খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী

(খনিন্দ্ৰ চন্দ্ৰ চৌধুৰীৰ পৰা পুনঃনিৰ্দেশিত)

খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী (ইংৰাজী: Khanindra Chandra Chowdhury) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত (UGC, EMERITUS) অধ্যাপক। তেওঁ বিমুৰ্ত গণিত (Pure Mathematics)-ত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত। তেওঁক গল্ডি মডিউল(Goldie Module)ৰ গঠন আৰু গল্ডি নিয়েৰ-ৰিং(Goldie Near-Ring) বুলি কোৱা ধাৰণাটো সম্প্ৰসাৰণ কৰাৰ মান্যতা দিয়া হৈছে।[1] চৌধুৰীয়ে গৱেষণামূলক কিতাপৰ লগতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যক্ৰম সংক্ৰান্ত বহুতো কিতাপ লিখিছে। তেওঁ লিখা প্ৰথমখন জনপ্ৰিয় কিতাপ গণিত এটি বিৰক্তিকৰ বিষয়; কিতাপখন অবিৰত ভগ্নাংশ (Continued Fraction) আৰু সংখ্যাতত্ত্বক বিস্তৃতভাৱে সাঙুৰি লোৱা জ্ঞানৰ উত্‍স হিচাপে বহুলভাৱে প্ৰশংসিত হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

ড॰ খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী

জন্ম ৭ নৱেম্বৰ, ১৯৪৮ (৭৫ বছৰ)
বৰপেটা, অসম, ভাৰত
বাসস্থান গুৱাহাটী
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ গণিত
শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়
পঞ্জাব বিশ্ববিদ্যালয়
দাম্পত্যসঙ্গী হেমাদা চৌধুৰী

গৱেষণা বা শৈক্ষিক কামৰ উপৰিও মাজে সময়ে তেওঁ কবিতা চৰ্চা আৰু বিভিন্ন বাতৰি কাকতত লেখা-মেলাও কৰে। তেওঁ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনৰ আধাৰত ৰামানুজন কথা নামৰ নাটক এখনো লিখিছে।[2]

জন্ম আৰু শিক্ষা জীৱন সম্পাদনা কৰক

১৯৪৮ চনত বৰপেটা জিলাত জন্মগ্ৰহণ কৰা খনীন্দ্ৰ চৌধুৰীয়ে বৰপেটাতে শিক্ষাজীৱনৰ পাতনি মেলে।[উদ্ধৃতিৰ প্ৰয়োজন]

কৰ্মজীৱন আৰু গৱেষণা সম্পাদনা কৰক

খনীন্দ্ৰ চন্দ্ৰ চৌধুৰীয়ে অষ্ট্ৰিয়াৰ জোহান্স কেপলাৰ বিশ্ববিদ্যালয়ৰ পৰা গণিত সন্মিলনত কথা ক'বলৈ আমন্ত্ৰণ পাইছিল।[3]

২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত অধ্যাপনা কৰি থাকোতে ইউ জি চি (UGC)এ দুবছৰৰ বাবে ড০ ভবেন্দ্ৰ চন্দ্ৰ কলিতাৰ সৈতে দুয়োজনক এমেৰিটাছ ফেলশ্বিছ অধ্যাপক আগবঢ়াইছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

ৰচনাৰাজি সম্পাদনা কৰক

গ্ৰন্থ
নাটক
  • ৰামানুজন নাটক

তথ্যউৎস সম্পাদনা কৰক

  1. "Biography of KCC". People Pill. https://peoplepill.com/people/khanindra-chandra-chowdhury/। আহৰণ কৰা হৈছে: 9 October 2020. 
  2. Daulat Rahman (5 July 2011). "খনিন্দ্ৰ চৌধুৰীৰ নাটক ৰামানুজন কথা". e-news paper. The Telegraph Online. https://www.telegraphindia.com/north-east/play-pill-to-kill-maths-phobia-gauhati-university-to-stage-ramanujan-katha-to-attract-young-students/cid/372428। আহৰণ কৰা হৈছে: 9 October 2020. 
  3. ড০ খনীন চৌধুৰী (১৭ মে', ২০২১). "হোমেন বৰগোহাঞিৰ পৰা জীয়াই থাকিবলৈ শিকিছিলোঁ". নিয়মীয়া বাৰ্তা: পৃষ্ঠা ৭. Archived from the original on 2021-05-25. https://web.archive.org/web/20210525114132/https://niyomiyabarta.com/epaper/17052021/page7.php। আহৰণ কৰা হৈছে: 25 মে' 2021. 

লগতে চাওক সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক