চ
অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ষষ্ঠ আখৰ
চ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ষষ্ঠ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'চ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'চ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক
স্বৰবৰ্ণ | 'চ'ৰ লগত যোগ হ'লে |
---|---|
অ | চ |
আ | চা |
ই | চি |
ঈ | চী |
উ | চু |
ঊ | চূ |
ঋ | চৃ |
এ | চে |
ঐ | চৈ |
ও | চো |
ঔ | চৌ |
যুক্তবৰ্ণ (চ যোগ) সম্পাদনা কৰক
চ্ + চ = চ্চ = উচ্চ
চ্ + ছ = চ্ছ = ইচ্ছা
চ্ + ঞ = চ্ঞ = যাচ্ঞা
চ্ + য = চ্য = প্ৰাচ্য
'চ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক
- চৰাই
- চল
- চুঙা
- চন্দন
- চিনাইচুক
- চাং
- চৰাইদেউ
- চন্দ্ৰ
- চুক আদি।
তথ্যসংগ্ৰহ সম্পাদনা কৰক
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ