 
  9. "राहत इंदौरी जन्मदिन विशेष: हमारे पांव का कांटा हमीं से निकलेगा". January 2018. https://zeenews.india.com/hindi/india/neither-will-nor-we-will-come-out-of-any-extinction-our-thorn-crop-will-come-out-of-guarantee/361856. 
  10. Sharma, Kriti (1 July 2017). "The Kapil Sharma Show: Chandan Prabhakar returns to TKSS with a Shayari Special Episode" (en ভাষাত). India.com. https://www.india.com/showbiz/the-kapil-sharma-show-chandan-prabhakar-returns-to-tkss-with-a-shayari-special-episode-2287394/। আহৰণ কৰা হৈছে: 23 July 2019. 
  11. Farzeen, Sana (21 July 2019). "The Kapil Sharma Show: A poetic night with Rahat Indori and Ashok Chakradhar" (en-IN ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/television/the-kapil-sharma-show-preview-a-poetic-night-with-rahat-indori-and-ashok-chakradhar-5840231/। আহৰণ কৰা হৈছে: 23 July 2019. 
  12. "बुलाती है मगर जाने का नहीं//कवि सम्मेलन// dr.rahat indori shayari _bulati hai Magar jaane ka nahi". Ratangarh news pro no.1 channelwww.youtube.com. https://www.youtube.com/watch?v=J9GE6FCBGkI। আহৰণ কৰা হৈছে: 5 March 2020. 
  13. Indori, Rahat. "Dr. Rahat Indori - Bulaati hai magar jaane ka nai". Dr. Rahat Indoriwww.youtube.com. https://www.youtube.com/watch?v=0hpeiw3i-jQ। আহৰণ কৰা হৈছে: 5 March 2020. 
  14. Sarkar, Madhurima (10 February 2020). "Bulati Hai Magar Jane Ka Nahi". Latestly. https://www.latestly.com/social-viral/bulati-hai-magar-jane-ka-nahi-funny-meme-origin-story-know-why-netizens-are-making-hilarious-jokes-and-reactions-ahead-of-valentines-day-1528272.html। আহৰণ কৰা হৈছে: 5 March 2020. 
  15. "बुलाती है मगर जाने का नहीं - राहत इंदौरी". www.amarujala.com. https://www.amarujala.com/kavya/irshaad/rahat-indori-ghazal-bulati-hai-magar-jane-ka-nahin। আহৰণ কৰা হৈছে: 5 March 2020. 
  16. "Noted Urdu Poet Rahat Indori Tests Positive for Covid-19, Admitted to Hospital". News18. 11 August 2011. https://www.news18.com/news/india/noted-urdu-poet-rahat-indori-tests-positive-for-covid-19-admitted-to-hospital-2775901.html। আহৰণ কৰা হৈছে: 11 August 2020. 
  17. Tiwari, Tarun (11 August 2020). "Indore: Legendary poet Rahat Indori dies of COVID-19". Free Press Journal India. https://www.freepressjournal.in/indore/indore-legendary-poet-rahat-indori-dies-of-covid-19। আহৰণ কৰা হৈছে: 11 August 2020. 
  18. "Rahat Indori dies of cardiac arrest in Indore after testing coronavirus positive". India Today. 11 August 2020. https://www.indiatoday.in/lifestyle/people/story/rahat-indori-dies-of-cardiac-arrest-in-indore-after-testing-coronavirus-positive-1710109-2020-08-11। আহৰণ কৰা হৈছে: 11 August 2020. 
  19. "Urdu poetry's shape-shifter". https://www.indiatoday.in/magazine/leisure/story/20190520-urdu-poetry-s-shape-shifter-1520684-2019-05-10. 
  20. "I Want an India Where Peace and Love Prevails: Rahat Indori". 30 March 2019. https://www.newsclick.in/Rahat-Indori-india-peace-idea-of-india. 
  21. "पुस्तक समीक्षाः राहत इंदौरी की 'रुत'". https://www.amarujala.com/kavya/book-review-of-rut-written-by-rahat-indori-published-by-vaani-publication. 
  22. "Young writers, Urdu veterans dominate Hindi bestseller list". https://www.nationalheraldindia.com/reviews-recommendations/young-writers-urdu-veterans-dominate-hindi-bestseller-list. 
  23. "Collection of new Hindi books to be released at Swami Vivekananda Library". https://www.dailypioneer.com/2019/state-editions/collection-of-new-hindi-books-to-be-released-at-swami-vivekananda-library.html. 
  24. "राहत इंदौरी की नई किताब 'मेरे बाद' का लोकार्पण". https://khabar.ndtv.com/news/literature/rahat-indori-new-book-launch-1626014. 
  25. "बर्थडे विशेष- राहत इंदौरी, 'किसी के बाप का हिंदुस्तान थोड़ी है'". https://aajtak.intoday.in/education/story/rahat-indori-urdu-poet-birthday-lyricist-poet-tedu-1-974700.html. 

বাহ্যিক সংযোগ সম্পাদনা কৰক