নিৰ্মলা সীতাৰমন

ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ

নিৰ্মলা সীতাৰমন (ইংৰাজী: Nirmala Sitharaman; জন্ম ১৮ আগষ্ট ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী। তেওঁ বিত্ত আৰু কৰ্পোৰেট বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু বাণিজ্য আৰু উদ্যোগ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী আছিল। ইয়াৰ আগতে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবক্তা হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।[7]

নিৰ্মলা সীতাৰমন
ভাৰতৰ বিত্ত মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩০ মে' ২০১৯
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী অৰুণ জেটলি
ভাৰতৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩০ মে' ২০১৯[1]
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী অৰুণ জেটলি
ভাৰতৰ ৰক্ষা মন্ত্ৰী
কাৰ্যকাল
৩ ছেপ্টেম্বৰ ২০১৭ – ৩০ মে' ২০১৯
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী অৰুণ জেটলি
উত্তৰসূৰী ৰাজনাথ সিং
ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী[2]
কাৰ্যকাল
২৬ মে' ২০১৪ – ৩ ছেপ্টেম্বৰ ২০১৭
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী আনন্দ শৰ্মা
উত্তৰসূৰী সুৰেশ প্ৰভু
ৰাজ্যসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ জুলাই ২০১৬
পূৰ্বসূৰী ভেংকাইয়া নাইডু, ভাজাপা
সমষ্টি কৰ্ণাটক[3]
কাৰ্যকাল
২৬ জুন ২০১৪ – ২১ জুন ২০১৬
পূৰ্বসূৰী এন জনাৰ্দন ৰেড্ডী, কং
উত্তৰসূৰী সুৰেশ প্ৰভু
সমষ্টি অন্ধ্ৰপ্ৰদেশ
ব্যক্তিগত তথ্য
জন্ম ১৮ আগষ্ট, ১৯৫৯ (৬৪ বছৰ)
মাদুৰাই, মাদ্ৰাজ ষ্টেট, ভাৰত
(বৰ্তমান তামিলনাডু)
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী পৰাকলা প্ৰভাকৰ (বি. ১৯৮৬)[4]
সন্তান
বাসস্থান হায়দৰাবাদ, তেলঙ্গানা, ভাৰত[5][6]
শিক্ষানুষ্ঠান সীতালক্ষ্মী ৰামস্বামী মহাবিদ্যালয়, তিৰুচিৰাপল্লী
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৫৯ চনৰ ১৮ আগষ্ট তাৰিখে মাদ্ৰাজ ষ্টেটৰ মাদুৰাইত নিৰ্মলা সীতাৰমনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নাৰায়ণন সীতাৰমন আৰু মাতৃ সাৱিত্ৰী। তেওঁৰ পিতৃ তিৰুচিৰাপল্লীৰ মুচিৰিৰ আৰু মাতৃ থাঞ্জাভুৰৰ তিৰুভেংকাডুৰ আছিল। তেওঁৰ পিতৃ ভাৰতীয় ৰে'লত কৰ্মৰত আছিল। সেয়ে তেওঁ বাল্যকালৰ ৰাজ্যৰ ভিন ভিন ঠাইত কটাবলগীয়া হৈছিল। তেওঁ মাদ্ৰাজ আৰু তিৰুচিৰাপল্লীত শিক্ষা গ্ৰহণ কৰিছিল।[8] তেওঁ তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামস্বামী মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী আৰু ১৯৮৪ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[9]

নিৰ্মলা সীতাৰমনে তেওঁৰ স্বামী পৰাকলা প্ৰভাকৰক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে লগ পাইছিল। তেওঁ অন্ধ্ৰ প্ৰদেশৰ নাৰ্চপুৰমৰ তেলেগু ব্ৰাহ্মণ আছিল।[10] তেওঁলোকে ১৯৮৬ চনত বিবাহপাশত আবদ্ধ হয়। প্ৰভাকৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ যোগাযোগ উপদেষ্টা আছিল।[11][12]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

নিৰ্মলা সীতাৰমনে ২০০৮ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেওঁ বিজেপিৰ প্ৰবক্তা হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ কেবিনেটত স্থান লাভ কৰে। একে বছৰৰ জুন মাহত তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[13]

২০১৬ চনৰ মে মাহত বিজেপিয়ে কৰ্ণাটকৰ পৰা ৰাজ্যসভালৈ মনোনীত কৰা ১২জন ব্যক্তিৰ ভিতৰত নিৰ্মলা সীতাৰমন অন্যতম আছিল। তেওঁ ইয়াৰ পৰা জয় লাভ কৰি পুনৰাই ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[14] ২০১৭ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে তেওঁ ভাৰতৰ ৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইন্দিৰা গান্ধীৰ পিছত তেওঁ ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী।[15][16]

অন্যান্য সম্পাদনা কৰক

তেওঁ লণ্ডনৰ ৰিজেণ্ট ষ্ট্ৰীটৰ ঘৰুৱা সাজ-সজ্জাৰ দোকানত বিক্ৰী সহকাৰীৰ কাম কৰিছিল।[17] তেওঁ যুক্তৰাজ্যৰ কৃষি অভিযন্তা সন্থাৰ সহকাৰী অৰ্থনীতিবিদ হিচাপে কৰ্মৰত আছিল। যুক্তৰাজ্যত থকা সময় চোৱাত তেওঁ প্ৰাইছ ৱাটাৰহাউচ কপাৰ্চৰ গৱেষণা আৰু উন্নয়নৰ জ্যেষ্ঠ ব্যৱস্থাপক[12] আৰু বিবিচি ৱৰ্ল্ড চাৰ্ভিছত কৰ্মৰত আছিল।[18] তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰো সদস্য আছিল।[19] ২০১৭ চনত তেওঁ হায়দৰাবাদপ্ৰণৱ ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।[20]

তথ্য উৎস সম্পাদনা কৰক

  1. "Who Gets What: Cabinet Portfolios Announced. Full List Here". NDTV.com. https://www.ndtv.com/india-news/cabinet-portfolios-pm-narendra-modis-new-cabinet-ministers-and-their-portfolios-see-full-list-here-2045883। আহৰণ কৰা হৈছে: 31 May 2019. 
  2. "Archived copy". http://commerce.nic.in/bio/CIMBiodata.pdf#। আহৰণ কৰা হৈছে: 8 July 2014. 
  3. "Nirmala Sitharaman Wins Rajya Sabha Seat From Karnataka, Congress Gets 3". http://www.ndtv.com/india-news/congress-wins-3-rajya-sabha-seats-from-karnataka-bjp-gets-1-1418017। আহৰণ কৰা হৈছে: 12 June 2016. 
  4. "Meet the Union Finance Minister/DEPARTMENT OF Expenditure | MoF |GoI". doe.gov.in. https://doe.gov.in/minister/meet-union-finance-minister। আহৰণ কৰা হৈছে: 17 August 2019. 
  5. "National Leadership from Andhra Pradesh – Official BJP site of Andhra Pradesh Nirmala sitharaman's address and contact information". Archived from the original on 20 October 2014. https://web.archive.org/web/20141020155258/http://ap.bjp.org/organisation/national-leader-ap। আহৰণ কৰা হৈছে: 20 June 2014. 
  6. "Official BJP National website". Archived from the original on 22 October 2014. https://web.archive.org/web/20141022002728/http://www.bjp.org/organisation/office-bearers। আহৰণ কৰা হৈছে: 20 June 2014. 
  7. "Deccan Chronicle: BJP leader Nirmala Sitharaman gets NJR Rajya Sabha seat". 4 June 2014. http://www.deccanchronicle.com/140604/nation-politics/article/bjp-leader-nirmala-sitharaman-gets-njr-rajya-sabha-seat. 
  8. Phadnis, Aditi (4 September 2017). "The rise and rise of Nirmala Sitharaman: From spokesperson to defence minister". Business Standard. http://www.business-standard.com/article/politics/rise-of-nirmala-sitharaman-from-spokesperson-to-defence-minister-117090400030_1.html। আহৰণ কৰা হৈছে: 6 September 2017. 
  9. "2014 Rajyasabha Nomination Affidavit, Andhra Pradesh". Chief Election Commissioner, Andhra Pradesh. http://ceoandhra.nic.in/GE_2009/Affidavits_PCs/RAJYA%20SABHA/Bye-ele-Rajya%20sabha-2014/Nirmala%20Sitharaman.pdf. 
  10. "BJP spokesperson finds her new role challenging". The Hindu. 3 April 2010. https://www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/BJP-spokesperson-finds-her-new-role-challenging/article16013690.ece। আহৰণ কৰা হৈছে: 29 June 2013. 
  11. "AP govt advisor and Nirmala Sitharaman’s husband Parakala Prabhakar quits, blames Jagan". https://www.thenewsminute.com/article/ap-govt-advisor-and-nirmala-sitharaman-s-husband-parakala-prabhakar-quits-blames-jagan-83322. 
  12. 12.0 12.1 "In Nirmala Sitharaman, India Gets Its Second Woman Defence Minister After Indira Gandhi" (en-IN ভাষাত). Huffington Post India. 2017-09-03. http://www.huffingtonpost.in/2017/09/03/in-nirmala-sitharaman-india-gets-its-second-woman-defence-minis_a_23195198/. 
  13. "Nirmala elected to Rajya Sabha" (en-IN ভাষাত). The Hindu. 2014-06-27. ISSN 0971-751X. https://www.thehindu.com/news/national/nirmala-elected-to-rajya-sabha/article6152636.ece. 
  14. "Naidu, Naqvi, Goyal among 12 in BJP’s RS list". ABP Live. 29 May 2016. Archived from the original on 30 May 2016. https://web.archive.org/web/20160530152104/http://www.abplive.in/india-news/naidu-naqvi-goyal-among-12-in-bjps-rs-list-352440। আহৰণ কৰা হৈছে: 30 May 2016. 
  15. "Nirmala Sitharaman Joins Cabinet: GST and Start-Up Success Pays Dividend". News18. http://www.news18.com/news/politics/nirmala-sitharaman-joins-cabinet-gst-and-start-up-success-pays-dividend-1508087.html. 
  16. "Modi Cabinet reshuffle: Full list of new council of ministers", The Times of India, 3 September 2017, http://m.timesofindia.com/india/modi-cabinet-reshuffle-full-list-of-pm-modis-council-of-ministers/articleshow/60348346.cms, আহৰণ কৰা হৈছে: 3 September 2017 
  17. Phadnis, Aditi (2017-09-04). "The rise and rise of Nirmala Sitharaman: From spokesperson to defence minister". Business Standard India. https://www.business-standard.com/article/politics/rise-of-nirmala-sitharaman-from-spokesperson-to-defence-minister-117090400030_1.html. 
  18. Mohua Chatterjee, TNN (21 March 2010). "BJP gets a JNU product as its woman spokesperson". Indiatimes.com. Archived from the original on 21 September 2013. https://web.archive.org/web/20130921055312/http://articles.timesofindia.indiatimes.com/2010-03-21/india/28136255_1_nirmala-sitharaman-bjp-spokesperson-nitin-gadkari। আহৰণ কৰা হৈছে: 29 June 2013. 
  19. "Who is Nirmala Sitharaman, India’s first full-time woman Defence Minister". Financial Express. 3 September 2017. http://www.financialexpress.com/india-news/who-is-nirmala-sitharaman-indias-first-full-time-woman-defence-minister/839028/। আহৰণ কৰা হৈছে: 20 September 2017. 
  20. "Management | Pranava". Pranavatheschool.org. Archived from the original on 19 July 2013. https://web.archive.org/web/20130719054722/http://pranavatheschool.org/about/management/। আহৰণ কৰা হৈছে: 29 June 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক