দেৱকান্ত বৰুৱা

অসমীয়া সাহিত্যিক

দেৱকান্ত বৰুৱা (ইংৰাজী: Debakanta Baruah) ৰোমাণ্টিক যুগৰ শেষৰ ফালৰ আৰু আধুনিক যুগৰ প্ৰাৰম্ভণি কবি। তেখেতক কলংপাৰৰ কবি তথা সংক্ৰান্তিকালৰ কবি বুলি কোৱা হয়। মাথোঁ কেইটিমান কবিতাৰে অসমীয়া কাব্য সাহিত্যত তেওঁ এক উচ্চ স্থান অধিকাৰ কৰিছে। তেওঁ ৰাজনীতি, সাহিত্য আৰু সংবাদ জগততো বিশেষ প্ৰতিভাবান আছিল। নিজৰ প্ৰতিভাৰ বলতে ইন্দিৰা গান্ধীৰ সময়ত কংগ্ৰছ দলৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।

দেৱকান্ত বৰুৱা

দেৱকান্ত বৰুৱা
ব্যক্তিগত তথ্য
জন্ম ২২ ফেব্ৰুৱাৰী, ১৯১৪
ডিব্ৰুগড়, অসম
মৃত্যু ২৮ জানুৱাৰী, ১৯৯৬
নতুন দিল্লী
দাম্পত্যসঙ্গী প্ৰিয়লতা দাস (১৯৪৬)
সম্বন্ধীয় নৱকান্ত বৰুৱা (ভাতৃ)
পেচা ৰাজনীতিবিদ, কবি

জন্ম আৰু পৰিয়াল

সম্পাদনা কৰক

১৯১৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ত দেৱকান্ত বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ নিলকান্ত বৰুৱাই শিক্ষা বিভাগৰ সহ পৰিদৰ্শক ৰূপে বৰপেটা আৰু গুৱাহাটীত চাকৰি কৰিছিল। ঘোঁৰাত উঠি চাকৰি কৰিবলৈ অসুবিধা পাই তেওঁ নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰে। দেৱকান্ত বৰুৱাৰ মাতৃৰ নাম আছিল স্বৰ্ণলতা বৰুৱা। দেৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী: নৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। ১৯৪৬ কবি ভোলানাথ দাসৰ কনিষ্ঠ কন্যা প্ৰিয়লতা দাসক পত্নীৰূপে গ্ৰহণ কৰে।

দেৱকান্ত বৰুৱাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় বৰপেটাৰ প্ৰাইমেৰী বিদ্যালয়ত। পাছত গুৱাহাটীৰ মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। সপ্তম শ্ৰেণীত নাম ভৰ্তি কৰে কটন কলেজিয়েট হাইস্কুলত, কটন কলেজিয়েট হাইস্কুলত মাথোঁ এবছৰ পঢ়োঁতেই দেউতাকৰ চাকৰি সূত্ৰে নগাঁওলৈ বদলি হোৱাৰ বাবে নগাওঁ চৰকাৰী বিদ্যালয়ত দেৱকান্ত বৰুৱাই অষ্টম শ্ৰেণীত নামভৰ্তি কৰিব লগা হয়। ১৯৩০ চনত প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তীন হয়। প্ৰবেশিকা পৰীক্ষাত বহি স্বাধীনতা আন্দোলত ভাগ লোৱা বাবে তেওঁ ৬ মাহৰ কাৰাগাৰ আৰু ২০০ টকাৰ জৰিমণা ভৰিব লগা হয়। নগাঁও চৰকাৰী হাইস্কুলৰ পৰা ১৯৩১ চনত মেট্ৰিকুলেচন পাছ কৰি তেওঁ বেনাৰচলৈ গৈ তাত কাশী বিশ্ববিদ্যালয়ৰ পৰা ১৯৩৩ চনত আই এ, ১৯৩৫ চনত ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৩৭ চনত এল এল বি ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

সম্পাদনা কৰক

দেৱকান্ত বৰুৱাই ১৯৩৮ চনত অসম প্ৰদেশ কংগ্ৰেছ দলত যোগদান কৰিছিল। ১৯৪৫ চনতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহকাৰী সম্পাদকৰ দায়িত্বও গ্ৰহণ কৰিছিল। ১৯৪৫ চনৰ পৰা ১৯৪৭ চনলৈ চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিষ্ঠা কৰা নতুন অসমীয়া কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৪৮ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁ দৈনিক অসমীয়া কাকতৰ সম্পাদক আছিল। ১৯৫০ চনত দেৱকান্ত বৰুৱা দেৱে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য হিচাপে মনোনীত হয়। সেই বছৰতে নিৰ্বাচন নোহোৱালৈকে কাম চলাই যাৱলৈ গঠিত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৫২ চনত ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত লোকসভালৈ নিৰ্বাচিত হয়। তাৰ পাছতেই কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য হিচাপে মনোনীত হয়। ৩৯ বছৰীয়া দেৱকান্ত বৰুৱাই আছিল জৱাহৰলাল নেহেৰু নেতৃত্বাধীন কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সৰ্বকনিষ্ঠ সদস্য। পাছত জৱাহৰলাল নেহেৰুৱে তেওঁক কংগ্ৰেছ সংসদীয় দলৰ ডেপুটী চীফ হুইপ হিচাপে নিযুক্তি দিছিল। ১৯৫৬ চনত য়ুনাইটেড নেচঞ্চৰ পৰা জেনেৰেল এছেম্বলীলৈ নিৰ্বাচিত হয়। ১৯৫৭ চনৰ নিৰ্বাচনত অসম বিধান সভালৈ দেৱকান্ত বৰুৱা নিৰ্বাচিত হয় আৰু বিধান সভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬০ চনত তেওঁ গুৱাহাটী তেল শোধনাগাৰৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬২ চনত পুনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি বিমলা প্ৰসাদ চলিহা মন্ত্ৰীসভাত তেওঁ শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। শিক্ষামন্ত্ৰীৰ কাৰ্যকালতেই তেওঁ অতি কম দৰমহা পোৱা শিক্ষক সকলৰ বেতন বৃদ্ধি কৰিলে আৰু সকলো সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীয়ে য়াতে বিভিন্ন বৃত্তিৰ সুবিধা পায়, তাৰ ব্যৱস্থা কৰিলে। ১৯৬৮ চনৰ পৰা ১৯৭০ চনলৈ তেওঁ অইল ইণ্ডিয়াৰ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭১ চনত বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৩ চনত দেৱকান্ত বৰুৱাই কেন্দ্ৰীয় কেবিনেটত পেট্ৰলিয়াম আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৭৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। কংগ্ৰেছৰ সভাপতিৰ কাৰ্যকালতেই তেওঁ তেতিয়ালৈকে মুখ্যকাৰ্য্যলয় নথকা কংগ্ৰেছ দলৰ এক বিৰাট কাৰ্যালয় স্থাপন কৰি তাৰ নাম ৰাখিছিল জৱাহৰ ভৱন। ১৯৭৬ চনত তেওঁ অসমৰ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। পুনৰ তেওঁ ১৯৭৭ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৭৯ চনত লোকসভা ভংগ হোৱাত তেওঁ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৬ চনৰ ২৮ জানুৱাৰী তাৰিখে বৰুৱাই নতুন দিল্লীত শেষ নিঃশ্বাস ত্যাগ কৰে।[1]

১৯৫১ চনত দেৱকান্ত বৰুৱা নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত হোৱা কমনৱেলথ সন্মিলনলৈ ভাৰতৰহৈ প্ৰতিনিধি হিচাপে যোগদান কৰিবলৈ গৈয়েই বিদেশ ভ্ৰমণ প্ৰথম আৰম্ভ কৰিছিল। ১৯৫৪-৫৫ চনত তেওঁ দুবাৰকৈ ৰাষ্ট্ৰসংঘলৈ ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য হিচাপে গৈছিল। ১৯৫৬ চনত কৃষি আয়োগৰ সদস্য হিচাপে জাভা, ভিয়েটনাম, চীন, থাইলেণ্ড, জাপান, কেম্বোদিয়া, ইন্দোনেছিয়া আদি বিভিন্ন দেশলৈ গৈছিল। ১৯৬৪ চনত তেওঁ ভাৰতীয় সাংস্কৃতিক দলৰ নেতৃত্ব লৈ আফগানিস্থানলৈ গৈছিল। ১৯৭৪ চনত পেট্ৰলিয়াম মন্ত্ৰী হিচাপে আৰৱ, ইৰাণ, ইৰাক আদি মধ্যপ্ৰাচ্যৰ দেশ ভ্ৰমণ কৰিছিল। ১৯৭৫ চনত কংগ্ৰেছ সভাপতি হিচাপে এছিয়াকুৱেইট, চিৰিয়া, ইৰাক আৰু ইউৰোপৰ ৰোমানিয়া, বুলগেৰিয়া, যুগোশ্লেভিয়া আদি দেশলৈ গৈছিল।[2]

গ্ৰন্থৰাজী

সম্পাদনা কৰক
  • সাগৰ দেখিছা (কাব্যগ্ৰন্থ)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. গ্ৰন্থ এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া,লিখক: হেমন্ত কুমাৰ ভঁৰালী, প্ৰকাশক: অনন্ত হাজৰিকা, পৃষ্ঠা নং: ৪৫০,৪৫১,৪৫২,৪৫৩।
  2. গ্ৰন্থ এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া,লিখক: হেমন্ত কুমাৰ ভঁৰালী, প্ৰকাশক: অনন্ত হাজৰিকা, পৃষ্ঠা নং: ৪৫০,৪৫১,৪৫২,৪৫৩।

গ্ৰন্থ সংযোগ

সম্পাদনা কৰক
  • গ্ৰন্থ এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া,লিখক: হেমন্ত কুমাৰ ভঁৰালী, প্ৰকাশক: অনন্ত হাজৰিকা, পৃষ্ঠা নং: ৪৫০,৪৫১,৪৫২,৪৫৩।
  • অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (ড সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা নং- ৩২৮)
  • অসমীয়া কবি আৰু কবিতা (নন্দ তালুকদাৰ, পৃষ্ঠা নং- ২০১)
  • সঞ্চয়ন (ড মহেশ্বৰ নেওগ, পৃষ্ঠা নং-৪৪৬)