ঘৰ শালিকা (ইংৰাজী: Common Myna, বৈজ্ঞানিক নাম-Acridotheres tristis) 'Sturnidae' পৰিয়ালৰ অন্তৰ্গত এছিয়াৰ এবিধ থলুৱা চৰাই। এই সৰ্বভক্ষী চৰাইৰ প্ৰজাতিটোৱে জনবসতি পূৰ্ণ অঞ্চলত নিজকে অভিযোজন কৰাত পাকৈত বুলি জনা যায়। ই ভাৰতীয় সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সংস্কৃতি আৰু প্ৰাকৃত দুয়োবিধ ভাষাৰ সাহিত্যত ঘৰ শালিকাৰ উল্লেখ পোৱা যায়। [2][3]

ঘৰশালিকা (Common Myna)
In Kolkata, West Bengal, India.
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Sturnidae
গণ: Acridotheres
প্ৰজাতি: A. tristis
বৈজ্ঞানিক নাম
Acridotheres tristis
(Linnaeus, 1766)
Subspecies

Acridotheres tristis melanosternus
Acridotheres tristis naumanni
Acridotheres tristis tristis
Acridotheres tristis tristoides

Distribution of the Common Myna. Native distribution in blue, introduced in red.

ঘৰ শালিকাৰ বিস্তৃতি ক্ৰমান্বয়ে এনে উচ্চ হাৰত বৃদ্ধি পাইছে যে ২০০০ চনত আই.ইউ.চি. এনে ইয়াক বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত সংস্থাপিত হোৱা (World's most invasive species) চৰাইৰ প্ৰজাতি সমূহৰ এটা আৰু জৈৱ-বৈচিত্ৰতা, কৃষি আৰু জনজীৱনত প্ৰভাৱ পেলাব পৰা চৰাইসমূহৰো অন্যতম বুলি স্বীকৃতি দিছে। [4]

 
Acridotheres tristis in Kokrebellur, India

ঘৰ শালিকাৰ সহজে চিনিব পৰা গঠনগত বৈশিষ্ট্যবোৰ হৈছে মটিয়া দেহ, মূৰৰ উপৰভাগত ক'লা অংশ আৰু চকুৰ তলত থকা নোমবিহীন হালধীয়া ৰঙ। ইয়াৰ ঠোঁট আৰু ঠেং উজ্জ্বল হলধীয়া হয়। ডেউকাৰ একেবাৰে বাহিৰৰ পাখি দুখন (Outer primaries)ত বগা আঁচ আছে। ঘৰ শালিকাৰ মতা আৰু মাইকী দেখিবলৈ একে হয়। [5]

উত্তৰ ভাৰতৰ ঘৰা শালিকাৰ দেহৰ ৰং দক্ষিণ ভাৰতৰ চৰাইসমূহতকৈ শেঁতা।[6][7]

'Ali & Ripley (2001)' অনুসৰি ঘৰ শালিকাৰ দেহৰ বিভিন্ন অংশৰ দৈৰ্ঘ্য এনেধৰণৰ[6]

  • দেহৰ দৈৰ্ঘ্য ২৩ ছে: মি:
Parameter/লিংগ মতা মাইকী
গড় ওজন (গ্ৰাম)
১০৯.৮
১২০-১৩৮
ডেউকা (মিঃমিঃ)
138-153
138-147
ঠোঁট (মিঃমিঃ)
২৫-৩০
২৫-২৮
ঠেং (মিঃমিঃ)
৩৪-৪২
৩৫-৪১
নেজ (মিঃমিঃ)
৮১-৯৫
৭৯-৯৬
 
ঘৰ শালিকাক শেহতীয়াকৈ কেইবাটাও অঞ্চলত সংস্থাপন কৰাৰ পিছত ইয়াৰ বিস্তৃতি ষথেষ্ট বৃদ্ধি পাইছে।

ঘৰ শালিকা এছিয়া মহাদেশৰ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক ইৰাণৰ পৰা এৰম্ভ কৰি সমগ্ৰ দক্ষিণ এছিয়াৰ পাকিস্তান, ভাৰত, নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকা, আফাগানিস্তান, কাজাখাস্তান,উজবেকিস্তান, ম্যানমাৰৰ পৰা মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড আৰু চীন পৰ্যন্ত দেখা পোৱা যায়। [6][8]

বিশ্বৰ বিভিন্ন দেশত ঘৰ-শালিকাক সংস্থাপন (introduce) কৰা হৈছে। উদাহৰণস্বৰূপে কানাডা, অষ্ট্ৰেলিয়া, ইজৰাইল, নিউজিলেণ্ড, হাৱাই, দক্ষিণ আফ্ৰিকা আৰু ভাৰত মহাসাগৰৰ বিভিন্ন দ্বীপসমূহ যেনে- ম'ৰিটাছ (Mauritius), মালদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ আদিত ইয়াক শেহতীয়াকৈ সংস্থাপন কৰা হৈছে। [6] শৰ শালিকাৰ বিস্তৃতি শেহতীয়াকৈ এনে হাৰত বৃদ্ধি পাইছে যে ২০০০ চনত আই ইউ চি এনে ইয়াক আটাইতকৈ ক্ষতিকৰ সংস্থাপিত চৰাইৰ প্ৰজাতি (worst invasive species) বুলি অভিহিত কৰিছে। [4]

টেক্স'নমি

সম্পাদনা কৰক

ঘৰ শালিকাৰ প্ৰধানকৈ দুটা উপ-প্ৰজাতি দেখা যায়-[6]

  • Acridotheres tristis tristis (Linnaeus, 1758)- শ্ৰীলংকাকে ধৰি অন্যান্য অঞ্চলতো বহুলভাৱে বিস্তৃত।
  • A. t. melanosternus Legge, 1879.কেৱল শ্ৰীলংকাত দেখা পোৱা যায়।

উপ-প্ৰজাতি melanosternusৰ বৰণ আনটোতকৈ গাঢ় হয় আৰু ইয়াৰ আধা বগা-আধা ক'লা পাখি আৰু মুখত হালধীয়া দাগ থাকে। [6][7][9]

ঘৰ শালিকাৰ মাত
 
ঘৰ শালিকাই মুখত প্লাষ্টিক লৈ থকা অৱস্থাত
 
ঘৰ শালিকাৰ নীল-বৰণীয়া কণী

ঘৰ শালিকাৰ মাত বিভিন্ন ধৰণৰ হ'ব পাৰে। যেনে- croaks, squawks, chirps, clicks, whistles আৰু 'growls'। গান গাঁৱতে ই প্ৰায়ে পাখি আৰু মূৰ জোকাৰে। কোনো ভক্ষক প্ৰাণী (predator) কাষ চপা দেখিলে ই আন চৰাওবোৰক ডাঙৰকৈ মাতি সতৰ্ক কৰি দিয়ে। [10] ইয়াৰ মাতৰ বাবে বহুতো ঠাইত ঘৰ শালিকাক সঁজাত ৰাখি মানুহে পোহে। জাক পাতি জিৰণি লোৱাৰ সময়ত নিশা শুৱাৰ আগে আগে ইহঁতে সকলোৱে মিলি গান জুৰে। [11]

ঘৰ শালিকাই সাধাৰণতে সমগ্ৰ জীৱন জুৰি যোৰা পাতি থাকে। ই বছৰৰ বাৰ মাহেই প্ৰজনন কৰে আৰু গছৰ খোৰোং বা বেৰৰ সুৰুঙাত বাহ সাজে। [6]

 
এযোৰ শালিকা চৰাইৰ সংগমৰ ছবি।

এবাৰত সাধাৰণতে ৪-৬ টাকৈ কণী পাৰে। ১৭-১৮ দিন উমনি দিয়ে আৰু ২২-২৪ দিনৰ ভিতৰত পোৱালিৰ পাখি ওলায়। [6] কুলিচৰায়ে কেতিয়াবা ইয়াৰ বাহত কণী পাৰে বুলি জনা যায়। [12] বাহ সাজিবলৈ ঘৰ শালিকাই গছৰ ডালি, শিপা, জাবৰ আদি ব্যৱহাৰ কৰে। [6]

ঘৰ শালিকা সৰ্বভক্ষী (omnivorous)। ই বিভিন্ন পোক-পৰুৱা, ফৰিং, কেকোঁৰা, সৰীসৃপ, সৰু স্তন্যপায়ী জন্তু, গছৰ গুটি, ফল-মূল আদি খাই জীয়াই থাকে। [6][13]Salmalia আৰু Erythrina আদি উদ্ভিদৰ পৰাগৰেণু বিস্তাৰতো সহায় কৰে।

 
পশ্চিম বংগত পোৱালি ঘৰ শালিকাই খাদ্য বিচাৰি থকাৰ দৃশ্য

বাসস্থান

সম্পাদনা কৰক

ঘৰ শালিকা প্ৰধানকৈ মুকলি কাঠনি (open woodland), খেতি-পথাৰ আৰু মানুহৰ বাসস্থানৰ আশে পাশে দেখা পোৱা যায়। ইয়াক সাধাৰণতে অভিযোজনত পাকৈত চৰাই বুলি গণ্য কৰা হয় যদিও চিংগাপুৰ, মালয়েছিয়া আদিত ইয়াৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। [14]

সংস্থাপন (Invasion)

সম্পাদনা কৰক

আই.ইউ. চি. এনে ঘৰ শালিকাক বিশ্বৰ সকলোতকৈ বেয়াকৈ সংস্থাপন কৰিব পৰা চৰাইসমূহৰ তালিকাত প্ৰথম চিনিটা চৰাইৰ বিতৰত স্থান দিছে। [4]ইয়াক দক্ষিণ-পূব এছিয়া, দক্ষিণ আফ্ৰিকা, ইজৰাইল, উত্তৰ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি বহুতো অঞ্চলত সংস্থাপন কৰা হৈছে। [15][8]

ঘৰ শালিকাই আফ্ৰিকা, উত্তৰ আমেৰিকা, অষ্ট্ৰালিয়া তথা নিউজিলেণ্ড আদি ঠাইত বহুতো সমস্যাৰ সৃষ্টি কৰিছৈ আৰু সেয়ে ইয়াক এই অঞ্চল সমূহত pest বুলি গণ্য কৰা হয়।

অষ্ট্ৰেলিয়া

সম্পাদনা কৰক
 
অষ্ট্ৰলিয়াৰ চিডনিত এটা ঘৰ শালিকা

অষ্ট্ৰেলিয়াত ঘৰ শালিকা এবিধ বাহিৰৰ পৰা আহি সংস্থাপিত হোৱা চৰাইৰ প্ৰজাতি। বৰ্তমান ই অন্য থলুৱা চৰাইৰ প্ৰজাতিতকৈ অধিক বিষ্তৃতি লাভ কৰিছে।[16]

পোন-প্ৰথমে ইয়াক ১৮৬৩-১৮৭২চনৰ ভিতৰত মেলবৰ্ণৰ বজাৰত কীট-পতংগ কমোৱাৰ অৰ্থে ব্যৱহাৰ কৰা হৈছিল।[17] পৰৱৰ্ত্তী কালত ই ফৰিং আৰু অন্য কীট-পতংগৰ খাদক বা ভক্ষক (predator) হিচাপে সেইবোৰ কমোৱাৰ বাবে কুইনছলেণ্ডত সংস্থাপিত হয়। [17] বৰ্তমান ঘৰ শালিকা অষ্ট্ৰলিয়াৰ চিডনি আৰু তাৰ আশে পাশে বহুলভাৱে বিস্তৃত হৈ আছে। [18] ২০০৯ চনত বিভিন্ন অঞ্চলৰ মিউনিচিপাল কাউন্সিলে ঘৰ শালিকাৰ দ্ৰুত বংশবৃদ্ধি কমোৱাৰ অৰ্থে ইয়াক ধৰাৰ ব্যৱস্থা কৰিছিল। [19]

দক্ষিণ আফ্ৰিকা

সম্পাদনা কৰক

১৯০২ চনত ঘৰ শালিকাৰ ঘটনাক্ৰমে দক্ষিণ আফ্ৰিকাৰ বনাঞ্চল সমূহত প্ৰৱেশ ঘটিছিল। পৰৱৰ্ত্তী কালত ই সকলো ঠাইতে দ্ৰুতগতিত বিয়পি পৰে।[20] ঘৰ শালিকাক দক্ষিণ আফ্ৰিকাত স্বাভাৱিক পৰিস্থিতি তন্ত্ৰ বিনষ্ট কৰাৰ বাবে প্ৰায়ে pest বুলি গণ্য কৰা হয় আৰু নগৰীয়া অঞ্চলত কৃষক সকলে ইয়াক প্ৰায়ে গুলীয়াই মাৰে। দক্ষিণ আফ্ৰিকাত আইনগত ভাৱে সংৰক্ষিত জীৱ-জন্তুৰ মাজতো ঘৰ-শালিকাক স্থান দিয়া নহয়। [উদ্ধৃতিৰ প্ৰয়োজন]

পৰিস্থিতি তন্ত্ৰ আৰু মানুহৰ ওপৰত প্ৰভাৱ

সম্পাদনা কৰক

স্থানীয় চৰাইৰ প্ৰতি ভাবুকি

সম্পাদনা কৰক
 
পশ্চিম বংগত বাহত এটা ঘৰ শালিকাৰ পোৱালি

ঘৰ শালিকাই সাধাৰণতে গছৰ খোৰোং বা অন্য সুৰুঙাত বাহ সাজে।[21] ই খুবেই আগ্ৰাসী (extremely aggressive) স্বভাৱৰ হোৱা বাবে ঘৰ শালিকাৰ মতা চৰাইটোৱে ০.৮৩ হেক্টৰ পৰ্যন্ত এলেকাত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি লয় আৰু অন্য কোনো স্থানীয় চৰাইৰ প্ৰজাতিক এনে এলেকাৰ ভিতৰত বাহ সাজিবলৈ নিদিয়ে। ফলত স্থানীয় চৰাইৰ প্ৰয়োজন পুৰাৱ পৰাকৈ বাহ সজা ঠাইৰ অভাৱ হয়। [22] তদুপৰি এই মনোভাৱৰ হোৱা বাবে ঘৰ শালিকাই কেতিয়াবা স্থানীয় চৰাইৰ পুৰণি বাহ সজা স্থানো অধিকাৰ কৰি লয়।

খেতিত ভাবুকি

সম্পাদনা কৰক

ঘৰ শালিকাই প্ৰধানকৈ পোক-পৰুৱা, ফল-মূল আৰু মানুহৰ পেলনিয়া বস্তু আদি খাই জীয়াই থাকে। [23] ফলত ইয়াৱ সংখ্যা বৃদ্ধি হোৱাৱ লগে লগে খাদ্য বস্তুও অধিক বিনষ্ট হ'বলৈ ধৰে। [24]

সংস্কৃতিত

সম্পাদনা কৰক

বৈদিক যুগত ভাৰতত সংস্কৃত আৰু প্ৰকৃত দুয়োটা ভাষাৰ সাহিত্যতে "সাৰিকা ('saarika') নামেৰে ঘৰ শালিকাৰ উল্লেখ পোৱা যায়। [25] সংস্কৃত সাহিত্যত শালিকাক বহুতো নামেৰে অভিহিত কৰা দেখা যায় যেনে, কলহপ্ৰিয় ('kalahapriya') অৰ্থৎ যি কাজিয়া কৰি ভাল পায়, চিত্ৰনেত্ৰ (chitranetra) অৰ্থাৎ সুন্দৰ চকু, 'পীতনেত্ৰ (peetanetra) অৰ্থাৎ হালধীয়া চকু আৰু 'পীতপাদ' ('peetapaad') অৰ্থাৎ যাৰ ঠেং হালধীয়া ইত্যাদি। [26]


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. BirdLife International (2012). "Acridotheres tristis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006823। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. myna. CollinsDictionary.com. Collins English Dictionary - Complete & Unabridged 11th Edition. Retrieved October 06, 2012.
  3. New Oxford American Dictionary
  4. 4.0 4.1 4.2 Lowe S., Browne M., Boudjelas S. and de Poorter M. (2000). 100 of the World’s Worst Invasive Alien Species. A selection from the Global Invasive Species Database. The Invasive Species Specialist Group (ISSG), a specialist group of the Species Survival Commission (SSC) of the World Conservation Union (IUCN), Auckland.
  5. Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Vol 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 584. 
  6. 6.00 6.01 6.02 6.03 6.04 6.05 6.06 6.07 6.08 6.09 Ali, Salim; Ripley, S. Dillon (2001). Handbook of the Birds of India and Pakistan, Volume 5 (2 (paperback) সম্পাদনা). প্ৰকাশক India: Oxford University Press. পৃষ্ঠা. 278. ISBN 0-19-565938-4. 
  7. 7.0 7.1 Rasmussen, Pamela C.; Anderton, John C. (2005). Birds of South Asia - The Ripley Guide (volume 2). Smithsonian Institution, Washington & Lynx edicions, Barcelona. পৃষ্ঠা. 683. ISBN 84-87334-66-0. 
  8. 8.0 8.1 "Common Myna". http://www.oiseaux.net/birds/distribution/common.myna.html। আহৰণ কৰা হৈছে: December 23, 2007. 
  9. Pande, Satish (2009). Latin names of Indian birds explained. প্ৰকাশক Mumbai: Bombay Natural History Society and Oxford University Press. পৃষ্ঠা. 506. ISBN 978-0-19-806625-5. 
  10. Griffin, Andrea S. (2008). "Social learning in Indian mynahs, Acridotheres tristis: the role of distress calls.". Animal Behaviour খণ্ড 75 (1): 79–89. doi:10.1016/j.anbehav.2007.04.008. 
  11. Mahabal, Anil; Vaidya, V.G. (1989). "Diurnal rhythms and seasonal changes in the roosting behaviour of Indian Myna Acridotheres tristis (Linnaeus)". Proceedings of Indian Academy of Sciences (Animal Science) (Indian Academy of Sciences, Bangalore) খণ্ড 98 (3): 199–209. doi:10.1007/BF03179646. http://www.archive.org/details/MynaRhythms। আহৰণ কৰা হৈছে: 22 January 2011. 
  12. Choudhury A. (1998). "Common Myna feeding a fledgling koel". Journal of the Bombay Natural History Society খণ্ড 95 (1): 115. 
  13. Mathew, DN; Narendran, TC; Zacharias, VJ (1978). "A comparative study of the feeding habits of certain species of Indian birds affecting agriculture". J. Bombay Nat. Hist. Soc. খণ্ড 75 (4): 1178–1197. 
  14. "Ubiquitous Javan Myna". Bird Ecology Study Group, Nature Society (Singapore). Besgroup.blogspot.com. http://besgroup.blogspot.com/2005/12/ubiquitous-javan-myna.html। আহৰণ কৰা হৈছে: October 25, 2007. 
  15. Wilme, Lucienne (1996). "Composition and characteristics of bird communities in Madagascar" (PDF). Biogéographie de Madagascar: 349–362. http://horizon.documentation.ird.fr/exl-doc/pleins_textes/pleins_textes_6/colloques2/010008477.pdf. 
  16. "ABC Wildwatch". Abc.net.au. http://www.abc.net.au/tv/wildwatch/results/award.htm। আহৰণ কৰা হৈছে: 2012-08-07. 
  17. 17.0 17.1 Hone, J. (1978). "Introduction and Spread of the Common Myna in New South Wales". Emu (Royal Australasian Ornithologists Union) খণ্ড 78 (4): 227. doi:10.1071/MU9780227. http://www.publish.csiro.au/?act=view_file&file_id=MU9780227.pdf. 
  18. Martin, W.K. (1996). "The Current and Potential Distribution of the Common Myna Acridotheres tristis in Australia". Emu (Royal Australasian Ornithologists Union) খণ্ড 96 (3): 169–170. doi:10.1071/MU9960166. http://www.publish.csiro.au/?act=view_file&file_id=MU9960166.pdf. 
  19. Vikki, By (2009-05-12). "Councils assessing backyard traps to catch Indian Mynah birds | thetelegraph.com.au". Dailytelegraph.com.au. http://www.dailytelegraph.com.au/news/councils-assessing-backyard-traps-to-catch-indian-mynah-birds/story-e6frezt9-1225711964693। আহৰণ কৰা হৈছে: 2012-08-07. 
  20. Derick S. Peacock, Berndt J. van Rensburg and Mark P. Robertson (2007). "The distribution and spread of the invasive alien Common Myna, Acridotheres tristis L. (Aves: Sturnidae), in southern Africa". South African Journal of Science খণ্ড 103: 465–473. 
  21. Bomford 2002, p.34
  22. Pell 1997, p.148
  23. Pell 1997, p.147
  24. Bomford 2002, p.30
  25. Pande, Dr Suruchi. (2007). Some reflections on birds in Sanskrit literature. (A Thesis submitted for the degree of Vidyavachaspati (PhD) (Sanskrit) awarded from Shri Balmukund Lohiya Centre of Sanskrit and Indological Studies, Tilak Maharashtra Vidyapeeth, Pune).
  26. Dave, K. N. (2005). Birds in Sanskrit Literature (revised সম্পাদনা). প্ৰকাশক Delhi: Motilal Banarsidass Private Ltd. পৃষ্ঠা. 516. ISBN 81-208-1842-3. 

লগতে চাওক

সম্পাদনা কৰক
  • Feare, Chris; Craig, Adrian (1999). Starlings and Mynas. Princeton University Press. ISBN 0-7136-3961-X. 
  • Grimmett, Inskipp and Inskipp, Birds of India ISBN 0-691-04910-6
  • Pell, A.S. & Tidemann, C.R. (1997) "The impact of two exotic hollow-nesting birds on two native parrots in savannah and woodland in eastern Australia", Biological Conservation, 79, 145-153. A study showing native birds being excluded from up to 80% of nesting sites in Canberra, Australia.

বাহ্যিক সংযোগ

সম্পাদনা কৰক