ঙ
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ ঙ চাওক।
ঙ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৫ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঙ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঙ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঙ'-ক এনেদৰে লিখা যায়।[2]
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ঙ'ৰ লগত যোগ হ'লে |
---|---|
অ | ঙ |
আ | ঙা |
ই | ঙি |
ঈ | ঙী |
উ | ঙু |
ঊ | ঙূ |
ঋ | ঙৃ |
এ | ঙে |
ঐ | ঙৈ |
ও | ঙো |
ঔ | ঙৌ |
যুক্তবৰ্ণ (ঙ যোগ)
সম্পাদনা কৰকঙ + ক = ঙ্ক = অঙ্ক, শঙ্কৰদেৱ
ঙ + খ = ঙ্খ = শঙ্খ
ঙ + গ = ঙ্গ = গঙ্গা
ঙ + ঘ = ঙ্ঘ = সঙ্ঘ
ঙ + ম = ঙ্ম = বাঙ্ময়
'ঙ'যুক্ত শব্দৰ উদাহৰণ
সম্পাদনা কৰকতথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013