১১ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
১১ আগষ্ট (ইংৰাজী: 11 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৩তম (অধিবৰ্ষত ২২৪তম) দিন। বছৰ শেষ হ'বলৈ ১৪২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ৩১১৪ খ্ৰীষ্টপূৰ্ব - মেছ'আমেৰিকান লং কাউণ্ট কেলেণ্ডাৰ আৰম্ভ হৈছিল, বিভিন্ন প্ৰাক-কলম্বিয়ান মেছ'আমেৰিকান সভ্যতাত, বিশেষকৈ মায়া সকলৰ দ্বাৰা ব্য়ৱহাৰ হৈছিল।
- ১৯৬০ - চাদ প্ৰজাতন্ত্ৰই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৬১ - দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
- ১৯৯৮ - নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
- ১৯৯৯ - চনৰ এই দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ।
- ২০০৭ - ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰিছিল।
জন্মসম্পাদনা কৰক
- ১৮৫৮ - খ্ৰীষ্টিয়ান আইকমান (ইংঃ Christiaan Eijkman)বিশিষ্ট চিকিৎসা বিজ্ঞানী, নেদাৰলেণ্ডত জন্ম হৈছিল। ১৯২৯ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৮৯৭ - ইনেড মেৰী ব্লাইটন (ইংঃEnid Mary Blyton), ইংৰাজী শিশু সাহিত্য় লেখিকা, লণ্ডনত জন্ম হৈছিল। তেখেতৰ কালজয়ী সাহিত্য় গ্ৰন্থ ন'ডী (Noddy), ফেমাছ ফাইভ (Famous Five), চিক্ৰেট চেভেন (Secret Seven), আৰু মেল'ৰী টাৱাৰছ (Malory Towers) কেইখন বিশ্বৰ ৯০টাতকৈও অধিক ভাষালৈ অনুবাদিত হৈছে। (মৃঃ ২৮ নৱেম্বৰ, ১৯৬৮)
- ১৯৪৩ - পাৰভেজ মুশ্বাৰফ (মুছাৰফ), পাকিস্থানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু সেনা প্ৰধান জেনেৰেল, দিল্লীত জন্ম হৈছিল।
- ১৯৫৩ - হাক হ'গান (ইংঃ Hulk Hogan), ৮০ দশকৰ জনপ্ৰিয় ডব্লিউ ডব্লিউ ই (WWE)ৰ মল্ল যুঁজাৰু, জৰ্জিয়াত জন্ম হৈছিল।
- ১৯৫৬ - জেকছন পোলক, এজন আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱৰ এজন অন্যতম হোতা। অদ্বিতীয় ড্ৰিপ্ পেইণ্টিং কৌশলৰ বাবে তেখেত জনাজাত আছিল। (মৃঃ ২৮ জানুৱাৰী, ১৯১২)
- ১৯৬১ - সুনীল চেট্টী, বলীউডৰ অভিনেতা।
মৃত্যুসম্পাদনা কৰক
- ১৯০৫ - ক্ষুদিৰাম বসুৰ বিনা বিচাৰে ফাঁচী হৈছিল।
- ১৯৪৫ - হেম বৰুৱা (ত্যাগবীৰ)ৰ গুৱাহাটীত মৃত্যু হয়।
- ১৯৪৬ - অমূল্য বৰুৱা, প্ৰথমগৰাকী অসমীয়া আধুনিক কবি।
- ১৯৯৯ - সত্যেন্দ্ৰনাথ শৰ্মা, সাহিত্যচাৰ্য।
- ১৯৯৯ - ৰমানাথ পাৰ্কাৰ, প্ৰাক্তন টেষ্ট খেলুৱৈ।
- ২০০৫ - পাৰ্থপ্ৰতীম চৌধুৰী, সংগীত পৰিচালক।
দিৱসসম্পাদনা কৰক
- চাদ প্ৰজাতন্ত্ৰৰ স্বাধীনতা দিৱস।
অনান্যসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১১ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |