জন গণ মন

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত
(জনগণমন-অধিনায়ক জয় হেৰ পৰা পুনঃনিৰ্দেশিত)

জন গণ মন (হিন্দী: जन गण मन) হৈছে ভাৰতবৰ্ষজাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। ১৯১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়। তাতেই স্বাধীন ভাৰতৰ জাতীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰে ইয়াৰ প্ৰথম স্তৱকটোৱে। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত গীত বন্দে মাতৰম্‌ জাতীয় সংগীতৰ সমপৰ্য্যায়ৰ। বৰ্তমানে "জনগণমন" ভাৰতৰ জাতীয় সংগীত বা "ৰাষ্ট্ৰগান" (নেচনেল এন্থেম্‌) আৰু "বন্দে মাতৰম্‌" ভাৰতৰ "জাতীয় স্তোত্ৰ" বা "ৰাষ্ট্ৰগীত" (নেচনেল চং) বুলি বিবেচিত হয়।

জন গণ মন
ইংৰাজী শীৰ্ষক: Jana Gana Mana
(Thou Art the Ruler of the Minds of All People)
Jôno Gôno Mono

 ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত
গীতিকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ
সুৰকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ
গ্ৰহণৰ তাৰিখ ১৯৫০
সংগীতৰ নমুনা
noicon

"জনগণমনঅধিনায়ক"ৰ ৰাগ ইমন, তাল কাহাৰবা। দীনেন্দ্ৰনাথ ঠাকুৰ ইয়াৰ স্বৰলিপিকাৰ। "স্বৰবিতান ১৬"ত ইয়াৰ স্বৰলিপি মুদ্ৰিত। জাতীয় সংগীতৰূপে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত স্বৰলিপিটো বিশ্বভাৰতীৰ গ্ৰন্থন বিভাগৰ দ্বাৰা প্ৰকাশিত "ৰাষ্ট্ৰসংগীত" গ্ৰন্থত মুদ্ৰিত।

"জন-গণ-মন অধিনায়ক জয় হে" ৰবীন্দ্ৰনাথৰ সংগীত সংকলনৰ গীতবিতান "স্বদেশ" পৰ্য্যায়ভুক্ত ১৪ নম্বৰৰ গান। কবিৰ কাব্য সংকলন সঞ্চয়িতাত এই গীতটোৰ কথা "ভাৰতবিধাতা-" শিৰোনামৰে মুদ্ৰিত। মুঠ পাঁচোটি স্তবকৰ মাজত প্ৰথম স্তবকটোকেই জাতীয় সংগীতৰূপে গোৱা হয়। গানটোৰ সম্পূৰ্ণ পাঠটো এইধৰণৰ[1]


জন-গণ-মন আধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা
পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ
বিন্ধ্য হিমাচল যমুনা গংগা উচ্ছল জলধিতৰঙ্গ
তৱ শুভ নামে জাগে             তৱ শুভ আশিস মাগে,
গাহে তৱ জয়গাথা।
জনগণ মংগলদায়ক জয় হে ভাৰত ভাগ্য বিধাতা!
জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে॥


অহৰহ তৱ আহ্বান প্ৰচাৰিত শুনি তৱ উদাৰ বাণী
হিন্দু বৌদ্ধ শিখ জৈন পাৰ্চীক মুছলমান খ্ৰীষ্টান
পূৰৱ পশ্চিমে আসে             তৱ সিংহাসন পাশে
প্ৰেম হাৰ হয় গাঁথা।
জনগণঐক্যবিধায়ক জয় হে ভাৰত ভাগ্য বিধাতা
জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে॥


পতন-অভ্যুদয়-বন্ধুৰ পন্থা, যুগ যুগ ধাৱিত যাত্ৰী।
হে চিৰ সাৰথি, তৱ ৰথচক্ৰে মুখৰিত পথ দিনৰাত্ৰি।
দাৰুণ বিপ্লৱমাজে-            তৱ শঙ্খধ্বনি বাজে
সংকট দুঃখত্ৰাতা।
জনগণ পথপৰিচায়ক জয় হে ভাৰত ভাগ্য বিধাতা!
জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে॥


ঘোৰ তিমিৰ ঘন নিবিড় নিশীথে পীড়িত মূৰ্ছিত দেশে
জাগ্ৰত ছিল তৱ অবিচল মংগল নত নয়নে অনিমেষে।
দুঃস্বপ্নে আতঙ্কে             ৰক্ষা কৰিলে অংকে
স্নেহময়ী তুমি মাতা।
জনগণ দুঃখত্ৰায়ক জয় হে ভাৰত ভাগ্যবিধাতা!
জয় হে,জয় হে, জয় হে, জয় জয় জয় জয় হে॥


ৰাত্ৰি প্ৰভাতিল উদিল সমীৰণ পূৰ্ব উদয়গিৰি ভালে-
গাহে বিহংগম, পুণ্য সমীৰণ নৱজীৱন ৰস ঢালে।
তৱ কৰুণাৰুণ ৰাগে             নিদ্ৰিত ভাৰত জাগে
তৱ চৰণে নত মাথা।
জয় জয় জয় হে জয় ৰাজেশ্বৰ ভাৰত ভাগ্য বিধাতা!
জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে॥

 
ৰবীন্দ্ৰনাথ ঠাকুৰ

জন-গণ-মন সংগীতৰ কোনো পাণ্ডুলিপি পোৱা নাযায়। সেইকাৰণে এই গীতটো কেতিয়া ক’ত ৰচিত হৈছিল তাক নিশ্চিতভাৱে জনা নাযায়। গীতটো প্ৰথম ১৯১১ চনৰ ২৭ ডিচেম্বৰ তাৰিখে কলকাতাত পোৱা যায়। কলকাতাত আয়োজিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক ২৬ নং অধিৱেশনত। গানটো গোৱা হৈছিল সমবেত কণ্ঠত। দীনেন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত গানৰ ৰিহাৰ্চেল হৈছিল ডাক্তৰ নীলৰতন সৰকাৰৰ (বৰ্তমানে মাহাত্মা) হ্যাৰিচন ৰোডস্থ গান্ধীৰ’ড বাসভৱনত। তাৰ পাছদিনা “দ্য বেঙ্গলী’’ কাকতত গানটোৰ ইংৰাজী অনুবাদসহ এই সংবাদৰ প্ৰতিবেদন প্ৰকাশিত হয়। ব্ৰাক্ষ্মসমাজ আদি ব্ৰাক্ষ্মসমাজৰ তত্ত্ববোধিনী আলোচনী মুখপত্ৰ তত্ত্ববোধিনীত মাঘ ১৩১৮ সংখ্যা, অৰ্থাৎ জানুৱাৰী সংখ্যাত ১৯১২ "ভাৰতবিধাতা" শিৰোনামৰে প্ৰকাশিত এই গীতটো ব্ৰহ্মসংগীত আখ্যাৰে প্ৰচাৰিত হৈছিল। সেই বছৰেই মাঘোত্সৱতো এই গীতটো গোৱা হয়।[2]

অধুনা ৰাজ্যৰ মদনপল্লী নামৰ ঠাইত ৰবীন্দ্ৰনাথে অন্ধ্ৰপ্ৰদেশ "জনগণমন"ৰ ইংৰাজী অনুবাদ কৰিছিল। ১৯১১ চনত প্ৰথম প্ৰকাশিত হৈ এই গীতটো ৰবীন্দ্ৰনাথৰ সম্পাদিত তত্ত্ববোধিনী আলোচনীৰ পাততেই থাকি যায়(১৯১৮ - ১৯১৯)৷ ১৯ চনত “বেচান্ত থিওছফিকেল কলেজ’’ৰ অধ্যক্ষ জেমচ্‌ এইচ্‌ কাজিনচে ৰবীন্দ্ৰনাথক তাত কেইটামান দিন অতিবাহিত কৰিবলৈ আমন্ত্ৰণ জনায়। কাজিনচ্‌ আইৰিচ ভাষাৰ লোক আছিল। আইৰিচ ভাষাৰ এজন বিতৰ্কিত কবি আৰু ৰবীন্দ্ৰনাথৰ বিশিষ্ট বন্ধুৰ কাজিনচৰ অনুৰোধক্ৰমে ২৮ ফেব্ৰুৱাৰীত এখন ছাত্ৰ সন্মিলনত তেওঁ গীতটো বঙালীতে গাই শুনায়। তাৰ কিছুদিনৰ পাছত মদনপল্লীৰ প্ৰাকৃতিক সৌন্দৰ্য্যত মুগ্ধ হৈ কবিয়ে গীতটো ইংৰাজীলৈ অনুবাদ কৰে আৰু পাশ্চাত্য সংগীতৰ বিশেষজ্ঞা কাজিনচৰ পত্নী মাৰ্গাৰেটে গীতটোৰ স্বৰলিপি ৰচনা কৰে। এই স্বৰলিপিটোৰ আজিও অনুসৰণ কৰা হয়।[3][4] মদনপল্লীৰ বেচান্ত থিওজফিক্যাল কলেজৰ গ্ৰন্থাগাৰত আজিও সেই মূল ইংৰাজী অনুবাদটোৰ ফ্ৰেমবদ্ধ আকাৰে প্ৰদৰ্শিত হয়।[5]

১৯৩০ চনৰ ভ্ৰমণকালত ছ'ভিয়েট সংঘৰ মস্কোৰ- পায়োনিয়াৰ্চ কমিউনৰ এটি অনাথ বালকে ৰবীন্দ্ৰনাথক গান এটি গাবলৈ অনুৰোধ কৰাত তেওঁ তেওঁলোকক জন-গণ-মন গাই শুনাইছিল।[6] ১৯৩৭ চনতেই জাতীয় সংগীত হিচাপে প্ৰথম জন-গণ-মন গীতটোৰ প্ৰস্তাৱ কৰে৷ ৫জুলাই ১৯৪৩ চনত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ গঠনৰ কথা ঘোষণা কৰাৰ দিনাই প্ৰথম জাতীয় সংগীত হিচাপে জন-গণ-মন গোৱা হয়। ইয়াৰ পাছত সেই বছৰেই ২৫ আগষ্টত নেতাজীয়ে আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ সেনাপতি পদ গ্ৰহণ কৰে আৰু ২১ অক্টোবৰত চিঙ্গাপুৰত আৰজি হুকুমত্‌হিন্দ প্ৰতিষ্ঠা কৰে। সেইদিনাও জাতীয় সংগীত হিচাপে জন-গণ-মন গোৱা হৈছিল। নেতাজীয়ে আজাদ হিন্দ চৰকাৰৰ চেক্ৰেটাৰী আনন্দমোহন সাহায়ৰ ওপৰত দায়িত্ব দিয়ে গীতটো হিন্দুঃস্থানী অনুবাদৰ বাবে। তেওঁ লয়ালপুৰৰ তৰুণ কবি হুছেইনৰ সাহায্যত কামটো সম্পাদন কৰে। অনুবাদৰ সময়ত মূল গীতটোৰ সামান্য পৰিবৰ্তন ঘটে যদিও তাৰ মূল ভাৱ আৰু সুৰ অক্ষুণ্ণ থাকে। পৰৱৰ্তীকালত আনন্দমোহন সাহায়ৰ লিখনিৰ পৰা জনা যায় যে, সেই সময়ত এইটো গীতে ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিছিল। জাপান আৰু জাৰ্মানীৰ বিজ্ঞ সমাজ এই গীত শুনি অভিভুত হৈছিল। ১৯৪৫ চনৰ মাৰ্চ মাহত আজাদ হিন্দ ফৌজে ৰণক্ষেত্ৰত জয়লাভ কৰি ভাৰতৰ মাটিত প্ৰৱেশ কৰে আৰু সেইদিনাই প্ৰথম ভাৰতৰ মাটিত জন-গণ-মন ভাৰতৰ জাতীয় সংগীতৰূপে বজোৱা হয়।[7]

জাতীয় সংগীতৰ স্বীকৃতি লাভ

সম্পাদনা কৰক
  ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ[8]
পতাকা ত্ৰিৰঙ্গা
প্ৰতীক অশোক স্তম্ভ
সংগীত জন গণ মন
স্তোত্ৰ বন্দে মাতৰম্‌
পশু বাঘ (ঢেঁকীয়াপতীয়া বাঘ)
ঐতিহ্যবাহী পশু ভাৰতীয় হাতী
পক্ষী ভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণী শিহু
ফুল পদুম
গছ বট গছ
ফল আম
খেল হকী
বৰ্ষপঞ্জী শকাব্দ
নদী গঙ্গা[9]

জন-গণ-মনক জাতীয় সংগীতৰূপে দিয়াৰ প্ৰস্তাৱ ৰাখে নেতাজী সুভাষ চন্দ্ৰ বসুৱে। ভাৰতৰ স্বাধীনতাৰ প্ৰাক্কালত কোনো জাতীয় সংগীত নিৰ্বাচিত নহ’ল। ১৯৪৭ চনত স্বাধীনতাৰ পৰৱৰ্তী কালত জাতিসংঘৰ দ্বাৰা ভাৰতীয় প্ৰতিনিধিসকলৰ ওচৰত কোনো অনুষ্ঠানত বজাবলৈ ভাৰতৰ জাতীয় সংগীতৰ ৰেকৰ্ড বিচৰা হ'ল। তেওঁলোকে তৎক্ষণাত বিষয়টো ভাৰত চৰকাৰক অৱগত কৰে আৰু "জন-গণ-মন" বজোৱাৰ মত পোষণ কৰে। চৰকাৰৰ অনুমোদনক্ৰমে জাতিসংঘৰ অৰ্কেষ্ট্ৰাবাদনৰ এটা গ্ৰমোফোন ৰেকৰ্ড সেই অনুষ্ঠানত সফলতাৰে বজোৱা হয়। জৱাহৰলাল নেহৰুৱে পাছত কৈছিল যে, সেইদিনা এই গীতৰ সুৰ সকলোৱে প্ৰশংসা কৰিছিল আৰু বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই সুৰটোৰ স্বাতন্ত্ৰ্য আৰু আভিজাত্যত মুগ্ধ হৈ ইয়াৰ স্বৰলিপি বিচাৰিছিল। পৰৱৰ্তীকালত "গায়নযোগ্যতা" বা "singability"ৰ কাৰণে "বন্দে মাতৰম্‌"ৰ সলনি "জন-গণ-মন"কেই ভাৰতৰ জাতীয় সংগীত কৰাৰ পক্ষে বিশেষজ্ঞসকলে মত পোষণ কৰে। ভাৰতৰ মুছলমান সমাজেও এই গীতটো গ্ৰহণ কৰিছিল। "বন্দে মাতৰম্‌"ত দেশক হিন্দু দেৱীৰ ৰূপত বন্দনা কৰাত এই গীতটো তেওঁলোকে গ্ৰহণ নকৰিলে। অৱশেষত ২৪ জানুৱাৰী ১৯৫০ তাৰিখে ভাৰতৰ সংবিধান সভাত এই গীতটোকেই "জাতীয় সংগীত" বা "নেচনেল এন্থেম" হিচাপে গ্ৰহণ কৰে। সভাপতি ডক্তৰ ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল, "জন-গণ-মন" নামে পৰিচিত গীতটো কথা আৰু সুৰসহ ভাৰতৰ জাতীয় সংগীতৰূপে চৰকাৰী গীত হ’ব। কোনো নিৰ্দিষ্ট কাৰণ উপস্থিত হ’লে চৰকাৰে এই গীতৰ কথাত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিব পাৰিব। "বন্দে মাতৰম্‌" গীতটোৱে যিহেতু ভাৰতৰ জাতীয় সংগ্ৰামত বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰ কৰিছে, গতিকে এই গীতটোও জন-গণ-মনৰ সমমৰ্য্যাদাপূৰ্ণ হ’ব।[10]

জাতীয় সংগীতৰ বাদনৰ বিষয়ে ভাৰতীয় সেনাবাহিনীৰ কিছু স্পষ্ট নিৰ্দেশনামা আছে। জাতীয় অভিবাদনকালত- ভাৰত গণৰাজ্যৰ সাংবিধানিক প্ৰধান ৰাষ্ট্ৰপতি আৰু ৰাজ্যবিলাকৰ সাংবিধানিক প্ৰধান ৰাজ্যপাল আৰু বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানসকলক জাতীয় অভিবাদন জনোৱাৰ বাবে (অনুষ্ঠান বিশেষে) জাতীয় সংগীত বজোৱা হয়। ১৯৫০ চনৰ জানুৱাৰী মাহৰ পৰা ৰাজকীয় অভিবাদনৰ সলনি জাতীয় অভিবাদন জনোৱাৰ সময়ৰ পৰাই এই প্ৰথা চলি আহিছে। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানসকলক অভিবাদন জনোৱাৰ সময়ত প্ৰথমে সেই দেশৰ জাতীয় সংগীত বজোৱা হয় আৰু পাছত ভাৰতৰ জাতীয় সংগীত বজোৱা হয়। এইখিনিতে মনত ৰখা ভাল যে এই নিৰ্দিষ্ট কেইজনমান পদাধিকাৰীৰ ভিন্ন দেশৰ বাদে কাৰো অভিবাদন জাতীয় সংগীতেৰে নহয়। তথাপিও কিছু নিৰ্দিষ্ট ক্ষেত্ৰত প্ৰধানমন্ত্ৰীক জাতীয় সংগীতৰ দ্বাৰা অভিবাদন জনোৱা হয়।

জাতীয় পতাকা উত্তোলনৰ সময়ত

প্ৰতি বছৰে স্বাধীনতা দিৱসত জাতীয় পতাকা গণতন্ত্ৰ দিৱসত আৰু উত্তোলনৰ সময়ত জাতীয় সংগীত বজোৱা হয়। ইয়াৰ উপৰি কেইবাটাও ক্ষেত্ৰত জাতীয় সংগীত ব্যৱহৃত হয়। যেনে-সেনাবাহিনীত লয়েল টোষ্ট প্ৰদানৰ সময়ত, নৌবাহিনীৰ পতাকা উত্তোলনৰ সময়ত, কুচকাৱাজৰ প্ৰত্যয়নৰ উদ্দেশ্যে পতাকা আনীত হ'লে ইত্যাদি। অন্যান্য চৰকাৰী বিভাগ আৰু সাধাৰণ ব্যৱহাৰৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য। জাতীয় সংগীত ৫২ চেকেণ্ড গোৱা হয় অথবা সংক্ষেপতে গালে ২০ চেকেণ্ডতে ইয়াৰ প্ৰথম আৰু শেষ পংক্তি গোৱা হয়। কিন্তু এক মিনিটৰ অধিক সময় এই গীত গোৱা নহয়। জাতীয় সংগীত গোৱাৰ সময়ত উঠি থিয় দিয়াটো কৰ্তব্য। পূৰ্বতে চিনেমা হ'লত চিনেমা শেষ হোৱাৰ পাছত জাতীয় সংগীত বজোৱাৰ প্ৰথা আছিল। বৰ্তমানে এই প্ৰথা বিলুপ্ত।

স্বাধীন ভাৰতৰ জাতীয় সংগীত ঘোষিত হোৱাৰ পাছত জনগণমনক লৈ কিছু বিতৰ্কৰ সূত্ৰপাত হয়। প্ৰকৃতপক্ষে গানটো লিখা হৈছিল ১৯১১ চনৰ ডিচেম্বৰ মাহত ৰজা পঞ্চম জৰ্জৰ দিল্লী দৰবাৰৰ কিছুদিন আগতে। এই গানটো প্ৰথম গোৱা হৈছিল সেই বছৰৰে ২৯ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ দ্বিতীয় দিনা। সেইদিনাৰ কাৰ্যসুচীত আছিল ৰজা পঞ্চম জৰ্জক অলপ আনুগত্যমূলক স্বাগত জনোৱাৰ প্ৰস্তাৱনা। ৰজাৰ সন্মানত সেইদিনা হিন্দীতে ৰামভূজ চৌধুৰীৰ এটা গান গোৱা হয়।[11]

আৰু সেইদিনাই ৰবীন্দ্ৰনাথ দৰে এজন বিশিষ্ট ব্যক্তিৰ গান অনুষ্ঠানত গোৱা হোৱাত সংবাদমাধ্যমৰ ভুলতে এটা ভ্ৰান্ত খবৰ প্ৰচাৰিত হয় যে, ৰবীন্দ্ৰনাথৰ গানটোও সম্ৰাটৰ সন্মানাৰ্থে ৰচিত হৈছে। পাছদিনা ইংৰাজী বাতৰিকাকতসমূহত এই সংবাদ প্ৰচাৰিত হয় যে: "বঙালী কবি ৰবীন্দ্ৰনাথ ঠাকুৰে বিশেষকৈ সম্ৰাটক স্বাগত জনায়ে এই গান ৰচনা কৰিছে। "[12] স্বাভাৱিকভাৱেই ৰবীন্দ্ৰনাথবিৰোধীসকলে প্ৰচাৰ কৰিলে যে গানটো আচলতে সম্ৰাটৰ বন্দনাগান। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে এই বাতৰিকাকতসমূহৰ দুই এখনে "বন্দে মাতৰম্‌" ৰবীন্দ্ৰনাথৰ ৰচিত আৰু "জনগণমন"ক হিন্দী গানৰ আখ্যাও দিছিল।

প্ৰকৃত ঘটনা জনা যায় নবেম্বৰ ২০ চনৰ ১৯৩৭ বিশ্বভাৰতীৰ প্ৰাক্তন পুলিনবিহাৰী সেনলৈ ৰবীন্দ্ৰনাথে লিখা এখন চিঠিৰ পৰা:

...সেই বছৰ ভাৰতসম্ৰাটৰ আগমনৰ আয়োজন চলিছিল। ৰাজ্য চৰকাৰৰ নিষ্ঠাবান মোৰ এজন বন্ধুৱে মোক সম্ৰাটৰ জয়গান ৰচনা কৰাৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰিছিল। শুনি বিস্মিত হৈছিলোঁ। সেই বিস্ময়ৰ লগতে মনৰ উত্তেজনাও সংযোগ হৈছিল। তাৰেই প্ৰবল প্ৰতিক্ৰিয়াৰ ফলত মই “জন-গণ-মন-অধিনায়ক’’ গানত সেই ভাৰত-ভাগ্যবিধাতাৰ জয় ঘোষণা কৰিছোঁ। পতনৰ ফালে ধাবিত যাত্ৰীসকলৰ যি চিৰ সাৰথি, বন্ধুৰ বিপৰীত যুগৰ অভ্যুদয়, যি জনগণৰ অন্তৰ্যামী পথ-পৰিচায়ক, সেই যুগ-যুগান্তৰৰ মানৱভাগ্য ৰথচালক যে পঞ্চম বা ষষ্ঠ জৰ্জ কোনোপধ্যেই হ’ব নোৱাৰে, সেই কথা ৰাজভক্ত বন্ধুজনেও অনুভৱ কৰিব পাৰিছিল।[13]

ভাৰতৰ জাতীয় সংগীতৰ 'সিন্ধু' শব্দটোক পৰিৱৰ্তন কৰি কাশ্মীৰ শব্দটো যোগ কৰাৰ দাবী উঠিল। যিসকলে দাবী তুলিছিল ২০০৫ চনত, তেওঁলোকৰ যুক্তি আছিল, ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পাছত সম্পূৰ্ণ সিন্ধু প্ৰদেশ পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছে। এই দাবীৰ বিপৰীতে বিৰোধীসকলে যুক্তি দিয়ে যে জাতীয় সংগীতত 'সিন্ধু' শব্দটো কেৱলমাত্ৰ সিন্ধু প্ৰদেশ নহয় বৰং সিন্ধি আৰু ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ সিন্ধু নদী ভাষা আৰু সংস্কৃতিৰ পৰিচায়ক। এই যুক্তি মানি ভাৰতৰ উচ্চতম ন্যায়ালয়ে জাতীয় সংগীতৰ ভাষাত কোনোধৰণৰ পৰিবৰ্তনৰ নকৰাৰ পক্ষে মত দিয়ে।

১৯৮৫ চনত কেইজনমান ছাত্ৰই ৰাজ্যৰ জিহোবাস উইটনেচ কেৰালা বিদ্যালয়ত জাতীয় সংগীত গাবলৈ অস্বীকাৰ কৰাত সিহঁতক স্কুলখনৰ পৰা বহিষ্কাৰ কৰা হয়। এজন অভিভাৱকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়ে কেৱল উচ্চ ন্যায়ালয়ৰ ৰায় সলনি কৰি স্কুল কৰ্তৃপক্ষক ছাত্ৰকেইজনক পুনৰ ভৰ্তি কৰোৱাৰ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ত কোৱা হৈছিল যে-"আমাৰ ঐতিহ্যই আমাক সহিষ্ণুতা শিকায় (ভাৰতীয়), আমাৰ দৰ্শনে আমাক সহিষ্ণুতা শিকায়, আমাৰ সংবিধানে আমাক সহিষ্ণুতা শিকায়, আমি যেন তাক নষ্ট নকৰোঁ। "[14]

'কামৰূপ'ৰ উল্লেখ বিতৰ্ক

সম্পাদনা কৰক

ইংৰাজী ৰাষ্ট্ৰীয় দৈনিক 'দা টাইম্‌ছ অৱ ইণ্ডিয়া'ত ১৯৫০ চনৰ ২৬ জানুৱাৰীত প্ৰকাশিত বাতৰিত (১৯৯৭ চনৰ ২৬ জানুৱাৰীৰ সংখ্যা 'দা টাইম্‌ছ অৱ ইণ্ডিয়া'ৰ লগত স্বাধীনতাৰ ৫০ বৰ্ষপুৰ্তি উপলক্ষত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ সংখ্যা বিশেষ পৰিপুৰিকা হিচাপে পুনৰ প্ৰকাশ কৰা হৈছিল) 'জন গণ মন'ৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কৰা মূল অনুবাদত 'কামৰূপ' শব্দটো আছিল বুলি উল্লেখ কৰে, যিটো পাছলৈ 'সিন্ধু' শব্দলৈ পৰিৱৰ্তন কৰা হয়।[15] এই বিষয়টো লৈ ই-জগত আৰু সাধাৰণ ৰাইজৰ মাজত বিয়পা গুঞ্জনৰ পৰিপ্ৰেক্ষিতত বিষয়টো অসমৰ বিধান সভাত আলোচিত হয়। ১৭ ডিচেম্বৰ, ২০১৩-ত অসম গণ পৰিষদৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বিধানসভাত উত্থাপন কৰা এক সংকল্প প্ৰস্তাৱৰ উত্তৰ দি বনমন্ত্ৰী ৰকিবুল হুছেইনে কয় যে, সংশ্লিষ্ট কাকত গোষ্ঠীৰপৰা চৰকাৰীভাৱে স্পষ্টীকৰণ বিচৰা হৈছে। কাকতখনৰ উদ্ধৃতিৰে চৌধুৰীয়ে ৰাষ্ট্ৰীয় সংগীতত পুনৰাই 'কামৰূপ'ৰ অন্তৰ্ভুক্তিৰ বাবে দাবী কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভিত্তিহীন বাতৰিৰে অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ অভিযোগ তুলি হুছেইনে প্ৰয়োজনবশতঃ কাকতখনৰ বিৰূদ্ধে আইনী ব্যৱস্থা গ্ৰহণতো ইংগিত দিয়ে। বিধান সভাই টাইমছ অৱ ইণ্ডিয়াৰ পৰা তথ্য বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, আৰু প্ৰয়োজন হ'লে আইনী ব্যৱস্থা লোৱাৰ পথো মুকলি ৰাখে।[16][15]

বিদগ্ধজনৰ মত

সম্পাদনা কৰক

সুভাষ চন্দ্ৰ বসু

সম্পাদনা কৰক

(আৰজি হিন্দ-এৰ হুকুমতৰ নিদেৰ্শনামা)

ৰবীন্দ্ৰনাথৰ গান "জয় হে" আমাৰ জাতীয় সংগীত হ'ল।[17]

অনন্দমোহন সহায়

সম্পাদনা কৰক

চেক্ৰেটাৰী, আৰজি হুকুমত হিন্দ-এ

অনেক উচ্চশিক্ষিত জাপানীয়ে স্বীকাৰ কৰে যে আমাৰ জাতীয় সংগীতে মানুহক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ জাতীয় সংগীতকো চেৰ পেলায় যায়। বিভিন্ন সময়ৰ জনসমীক্ষাত তেওঁলোকে এই কথা কৈছে। নেতাজীয়ে মোক কৈছিল যে জাৰ্মানীসকল যিয়ে নিজৰ জাতীয় সংগীতকে পৃথিৱীৰ শ্ৰেষ্ঠ বুলি ভাবে তেওঁলোকৰো সৰহ সংখ্যক নহ'লেও তেখেতৰ কাষত মুক্তকণ্ঠে স্বীকাৰ কৰিছিল যে আমাৰ জাতীয় সংগীতো তেওঁলোকৰটোৰ দৰেই উদ্দীপক।[18]

জেমচ্‌ এইচ কাজিনচ

সম্পাদনা কৰক
মোৰ প্ৰস্তাৱ হ'ল ডক্তৰ ৰবীন্দ্ৰনাথৰ গভীৰ দেশাত্মবোধক, আদৰ্শ প্ৰণোদিত আৰু লগতে বিশ্বাত্মবোধক "মৰ্নিং চং অৱ ইণ্ডিয়া" ("জনগণমন") যিটো বিগত বিছ বছৰ ধৰি বেচৰকাৰীভাৱে ভাৰতৰ সংগীতৰ মৰ্য্যাদাত প্ৰতিষ্ঠিত তাক চৰকাৰীভাৱে অনুমোদন জনোৱা হওক।[19]

মহাত্মা গান্ধী

সম্পাদনা কৰক
"জনগণমন" মাত্ৰ এটি গান নহয় এইটো এটা "দিব্য স্তোত্ৰ।" ইয়াৰ চৰিত্ৰ স্বতন্ত্ৰভাৱেই জাতীয়। ইয়াৰ "গায়নযোগ্যতা"ও আছে।[20]

জৱাহৰলাল নেহৰু

সম্পাদনা কৰক
…১৯৪৭ চনৰ ১৫ আগষ্টত অনতিপলমে অৰ্কেষ্ট্ৰা আৰু বেণ্ডত বজোৱাৰ উপযোগী সুৰ এটি আমাৰ হাতত থকাটো এক অত্যন্ত জৰুৰী প্ৰশ্ন হৈ উত্থাপিত হয়। আমাৰ প্ৰতিৰক্ষা বিভাগ, বৈদেশিক দূত আৰু প্ৰতিনিধিসকলৰ দৃষ্টিভঙ্গীত কথাটো খুব গুৰুত্ব্পূৰ্ণ। নিশ্চিতভাৱেই স্বাধীনতাৰ পাছত "গড চেভ দ্য কিং" আমাৰ সেনাবাহিনীত বজোৱাৰ উপযুক্ত নাছিল। বাৰম্বাৰ বজাব পৰা সুৰ এটি আমাৰ পৰা বিচৰা হয় কিন্তু আমি তাৰ কোনো সদুত্তৰ দিব পৰা নাছিলো। কাৰণ এই সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰী একমাত্ৰ সংবিধান সভা। কিঞ্চিত পৰিবৰ্তনৰ সৈতে "জনগণমন"ৰ সুৰ দক্ষিণপূব এচিয়াত আজাদ বিন্দ ফৌজৰ কতৃত্বত জাতীয় সংগীত হিচাপে গৃহীত হৈছিল আৰু তাৰ লগে লগে ভাৰততো তাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল।

চন ১৯৪৭ত নিউয়ৰ্কত জাতিসংঘৰ সাধাৰণ সভাৰ সময়ৰ কথা। কোনো এখন অনুষ্ঠানত বজাবলৈ আমাৰ প্ৰতিনিধিসকলক আমাৰ জাতীয় সংগীতটো বিচৰা হয়। প্ৰতিনিধিসকলে "জনগণমন"ৰেকৰ্ড কৰি অৰ্কেষ্ট্ৰাৰ অনুশীলনৰ কাৰণে তাকে প্ৰদান কৰে। তেওঁলোকে যেতিয়া এক বৃহত্‌ সন্মিলনত ইয়াক বজায় তেতিয়া এই গানটো অত্যন্ত প্ৰশংসিত হয় আৰু অনেক দেশৰ প্ৰতিনিধিসকলে এই নতুন সুৰৰ স্বতন্ত্ৰ আৰু আভিজাত্যত মুগ্ধ হৈ ইয়াৰ স্বৰলিপি বিচাৰে। "জনগণমন"ৰ সেই অৰ্কেষ্ট্ৰাবাদনটো ৰেকৰ্ড কৰি ভাৰতলৈ পঠোৱা হয়। আমাৰ প্ৰতিৰক্ষা বিভাগৰ বেণ্ডত এই সুৰটি বজোৱা হ'ল আৰু আমাৰ বৈদেশিক দূতাবাস আৰু প্ৰতিনিধিমহলত প্ৰয়োজন অনুসৰি ইয়াৰ ব্যৱহাৰ হ'ল। অনেক দেশৰ পৰা আমালৈ এই সুৰৰ কাৰণে প্ৰশংসাবাৰ্তা আৰু অভিনন্দন পত্ৰ আহি থাকিল। বিশেষজ্ঞসকলে ক'লে তেওঁলোকে ইতিপূৰ্বে শুনা আন্যান্য দেশৰ জাতীয় সংগীতৰ সুৰতকৈ এই সুৰ শ্ৰেষ্ঠতৰ। দেশেবিদেশে –বিশেষজ্ঞ সংগীতবিদ, বেণ্ড আৰু অৰ্কেষ্ট্ৰা অকলোতে এই সুৰ বজা হ'ল। কোনো কোনো সময়ত সুৰৰ সামান্য তাৰতম্য হৈ যায়। যাৰ কাৰণে অল ইণ্ডিয়া ৰেডিঅ'ই এই গানৰ অনেক ৰূপান্তৰণ সংগ্ৰহ কৰাত সক্ষম হৈছে।

সুৰৰ এই সাধাৰণ প্ৰশংসাৰ বাদেও কব পাৰি যে সেই সময়ত নিৰ্বাচনযোগ্য কোনো যথাযথ জাতীয় গানৰ সংগীতায়োজন আমাৰ হাতত নাছিল, যাক বিদেশলৈ পঠাব পাৰি। সেই অৱস্থাত মই সকলো প্ৰাদেশিক গভৰ্নৰসকললৈ চিঠি দিওঁ আৰু জনগণমন বা অন্য কোনো গান জাতীয় সংগীত হিচাপে কৰিব লগা নিৰ্বাচনত তেওঁলোকৰ মতামত বিচাৰো। মই তেওঁলোকক কৈছিলো যে উত্তৰ দিয়াৰ আগতেই তেওঁলোকে যেন তেওঁলোকৰ প্ৰধানমন্ত্ৰীসকলৰ লগতো কথা হয়। মই তেওঁলোকক এইটো স্পষ্টকৈ জনাই দিছিলো যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰী একমাত্ৰ সংবিধান সভা। কিন্তু বৈদেশিক দূতাবাস আৰু প্ৰতিৰক্ষা বিভাগত নিৰ্দেশ পঠাবলৈ জৰুৰী হোৱাৰ হেতুকে সাময়িক এক সিদ্ধান্তৰ প্ৰয়োজনীয়তা দেখা দিছে। এজনৰ বাহিৰে চেণ্ট্ৰেল প্ৰভিঞ্চ বা মধ্য প্ৰদেশৰ সকলো গভৰ্নৰেই ("জনগণমন"ৰ) পক্ষত স্বাক্ষৰ প্ৰদান কৰে। এই কাৰণে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে সংবিধান সভাই কোনো সিদ্ধান্তত উপনীত নোহোৱা পৰ্য্যন্ত সাময়িকভাৱে জনগণমন ব্যৱহৃত হ'ব।

প্ৰাদেশিক গভৰ্নৰসকলক সেই ধৰণেই নিৰ্দেশ দিয়া হয়। এইটো স্পষ্ট হৈ যায় যে "জনগণমন"ৰ বিন্যাস সম্পূৰ্ণ যথাযথ নাছিল। কিছু পৰিবৰ্তনৰ প্ৰয়োজন আছিল। কেবল শব্দবিন্যাসতেই নহয় আটাইতকৈ দৰকাৰী সুৰটিতে প্ৰয়োজন আছিল সেইয়া যাতে সেইটো অৰ্কেষ্ট্ৰা আৰু বেণ্ডত বজাব পাৰি।[21]

জনপ্ৰিয় মাধ্যমত জাতীয় সংগীত

সম্পাদনা কৰক

জন গণ মন-ইণ্ডিয়ান নেচনেল এন্থেম শীৰ্ষক এটা ঐতিহাসিক ভিডিঅ' ভাৰত গণৰাজ্যৰ স্বৰ্ণজয়ন্তী উপলক্ষে মুকলি কৰা হয়। ২৬ জানুৱাৰীত ভাৰতৰ সংসদ ভৱনৰ চেণ্ট্ৰেল হ'লত ৰাষ্ট্ৰপতিয়ে এই ভিডিঅ'ৰ উদ্বোধন কৰে। ভৰত বালা প্ৰযোজিত এই ভিডিঅ'ৰ সংগীত পৰিচালনা কৰে ভাৰত চৰকাৰে। আৰু প্ৰকাশ কৰে এ আৰ ৰহমান ভাৰত চৰকাৰৰ সংস্কৃতি যুৱ ও ক্ৰীড়া মন্ত্ৰণালায়ে। দেশৰ ৩৫জন প্ৰধান শিল্পীয়ে এই এলবামত কণ্ঠ বা বাদ্যদান কৰিছিল।

অসমীয়া লিপি লেটিন লিপি
সা ৰে গ গ গ গ গ গ গ - গ গ ৰে গ ম - sā rē ga ga ga ga ga ga ga - ga ga rē ga ma -
গ - গ গ ৰে - ৰে ৰে নি, ৰে সা - ga - ga ga rē - rē rē ni, rē sā -
সা সা প - প প - প প প প - প ম ধ প ম sā sā pa - pa pa - pa pa pa pa - pa ma dha pa ma
ম ম - ম ম ম - ম গ ৰে ম গ ma ma - ma ma ma - ma ga rē ma ga
গ - গ গ গ - গ ৰে গ প প - ম - ম - ga - ga ga ga - ga rē ga pa pa - ma - ma -
গ - গ গ ৰে ৰে ৰে ৰে নি, ৰে সা ga - ga ga rē rē rē rē ni, rē sā
সা ৰে গ গ গ - গ - ৰে গ ম - - - - - sā rē ga ga ga - ga - rē ga ma - - - - -
গ ম প প প - ম গ ৰে ম গ - ga ma pa pa pa - ma ga rē ma ga -
গ - গ - গ ৰে ৰে ৰে ৰে নি, ৰে সা - ga - ga - ga rē rē rē rē ni, rē sā -
সা সা প প প - প প প - প প ম ধ প ম sā sā pa pa pa - pa pa pa - pa pa ma' dha pa ma
ম - ম ম ম - ম গ ৰে ম গ - ma - ma ma ma - ma ga rē ma ga -
সাং নি সাং - - - - - sāṁ ni sāṁ - - - - -
নি ধ নি - - - - - ni dha ni - - - - -
ধ প ধ - - - - - dha pa dha - - - - -
সা ৰে গ গ গ গ ৰে গ ম - - - - - sā rē ga ga ga ga rē ga ma - - - - -

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. গানসংখ্যা ১৪, "স্বদেশ" পৰ্য্যায়, "গীতবিতান" (প্ৰথম খণ্ড), ৰবীন্দ্ৰনাথ ঠাকুৰ, বিশ্বভাৰতী গ্ৰন্থনবিভাগ, কলকাতা, বৈশাখ ১৩৮১, সংস্কৰণৰ পাঠ
  2. "গানৰ পাছত ৰবীন্দ্ৰনাথ", সমীৰ সেনগুপ্ত, প্যাপিৰাস, কলকাতা, ২০০৮, পৃ.১১৬
  3. Vani Doraisamy. "India beats: A Song for the Nation" (English ভাষাত) (HTML). The Hindu. http://www.hindu.com/mag/2006/03/19/stories/2006031900120400.htm। আহৰণ কৰা হৈছে: 2007-07-25. 
  4. ৰবিজীৱনী (সপ্তম খণ্ড), প্ৰশান্তকুমাৰ পাল, আনন্দ পাবলিচাৰ্চ প্ৰাইভেট লিমিটেড, কলকাতা, ১৯৯৭ পৃ ৩৮১,
  5. Our National Songs. Publication Division, Ministry of Information and Broadcasting, Government of India, New Delhi, 1962, p.3
  6. "গায়ক ৰবীন্দ্ৰনাথ" পাৰ্থ বসু, আনন্দ পাব্লিচাৰ্চ প্ৰাইভেট লিমিটেড, কলকাতা, পৃ ৬৭.
  7. পশ্চিমবংগ আলোচনী, নেতাজী সংখ্যা, ১৪০৩ বঙ্গাব্দ, পৃ ৬৫-১৬৮
  8. "National Symbols of India". ENVIS Centre on Hygiene, Sanitation, Sewage Treatment Systems and Technology. http://www.sulabhenvis.nic.in/Database/NationalSymbolsofIndia_226.aspx। আহৰণ কৰা হৈছে: 2022-04-09. 
  9. জাতীয় নদী গঙ্গা
  10. Our National Songs, Publication Division,Ministry of Information and Broadcasting, Government of India, NewDelhi, 1962, p.4 (মূল ইংৰাজীৰ পৰা অনূদিত)
  11. "India: Are we still singing for the Empire? by Pradip Kumar Datta". Archived from the original on 2015-09-24. https://web.archive.org/web/20150924093341/http://www.sacw.net/DC/CommunalismCollection/ArticlesArchive/pkDatta092004.html। আহৰণ কৰা হৈছে: 2012-05-23. 
  12. ষ্টেট্‌চমেন্‌, ডিচেম্বৰ ১৮, ১৯১১
  13. গানৰ পাছত ৰবীন্দ্ৰনাথ, সমীৰ সেনগুপ্ত, প্যাপিৰাচ, ২০০৮, পৃথকে উদ্ধৃত ১১৬
  14. "Bijoe Emmanuel & Ors V. State of Kerala & Ors [1986 INSC 167"]. World Legal Information Institute. August 11, 1986. http://www.worldlii.org/in/cases/INSC/1986/167.html. [সংযোগবিহীন উৎস]
  15. 15.0 15.1 "State to seek newspaper clarification on report. STAFF Reporter. Assam Tribune, 17-12-2013". Archived from the original on 2013-12-23. https://web.archive.org/web/20131223042359/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1813/at096। আহৰণ কৰা হৈছে: 2013-12-18. 
  16. বিধান সভাত আলোচনা, 'জন গণ মন'ত 'কামৰূপ' শব্দ, ষ্টাফ ৰিপ'ৰ্টাৰ, আমাৰ অসম, ১৮ ডিচেম্বৰ ২০১৩, প্ৰথম পৃষ্ঠা
  17. পশ্চিমবংগ আলোচনী. নেতাজী সংখ্যা, ১৪০৩ বঙ্গাব্দ, পৃ এ-১৬৫: উদ্ধৃত আৰু মূল ইংৰাজীৰ পৰা অনূদিত
  18. The Nation, March 10, 1949 (মূল ইংৰাজীৰ পৰা অনূদিত)
  19. ৰবিজীবনী (সপ্তম খণ্ড), প্ৰশান্তকুমাৰ পাল, আনন্দ পাবলিচাৰ্চ প্ৰাইভেট লিমিটেড, কলকাতাত ১৯৯৭ (উদ্ধৃত আৰু মূল ইংৰাজীৰ পৰা অনূদিত) ৩৮১. পৃ [[
  20. Our National Songs, Publication Division, Ministry of Information and Broadcasting, Government of India, New Delhi, 1962,(মূল ইংৰাজী পৰা অনূদিত)
  21. ভাৰতৰ সংসদত প্ৰদান কৰা এক বক্তব্য, ২৫ আগষ্ট, ১৯৪৮ (Our National Songs, Publication Division, Ministry of Information and Broadcasting, Government of India, New Delhi, 1962, p.7-8 মূল ইংৰাজীৰ পৰা অনূদিত)

বাহ্যিক সংযোগ

সম্পাদনা কৰক