জৱাহৰলাল নেহৰু

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী
(জৱাহৰলাল নেহেৰুৰ পৰা পুনঃনিৰ্দেশিত)

জৱাহৰলাল নেহৰু (ইংৰাজী: Jawaharlal Nehru; ১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। তেওঁৰ জন্মৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি আহিছে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। তদুপৰি কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো অলঙ্কৃত কৰিছিল। এগৰাকী সক্ৰিয় স্বাধীনতা যুঁজাৰু আছিল।[1]

জৱাহৰলাল নেহৰু

১৯৫১ চনত জৱাহৰলাল নেহৰু
প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১৫ আগষ্ট ১৯৪৭ – ২৭ মে ১৯৬৪
ৰাজশাসক George VI (২৬ জানুৱাৰী ১৯৫০ লৈ)
ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ
সৰ্বপল্লী ৰাধাকৃষ্ণন
গৱৰ্ণৰ জেনেৰেল The Earl Mountbatten of Burma
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ( ২৬ জানুৱাৰী ১৯৫০ লৈ)
সহকাৰী বল্লভভাই পেটেল
পূৰ্বসূৰী Position established
উত্তৰসূৰী গুলজাৰিলাল নন্দা (ভাৰপ্ৰাপ্ত)
প্ৰতিৰক্ষা বিভাগ
কাৰ্যকাল
৩১ অক্টোৱৰ ১৯৬২ – ১৪ নবেম্বৰ ১৯৬২
পূৰ্বসূৰী ভি. কে. কৃষ্ণ মেনন
উত্তৰসূৰী যশৱান্ত শ্বাৱন
কাৰ্যকাল
৩০ জানুৱাৰী ১৯৫৭ – ১৭ এপ্ৰিল ১৯৫৭
পূৰ্বসূৰী কৈলাস নাথ কাটজু
উত্তৰসূৰী ভি. কে. কৃষ্ণ মেনন
কাৰ্যকাল
১০ ফেব্ৰুৱাৰী ১৯৫৩ – ১০ ফেব্ৰুৱাৰী ১৯৫৩
পূৰ্বসূৰী এন.গোপালাস্বামী আয়ঙ্গাৰ
উত্তৰসূৰী কৈলাস নাথ কাটজু
বিত্ত বিভাগ
কাৰ্যকাল
১৩ ফেব্ৰুৱাৰী ১৯৫৮ – ১৩ মাৰ্চ ১৯৫৮
পূৰ্বসূৰী টিৰুভেলৰ থাটাই কৃষ্ণমছাহাৰীৰ
উত্তৰসূৰী মোৰাৰজী দেশাই
কাৰ্যকাল
২৪ জুলাই ১৯৫৬ – ৩০ আগষ্ট ১৯৫৬
পূৰ্বসূৰী চিন্তমন দাৰকানাথ দেশমুখ
উত্তৰসূৰী টিৰুভেলৰ থাটাই কৃষ্ণমছাহাৰীৰ
বৈদেশিক পৰিক্ৰমা বিভাগ
কাৰ্যকাল
১৫ আগষ্ট ১৯৪৭ – ২৭ মে ১৯৬৪
পূৰ্বসূৰী Position established
উত্তৰসূৰী গুলজাৰিলাল নন্দ
ব্যক্তিগত তথ্য
জন্ম ১৪ নৱেম্বৰ, ১৮৮৯
এলাহাবাদ, North-Western Provinces, British India
মৃত্যু ২৭ মে', ১৯৬৪ (৭৪ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰছ
দাম্পত্যসঙ্গী কমলা কৌল
সন্তান ইন্দিৰা গান্ধী
শিক্ষানুষ্ঠান ট্ৰিনিটি কলেজ, কোম্ব্ৰিজ
Inns of Court
জীৱিকা বেৰিষ্টাৰ
স্বাক্ষৰ

জন্ম আৰু পৰিয়াল

সম্পাদনা কৰক

জৱাহৰলাল নেহৰুৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নবেম্বৰ তাৰিখে, উত্তৰ প্ৰদেশএলাহাবাদত। তেওঁৰ পিতৃ মতিলাল নেহৰু আৰু মাতৃ স্বৰূপ ৰাণী। মতিলাল নেহৰু এজন আঢ্যৱন্ত লোক আছিল আৰু তেওঁৰ বৃত্তি আছিল ওকালতি। তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ দুৰ্ধৰ্ষ যুঁজাৰু আৰু মাতৃ স্বৰূপ ৰাণী ধৰ্মপৰায়ণা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল জৱাহৰলাল নেহৰু। নেহৰু পৰিয়ালৰ পূৰ্বপুৰুষ আছিল কাশ্মীৰৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ। ১৭১৬ খৃঃত উপৰিপুৰুষ ৰাজকাউল কাশ্মীৰৰ পৰা দিল্লীলৈ আহিছিল আৰু পিছত দিল্লীৰ পৰা তেওঁলোক এলাহাবাদলৈ স্থায়ী বসতিৰ কাৰণে থিতাপি লৈছিল। ফাৰুক ছি য়াৰ নামৰ এজন মোগল সম্ৰাটে ৰাজ কাউলক এটা গড়খাৱৈৰ পাৰত থাকিবলৈ দিছিল। উৰ্দু ভাষাত গড়খাৱৈক নাহাৰ বুলিছিল। এই নাহাৰৰ পাৰত বসতি কৰাৰ কাৰণেই কালক্ৰমত তেওঁলোকৰ উপাধি হ'ল নেহৰু। কিছুদিনলৈ তেওঁলোক কাউল নেহৰু আৰু পিছলৈ নেহৰু নামে খ্যাত হল। ১৯১৬ চনত জৱাহৰলালে কমলা কৌলক বিয়া কৰায় আৰু ১৯১৭ চনৰ ১৯ নবেম্বৰত ইন্দিৰা গান্ধীৰ জন্ম হয়।[1]

শিক্ষা জীৱন

সম্পাদনা কৰক

জৱাহৰলাল নেহৰুৰ সৰুকালৰ শিক্ষা আৰম্ভ হয় এজন ঘৰুৱা শিক্ষকৰ দ্বাৰাই। সৰুতে তেওঁক বিদ্যালয়ত দিয়া নাছিল। পিতাকৰ উদ্দেশ্য আছিল সৰুৰে পৰা তেওঁক ইংৰাজী ল'ৰাৰ দৰে গঢ়ি তোলাৰ। সেয়ে মতিলাল নেহৰুৱে চোৱা-চিতাৰ দায়িত্ব দিছিল এগৰাকী ইংৰাজ মহিলাক। ১১ বছৰত তেওঁক পঢ়ুৱাবলৈ টি. ফাৰ্ডিনাণ্ড ব্ৰুকচ নামৰ এজন আইৰিচ লোকক গৃহশিক্ষক নিযুক্ত কৰিছিল। ব্ৰুকচৰ তলতে তেওঁ ইংৰাজী ভাষা সুন্দৰকৈ আয়ত্তলৈ আনিছিল। থেকাৰে, এইচ. জি. ওৱেলছ, স্কট, ডিকেন্স আদি আনেকলোকৰ মূল্যবান ৰচনা সম্ভাৰো এই সময়তে তেওঁ পঢ়িছিল। আন এজন শিক্ষকৰ তলত তেওঁ সংস্কৃত, হিন্দী আৰু উৰ্দু ভাষাৰ জ্ঞান আৰ্জিছিল। ব্ৰুকচৰ তলতে ৰসায়ন, উদ্ভিদ, পদাৰ্থ বিদ্যাৰ গূঢ় কথাবোৰ তেওঁ হৃদয়ঙ্গম কৰিছিল আৰু বিশ্বৰ প্ৰতি জানিবলৈ কৌতূহল জাগিছিল। মাত্ৰ তেৰ বছৰ বয়সত তেওঁ যোগদান কৰিছিল থিয়চফিকেল সংঘত আৰু এই সংঘৰ জৰিয়তে তেওঁ প্ৰাচীন ধৰ্মপুথিবোৰ পঢ়িছিল। বিশেষকৈ উপনিষদ আৰু গীতাৰ আলোচনাবোৰে তেওঁক অনুপ্ৰাণিত কৰিছিল। মুন্সী মোবৰকৰ পৰা শুনিছিল কৰিছিল চিপাহী বিদ্ৰোহ আৰু আৰৱীয় উপন্যাসৰ সাধু। তাৰ পিছত ৰামায়ণ আৰু মহাভাৰতৰ লগতে নানা আখ্যান-উপাখ্যান। সৰুকালৰ স্বভাৱ আছিল ব্যায়াম চৰ্চা, সাঁতোৰ আৰু ঘোঁৰাত উঠা। ডেকা বয়সত তেওঁ হিমালয় পৰ্বতত ১১,৫০০ ফুট বগাইছিল। ১৯০৫ চনৰ মে মাহত তেওঁ মাত্ৰ ১৫ বছৰ বয়সত ইংলেণ্ডলৈ যায় আৰু ইংলেণ্ডৰ হেৰ' পাব্লিক স্কুলত ভৰ্তি হয়। সম্ভ্ৰান্ত ইংৰাজ পৰিয়ালৰ লৰা-ছোৱালীয়ে পঢ়া স্কুলৰ পৰিবেশটো মুঠেই ভাল নাপাইছিল। হেৰ'ত পঢ়ি থকাৰ সময়তো তেওঁ ভাৰতৰ নানা ৰাজনৈতিক খৱৰো ৰাখিছিল। হেৰ'ৰ নিয়ম কানুনবোৰ অতি কঠিন হোৱা কাৰণে বহু সময়ত তেওঁৰ মন বিৰাগপূৰ্ণ হৈছিল। সেয়ে তেওঁ হেৰ' এৰাৰ মনস্থ কৰি পিতাকক সেই কথা জনাই কেম্ব্ৰিজট্ৰিনিটি কলেজত ভৰ্তি হৈছিল। ১৯১০ চনত তেওঁ ট্ৰিনিটিৰ পৰাই দ্বিতীয়া শ্ৰেণীৰ অনাৰ্ছসহ ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে।[1]

ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

জৱাহৰলাল নেহৰুৱে শিক্ষা সমাপ্ত কৰি লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহি ১৯১২ চনত ওকালতি আৰম্ভ কৰে। লগে লগেই স্বাধীনতা সংগ্ৰামত সক্ৰিয় হয় আৰু সদস্য হয় জাতীয় কংগ্ৰেছ মহাসভাৰ। ১৯১৬ চনত তেওঁ পোন প্ৰথম বাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল লক্ষ্ণৌ কংগ্ৰেছত। তেওঁৰ দৃষ্টিত মহাত্মা গান্ধী আছিল বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ মানৱ। তেওঁ কেইবাবাৰো কংগ্ৰেছৰ সভাপতি আছিল আৰু তেওঁৰ সভাপতিত্বতেই পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আছিল। ১৯৪৬ চনৰ১৭ আগষ্টত গৱৰ্ণৰ জেনেৰেল ওৱাভেলে সেই সময়ৰ কংগ্ৰেছ সভাপতি জৱাহৰলালক অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ মৰ্মে তেওঁ অন্তৰ্ৱতী চৰকাৰ গঠন কৰি নেতা নিৰ্বাচিত হয় আৰু ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰি লৰ্ড মাউণ্ট বেটেনে স্বতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিযুক্ত কৰিলে জৱাহৰলাল নেহৰুক।[1]

স্বাধীনতা যুঁজাৰু ৰূপে

সম্পাদনা কৰক

স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে তেও কেইবাবাৰো জেল জীৱন কটাবলগীয়া হয়। জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাবে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলচ ভাৰত ভ্ৰমণলৈ আহিছিল। সেইদিনাই ৰাজকুমাৰৰ আগত ক'লা পতাকা দেখুৱালে মতিলাল নেহৰু আৰু জৱাহৰলাল নেহৰুৱে। ফলত ব্ৰিটিছ চৰকাৰে তেওঁলোকক জেললৈ পঠালে। জৱাহৰলালাৰ সেয়া আছিল প্ৰথম জেল যাত্ৰা। এইদৰে তেওঁ ১৯৪৫ চনলৈকে স্বাধীনতাৰ সংগ্ৰামৰ নানা পৰ্য্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে অনেক দিন কাৰাবৰণ কৰিছিল। ঘাইকৈ তেওঁ নৈনী, আলীপুৰ, ডেৰাডুন আৰু আহমেদাবাদৰ জেলত অধিক দিন কটাইছিল। এই দীঘলীয়া জেল জীৱনতে তেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ১৯৪৬ চনৰ ১৭ আগষ্ট তাৰিখে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। নেহৰুৱে গণতন্ত্ৰৰ বিধি আৰু কাৰ্যৰ প্ৰতি সদায় আস্থাশীলতা প্ৰকাশ কৰি গৈছে। তেওঁ বিৰোধীপক্ষৰ সমালোচনাৰ প্ৰতিও বেয়া মনোভাৱ ৰখা নাছিল। ১৯৫৪ চন আৰু ১৯৫৮ চনত তেওঁ প্ৰধানমন্ত্ৰী পদ ইস্তাফা দিবলৈ বিচৰাত ৰাইজৰ স্নেহে সেইপদলৈ তেওঁক পুনৰ ঘূৰাই আনিছিল। নেহৰুৰ দিনতেই আন্তৰ্জাতিক ৰাজনীতিৰ পৰিধিও অতিক্ৰম কৰিছিল। ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত ২৯খন দেশৰ সহযোগত পঞ্চশীল আৰু সহ অৱস্থানৰ বৈদেশিক নীতি ৰচনা কৰিলে আৰু ইয়াত মুখ্যভূমিকা গ্ৰহণ কৰিলে নেহৰু, টিটো আৰু নাচেৰে। ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত চীনে ভাৰত আক্ৰমণ কৰিছিল। উত্তৰ পূৱ সীমান্তত থাংগালা পাহাৰমালা দখল কৰি ধলা পোষ্ট পৰ্যন্ত আক্ৰমণ কৰিছিল। ই মেকমোহন লাইনৰ সীমা। তাৰপিছত বমডিলা হৈ ভাৰতৰ ভালেমান সমতল ভূমি দখল কৰাৰ পিছত হাঠাত্ ১৯৬২ চনৰ ২৪ অক্টোৱৰত চীনে একতৰফীয়া সৈন্য অপসৰণৰ নীতি ঘোষনা কৰি উভতি যায়।[1]

নেহৰুৰ দিনপঞ্জী

সম্পাদনা কৰক

দেশৰ এই অক্লান্ত কৰ্মী গৰাকীৰ জীৱনৰ তালিকা হৈছে, তেওঁ নিশা ৩ বজাতহে বিছনালৈ গৈছিল আৰু শোৱা পাটি ত্যাগ কৰিছিল ৭.৩০ মিনিটত। ৭.৩০ মিনিটৰ পৰা এঘণ্টাৰ বাবে যোগ সাধনা কৰি পুৱাৰ আহাৰ গ্ৰহণ কৰিছিল। পিছত বহিঃৰাজ্য পৰিক্ৰমা দপ্তৰলৈ গৈ নানা আলোচনাত ভাগ লৈছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল ১.৪৫ মিনিটত। সংসদ সভা আৰু আন আন সভাসমিতিত সন্ধ্যা ৭.৩০ বজালৈকে ব্যস্ত আছিল। তাৰপিছত সহকৰ্মী, মন্ত্ৰী বা সাংবাদিকক দেখা কৰে। ৰাতিৰ আহাৰ গ্ৰহণ কৰে ৯ বজাত। ৰাতিলৈ নিজৰ চিঠি পত্ৰ পঢ়া, চেক্ৰেটাৰীৰ লগত পৰামৰ্শ কৰা, বাতৰি কাকত আৰু গ্ৰন্থ অধ্যয়নত ব্যস্ত হৈ পৰে। তেওঁ ভ্ৰমণৰ সময়তো নিজৰ বাহনত ফাইল আদিৰ কাম কৰিছিল। তেওঁৰ অপৰিসীম বৰঙনিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁলৈ ১৯৫৫ চনত ভাৰত-ৰত্ন উপাধি প্ৰদান কৰিছিল।

পুৰস্কাৰ প্ৰাপ্ত বঁটা

সম্পাদনা কৰক

নেহৰুৰ ৰচনাৱলী

সম্পাদনা কৰক

মৃত্যুৰ আগলৈকে প্ৰধানমন্ত্ৰীৰ পদত থকা জৱাহৰলাল নেহৰুৰ ১৯৬৪ চনৰ ২৭ মে তাৰিখে পৰলোকপ্ৰাপ্তি হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ২৫-২৯. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক