ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী

২০২৩ চনৰ ভাৰতৰ সাংবিধানিক সংশোধনী

জনপ্ৰিয় ৰূপত মহিলা সংৰক্ষণ বিধেয়ক, ২০২৩ (ইংৰাজী: Women's Reservation Bill, 2023) নামে জনাজাত ভাৰতীয় সংবিধানৰ এই আইনখন ২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰা হয়।[3] এই আইনখনৰ উদ্দেশ্য হৈছে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে প্ৰত্যক্ষভাৱে সংৰক্ষিত কৰা[4]। ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী বিধেয়কখনক নাৰী শক্তি বন্দন অধিনিয়ম নামেৰেও অভিহিত কৰা হৈছে।

ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী আইন, ২০২৩[1]
ভাৰতীয় সংসদ
দীঘল শিৰোনাম
  • ভাৰতীয় সংবিধানৰ সংশোধন
ভৌগোলিক পৰিসীমা ভাৰত
প্ৰণয়নকাৰী লোকসভা
প্ৰণয়ন হয় ২০ ছেপ্টেম্বৰ, ২০২৩
প্ৰণয়নকাৰী ৰাজ্য সভা
প্ৰণয়ন হয় ২১ ছেপ্টম্বৰ, ২০২৩
সম্মতিৰ তাৰিখ ২৮ ছেপ্টেম্বৰ, ২০২৩
স্বাক্ষৰ কৰে দ্ৰৌপদ্ৰী মুৰ্মু
ম্যাদ ওকলাৰ দিন কাৰ্যকৰীকৰণৰ ১৫ বছৰ পৰ্যন্ত
প্ৰেক্ষাপট
লোকসভাত বিধেয়কখন উত্থাপন হয় ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী আইন, ২০২৩[2]
উত্থাপন কৰোঁতা ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰণালয়, অৰ্জুন ৰাম মেঘৱাল
Bill introduced in the ৰাজ্য সভা ভাৰতীয় সংবিধানৰ এশ আঠাইশ সংশোধনী আইন[2]
সূচক শব্দ
মহিলা সংৰক্ষণ, ৩৩ শতাংশ সংৰক্ষণ
স্থিতি: অজ্ঞাত

ৰাজনৈতিক দলসমূহৰ মাজত একমতৰ অভাৱৰ বাবে ম্যাদ উকলি যোৱা মহিলা সংৰক্ষণ বিধেয়ক (২০১০)কে ধৰি ২৭ বছৰ ধৰি চলি থকা আইনগত বিতৰ্কৰ শিখৰত এই বিধেয়কখন উপনীত হৈছিল। এই বিধেয়কখনেই আছিল নতুন সংসদ ভৱনত বিবেচনা কৰা প্ৰথমখন বিধেয়ক।[5] ২০২৩ চনৰ ২০ ছেপ্টেম্বৰত লোকসভাত ৪৫৪টা ভোটৰ সমৰ্থনত আৰু ২টা ভোটৰ বিৰোধিতাত এই বিধেয়কখন গৃহীত হয়।[6] ৰাজ্যসভাই ২০২৩ চনৰ ২১ ছেপ্টেম্বৰত ২১৪টা ভোটৰ সমৰ্থনত সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত হয়।[7]ৰাষ্ট্ৰপতি মূৰ্মুৱে ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত এই বিধেয়কখনত স্বাক্ষৰ কৰে আৰু সেইদিনা গেজেট অধিসূচনাও প্ৰকাশ কৰা হয়, য’ত স্পষ্ট হৈ পৰে যে প্ৰথম সীমা নিৰ্ধাৰণৰ (২০২৬ চনলৈকে নিশ্চিহ্ন কৰা)ৰ পিছত অতি সোনকালে সংৰক্ষণ বলবৎ হ’ব।

মহিলা সংৰক্ষণ বিলৰ ইতিহাস সম্পাদনা কৰক

১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী অধিৱেশন সংবিধান প্ৰেক্ষাগৃহত আহ্বান কৰা হয়, যিটো বৰ্তমান পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহ। উল্লেখযোগ্য যে সমগ্ৰ সমাৱেশত সৰোজিনী নাইডু আছিল একমাত্ৰ মহিলা; যি ৰাষ্ট্ৰপতিৰ মঞ্চৰ সন্মুখত উপস্থিতসকলৰ প্ৰথম শাৰীত বহিছিল। মহিলাৰ সংৰক্ষণৰ বিষয়টোৰ ওপৰত ইয়াৰ পূৰ্বে ১৯৯৬, ১৯৯৭ আৰু ১৯৯৮ চনত আলোচনা কৰা হৈছিল; কিন্তু লোকসভা ভংগ হোৱা বা ৰাজনৈতিক দলসমূহৰ মাজত ঐকমত্যৰ অভাৱৰ বাবে ইয়াক আৰু আগুৱাই নিব পৰা হোৱা নাছিল। যোৱা দশকবোৰত বিধায়িনী সংস্থাসমূহত মহিলাসকলৰ অ-প্ৰতিনিধিত্বৰ সন্দৰ্ভত আশংকা বৃদ্ধি পাইছে, যদিও তেওঁলোকে বিশ্বৰ জনসংখ্যাৰ আধাতকৈ অধিক অংশৰ প্ৰতিনিধি। এই গণতান্ত্ৰিক অভাৱে দ্ৰুত অৰ্থনৈতিক বিকাশ লাভৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বাধাৰ সৃষ্টি কৰিছে। ফলস্বৰূপে; অংশগ্ৰহণমূলক, সৰ্বাংগীন, সমতাপূৰ্ণ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক সুদৃঢ় কৰাৰ বাবে এই বিষয়টোৱে সৰ্বাধিক গুৰুত্ব পোৱাটো ক্ৰমান্বয়ে প্ৰয়োজনীয় হৈ পৰে। ২০০৮ চনৰ ১০৮ সংশোধনী বিধেয়ক বুলি জনাজাত মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাটো সমসাময়িক ভাৰতীয় সমাজৰ বাবে অতি প্ৰয়োজনীয়।.[8]

এই আইনখন ১৯৯৬ চনত প্ৰাৰম্ভিক প্ৰৱৰ্তনৰ পিছত ছটা বিফল প্ৰচেষ্টাৰ সন্মুখীন হৈছে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে ২০১০ চনত মহিলা সংৰক্ষণ বিধেয়কখন প্ৰণয়ন কৰিব নালাগে বুলি পৰামৰ্শ দিছিল৷ [9]

পৰিসংখ্যা সম্পাদনা কৰক

২০২৩ চনৰ লোকসভাৰ গঠনত প্ৰকাশ পাইছে মহিলা সাংসদ অপ্ৰতিনিধিত্ব ১৫ শতাংশতকৈও কম। একেদৰে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, ওড়িশা, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা আৰু পুডুছেৰীত মহিলাৰ প্ৰতিনিধিত্ব ১০ শতাংশৰ তললৈ নামি গৈছে।[10] ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত মুঠ ৭১৬ গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল৷ ইয়াৰে ৭৮ গৰাকী মহিলা সাংসদে সপ্তদশ লোকসভাত কাৰ্যনিৰ্বাহ কৰিবলৈ সফলতাৰে নিৰ্বাচিত হৈছে। ২০১৪ চনৰ পূৰ্বৰ নিৰ্বাচনতকৈ এই সংখ্যা প্ৰায় এক চতুৰ্থাংশ বেছি, য'ত ৬২ গৰাকী মহিলা সাংসদ নিৰ্বাচিত হৈছিল।[11]

নৱনিৰ্মিত সংসদ ভৱনৰ প্ৰথম দিনটোত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰা বিধেয়কখনৰ লক্ষ্য হৈছে মহিলা সাংসদ সংখ্যা ১৮১ জনলৈ বৃদ্ধি কৰা।[12] ২০২৩ চনৰ লোকসভাত মুঠ ৫৪২ গৰাকী সদস্যৰ ৭৮ গৰাকী মহিলা সদস্য। একেদৰে বৰ্তমানৰ ৰাজ্যসভাত ২২৪ গৰাকীৰ ২৪ গৰাকী মহিলা। ২০২৩ চনলৈকে মুঠ ১০২ গৰাকী মহিলা সংসদ সদস্যই কাৰ্যনিৰ্বাহ কৰি আছে।[13]

২০২৩ চনৰ ২০ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহিলা সংৰক্ষণ বিধেয়কৰ আলোচনাৰ সময়ত জনাইছিল যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত লোকপিয়ল আৰু সীমা নিৰ্ধাৰণৰ কাম কৰা হ'ব।[14][15][16]

বিধান সম্পাদনা কৰক

প্ৰস্তাৱিত আইনখনত ৩৩% মহিলা সংৰক্ষণ ১৫ বছৰলৈ বৰ্তি থাকিব বুলি সংজ্ঞায়িত কৰা হৈছে। ইয়াৰ উপৰি, সংসদ আৰু বিধানসভাত মহিলাসকলৰ বাবে নিৰ্ধাৰণ কৰা সংৰক্ষিত আসনৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ব্যক্তিসকলৰ বাবে সংৰক্ষণ কৰাটো নিৰ্দেশ দিয়া হৈছে।[17]

ৰূপায়ণ সম্পাদনা কৰক

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে সদনত কয় যে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰিবলৈ নিৰ্বাচনৰ ঠিক পিছতেই লোকপিয়ল কৰা হ’ব। তেওঁ লগতে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত অতি সোনকালে পৰৱৰ্তী চৰকাৰে সীমা নিৰ্ধাৰণৰ কাম সম্পন্ন কৰিব৷[18] সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সৈতে জড়িত সমষ্টিৰ সীমা পুনৰীক্ষণ কৰা হয়, যাৰ লক্ষ্য হৈছে জনসংখ্যা বিতৰণ বৃদ্ধিৰ সঠিক প্ৰতিফলন। বিধেয়কখন সম্পূৰ্ণৰূপে অনুমোদন হ’বলৈ হ’লে ন্যূনতম ৫০% ৰাজ্যৰ পৰা অনুমোদনৰ প্ৰয়োজন। [17]

সংসদীয় বিতৰ্ক সম্পাদনা কৰক

লোকসভা সম্পাদনা কৰক

বিশেষ অধিৱেশনৰ দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী ভাষণত মহিলা নেতৃত্বাধীন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মহিলা সংৰক্ষণ সন্দৰ্ভত সংসদৰ ভিতৰত চলি থকা বিস্তৃত বিতৰ্ক আৰু বিবেচনাৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে এই বিষয়টোক সম্বোধন কৰা প্ৰাৰম্ভিক বিধেয়কখন প্ৰথমবাৰৰ বাবে ১৯৯৬ চনত জনতা দলৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে এইচ ডি দেৱগৌডাৰ কাৰ্যকালত ৮১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক হিচাপে দাখিল কৰা হৈছিল৷ তেওঁ আৰু কয় যে অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ইয়াক একাধিকবাৰ প্ৰৱৰ্তন কৰা হৈছিল যদিও দুখজনকভাৱে মহিলাৰ আকাংক্ষাক স্পষ্ট বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগত সমৰ্থন সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিল।

আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰধান উদ্দেশ্যক মহিলাৰ সৱলীকৰণ বুলি স্পষ্টভাৱে উল্লেখ কৰে। তদুপৰি তেওঁ সতীৰ্থ সংসদ সদস্যসকলক বিষয়টোক লৈ ৰাজনীতিকৰণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধীয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ইয়াক বলবৎ কৰিবলৈ অনুৰোধ জনায়। তেওঁ মহিলা সংৰক্ষণ বিধেয়কখন ৰাজীৱ গান্ধীৰ “সপোন” বুলি দাবী কৰে। বিগত সময়ত এই বিষয়ত বিজেপিৰ নিশিকান্ত ডুবেয়ে গীতা মুখাৰ্জী আৰু সুষমা স্বৰাজৰ স্থায়ী প্ৰচেষ্টাক আলোকপাত কৰে। তামিলনাডুৰ দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ নেতা কনিমোঝি কৰুণানিধিয়ে এই বিধেয়কখন ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সংযুক্ত কৰাৰ বিৰোধিতা কৰি ঐকমত্য গঢ়াৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ কাকলি ঘোষ দস্তীদাৰে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত অনুসন্ধান কৰে। কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ দাবী জনাই কয় যে তেওঁ “এই বিধেয়কখনত অ’বিচি সংৰক্ষণ দেখি ভাল পালেহেঁতেন”। গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে বিনা প্ৰতিদ্বন্দ্বিতাত বিধেয়কখন গৃহীত কৰাৰ আশা প্ৰকাশ কৰে। তেওঁ কয় যে কিছুমান ৰাজনৈতিক দলে মহিলা সবলীকৰণক কৌশলগত ৰাজনৈতিক উদ্দেশ্য হিচাপে ল’ব পাৰে যদিও মোডী প্ৰশাসনে ইয়াক স্বীকৃতি আৰু বৈধতাৰ বিষয় হিচাপে লয়।[19] সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীনে এই বিধেয়কখনৰ বিৰোধিতা কৰে। মুছলমান মহিলা আৰু অ'বিচিৰ প্ৰাৰ্থীৰ প্ৰতিনিধিত্বৰ বাবে কোটা উপলব্ধ নোহোৱাৰ বাবে আছাদুদ্দিন ওৱাইছি আৰু ইমতিয়াজ জলিলে নাৰী শক্তি বন্দন অধিনিয়মৰ বিৰুদ্ধে ভোটদান কৰে।[20]

বিৰোধী দলপতি তথা লোকসভাৰ সংসদ সদস্য অধীৰ ৰঞ্জন চৌধুৰীয়ে দাবী কৰে যে মহিলা সংৰক্ষণ বিধেয়ক প্ৰথমে ছোনিয়া গান্ধীয়ে প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ কয় যে ইউপিএ-হে বিধেয়কখন আৰম্ভ কৰি তৎকালীনভাৱে গৃহীত কৰিবলৈ দাবী জনাইছিল। ছোনিয়া গান্ধীয়ে "আপনা হায়" (আমাৰ) মন্তব্যৰে উত্তৰ দিলে।

ৰাজ্যসভা সম্পাদনা কৰক

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিধেয়কখন কাৰ্যকৰী কৰাৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে। প্ৰাথমিক লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পিছত আৰু সংশ্লিষ্ট জনসংখ্যাৰ পৰিসংখ্যা লাভ কৰাৰ পিছত সীমা নিৰ্ধাৰণৰ কচৰৎ কৰা হ’ব বুলিও তেওঁ বুজাই দিয়ে। এই অনুশীলনৰ পিছত সংৰক্ষণৰ অনুমতি দিয়া হ’ব। কপিল ছিবালে ২০২৯ চনৰ ভিতৰত কাৰ্যকৰী হোৱাৰ বাবে চৰকাৰৰ পৰা আশ্বাস বিচাৰিছিল। জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ পৰা বন্দনা চাভানে কাৰ্যকৰীকৰণত পলম হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছিল আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ভিতৰত ইয়াক কাৰ্যকৰী হোৱাটো বিচাৰিছিল।[21] তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰাইনেও মহিলা সংৰক্ষণ বিধেয়ক আগতীয়াকৈ কাৰ্যকৰী কৰাৰ দাবী জনোৱাৰ লগতে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শাসিত ৰাজ্যসমূহত মহিলা মুখ্যমন্ত্ৰীৰ অনুপস্থিতিৰ ওপৰত আলোকপাত কৰে।[22]শিৱসেনাৰ পৰা প্ৰিয়ংকা চতুৰ্বেদীয়ে (উদ্ধৱ বালাছাহেব থাকৰে)ও পলমকৈ কাৰ্যকৰী হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাংসদ ইলাৰাম কৰিমে এই আইনখনক বিজেপিৰ “নিৰ্বাচনী ছলনা” বুলি অভিহিত কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মল্লিকাৰ্জুন খৰ্গেয়ে সীমা নিৰ্ধাৰণ সম্পূৰ্ণ নোহোৱালৈকে অপেক্ষা কৰাক সমালোচনা কৰে।[23] বিৰোধীয়ে সংৰক্ষণত অ’বিচি কোটা দিয়াৰ দাবীৰ প্ৰতি বিজেপিৰ জে পি নাড্ডা আৰু সুশীল মোদীয়ে সঁহাৰি জনায়। [24]

বিধেয়কখন নিম্ন সদনত গৃহীত হোৱাৰ এদিনৰ পিছতে ১১ ঘণ্টীয়া বিতৰ্কৰ অন্তত ২০২৩ চনৰ ২১ ছেপ্টেম্বৰত উচ্চ সদনত সৰ্বসন্মতিক্ৰমে গৃহীত হয়। বিধেয়কখনৰ সমৰ্থনত ১০০% ভোটদান দেখা যায়। ভোটদানৰ সময়ত প্ৰধানমন্ত্ৰী মোডী ৰাজ্যসভাত উপস্থিত আছিল।[25]

সমালোচনা সম্পাদনা কৰক

আইনখনৰ সমালোচকসকলে যুক্তি আগবঢ়ায় যে কেৱল মহিলাসকলৰ বাবে আসন সংৰক্ষণে মূলতঃ শিক্ষিত আৰু নগৰীয়া মহিলাসকলক অনুকূল কৰিব৷ ফলস্বৰূপে প্ৰান্তীয় জাতিৰ অন্তৰ্গত অসুবিধাগ্ৰস্ত গ্ৰাম্য মহিলাসকলক অৱহেলা কৰা হ'ব। ইয়াৰ বিপৰীতে এই বিধেয়কখনৰ সমৰ্থকসকলে কয় যে-ৰাজনৈতিক দলৰ নেতাসকলৰ বিৰোধিতা পিতৃতান্ত্ৰিক প্ৰৱণতাৰ পৰাই উদ্ভৱ হৈছে৷ কিয়নো তেওঁলোকে মহিলাসকলৰ বাবে আসনৰ এক উল্লেখযোগ্য অংশ আবণ্টন দিলে তেওঁলোকৰ ক্ষমতালৈ আশংকা নমাই আনিব।[26]

ৰাজনৈতিক দল;কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আৰু ৰাষ্ট্ৰীয় জনতা দলে এই বিধেয়কখনক সমালোচনা কৰিছে-কাৰণ ইয়াত অবিচি আৰু সংখ্যালঘু মহিলাসকলৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা নাই, যিয়ে অ’বিচি আৰু সংখ্যালঘু মহিলাসকলৰ সম-প্ৰতিনিধিত্ব নিশ্চিত কৰিব বিচাৰে। [27][28][29]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "The Constitution (One Hundred and Sixth Amendment) Act, 2023". The Gazette of India. 28 September 2023. https://egazette.gov.in/WriteReadData/2023/249053.pdf। আহৰণ কৰা হৈছে: 10 October 2023. 
  2. 2.0 2.1 "Constitution (128th Amendment) Bill 2023". https://prsindia.org/files/bills_acts/bills_parliament/2023/Constitution_(128th_Amendment)_Bill_2023.pdf. 
  3. "Women's reservation Bill – imperfect but important". 21 September 2023. https://indianexpress.com/article/opinion/columns/womens-reservation-bill-imperfect-but-important-8949050/. 
  4. "'God has given me the opportunity', says PM Modi as women quota bill tabled in LS" (en ভাষাত). Hindustan Times. 19 September 2023. https://www.hindustantimes.com/india-news/womens-reservation-bill-to-be-tabled-in-lok-sabha-at-3-pm-today-101695109480855.html. 
  5. "Parliament special session: Govt introduces women's reservation bill in LS". Business Standard. https://www.business-standard.com/india-news/govt-lists-women-s-reservation-bill-for-introduction-in-lok-sabha-123091900443_1.html. 
  6. Lua error in Module:Complex_date at line 203: assign to undeclared variable 'a'.
  7. Nihalani, Jasmin (24 September 2023). "Women Reservation Bill: In 20 States & UTs less than 10% MLAs are female". The Hindu. https://www.thehindu.com/data/women-reservation-bill-in-20-states-uts-less-than-10-mlas-are-female-data/article67338512.ece. 
  8. Sharma, Kalpana (21 September 2023). "Women-led development and the Women's Reservation Bill" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/ht-insight/governance/womenled-development-and-the-women-s-reservation-bill-101695272982499.html. 
  9. "India's lower house votes to reserve a third of seats for women" (en ভাষাত). aljazeera.com. https://www.aljazeera.com/news/2023/9/20/indias-lower-house-votes-to-reserve-a-third-of-seats-for-women. 
  10. "Women's Reservation Bill: Pending for almost three decades for want of unanimity" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/womens-reservation-bill-pending-for-almost-three-decades-for-want-of-unanimity-2690179. 
  11. "Profile of the newly elected 17th Lok Sabha". PRS Legislative Research. https://prsindia.org/parliamenttrack/vital-stats/profile-of-the-newly-elected-17th-lok-sabha। আহৰণ কৰা হৈছে: 20 September 2023. 
  12. "NDA officially tables women's reservation bill in Parliament". The New Indian Express. https://www.newindianexpress.com/nation/2023/sep/19/nda-officially-tables-womens-reservation-bill-in-parliament-2616272.html. 
  13. "Women in Parliament - Ministry of Parliamentary Affairs". https://www.mpa.gov.in/sites/default/files/Women%20in%20Parliament_0.pdf। আহৰণ কৰা হৈছে: 20 September 2023. 
  14. "Census, delimitation exercise after election: Amit Shah on women's quota bill". https://www.indiatoday.in/india/story/amit-shah-census-delimitation-exercise-women-reservation-bill-lok-sabha-parliament-2438277-2023-09-20. 
  15. "Census a must for women's reservation Bill to become reality". The Hindu. 19 September 2023. https://www.thehindu.com/news/national/census-a-must-for-womens-reservation-bill-to-become-reality/article67322993.ece. 
  16. Singh, Vijaita (20 September 2023). "Women's reservation Bill will be implemented only after 2029: Amit Shah". The Hindu. https://www.thehindu.com/news/national/womens-reservation-bill-will-be-implemented-only-after-2029-amit-shah/article67327038.ece. 
  17. 17.0 17.1 "India: 5 key takeaways from Women's Reservation Bill aka 'Nari Shakti Vandan Adhiniyam'" (en-us ভাষাত). WION. https://www.wionews.com/india-news/india-5-key-takeaways-from-womens-reservation-bill-aka-nari-shakti-vandan-adhiniyam-637652. 
  18. "Census, delimitation exercise after election: Amit Shah on women's quota bill" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/amit-shah-census-delimitation-exercise-women-reservation-bill-lok-sabha-parliament-2438277-2023-09-20। আহৰণ কৰা হৈছে: 2023-09-21. 
  19. "Union Home Minister and Minister of Cooperation, Shri Amit Shah participates in the discussion on Nari Shakti Vandan Adhiniyam in the Lok Sabha today". pib.gov.in. https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1959212. 
  20. "'We voted against so that…': Asaduddin Owaisi on women's quota bill". The Siasat Daily. https://www.siasat.com/we-voted-against-so-that-asaduddin-owaisi-on-womens-quota-bill-2701595/. 
  21. "Rajya Sabha passes Women's Reservation Bill after 11-hour debate" (en ভাষাত). mint. 21 September 2023. https://www.livemint.com/news/india/rajya-sabha-passes-womens-reservation-bill-after-11-hour-debate-11695315854092.html. 
  22. "Not 1 Woman Chief Minister In 16 NDA States: Derek O'Brien On Women's Quota". NDTV.com. https://www.ndtv.com/india-news/not-1-woman-chief-minister-in-16-nda-states-derek-obrien-on-womens-quota-4410744. 
  23. "Implement women's bill at the earliest: Kharge" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/india-news/implement-women-s-bill-at-the-earliestkharge-101695322861919.html. 
  24. Joy, Shemin. "J P Nadda dismisses Opposition's claims on women's quota bill" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/j-p-nadda-dismisses-oppositions-claims-on-womens-quota-bill-2696055. 
  25. "Women's reservation Bill gets Parliament seal" (en ভাষাত). The Indian Express. https://indianexpress.com/article/india/womens-bill-gets-parliament-seal-33-per-cent-quota-for-women-in-lok-sabha-state-assemblies-set-to-become-law-8950720/. 
  26. "Indian gov't presents bill to reserve a third of parliament seats for women" (en ভাষাত). aljazeera.com. https://www.aljazeera.com/news/2023/9/19/indian-govt-presents-bill-to-reserve-a-third-of-parliament-seats-for-women. 
  27. https://www.tribuneindia.com/news/india/why-obc-quota-in-womens-bill-is-a-problem-546212
  28. "OBC winds change, Women's Reservation Bill set to sail through Rajya Sabha". 21 September 2023. https://indianexpress.com/article/political-pulse/obc-winds-change-bill-set-to-sail-through-rajya-sabha-8949117/. 
  29. https://www.outlookindia.com/national/no-quota-for-obc-minorities-will-women-reservation-bill-let-the-subaltern-speak--news-319355