২১ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
২১ জুলাই (ইংৰাজী: 21 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০২তম (অধিবৰ্ষত ২০৩তম) দিন। বছৰ শেষ হ'বলৈ ১৬৩ দিন বাকী থাকে।
জন্মসম্পাদনা কৰক
- ১৮৯৯ চনৰ আজিৰ দিনটোত আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হয়। তেওঁৰ বিশ্ব প্ৰসিদ্ধ উপন্যাস হ’ল ‘দ্য অ'ল্ড মেন এণ্ড দ্য ছী’; যাৰ বাবে তেখেতে ১৯৫৪ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল।
অনান্যসম্পাদনা কৰক
- পিতৃ ছাহজাহানক আগ্ৰা দূৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাৱে ঔৰংগজেৱে ১৬৫৮ চনৰ আজিৰ দিনটোতে দিল্লীৰ ৰাজপাটত উঠে।
- ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হৈছিল ১৯০৬ চনৰ আজিৰ দিনটোতে।
- ২০০১ চনৰ আজিৰ দিনটোতে কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫জনক গুলীয়াই হত্যা কৰা হয়।
- ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা দেৱী সিং পাটিলক নিৰ্বাচিত কৰা হয় ২০০৭ চনৰ আজিৰ দিনটোতে।
- ১৯৫৪ চনৰ আজিৰ দিনটোতে পৰ্তুগীজৰ হাতৰপৰা দাদৰ মুক্ত কৰা হয়।
- এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল ১৯৬৯ বৰ্ষৰ আজিৰ দিনটোতে।
- জাৰ্মানিৰ অট’ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথমটো উৰণ সম্পন্ন হৈছিল ১৮৯১ চনৰ আজিৰ দিনটোতে।
দিৱসসম্পাদনা কৰক
- আজি বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস। আজিৰ দিনটোতত ১৮৩১ চনত বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২১ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |