দেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এটি বঙালী ভাষাৰ উপন্যাস। ইয়াৰ মুখ্য চৰিত্ৰত থকা পাৰ্ব্বতী বা পাৰোৰ, দেৱদাসৰ প্ৰতি থকা গভীৰ অনুৰাগ, উৎকৃষ্ট প্ৰেমৰ উদাহৰণ। শৰৎচন্দ্ৰ চট্টোপাধ্যায় ১৯০০ চনত দেৱদাস ৰচনা সমাপ্ত কৰে যদিও ১৭ বছৰ পিছত অৰ্থাৎ ১৯১৭ চনত উপন্যাস প্ৰকাশিত কৰা হয়।[1]

দেৱদাস  
লেখক শৰৎচন্দ্ৰ চট্টোপাধ্যায়
ভাষা বঙালী
প্ৰকাৰ উপন্যাস
প্ৰকাশক জিচিএছ
প্ৰকাশ ৩০ জুন, ১৯১৭

সংক্ষিপ্ত কাহিনী সম্পাদনা কৰক

দেৱদাস মুখাৰ্জী বঙালী ব্ৰাহ্মণ জমিদাৰৰ পুত্ৰ। পাৰো বা পাৰ্ব্বতী মধ্যবিত্ত বঙালী পৰিয়ালৰ কন্যা। বঙ্গদেশৰ তালচোনাপুৰ গাঁৱত দুয়ো পৰিয়াল ওচৰ-চুবুৰীয়া। সৰু কালৰ পৰাই দেৱদাস আৰু পাৰো অন্তৰঙ্গ বন্ধু যি পৰবৰ্তী সময়ত প্ৰেমৰ সম্পৰ্কত পৰিণত হয়। বয়সৰ তুলনাত দেৱদাস ডাঙৰ আৰু পাৰো সৰু। বিদ্যালয়ত লিখাপৰাৰ পৰা আৰম্ভ কৰি পুখুৰীত মাছমাৰা সকলো কাম একেলগে কৰিছিল। উন্নত শিক্ষাৰ বাবে দেৱদাস কলকাতাত গমন কৰে। কিছু বছৰ পিছত দেৱদাস নিজ গাঁৱত উভতি আহে। উভতি আহি দেৱদাস অনুভব কৰে যে সৰুকালৰ বন্ধুত্ব বৰ্তমানদিনত প্ৰেমৰ সম্পৰ্কত পৰিনত হৈছে। পাৰোৰ মা দেৱদাসৰ মা হৰিমতিক বিবাহ প্ৰস্তাব দিছিলে যদিও ওচৰ-চুবুৰীয়াৰ লগত বিবাহ সম্পৰ্ক স্থাপন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। পাৰোৰ পৰিয়ালৰ পৰম্পৰানুসাৰে পাত্ৰৰ ঘৰৰ পৰা পণ লোৱা প্ৰথা বহু আগৰ পৰা চলি আহিছিল। সেয়েহে দেৱদাসৰ পৰিয়াল পাৰোক কিনা-বেচা কৰা নিম্ন পৰিয়ালৰ কন্যা বিবেচনা কৰি বিবাহত অসন্মতি প্ৰকাশ কৰে। এই যুক্তিত পাৰ্বতীৰ পিতা নীলকণ্ঠ চক্ৰবৰ্তী অপমানিত বোধ কৰি জমিদাৰৰ ঘৰত পাৰ্বতীৰ বিবাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাৰ্বতী এদিন নিশাত দেৱদাসক প্ৰেম নিবেদন কৰি নিজক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে যদিও দেৱদাসৰ পিতা এই অনুৰোধ প্ৰত্যাখান কৰে। বিভ্ৰান্ত দেৱদাস কলকাতাত পলাইগৈ পাৰ্বতীক চিঠি প্ৰেৰণ কৰি জনায় যে তেওঁৰ এই সম্পৰ্ক চলাবলৈ ইচ্ছা নাই। দেৱদাসৰ কাপুৰুষতাক ধিক্কাৰ জনাই পাৰ্বতী হাতিপোতা গাঁৱৰ ভুবন চৌধুৰী নামৰ জমিদাৰৰ লগত বিবাহৰ বাবে ৰাজি হয়।

কলকাতাত চুন্নিলালৰ সৈতে দেৱদাসৰ মিত্ৰতা হয়। চুন্নিলালৰ মাধ্যমত চন্দ্ৰমুখী নামৰ বেশ্যাৰ লগত দেৱদাসৰ পৰিচয় হয়। তেওঁ দেৱদাসক ভাল পায় যদিও দেৱদাস ঘৃণা কৰিছিল। হতাশাগ্ৰস্ত দেৱদাস সুৰাপান কৰাৰ ফলত অসুস্থ হৈ পৰে। চন্দ্ৰমুখী প্ৰতিদিন সেৱা কৰিছিল যদিও দেৱদাসৰ স্বাস্থ্যৰ চৰম অবনতি ঘটে। মৃত্যু সন্নিকট অনুভব কৰি দেৱদাস শেষবাৰ পাৰোৰ লগত সাক্ষাৎৰ বাবে হাতিপোতা গাঁও অভিমুখে যাত্ৰা কৰে। পাৰোৰ গৃহৰ সম্মুখত উপস্থিত হোৱাৰ লগে লগে দেৱদাসৰ মৃত্যু হয়।

দেৱদাস চলচ্চিত্ৰ সম্পাদনা কৰক

১৯২৮ চনত প্ৰথমবাৰ দেৱদাস চলচ্চিত্ৰ নিৰ্মিত কৰা হয়। ১৯৩৫, ১৯৩৬, ১৯৫৫, ২০০২, ২০০৯ পুনৰায় হিন্দী ভাষাত দেৱদাস চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। বঙালী ভাষাৰ লগত ভাৰতৰ বিভিন্ন ভাষা যেনে তামিল, তেলুগু, মালায়লম, উৰ্দু আৰু অসমীয়া ভাষাত এই উপন্যাস চলচ্চিত্ৰ আকাৰত নিৰ্মাণ কৰা হৈছে।[2][3]

দেৱদাস উপন্যাসৰ ভিত্তিত নিৰ্মিত চলচ্চিত্ৰৰ তালিকা:

বছৰ নাম ভাষা পৰিচালক ভূমিকা টোকা
দেৱদাস পাৰ্বতী চন্দ্ৰমুখী
১৯২৭ দেৱদাস নিৰ্বাক চলচ্চিত্ৰ নৰেশ মিত্ৰ ফণী শৰ্মা তাৰকবালা মিচ পাৰুল
১৯৩৫ দেৱদাস বঙালী প্ৰমথেশ বৰুৱা প্ৰমথেশ বৰুৱা যমুনা চন্দ্ৰাবতী দেবী
১৯৩৬ দেৱদাস হিন্দী প্ৰমথেশ বৰুৱা কুন্দন লাল চায়গল যমুনা ৰাজকুমাৰী দুবে
১৯৩৭ দেৱদাস অসমীয়া প্ৰমথেশ বৰুৱা ফণী শৰ্মা জুবেইদা বেগম ধনৰাজগিৰ মোহিনী
১৯৫৩ দেৱদাসু তামিল আৰু তেলুগু বেদান্তম ৰাঘবৈয়াহ অক্কিনেনী নাগেশ্বৰ ৰাও সাবিত্ৰী ললিথা "দেৱদাসু" নামত এটি পৰিচিত
১৯৫৫ দেৱদাস হিন্দী বিমল ৰায় দিলীপ কুমাৰ সুচিত্ৰা সেন বৈজয়ন্তীমালা
১৯৬৫ দেৱদাস উৰ্দু খাজা সৰফৰাজ হাবিব তালিশ শামিম আৰা নাইয়াৰ সুলতানা পাকিস্তানী চলচ্চিত্ৰ
১৯৭৪ দেৱদাসু তেলুগু বিজয়া নিৰ্মলা ঘত্তমনেনী কৃষ্ণ বিজয়া নিৰ্মলা জয়ন্তী
১৯৭৯ দেৱদাস বঙালী দিলীপ ৰায় সৌমিত্ৰ চট্টোপাধ্যায় সুমিত্ৰা মুখোপাধ্যায় সুপ্ৰিয়া চৌধুৰী
১৯৮২ দেৱদাস বঙালী চাষী নজৰুল ইসলাম বুলবুল আহমেদ কবৰী সাৰোয়াৰ আনোয়াৰা বাংলাদেশী চলচ্চিত্ৰ
১৯৮৯ দেৱদাস মালয়ালম ক্ৰচবেল্ট মণি বেণু নাগবল্লী পাৰ্বতী ৰম্য কৃষ্ণা
২০০২ দেৱদাস বঙালী শক্তি সামন্ত প্ৰসেনজিৎ চট্টোপাধ্যায় অৰ্পিতা পাল ইন্দ্ৰানী হালদাৰ
২০০২ দেৱদাস হিন্দী সঞ্জয় লীলা ভানচালী শ্বাহৰুখ খান ঐশ্বৰ্যা ৰায় মাধুৰী দীক্ষিত
২০০৯ দেব.ডি হিন্দী অনুৰাগ কাশ্যপ অভয় দেওল মাহী গিল কল্কি কয়েচলীন দেৱদাসৰ আধুনিক চিত্ৰায়ন
২০১০ দেৱদাস উৰ্দু ইকবাল কাশ্মীৰি নাদীম শাহ জাৰা শেইখ মীৰা পাকিস্তানী চলচ্চিত্ৰ
২০১৩ দেৱদাস বঙালী চাষী নজৰুল ইচলাম শাকিব খান অপু বিশ্বাস মৌসুমী বাংলাদেশী চলচ্চিত্ৰ
২০১৭ দেবি বঙালী ৰিক বসু পাওলি দাম শুভ মুখাৰ্জি শাতাফ ফিগাৰ আধুনিক ৰূপায়ণ
২০১৭ দেব ডিডি হিন্দী কেন ঘোষ অসীমা ভাৰডান অখিল কাপুৰ সঞ্জয় চুৰি ৱেব চিৰিজ
আধুনিক ৰূপায়ণ
২০১৮ দাস দেব হিন্দী সুধীৰ মিশ্ৰ ৰাহুল ভাট ৰিচা চাদ্দা অদিতি ৰাও হায়দাৰি আধুনিক ৰূপায়ণ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সেন, সুকুমাৰ (১৩৫৩ বঙ্গাব্দ)। বাঙ্গালা সাহিত্যেৰ ইতিহাস৩য় খণ্ড। কলিকাতা: মডাৰ্ণ বুক এজেন্সি। পৃষ্ঠা ৫৫২।
  2. "আৰ্কাইভ কপি". Archived from the original on 2010-08-09. https://web.archive.org/web/20100809095254/http://www.hinduonnet.com/thehindu/fr/2002/05/31/stories/2002053100950300.htm। আহৰণ কৰা হৈছে: 2019-12-29. 
  3. https://web.archive.org/web/20120113071438/http://www.uiowa.edu/~incinema/DEVDAS.html